অংক জ্যোতিষ - Numerology In Assamese (14-20 এপ্ৰিল, 2024)

এই সপ্তাহটোৱে ভিন ভিন মূলাংকৰ লোকসকলৰ জীৱনলৈ বহুতো ভাল সুযোগ কঢ়িয়াই আনিব। যদিহে আপুনি নিজৰ মূলাংকৰ আধাৰত আপোনাৰ প্ৰেম জীৱন, কেৰিয়াৰ, স্বাস্থ্য বা আৰ্থিক স্থিতিৰ বিষয়ে জানিব বিচাৰে, তেন্তে নিশ্চিতভাৱে এই ব্লগটো শেষলৈকে পঢ়ক। এই প্ৰবন্ধটোত, আমাৰ অভিজ্ঞ অংকজ্যোতিষী আৰু জ্যোতিষাচাৰ্য্যহৰিহৰণ জীয়েমূলাংকৰ আধাৰিত অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল14 এপ্ৰিলৰপৰা20 এপ্ৰিল সপ্তাহটোৰ বাবে সঠিক ভৱিষ্যতবাণী প্ৰদান কৰিছে।

অংক জ্যোতিষ - Numerology In Assamese (14-20 এপ্ৰিল, 2024)

আপোনাৰ ৰাশিৰ বাবে আগন্তুক বৰ্ষটো কেনে হ’ব? বিদ্বান জ্যোতিষী সকলৰপৰা জানক ইয়াৰ উত্তৰ

কেনেদৰে জানিব আপোনাৰ মুখ্য অংক বা মূলাকং?

আপুনি নিজৰ জন্ম তাৰিখক এটা সংখ্যালৈ ৰূপান্তৰ কৰি আপোনাৰ মূল অংক বা মূলাংক জানিব পাৰিব। মূল অংকবোৰ 1 ৰ পৰা 9 ৰ ভিতৰত হয়। উদাহৰণ স্বৰূপে, যদিহে আপোনাৰ জন্ম মাহৰ 11 তাৰিখে হৈছিল, তেনেহ’লে আপোনাৰ মূল অংক হ'ব 1+1, অৰ্থাৎ 2। এনেদৰে, আপুনি আপোনাৰ মূলাংক জানি লৈ আপোনাৰ ৰাশিফল জানিব পাৰিব।

জানক আপোনাৰ মূলাংকৰ ওপৰত আধাৰিত সাপ্তাহিক ৰাশিফল (14 ৰপৰা20 এপ্ৰিল 2024)

অংকজ্যোতিষে আমাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায় কিয়নো আমাৰ জন্ম তাৰিখ সংখ্যা বা অংকৰে গঠিত। আপোনাৰ জন্ম তাৰিখৰ আধাৰত আপোনাৰ মূলাংক বা মুখ্য অংক নিৰ্ধাৰিত হয়। নিজৰ মূলাংক জনাৰ পিছত আপুনি অংক জ্যোতিষৰ অধীনত নিজৰ বিষয়ে বহু কিবাকিবি জানিব পাৰিব আৰু আপুনি নিজৰ ভৱিষ্যতফলৰ বিষয়েও তথ্য জানিব পাৰিব।

1 অংকৰ স্বামী হৈছে সূৰ্য্য দেৱতা আৰু চন্দ্ৰমা হৈছে মূলাংক 2ৰ স্বামী, মূলাংক 3 ৰ দেৱ গুৰু বৃহস্পতি, 4ৰ ৰাহু, 5 ৰ বুধ, 6 ৰ শুক্ৰ দেৱতা, 7ৰ কেতু, 8 ৰ শনি আৰু 9 অংকৰ স্বামী হৈছে মঙ্গল গ্ৰহ। এই গ্ৰহসমূহৰ পৰিবহনৰ ফলস্বৰূপে জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে আৰু এই গ্ৰহবোৰৰদ্বাৰা শাসিত অংকসমূহে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে। সেয়েহে আহক আগবাঢ়ি যাওঁ আৰু মূলাংকৰ আধাৰত14 এপ্ৰিলৰপৰা20 এপ্ৰিলপৰ্য্যন্ত সময়খিনি আপোনাৰ বাবে কেনে হ’ব সেই বিষয়ে অৱগত হওঁ।

মূলাংক 1

( যদিহে আপোনাৰ জন্ম কোনো মাহৰ 1, 10, 19অথবা28 তাৰিখে হৈছে )

অংক জ্যোতিষ অনুসৰিমূলাংক 1ৰ জাতকসকল তেওঁলোকৰ কামত অতি পেছাদাৰী মনোভাৱৰ হোৱাৰ লগতে ডাঙৰ বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত তেওঁলোকৰ উচ্চ মূল্যবোধ গ্ৰহণ কৰে। এই লোকসকলৰ আশ্চৰ্যজনক প্ৰশাসনিক দক্ষতা থাকে আৰু এই গুণৰ বাবে, তেওঁলোকে জীৱনত দ্ৰুতগতিত আগবাঢ়ি যাব পাৰে। এই মূলাংকৰ লোকসকল ৰজাৰ দৰে ব্যক্তিত্বসম্পন্ন হয় আৰু তেওঁলোকৰ জীৱনতো সকলোবোৰ তেনেধৰণেই হয়। ইয়াক মূলাংক 1ৰ জাতকসকলৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য বুলিও গণ্য কৰা হয়। এই লোকসকলে কামৰ সন্দৰ্ভত অধিক ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। তেওঁলোক ডাঙৰ আৰু কঠিন কাম কৰাত বিশেষজ্ঞ হয়। তেওঁলোকে চিন্তা-ভাৱনা নকৰাকৈ কাম কৰে, যাৰ ফলত তেওঁলোকৰ কেতিয়াবা অসুবিধাৰ সম্মুখীন হ'ব পাৰে। এই লোকসকলে ফুৰা-চকা কৰি ভাল পায় আৰু তেওঁলোকৰ মনলৈ ফুৰা-চকাৰ চিন্তাই আহি থাকে।

প্ৰেম জীৱন: আপুনি আপোনাৰ প্ৰেম জীৱনত আকাংক্ষিত ফলাফল লাভ নকৰাৰ সম্ভাৱনা আছে আৰু এই সময়ছোৱাত আপোনাৰ সম্পৰ্ক খুব কাৰ্যকৰী নহ'ব। আপোনালোক দুয়োৰে মাজত পাৰস্পৰিক বুজাবুজিৰ অভাৱৰ বাবে, দৃষ্টিভংগীৰ পাৰ্থক্য আহিব পাৰে আৰু ইয়াৰ ফলত, আপোনাৰ সম্পৰ্কত বাধাও উৎপন্ন হ'ব পাৰে।

শিক্ষা: যদিহে আপুনি মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেচন আৰু ফাইনেন্সিয়েল একাউণ্টিঙৰ দৰে বৃত্তিগত পাঠ্যক্ৰম অধ্যয়ন কৰি আছে, তেনেহ'লে এই সময়ছোৱাত আপুনি অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু সফলতা প্ৰাপ্ত কৰিবলৈ অধিক প্ৰচেষ্টা কৰিব লাগিব। আপুনি অধ্যয়নৰ ক্ষেত্ৰত বৃত্তিগত প্ৰশিক্ষণ ল'বলগীয়া হ’ব পাৰে। ইয়াৰ সহায়ত আপুনি অধ্যয়নত আগবাঢ়ি যাব পাৰিব আৰু এই প্ৰশিক্ষণ আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব।

বৃত্তিগত জীৱন: অংক জ্যোতিষৰ আধাৰতচাকৰিয়াল লোকসকলৰ বিষয়ে ক'ব পাৰি যে এই সপ্তাহত আপুনি কৰ্মক্ষেত্ৰত কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে। আপোনাৰ ওপৰত কামৰ বোজা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ বাবে আপুনি অসন্তুষ্ট হ’ব পাৰে। আপুনি আপোনাৰ কামৰ পৰিকল্পনা অধিক পেছাদাৰী মনোভাৱেৰে কৰিব লাগিব। ইয়েই হৈছে আপোনাৰ বাবে সফলতা লাভ কৰাৰ একমাত্ৰ উপায়। এই সপ্তাহত আপুনি নতুন প্ৰকল্পৰ ভাল সুযোগ হেৰুৱাব পাৰে। একে সময়তে, এই সময়ছোৱাত ব্যৱসায়ীসকলৰ বাবে বেছি ভাল লাভ প্ৰাপ্ত নকৰাৰ সম্ভাৱনা আছে আৰু তেওঁলোক কেতিয়াবা লোকচানৰ সন্মুখীন হ'ব হ'ব পাৰে।

স্বাস্থ্য: স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে সিমান ভাল নহ'ব। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল আৰু স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। ইয়াৰ বাবে, আপোনাৰ শক্তি হ্ৰাস হ'ব পাৰে, যিটো আপোনাক এই সময়ত আৱশ্যক। এই সপ্তাহত আপোনাৰ তীব্ৰ পানীলগা জ্বৰ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত, আপোনাৰ স্বাস্থ্য দুৰ্বল হ'ব পাৰে। আপোনাৰ ভৰি আৰু গাঁঠিৰ বিষ হ'ব পাৰে। স্বাস্থ্যৱান হৈ থাকিবৰ বাবে আপোনাক প্ৰাৰ্থনা আৰু ধ্যান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

উপায়: দৈনিক 19 বাৰ 'ঔঁ সূৰ্য্যায় নমঃ' মন্ত্ৰ জপ কৰক।

বাৰটা ৰাশিৰ আটাইতকৈ বিস্তৃত 2024 ভৱিষ্যতবাণী: ৰাশিফল 2024

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20অথবা29 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলে তেওঁলোকৰ ঘনিষ্ঠ লোক আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে যুক্তি-তৰ্কত লিপ্ত হৈ নিজৰ বাবে সমস্যাৰ সৃষ্টি কৰে। এই মনোভাৱৰ বাবে, মূলাংক 2ৰ লোকসকলে এই সময়ছোৱাত অকলে থাকিবলৈ চেষ্টা কৰিব পাৰে।কেতিয়াবা এই লোকসকলৰ মন অস্থিৰ হৈ পৰিব পাৰে আৰু ই তেওঁলোকৰ বাবে কোনো বিশেষ সফলতা প্ৰাপ্ত কৰাত বাধাৰ সৃষ্টি কৰিব পাৰে। কেতিয়াবা এই লোকসকলৰ চিন্তাধাৰা অতি সীমিত হ'ব পাৰে আৰু তেওঁলোক সাধাৰণতে খুব মুক্ত মনৰ নহয়। ই তেওঁলোকৰ বিকাশৰ পথত বাধা দিব পাৰে।

প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিএই সময়ছোৱাত আপোনাৰ সঙ্গীৰ সৈতে আপোনাৰ তৰ্ক-বিবাদ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত চলি থকা সমস্যাৰ বাবেও এনে হ'ব পাৰে আৰু আপুনি ইয়াক লৈ চিন্তিত হ'ব পাৰে। এই কঠিন পৰিস্থিতিত, আপুনি ধৈৰ্য্য সহকাৰে কাম কৰিব লাগিব আৰু আপোনাৰ চাৰিওফালে চলি থকা সমস্যাবোৰৰ ভাল-বেয়া দিশবোৰ চিন্তা কৰিব লাগিব আৰু সেইবোৰৰ সঠিক সমাধান বিচাৰিবলৈ প্ৰয়াস বেচনা কৰিব লাগিব।

শিক্ষা: এই সময়ছোৱাত আপোনাৰ অধ্যয়নৰ ক্ষেত্ৰত মনোযোগৰ অভাৱ হ’ব পাৰে আৰু ইয়াৰ ফলত আপুনি এতিয়ালৈকে যি পঢ়িছে সেয়া মনত ৰাখিবলৈ অসুবিধা হ'ব পাৰে। ইয়াৰ ফলস্বৰূপে আপুনি সফলতা প্ৰাপ্ত কৰাত ব্যৰ্থ হ'ব পাৰে। শিক্ষাৰ স্তৰ উন্নত কৰিবৰ বাবে আপুনি উন্নত শ্ৰেণী লোৱাৰ গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব। ইয়াৰ সহায়ত, আপুনি শিক্ষাৰ ক্ষেত্ৰত সফল হ'ব পাৰিব। এই সপ্তাহত আপোনাৰ বাবে মূল সমস্যাটো হ'ল আপুনি যি অধ্যয়ন কৰিব সেয়া মনত ৰখাত অসুবিধা হ’ব।

বৃত্তিগত জীৱন: চাকৰিয়াল লোকসকলৰ বাবে, এই সপ্তাহত কামৰ সন্দৰ্ভত অধিক ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। দুখজনক কথাটো হ'ল যে আপুনি এই ভ্ৰমণবোৰৰ পৰা লাভান্বিত হোৱাৰ সম্ভাৱনা কম। এই সময়ছোৱাত, আপোনাৰ ওপৰত কামৰ বোজা বৃদ্ধি হ'ব পাৰে, সেয়েহে আপুনি আপোনাৰ কামবোৰ পৰিকল্পনা অনুসৰি কৰা উচিত। ই আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। আপুনি আপোনাৰ সহকৰ্মীৰসকলৰপৰাও বাধাৰ সন্মুখীন হ'ব পাৰে আৰু ইয়াৰ বাবে, আপুনি উন্নত সম্ভাৱনাৰ সন্ধানত চাকৰি সলনি কৰাৰ কথাও ভাবিব পাৰে।

স্বাস্থ্য: এই সপ্তাহত তীব্ৰ পানীলগা-জ্বৰ আৰু মূৰৰ বিষে আপোনাক আমনি কৰিব পাৰে আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হোৱাৰ ফলত এনে হ’ব পাৰে। এই সময়ছোৱাত, সাহসৰ অভাৱৰ বাবে, আপোনাৰ স্বাস্থ্য হ্ৰাস হ'ব পাৰে। স্বাস্থ্য উন্নত কৰি ৰাখিবৰ বাবে আপুনি যোগাভ্যাস আৰু ধ্যানৰ সহায় ল'ব পাৰে।

উপায়: দৈনিক 108 বাৰ 'ঔঁ চন্দ্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

বৰ্ষ 2024 ত কেনে থাকিব আপোনাৰ স্বাস্থ্য? স্বাস্থ্য ৰাশিফল 2024 ৰপৰা লাভ কৰক উত্তৰ

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 অথবা 30তাৰিখে হৈছে)

মূলাংক 3 ৰ জাতকসকল মুক্ত মনৰ অধিকাৰী হয়। তেওঁলোক ধাৰ্মিক প্ৰকৃতিৰ হোৱাৰ লগতে তেওঁলোকে ধৰ্মীয় নীতি মানি চলে। তেওঁলোকে কেৰিয়াৰৰ সন্দৰ্ভত দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। ব্যক্তিগত জীৱনত, কেতিয়াবা এই লোকসকলে তেওঁলোকৰ অহংকাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু তেওঁলোক বৰ বিশেষ সহযোগিতামূলক স্বভাৱৰ নহয়।এই লোকসকলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিপক্কতা প্ৰদৰ্শন কৰে আৰু ই তেওঁলোকৰ হিতৰ পক্ষে ক্ৰিয়া কৰে। এই সপ্তাহত আপুনি আপোনাৰ যিকোনো সুপ্ত হৈ দক্ষতা চিনাক্ত কৰিব পাৰে যি আপোনাক আপোনাৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ আৰু কঠিন লক্ষ্য প্ৰাপ্ত কৰিবলৈ পথ প্ৰদৰ্শন কৰিব।

প্ৰেম জীৱন: আপুনি এই সময়খিনিত আপোনাৰ প্ৰেম জীৱনত এক নতুন সম্পৰ্কৰ আৰম্ভ কৰিব পাৰে। অৱশ্যে, এই সময়ছোৱাত আপোনাৰ সম্পৰ্কত আৱেগত উটি-ভাঁহি যোৱাৰ সলনি আপোনাক নিজৰ চিন্তাৰেল আগবাঢ়িবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে। আপোনাৰ জীৱনসঙ্গীৰ প্ৰতি আপোনাৰ মৰমৰ অনুভূতি থাকিব আৰু আপুনি আপোনাৰ সঙ্গীৰ প্ৰতি অধিক আকৰ্ষণ অনুভৱ কৰিব। আপোনাৰ সঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব।

শিক্ষা: যদি আপুনি স্নাতকোত্তৰ ডিগ্ৰী আৰু পিএইচডি -ৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই সপ্তাহটো আপোনাৰ বাবে অতি চমৎকাৰী হ'ব।অংক জ্যোতিষ অনুসৰি এই সপ্তাহতআপুনি আগবাঢ়ি যাবৰ বাবে সঠিক দিশৰ সন্ধান লাভ কৰিব আৰু সকলো বিভ্ৰান্তি দূৰ হ’ব। আপুনি আপোনাৰ লক্ষ্যক লৈ অধিক স্পষ্ট অনুভৱ কৰিব।

বৃত্তিগত জীৱন: এই সপ্তাহটো শিক্ষক, পৰামৰ্শদাতা, ধৰ্মীয় নেতা, অনুপ্ৰেৰণামূলক বক্তা আৰু বিনিয়োগ বেংকাৰসকলৰ বাবে অতি ভাল প্ৰমাণিত হ'ব। আপুনি আৰ্থিকভাৱে লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে মাল্টি-লেভেল নেটৱৰ্কিং ব্যৱসায় ভাল প্ৰমাণিত হ'ব আৰু আপুনি অধিক লাভ অৰ্জন কৰিব। যদি আপুনি অংশীদাৰীত্বত ব্যৱসায় কৰে, আপুনি আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব।

স্বাস্থ্য: এই সপ্তাহত আপুনি যোগাভ্যাস আৰু ধ্যানৰ দৰে আধ্যাত্মিক আৰু শাৰীৰিক কাৰ্যকলাপ কৰি সময় অতিবাহিত কৰিব। ই আপোনাৰ শৰীৰ আৰু মন দুয়োটাকে উপকৃত কৰিব।

উপায়: দৈনিক ৰাতিপুৱা সূৰ্য্য দেৱতাক জল অৰ্পণ কৰক।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 অথবা 31তাৰিখে হৈছে)

এইখিনি সময়ত এই মূলাংকৰ জাতকসকল আৱেগেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু ইয়াৰ বাবে, তেওঁলোক কিছু অসুবিধাতো পৰিব পাৰে, যিটো তেওঁলোৰ বাবে একেবাৰে অপ্ৰত্যাশিত হ’ব। আপুনি কোনো জটিল কাম কৰিবলৈ আৰু কোনো অতিশয় মূল্যৱান বস্তু ক্ৰয় কৰিবলৈ চেষ্টা কৰিব পাৰে আৰু আপুনি সেইবোৰৰ প্ৰাপ্ত কৰিবৰ বাবে আপোনাৰ নিজৰেই ক্ষতি কৰিব পাৰে। এই সময়ছোৱাত মূলাংক 4 ৰ লোকসকলৰ প্ৰয়োজনীয়তা যথেষ্ট বৃদ্ধি হ'ব পাৰে আৰু ইয়াৰ বাবে, তেওঁলোক কিছু সমস্যাত পৰাৰ সম্ভাৱনা আছে।

প্ৰেম জীৱন: আপোনাৰ সম্পৰ্কত সুখ-শান্তি বৰ্ত্তি থাকিব, কিন্তু তৎস্বত্বেও, আপুনি আপোনাৰ প্ৰেম জীৱনত সন্তুষ্ট অনুভৱ কৰিব নোৱাৰিব। আপুনি আপোনাৰ সঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক সমাপ্ত কৰাৰ পথত উপনীত হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি সকলো হেৰুৱাই পেলোৱা যেন অনুভৱ কৰিব পাৰে। এয়া কেৱল আপোনাৰ কল্পনাও হ'ব পাৰে কাৰণ প্ৰকৃততে এনে একো নহ'বও পাৰে আৰু আপোনাৰ মনত বাৰে বাবে এনে অনুভৱ হ'ব পাৰে যেন কিবা এটা অপ্ৰীতিকৰ ঘটনা ঘটিব। ইয়াৰ বাবে, আপোনাৰ সম্পৰ্ক আৰু জীৱনলৈ সুখ-শান্তি আনিবৰ বাবে আপুনি আপোনাৰ সঙ্গীৰ সৈতে তাল মিলাই চলিব লাগিব।

শিক্ষা: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত দক্ষতা থকা স্বত্বেও, আপুনি অধ্যয়নত মনোযোগ দিয়া বা মনোযোগেৰে অধ্যয়ন কৰাত পিছ পৰি থাকিব পাৰে। আপোনাৰ মনত চলি থকা বিভ্ৰান্তি আৰু অধ্যয়নৰ শীৰ্ষত উপনীত হোৱাৰ আগ্ৰহৰ বাবেও এনে হ’ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত সফলতাৰ শীৰ্ষত উপনীত হ'বৰ বাবে আপুনি যথেষ্ট সংগ্ৰাম কৰিব লাগিব। আপুনি ছফ্টৱেৰ এপ্লিকেচন আৰু ভিজুৱেল কমিউনিকেশ্বনৰ দৰে বিষয় বাছনি কৰিব পাৰে য'ত আপুনি ভাল নম্বৰ পোৱাৰ সম্ভাৱনা কম। আপুনি এই বিষয়বোৰ জটিল অনুভৱ কৰিব পাৰে।

বৃত্তিগত জীৱন: চাকৰিয়াল লোকসকলৰ এই সপ্তাহৰ পৰিস্থিতি কিছু জটিল হ'ব পাৰে। এই সময়ছোৱাত কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ বোজা বৃদ্ধি হ'ব পাৰে আৰু আপুনি আপোনাৰ কাম সঠিকভাৱে চম্ভালাত বিফল হ'ব পাৰে। যিহেতু, এই সময়খিনিত আপোনাৰ কামৰ বোজা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, সেয়েহে ইয়াক চম্ভালিবৰ বাবে আপুনি যথেষ্ট পৰিকল্পনা কৰি আগবাঢ়িব লাগিব আৰু আপোনাৰ কামত সফল লাভ কৰিবলৈ চেষ্টা কৰিব লাগিব। এই সপ্তাহটোৱে আপোনাক কামৰ পৰা বিচলিত কৰিব পাৰে, সেয়েহে এইখিনি সময়ত আপুনি অধিক মনোযোগেৰে কাম কৰিব লাগিব।

স্বাস্থ্য: এই সময়খিনিত ছালৰ এলাৰ্জিৰ বাবে আপুনি অসুবিধাত পৰিব পাৰে। আপুনি মেদবহুলতাৰ সম্মুখীনো হ'ব পাৰে আৰু এই কথাটোৱে স্বাস্থ্যৱান হৈ থকাত বাধা হিচাপে থিয় দিব পাৰে। আপোনাক এই সময়খিনিত চৰ্বিযুক্ত খাদ্য খাবলৈ আৰু নিশা পলমকৈ খোৱাটো পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

উপায়: দৈনিক 22 বাৰ ‘ঔঁ ৰাহৱে নম:’ মন্ত্ৰ জপ কৰক।

ঘৰত বহিয়েই বিশেষজ্ঞ পুৰোহিতৰদ্বাৰা কৰাক ইচ্ছানুসৰি অনলাইন পূজা আৰু লাভ কৰক উত্তম পৰিণাম!

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 অথবা 23তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল অতি বুদ্ধিমান হোৱাৰ লগতে তেওঁলোক জীৱনত বহুদূৰ আগুৱাই যাব পাৰে। জীৱনত সফলতাৰ শীৰ্ষত উপনীত হ'বৰ বাবে তেওঁলোকৰ প্ৰয়োজনীয় দক্ষতা থাকে আৰু তেওঁলোকে সফলতা লাভ কৰিবৰ বাবে কঠোৰ পৰিশ্ৰম কৰে। এই লোকসকল অতি উৎফুল্লিত প্ৰকৃতিৰ হয় আৰু ইয়াৰ সহায়ত তেওঁলোকে জীৱনত বহুখিনি অৰ্জন কৰে। তেওঁলোক সৃষ্টিশীল বস্তুৰ প্ৰতি আগ্ৰহী আৰু ইয়াৰ সহায়ত, তেওঁলোকে নিজৰ ভিতৰতে সংশোধন কৰিব পাৰে।

প্ৰেম জীৱন: এই সময়খিনিত আপুনি অত্যন্ত প্ৰফুল্লিত অনুভৱ কৰাৰ লগতে ইয়াৰ সহায়ত আপুনি ৰোমাঞ্চেৰে পৰিপূৰ্ণ অনুভৱ কৰিব। আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে ক’ৰবালৈ ফুৰিবলৈ যাব পাৰে আৰু এই ভ্ৰমণে আপোনাৰ জীৱনশৈলী সংশোধিত কৰাৰ লগতে আপোনাৰ আৰু জীৱনসঙ্গীৰ মাজৰ পাৰস্পৰিক বুজাবুজি উন্নত কৰিব। আপুনি এই ভ্ৰমণত অতি উৎসাহিত আৰু সুখী অনুভৱ কৰিব আৰু আপোনালোকৰ সম্পৰ্কৰ আকৰ্ষণ বৃদ্ধি পাব।

শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলে অধ্যয়নত ভাল নম্বৰ অৰ্জন কৰাত সফল হ'ব আৰু আপুনি পেছাদাৰী মনোভাৱেৰে অধ্যয়ন কৰিব। কষ্টিং, ফাইনেন্সিয়েল একাউণ্টিং আৰু কমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙৰ দৰে বিষয়বোৰত আপুনি উন্নতি লাভ কৰিব পাৰিব আৰু আপোনাৰ সামৰ্থ্য উন্নীত হ'ব। এই সকলোবোৰ আপোনাৰ চৌপাশৰ আনন্দিত বা সুখী পৰিৱেশৰ বাবে সম্ভৱ হ'ব আৰু ই আপোনাক ভাল নম্বৰ অৰ্জন কৰাত সহায় কৰিব।

বৃত্তিগত জীৱন: এই সপ্তাহটো কামৰ ক্ষেত্ৰত আপোনাৰ পক্ষত থাকিব। চকাৰিয়াল লোকসকলে বিদেশলৈ যোৱাৰ সুযোগো লাভ কৰিব পাৰে। চাকৰিৰ ক্ষেত্ৰত ভাল সুযোগে আপোনাৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিব আৰু ইয়াৰ সহায়ত, আপুনি ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। এই সময়খিনিত ব্যৱসায়ীসকলে তেওঁলোকৰ প্ৰতিযোগীসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব আৰু এনেদৰে আপুনি আপোনাৰ প্ৰতিযোগীসকলক এক কঠিন প্ৰতিযোগিতা আগবাঢ়িব পাৰিব। এই সময়ছোৱাত, আপুনি ৰণনীতি বিকশিত কৰাৰ আৰু সেইবোৰ আপোনাৰ ব্যৱসায়ত ৰূপায়ণ কৰাৰ স্থিতিত থাকিব।

স্বাস্থ্য: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত আপোনাৰ স্বাস্থ্য অতি ভাল হ'ব। আপোনাৰ উৎসাহ আৰু উদ্যম বৃদ্ধি হোৱাৰ বাবে এনে হ'ব পাৰে। এই সময়ত আপোনাৰ কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হোৱাৰ কোনো সম্ভাৱনা নাই।

উপায়: দৈনিক বিষ্ণু সহস্ৰনাম জপ কৰক।

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 অথবা 24তাৰিখে হৈছে)

অংক জ্যোতিষ অনুসৰিএই মূলাংকৰ জাতকসকলে এই সপ্তাহত মধ্যমীয়া ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়খিনিত সৃষ্টিশীল কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব আৰু আপুনি এই দিশত কাম কৰিব পাৰে। ইয়াৰ উপৰিও, আপুনি এই সপ্তাহত দীঘলীয়া দূৰত্বৰ ভ্ৰমণলৈ যোৱাৰ সুযোগ লাব কৰিব পাৰে আৰু এই ভ্ৰমণবোৰ আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। এইখিনি সময়ত আপুনি কিছুমান বিশেষ দক্ষতাৰ বিকাশ কৰিব আৰু আপুনি ভালদৰে কাম কৰিবলৈ সক্ষম হ'ব।

প্ৰেম জীৱন: এই সময়খিনিত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত দূৰত্ব বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আপোনালোক দুয়োৰে মাজত অহংকাৰৰ সমস্যাৰ বাবে এনে হ'ব পাৰে। আপোনালোকৰ সম্পৰ্কত সুখ- শান্তি বজাই ৰাখিবৰ বাবে আপুনি আপোনাৰ ফালৰপৰা বুজা-পৰা কৰি চলিব লাগিব। এই সময়ছোৱাত পাৰিবাৰিক সমস্যাৰ বাবে, আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত অধিক তৰ্কবাদ হোৱাৰ সম্ভাৱনা আছে।

শিক্ষা: শিক্ষাৰ ক্ষেত্ৰতভাল প্ৰদৰ্শন কৰিবৰ বাবে আপুনি আপোনাৰ ফালৰপৰা অধিক মনোযোগ দিব লাগিব অন্যথা আপুনি ভাল নম্বৰ লাব কৰাৰ ক্ষেত্ৰত পিছ পৰি থাকিব পাৰে। উচ্চ শিক্ষাৰ সন্দৰ্ভত কিছুমান ভাল সুযোগ আপুনি হেৰুৱাব পাৰে আৰু এই সুযোগবোৰে আপোনাক উন্নতি তথা লাভালাভ প্ৰদান কৰাৰ সম্ভাৱনা আছে। আপোনাৰ সহপাঠীসকলে আপোনাক পৰাজিত কৰি চমৎকাৰী প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে, আপুনি সফলতাৰ শীৰ্ষত উপনীত হোৱাত আৰু শিক্ষাৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পোলৱাত ব্যৰ্থ হ’ৰব পাৰে।

বৃত্তিগত জীৱন: এই সময়ত, চাকৰিয়াল লোকসকলে তেওঁলোকৰ কামৰ ক্ষেত্ৰত মধ্যমীয়া সফলতা অৰ্জন কৰাৰ সম্ভাৱনা আছে। আপোনাৰ আত্মবিশ্বাস হ্ৰাস হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত, আপোনাৰ প্ৰদৰ্শনো হ্ৰাস হ'ব পাৰে আৰু আপুনি কামত কোনো ভুল কৰিব পাৰে। আপোনাৰ সহকৰ্মীসকলে আপোনাৰপৰা সুবিধা লোৱাৰ কথা ভাবিব পাৰে। লগতে ব্যৱসায়ীসকলে উন্নত পৰিকল্পনা কৰিব লাগিব আৰু তেওঁলোকৰ ব্যৱসায় পৰিচালনা কৰিব লাগিব। যদি আপুনি এনে কৰিবলৈ ব্যৰ্থ হয় তেনেহ’লে আপুনি লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহত অধিক লাভ অৰ্জন কৰিবৰ বাবে আপুনি আপোনাৰ ৰণনীতি সলনি কৰিব লাগিব।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ ছাল সম্পৰ্কীয় সমস্যা আৰু অন্যান্য এলাৰ্জি হোৱাৰ সম্ভাৱনা আছে। ই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। ইয়াৰ উপৰিও, চকুৰ সংক্ৰমণৰো সম্মুখীন হ’ব পাৰে আৰু ই আপোনাৰ সুস্বাস্থ্যত বাধা প্ৰদান কৰিব পাৰে।

উপায়: দৈনিক 33 বাৰ 'ঔঁ ভাৰ্গৱায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 অথবা 25তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলৰ দক্ষতা বৃদ্ধি হোৱা দেখা যাব। ইয়াৰ লগতে, আপোনাৰ ভিতৰত ভাল আৰু বেয়া চিনাক্ত কৰাৰ আৰু পৃথিৱীত ঘটি থকা ঘটনাবোৰৰ পূৰ্বানুমান কৰাৰ দক্ষতাও বিকশিত হ’ব। এইখিনি সময়ত আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব পাৰে আৰু আপুনি আধ্যাত্মিক কামত ব্যস্ত হৈ থকা দেখা যাব। আপুনি নিজৰ বাবে কোনো ডাঙৰ বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। আপুনি ধৰ্মীয় উদ্দেশ্যৰ বাবে অধিক ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে আৰু এই ভ্ৰমণবোৰেও আপোনাৰ উদ্দেশ্য পূৰণ কৰাৰ সম্ভাৱনা আছে।

প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত আপোনাৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত তিক্ততা অহাৰ সম্ভাৱনা আছে। ইয়াৰ কাৰণ হ'ব পাৰে আপোনালোক দুয়োৰে মাজত পাৰস্পৰিক বুজাবুজিৰ অভাৱ আৰু ইতিবাচক চিন্তা বা অনুভূতিৰ অভাৱ। আপুনি আপোনাৰ সম্পৰ্কত এই দুটা বস্তু বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত। আপোনাৰ সম্পৰ্কত প্ৰেম আৰু সুখ-শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। এনে কৰিলে আপোনাৰ সম্পৰ্ক উন্নত হ'ব।

শিক্ষা: এই সপ্তাহটো অধ্যয়নৰ ক্ষেত্ৰত আপোনাৰ বাবে মধ্যমীয়া হ'ব। এই সময়ত আপুনি যথেষ্ট চাপত থাকিব পাৰে আৰু ইয়াৰ বাবে আপুনি সফলতা অৰ্জন কৰাত আৰু নিজৰ বাবে এক বিশেষ স্থান গঢ়ি তোলাত ব্যৰ্থ হ’ব পাৰে। এই সপ্তাহত আপুনি আইনৰ লগত জড়িত বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ অধ্যয়নত অধিক মনোযোগ প্ৰদান কৰিব লাগিব যাতে আপুনি শিক্ষাৰ ক্ষেত্ৰত সফলতাৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ দাঙি ধৰিব পাৰে। ইয়াৰ বাহিৰেও, আপুনি ভাল নম্বৰ আৰু অধ্যয়নত অধিক সফলতা প্ৰাপ্ত কৰিবলৈ ধৈৰ্য্য ধৰিব লাগিব।

বৃত্তিগত জীৱন: অংক জ্যোতিষ অনুসৰিচাকৰিয়াল লোকসকলে তেওঁলোকৰ কামৰ সন্দৰ্ভত তেওঁলোকৰ ইচ্ছাৰ বিপৰীতে ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। ইয়াৰ বাবে, আপুনি আপোনাৰ বৰ্তমানৰ চাকৰিক লৈ কিছু অসন্তুষ্ট অনুভৱ কৰিব পাৰে। লগতে ব্যৱসায়ীসকলে এই সময়ত তেওঁলোকৰ ব্যৱসায়ত কিছুমান ভুল কৰাৰ সম্ভাৱনা আছে আৰু ইয়াৰ বাবে আপুনি কোনো ডাঙৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনাৰ প্ৰতিযোগীসকলে ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰে আৰু আপোনাতকৈ আগবাঢ়ি যাব পাৰে।

স্বাস্থ্য: এই সপ্তাহত আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিব লাগিব। আপোনাৰ ৰ’দে পোৱাৰ সমস্যা হ'ব পাৰে বা গৰমৰ বাবে আপোনাৰ সমস্যা হোৱাৰ আৰু টিউমাৰ হোৱাৰ সম্ভাৱনা আছে। এই পৰিস্থিতিবোৰ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বাধা হিচাপে থিয় পাৰে।

উপায়: মঙ্গলবাৰে কেতু গ্ৰহক সন্তুষ্ট কৰিবৰ বাবে যজ্ঞ-হোম কৰক।

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 অথবা 26তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলে নিজস্ব নীতি অনুসৰণ কৰি চলিবলৈ পছন্দ কৰে আৰু তেওঁলোক কামৰ প্ৰতি সমৰ্পিত হয়। তেওঁলোকে দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰিবৰ বাবে অধিক আগ্ৰহী হয়। মূলাংক 8ৰ জাতকসকলে তেওঁলোকৰ পৰিয়ালৰ সৈতে কম সময় অতিবাহিত কৰে আৰু তেওঁলোকৰ সম্পূৰ্ণ মনোযোগ তেওঁলোকৰ নিজৰ কামত থাকে।

প্ৰেম জীৱন: আপুনি প্ৰেমৰ ক্ষেত্ৰত বুদ্ধিমত্তাৰে কাম কৰিব আৰু আপোনাৰ সম্পৰ্কত প্ৰেম-ভালপোৱা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ বুদ্ধিমত্তা আৰু পৰিপক্কতাৰদ্বাৰা, আপুনি আপোনাৰ সঙ্গীৰ সৈতে পাৰস্পৰিক সমন্বয় গঢ়ি তুলিব পাৰিব আৰু আপোনাৰ সম্পৰ্ক শক্তিশালী কৰিব পাৰিব। আপোনাৰ বুদ্ধিমত্তাৰ বাবে, আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত প্ৰেম-ভালপোৱা বৃদ্ধি হ'ব।

শিক্ষা: অংক জ্যোতিষ অনুসৰিআপুনি শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব আৰু আপোনাৰ ইতিবাচকতা বৃদ্ধি পাব। এই ইতিবাচকতাৰ বাবে, আপুনি অধ্যয়নত ভাল নম্বৰ আৰু গ্ৰেড লাভ কৰিবলৈ সক্ষম হ'ব। মেকানিকেল ইঞ্জিনিয়াৰিং আৰু অটোমোবাইল ইঞ্জিনিয়াৰিঙৰ দৰে বৃত্তিগত পাঠ্যক্ৰম অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে এই সপ্তাহত ভাল প্ৰদৰ্শন কৰিব।

বৃত্তিগত জীৱন: এই সপ্তাহত চাকৰিয়াল লোকসকলে তেওঁলোকৰ কামৰ প্ৰতি দায়ৱদ্ধতা প্ৰদৰ্শন কৰিব আৰু কৰ্মক্ষেত্ৰত আপোনাৰ খ্যাতি বৃদ্ধি হ'ব। আপোনাৰ জ্যেষ্ঠসকলে আপোনাক প্ৰশংসা কৰিব আৰু তেওঁলোকে কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা চিনাক্ত কৰিব। ব্যৱসায়ীসকলে এই সপ্তাহত ভাল লাভ প্ৰাপ্ত কৰিব বুলি আশা কৰা হৈছে। আপুনি আপোনাৰ প্ৰতিদ্বন্দীসকলক কঠিন প্ৰতিযোগিতা আগবঢ়াবলৈ সক্ষম হ'ব।

স্বাস্থ্য: এই সপ্তাহটো স্বাস্থ্যৰ ক্ষেত্ৰত অনুকূল হ'ব। আপোনাৰ ভিতৰত উৎসাহ আৰু উদ্যম দুয়োটাই বৃদ্ধি পাব আৰু ইয়াৰ ইতিবাচক প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰতো দেখা যাব। এই সময়খিনিত কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি নকৰিব। অৱশ্যে, আপোনাৰ সামান্য স্বাস্থ্যজনিত সমস্যা যেনে মূৰৰ বিষ আৰু ভৰিৰ বিষ আদি হ'ব পাৰে।

উপায়: শনিবাৰে শনি দেৱতাক প্ৰসন্ন কৰিবৰ বাবে যজ্ঞ-হোম কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 অথবা 27তাৰিখে হৈছে)

মূলাংক 9ৰ জাতকসকলে তেওঁলোকৰ কামসমূহ দ্ৰুতগতিত সম্পন্ন কৰে আৰু সময়মতে তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত গুৰুত্ব প্ৰদান কৰে। কেতিয়াবা তেওঁলোকৰ দ্ৰুতগতি বা খৰখেদাৰ বাবে, তেওঁলোক সমস্যাত পৰিব পাৰে। আৱেগৰ বশৱৰ্ত্তী হৈ কাম কৰাৰ বাবেও এনে হ'ব পাৰে। এই লোকসকলৰ আৱেগিক আচৰণৰ বাবে তেওঁলোকৰ হাতৰপৰা কোনো ভাল সুযোগ হেৰুৱাব পাৰে।

প্ৰেম জীৱন: আপোনাৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত ক’ব পাৰি যে এই সপ্তাহত আপোনাৰ মনত অহংকাৰৰ অনুভূতি জাগ্ৰত হ’ব পাৰে। ই আপোনাৰ সম্পৰ্কলৈ তিক্ততা কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ সঙ্গীৰ সৈতে আপোনাৰ আচৰণত স্বচ্ছতা দেখুৱাব লাগিব আৰু আপোনাৰ পত্নীৰ সৈতে মুকলিকৈ কথা পাতিব লাগিব। যদি আপুনি আপোনাৰ সম্পৰ্কত সুখ-শান্তি বজাই ৰাখিব বিচাৰে, তেনেহ’লে অহংকাৰৰ পৰা আঁতৰি থাকিব।

শিক্ষা: এই সময়খিনি শিক্ষাৰ্থীসকলে অধ্যয়নৰ ক্ষেত্ৰত অধিক পৰিশ্ৰম কৰাৰ ক্ষেত্ৰত ধৈৰ্য্য হেৰুৱাব পাৰে। আপোনাৰ ধৈৰ্য্য হ্ৰাস হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপুনি অধ্যয়নত ভাল নম্বৰ পোৱাত পিছ পৰি থাকিব পাৰে। আপুনি আপোনাৰ পথ সলনি কৰিব লাগিব আৰু অধ্যয়নৰ ক্ষেত্ৰত দৃষ্টিভংগীৰ পৰিৱৰ্তন কৰিব লাগিব। এনে কৰাৰ দ্বাৰা আপুনি ভাল নম্বৰ লাভ কৰাত সফল হ'ব পাৰিব।

বৃত্তিগত জীৱন: চাকৰিয়াল লোকসকলক তেওঁলোকৰ কামত অধিক মনোযোগ দিবলৈ আৰু মনোযোগেৰে কাম কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। যদি আপুনি এনে কৰাত বিফল হয়, তেন্তে আপুনি কামত অধিক ভুল কৰিব পাৰে আৰু পদোন্নতি তথা ইনচেণ্টিভৰ দৰে মূল্যৱান সুযোগ হেৰুৱাব পাৰে। একে সময়তে, ব্যৱসায়ীসকলে আৱেগৰ ওপৰত ভিত্তি কৰি ব্যৱসায় সম্পৰ্কীয় ভুল সিদ্ধান্ত ল'ব পাৰে আৰু ইয়াৰ বাবে, তেওঁলোক লোকচানৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ব্যৱসায়ক সঠিক দিশত লৈ যোৱাৰ বাবে আপুনি গুৰুত্বপূৰ্ণ মূল্যবোধ আৰু তথ্যৰ ক্ষেত্ৰত অৱগত হ’ব লাগিব।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ তীব্ৰ মূৰৰ বিষ আৰু ক্লান্তি হোৱাৰ সম্ভাৱনা আছে। এই সময়খিনিত দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে এনে হ'ব পাৰে আৰু ই আপোনাৰ স্বাস্থ্যৰ অৱনতি কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্য উন্নত কৰিবৰ বাবে আপোনাক যোগাভ্যাস আৰু ধ্যান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

উপায়: মঙ্গলবাৰে মঙ্গল গ্ৰহৰ কৃপা লাভ কৰিবৰ বাবে যজ্ঞ-হোম কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আপুনি আমাৰ এই ব্লগটো নিশ্চয় পছন্দ কৰিছে। যদিহে এনে হয় তেনেহ’লেআপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰক। ধন্যবাদ!

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer