কুম্ভ ৰাশিফল 2024 (Kumbha Rashifal 2024)

কুম্ভ ৰাশিফল 2024 (Kumbha Rashifal 2024) সেইসকল লোকৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ যিসকলৰ জন্ম কুম্ভ ৰাশিত হৈছে। এই ৰাশিফল বৈদিক জ্যোতিষ অনুসৰি প্ৰস্তুত কৰা হৈছে য’ত 2024 বৰ্ষত হ’বলগীয়া বিভিন্ন গ্ৰহসমূহৰ পৰিবহন আৰু গতি-বিধিৰ অধ্যয়ন কৰি আৰু কুম্ভ ৰাশিত জাতকসকলৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহ ইয়াৰ প্ৰভাৱৰ ওপৰত দৃষ্টিপাত কৰা হৈছে। গ্ৰহসমূহৰ গতি-বিধিয়ে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে, গতিকে2024 বৰ্ষতো এই গ্ৰহসমূহৰ গতিয়ে আমাৰ জীৱনত বিভিন্ন প্ৰকাৰৰ ফল যেনে ইতিবাচক বা নেতিবাচক পৰিৱৰ্তন প্ৰদান কৰিব পাৰে। আপুনি 2024 বৰ্ষত কেনেধৰণৰ ফল প্ৰাপ্ত কৰিব, ক’ত আপুনি শুভ ফল লাভ কৰিব আৰু ক’ত অশুভ ফল প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে, এই সকলোবোৰ তথ্য আপুনি এই নিৱন্ধটোত লাভ কৰিব।

বাৰ্ষিক ৰাশিফল 2024 পঢ়িবৰ বাবে ইয়াত ক্লিক্ কৰক - ৰাশিফল 2024

কুম্ভ ৰাশিৰ জাতকসকলৰ এই বাৰ্ষিক ভৱিষ্যতবাণী 2024 য়ে আপোনাক বিভিন্ন প্ৰকাৰে সহায় কৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কত কেনেধৰণৰ উত্থান-পতন আহিব, আপুনি নিজৰ মনৰ অনুভৱ প্ৰকাশ কৰাৰ সুযোগ পাব নে অথবা গ্ৰহসমূহৰ গতি-বিধিয়ে আপোনালোকৰ মাজত চাপ বৃদ্ধি কৰিব নেকি, বৈবাহিক জীৱনত কেনে ধৰণৰ উত্থান-পতনৰ সম্মুখীন হ’ব লাগিব, পাৰিবাৰিক জীৱন সুখময় হ’ব নে তাত কোনোধৰণৰ সমস্যা আহিব, আপোনাৰ কেৰিয়াৰ কোন দিশত আগবাঢ়িব, চাকৰি থাকিব নে যাব, ব্যৱসায়ত উন্নতি লাভ কৰিব নে জটিলতা আহিব নে উত্থান-পতনৰ স্থিতি থাকিব, ধন লাভ হ’ব নে আৰু আপোনাৰ বিত্তীয় স্থিতি কেনে হ’ব, এইধৰণৰ সকলো প্ৰকাৰৰ প্ৰশ্নৰ উত্তৰ আমাৰ এই বিশেষভাৱে নিৰ্মিত লিখনিটোৰ জৰিয়তে আপুনি প্ৰাপ্ত কৰিব পাৰিব।

कुम्भ राशि का राशिफल विस्तार से पढ़ें:कुम्भ राशिफल 2024

কেৱল এয়াই নহয়, আপুনি এইবোৰৰ লগতে এয়াও জানিব পাৰিব যে এই বৰ্ষটোত আপুনি কোনো সম্পত্তি ক্ৰয় কৰিব পাৰিব নে নোৱাৰে, যদি পাৰে সেই সম্পত্তি স্থাৱৰ হ’ব নে অস্থাৱৰ, আপুনি কোনো গাড়ী ক্ৰয় কৰিব পাৰিব নে, যদি পাৰিব তেনেহ’লে তাৰ বাবে কোনখিনি সময় অনুকূল হ’ব, যদিহে আপুনি কোনো সম্পত্তি ক্ৰয় কৰিব বিচাৰে তেনেহ’লে কেতিয়া ক্ৰয় কৰা উচিত, আপুনি শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ ফল প্ৰাপ্ত কৰিব, আপোনাৰ স্বাস্থ্য কেনে থাকিব, এই বৰ্ষটোত আপুনি জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহত কেনে ধৰণৰ পৰিণাম প্ৰাপ্ত কৰিব, এই সকলোবোৰ আপুনিৰাশিফল 2024 ৰ জৰিয়তে জানিব পাৰিব।

Click here to read in English:Aquarius Horoscope 2024

এষ্ট্ৰোচেজৰদ্বাৰা প্ৰস্তুত এইপ্ৰৱন্ধটো বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত আৰু এই বৰ্ষত গ্ৰহসমূহৰ পৰিবহনৰ আপোনাৰ জীৱনত পৰিবলগীয়া প্ৰভাৱ আৰু ঘটনাসমূহৰ সঠিক পূৰ্বানুমান জানিবৰ বাবে ইয়াক প্ৰস্তুত কৰি তোলা হৈছে। এইৰাশিফল 2024 এষ্ট্ৰোচেজৰ বিশেষজ্ঞ জ্যোতিষীডা. ম্ৰগাংকৰদ্বাৰা 2024 বৰ্ষত হ’বলগীয়া বিভিন্ন গ্ৰহসমূহৰ পৰিবহন আৰু গ্ৰহসমূহৰ গতি-বিধি অনুসৰি আপোনাৰ ৰাশি কুম্ভত পৰিবলগীয়া প্ৰভাৱসমূহৰ ওপৰত দৃষ্টি ৰাখি প্ৰস্তুত কৰি তোলা হৈছে। এই বাৰ্ষিক ৰাশিফল আপোনাৰ চন্দ্ৰ ৰাশি অৰ্থাৎ জন্ম ৰাশিৰ ওপৰত আধাৰিত। আহক কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে2024 বৰ্ষটো কেনে হ’ব সেই বিষয়ে জানি লওঁ।

2024 ত আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হ’ব নে?বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক

কুম্ভ ৰাশিফল 2024 (Kumbha Rashifal 2024)অনুসৰি কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে ৰাশিৰ অধিপতি শনি বৰ্ষটোৰ আৰম্ভণিৰপৰা বৰ্ষটোৰ শেষলৈকে আপোনাৰ প্ৰথম গৃহত স্থিত হ’ব। ইয়াৰ ফলত আপুনি শুভ ফল প্ৰাপ্ত কৰিব। যেনে- আপোনাৰ কথা-বতৰা দৃঢ় হ’ব। আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা অধিক উন্নত হ’ব। আপুনি নিজৰ কথাত সুদৃঢ় হৈ থাকিব। জীৱনত শৃংখলাৱদ্ধতাক আপুনি গুৰুত্ব প্ৰদান কৰিব। কঠোৰ পৰিশ্ৰম কৰিব আৰু আপোনাৰ এই পৰিশ্ৰমে আপোনাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহত উত্তম সফলতা প্ৰদান কৰিব।দেৱ গুৰু বৃহস্পতি 1 মে’ পৰ্য্যন্ত আপোনাৰ তৃতীয় গৃহত স্থিত হৈ আপোনাৰ সপ্তম, নৱম আৰু একাদশ গৃহত দৃষ্টি প্ৰদান কৰি আপোনাৰ উপাৰ্জন বৃদ্ধি কৰিব।আপোনাৰ বৈবাহিক জীৱন ভালদৰে চম্ভালিব আৰু আপোনাৰ ব্যৱসায়কো বৃদ্ধি প্ৰদান কৰিব তথা উন্নত কৰি তুলিব। আপুনি দান-পুণ্যৰ দৰে কামত যথেষ্ট অংশগ্ৰহণ কৰিব আৰু ইয়াৰদ্বাৰা সমাজত এক সন্মানীয় স্থান দখল কৰিব। 2024 বৰ্ষত ৰাহু আৰু কেতু গোটেই বৰ্ষ জুৰি আপোনাৰ দ্বিতীয় গৃহ আৰু অষ্টম গৃহত স্থিত হোৱাৰ ফলত সমস্যাবোৰৰ প্ৰতি কিছু মনোযোগ দিব লাগিব। যি তি বস্তু খোৱাৰ বাবে আৰু নভবা-নিচিন্তাকৈ কথা কোৱাৰ বাবে আপুনি সমস্যাত পৰিব পাৰে। আহক এতিয়া বিস্তাৰিতভাৱে কুম্ভ ৰাশিৰ ৰাশিফলৰবিষয়ে জানো।

সকলো জ্যোতিষীয় গণনা আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। আপোনাৰ চন্দ্ৰ ৰাশি জানিবৰ বাবে ক্লিক কৰক:চন্দ্ৰ ৰাশি কেলকুলেটৰ

কুম্ভ প্ৰেম ৰাশিফল 2024

কুম্ভ ৰাশিফল 2024 (Kumbha Rashifal 2024) অনুসৰি, বৰ্ষটোৰ আৰম্ভণি কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে কিয়নো বৰ্ষটোৰ আৰম্ভণিতে সূৰ্য্য আৰু মঙ্গলৰ দৰে গৰম প্ৰকৃতিৰ গ্ৰহে আপোনাৰ পঞ্চম গৃহত দৃষ্টি প্ৰদান কৰিব যাৰ ফলত প্ৰেমৰ সম্পৰ্কত উষ্ণতা বৃদ্ধি হ’ব আৰু পৰস্পৰৰ মাজত বিবাদ তথা যুক্তি-তৰ্ক বৃদ্ধি হোৱাৰ আশংকা আছে। সেয়েহে জানুৱাৰী মাহত যিমান দূৰ সম্ভৱ শান্তি বৰ্ত্তাই ৰখাৰ চেষ্টা কৰক আৰু ধৈৰ্য্যৰে কাম কৰক। এই বৰ্ষত বিবাদৰ স্থিতি বৰ্ত্তাই ৰখাৰ পৰিৱৰ্তে শান্তভাৱেৰে এই সময়খিনি পাৰ হৈ যাবলৈ দিয়ক। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহ যথেষ্ট অনুকূল হ’ব আৰু শুক্ৰ আৰু বুধৰ দৰে ৰোমাণ্টিক প্ৰবৃত্তি প্ৰদান কৰা গ্ৰহে আপোনাৰ একাদশ গৃহৰপৰা আপোনাৰ পঞ্চম গৃহত দৃষ্টি প্ৰদান কৰিব। যাৰ ফলত আপোনালোকৰ সম্পৰ্কলৈ অহা সমস্যাসমূহ দূৰ হ’ব। পাৰস্পৰিক প্ৰেম-ভালপোৱা বৃদ্ধি হ’ব আৰু ৰোমাঞ্চৰ প্ৰচুৰ যোগ আছে। আপোনালোক দুয়ো পৰস্পৰৰ প্ৰেমত ডুব যাব।

কুম্ভ প্ৰেম ৰাশিফল 2024অনুসৰি এই গোটেই বৰ্ষটোত শনি আপোনাৰ ৰাশিত বিৰাজমান হ’ব। শনি হৈছে আপোনাৰ ৰাশিৰ স্বামী সেয়েহে আপুনি নিজৰ চিন্তা-ধাৰণাত অটল হৈ থাকিব। আপুনি যাক ভাল পায়, তেওঁৰ সৈতে নিজৰ সম্পৰ্ক আগুৱাই নিব বিচাৰিব আৰু তেওঁক সম্পূৰ্ণৰূপে নিজৰ কৰি তুলিবলৈ চেষ্টা কৰিব। তেওঁৰ বাবে সকলো কৰাৰ প্ৰয়াস কৰিব আৰু ইয়াত আপোনালৰ বন্ধু-বৰ্গৰ সহায়ো লাভ কৰিব। আপোনাৰ বাবে জুনৰপৰা জুলাই আৰু নৱেম্বৰৰপৰা ডিচেম্বৰ মাহৰ সময়খিনি যথেষ্ট ভাল হ’ব। এই সময়খিনিত আপোনালোকৰ মাজ প্ৰেম-ভালপোৱা গভীৰ হ’ব। এই বৰ্ষত আপুনি তেওঁৰ সম্মুখত বিবাহৰ প্ৰস্তাৱ ৰাখিব পাৰে।

কুম্ভ কেৰিয়াৰ ৰাশিফল 2024

কেৰিয়াৰৰ দৃষ্টিকোণৰপৰা চাবলৈ গ’লে, বৰ্ষটোৰ আৰম্ভণিৰপৰাই শনি আপোনাৰ ৰাশিত বিৰাজমান হৈ আপোনাৰ তৃতীয় গৃহ, আপোনাৰ সপ্তম গৃহ আৰু আপোনাৰ দশম গৃহত পূৰ্ণ দৃষ্টি প্ৰদান কৰিব। তৃতীয় গৃহত শনিৰ দৃষ্টিৰ ফলত আপুনি নিজৰ ফালৰপৰা যথেষ্ট প্ৰয়াস কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীসকলৰ সহযোগিতা লাভ কৰিব। আপুনি যথেষ্ট কষ্ট কৰিব।কুম্ভ ৰাশিফল 2024 (Kumbha Rashifal 2024)অনুসৰি, দশম গৃহত শনিৰ দৃষ্টিয়ে আপোনাক নিজৰ প্ৰচেষ্টা সফলতা প্ৰদান কৰিব। আপুনি চাকৰিত ভালদৰে কাম কৰাৰ চেষ্টা কৰিব। কঠোৰ পৰিশ্ৰম কৰিব আৰু আপুনি তাৰ উপযুক্ত ফলো লাভ কৰিব যাৰ ফলত আপুনি চাকৰিত ভাল স্থিতি প্ৰাপ্ত কৰিব। সপ্তম গৃহ যি হৈছে দশমৰপৰা দশমগৃহ, তাত শনিৰ দৃষ্টিৰ ফলত আপুনি কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰিব।

কুম্ভ কেৰিয়াৰ ৰাশিফল 2024অনুসৰি আপোনাৰ বাবে ফেব্ৰুৱাৰীৰপৰা মাৰ্চৰ সময়খিনিত আপুনি কৰ্মক্ষেত্ৰত অধিক ব্যস্ততাৰ সম্মুখীন হ’ব। কিন্তু এইখিনি সময়ত আপোনাৰ কামৰ সন্দৰ্ভত বিদেশলৈ যোৱাৰ প্ৰৱল যোগ আছে। এই বৰ্ষত আপুনি কৰ্মক্ষেত্ৰত ভাল সফলতা লাভ কৰিব। জানুৱাৰী মাহত ভাল পদোন্নতি লাভ কৰাৰ যোগ আছে। ইয়াৰ পিছত জুলাইৰপৰা আগষ্ট মাহৰ ভিতৰত আপোনাৰ কাম বৃদ্ধি হোৱাৰ আৰু আপুনি ভাল পদ লাভ কৰাৰ যোগ আছে। আগষ্টৰপৰা অক্টোবৰৰ ভিতৰত চাকৰিৰ পৰিৱৰ্তন হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। বৰ্ষৰ অন্তিম মাহত সফলতা লাভ কৰাৰ যোগ আছে।

কুম্ভ শিক্ষা ৰাশিফল 2024

বৰ্ষটোৰ আৰম্ভণি শিক্ষাৰ্থীসকলৰ বাবে কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। আপুনি পঢ়া-শুনাত মনোযোগ দিব বিচাৰিলেও আপোনাৰ মন-মগজু কিবা নহয় কিবা এটা সমস্যাত জড়িত হৈ থাকিব যাৰ ফলত পঢ়াত মনোনিৱেশ কৰাটো আপোনাৰ বাবে কিছু জটিল হৈ পৰিব। কিন্তু ফেব্ৰুৱাৰীৰপৰা মাৰ্চ মাহৰ ভিতৰত, যিখিনি সময় আপোনাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ, সেইখিনি সময়ত আপোনাৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ ঘূৰি আহিব। আপুনি যথেষ্ট প্ৰয়াস কৰিব আৰু কষ্টও কৰিব যাতে আপোনাৰ শিক্ষাক সঠিকভাৱে আগুৱাই লৈ যাব পাৰে আৰু এইক্ষেত্ৰত আপোনাৰ একাগ্ৰতাও শক্তিশালী হৈ থাকিব।কুম্ভ ৰাশিফল 2024 (Kumbha Rashifal 2024)য়ে প্ৰকাশ কৰে যে ইয়াৰদ্বাৰাই আপুনি ভাল সফলতা প্ৰাপ্ত কৰিব। আপোনাৰ বাবে এপ্ৰিল, আগষ্ট আৰু নৱেম্বৰ মাহ কিছু কঠিন হ’ব। এইখিনি সময়ত আপুনি নিজৰ শিক্ষাৰ প্ৰতি যথেষ্ট মনোযোগ দিয়াৰ আৱশ্যকতা হ’ব আৰু নিজৰ পাঠসমূহ কেইবাবাৰো আওঁৰোৱা উচিত। ইয়াৰ বাহিৰেও জানুৱাৰী, এপ্ৰিল, আগষ্ট আৰু ছেপ্তেম্বৰ মাহত শিক্ষাৰ ক্ষেত্ৰত কিছু ব্যৱধান আহিব পাৰে। শেষৰ মাহকেইটাত পঢ়া-শুনা ভাল হোৱাৰ সম্ভাৱনা আছে।

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে মাৰ্চ মাহৰপৰা আগষ্ট মাহৰ ভিতৰত ভাল সফলতা লাভ কৰাৰ যোগ আছে। ইয়াৰ বাহিৰেও আপুনি যদিহে নিজৰ ফালৰপৰা কঠোৰ পৰিশ্ৰম কৰে তেনেহ’লে অক্টোবৰৰপৰা ডিচেম্বৰ মাহৰ ভিতৰৰ সময়খিনিও উপযুক্ত হ’ব। এইখিনি সময়ত আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত কৃতকাৰ্য্যতা লাভ কৰাৰ সম্ভাৱনা আছে। নিজৰ চেষ্টা অব্যাহত ৰাখিব লাগিব। যদিহে আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেনেহ’লে আপোনাৰ বাবে এই বৰ্ষটো অনুকূল হ’ব। আপুনি মনে বিচৰা বিষয় অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব আৰু মনে বিচৰা মহাবিদ্যালয়তো নামভৰ্ত্তি কৰিব পাৰিব। যদিহে বিদেশলৈ গৈ অধ্যয়ন কৰাৰ ইচ্ছা আছে তেনেহ’লে সেই আশাও এই বৰ্ষত পূৰণ হোৱাৰ যোগ আছে। দ্বাদশ গৃহৰ অধিপতি শনি আপোনাৰ ৰাশিত বিৰাজমান হৈ আপোনাক উত্তম সফলতা প্ৰদান কৰিব। জানুৱাৰীৰপৰা মাৰ্চ, আগষ্ট আৰু অক্টোবৰৰপৰা ডিচেম্বৰৰ ভিতৰত আপুনি এইক্ষেত্ৰত সফল হোৱাৰ যোগ আছে।

কুম্ভ আৰ্থিক ৰাশিফল 2024

কুম্ভ ৰাশিফল 2024 (Kumbha Rashifal 2024) অনুসৰি আৰ্থিক দিশত এই বৰ্ষটো ভাল হোৱাৰ সম্ভাৱনা আছে। বৰ্ষৰ আৰম্ভণিতে সূৰ্য্য আৰু মঙ্গলৰ দৰে গ্ৰহ আপোনাৰ একাদশ গৃহত বিৰাজমান হ’ব যি আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী কৰি তুলিব। আৰ্থিক ক্ষেত্ৰত কোনো কঠিন সিদ্ধান্ত গ্ৰহণ কৰি আপুনি সকলোকে আচৰিত কৰি তুলিব। কেইবাবাৰো আপোনাৰ বহুতো সিদ্ধান্তই মানুহক আশ্চৰ্য্যাম্বিত কৰি তুলিব কিন্তু আপুনি দৃঢ়তাৰে নিজৰ সিদ্ধান্তত অটল হৈ থাকিব। মাৰ্চ মাহত আৰ্থিক স্থিতিত কিছু অসন্তুলন আহিব পাৰে। সেয়েহে আপুনি এনেদৰে সামঞ্জস্য ৰাখিব লাগিব যাতে আপোনাৰ আয় আৰু ব্যয়ৰ মাজত সঠিক ভাৰসাম্যতা থাকে যাৰ দ্বাৰা আপুনি আৰ্থিকভাৱে শক্তিশালী হৈ থাকিব পাৰে। আগষ্টৰ পিছত লাহে-লাহে আৰ্থিক দিশত আপুনি অনুকূল ফল লাভ কৰিব আৰু বৰ্ষক অন্তিম মাহকেইটাত আপুনি নিজকে আৰ্থিক দিশত পৰিপক্ক কৰি তুলিবলৈ সক্ষম হ’ব আৰু আপোনাৰ আৰ্থিক দিশ সুস্থিৰ হ’ব।

কুম্ভ পাৰিবাৰিক ৰাশিফল 2024

কুম্ভ ৰাশিফল 2024 (Kumbha Rashifal 2024) অনুসৰি বৰ্ষটোৰ আৰম্ভণি পাৰিবাৰিক দিশৰপৰা যথেষ্ট অনুকূল হ’ব কিয়নো বুধ আৰু শুক্ৰৰ দৰে গ্ৰহে আপোনাৰ চতুৰ্থ গৃহত পূৰ্ণ দৃষ্টি প্ৰদান কৰিব। ইয়াৰ ফলত আপোনাৰ পাৰিবাৰিক জীৱন সুখ-সমৃদ্ধিৰে ভৰি পৰিব। আপোনাৰ আৰু আপোনাৰ পিতৃ-মাতৃৰ মাজত ভাল সম্পৰ্ক বৰ্ত্তি থাকিব আৰু তেওঁলোকে আপোনাৰ কাৰ্য্যত আপোনাক সহায় কৰিব। কিন্তু গোটেই বৰ্ষ জুৰি দ্বিতীয় গৃহত ৰাহু উপস্থিত থকাৰ বাবে আৰু বৰ্ষৰ আৰম্ভণিতে দ্বিতীয় গৃহত মঙ্গলৰ দৃষ্টিৰ ফলস্বৰূপে আপোনাৰ কথা-বতৰাত কঠোৰতা ফুটি উঠিব পাৰে। লগতে কিছু স্বাৰ্থপৰ ভাৱনা থকাৰ বাবে আপোনাৰ সৈতে আত্মীয়-স্বজনৰ সম্পৰ্কত উত্থান-পতনৰ স্থিতি আহিব পাৰে আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত মতভেদ হ’ব পাৰে।তৃতীয় গৃহত বৃহস্পতিৰ উপস্থিতিয়ে আপোনাৰ সৈতে ভাতৃ-ভগ্নীসকলৰ সম্পৰ্ক মধুৰ কৰি তুলিব। বিশেষকৈ বৰ্ষৰ প্ৰথমাৰ্দ্ধত আৰু তাৰপিছত 1মে’ 2024ত যেতিয়া বৃহস্পতি আপোনাৰ চতুৰ্থ গৃহলৈ যাত্ৰা কৰিব তেতিয়া পাৰিবাৰিক সম্পৰ্কত প্ৰেম-ভালপোৱা গভীৰ হ’ব। এই বৰ্ষত অক্টোবৰৰপৰা ডিচেম্বৰৰ ভিতৰত আপোনাৰ পিতৃক স্বাস্থ্যজনিত সমস্যাই ঘেৰি ধৰিব পাৰে। সেয়েহে তেওঁৰ প্ৰতি ধ্যান ৰাখক আৰু প্ৰয়োজন অনুসাৰে চিকিৎসকৰ কাষ চাপক। আপোনাৰ ৰাশিত শনি স্থিত হোৱাৰ ফলস্বৰূপে আপোনাৰ আচৰণ কিছু কঠোৰ হৈ পৰিব পাৰে, বৰঞ্চ সম্পৰ্ক তথা পাৰিবাৰিক জীৱন সুচাৰুৰূপে আগবঢ়াই নিবৰ বাবে আপুনি বিনম্ৰ হোৱা উচিত। এইবোৰ বিষয়ৰ প্ৰতি মনোযোগ প্ৰদান কৰিলে জীৱনটো সুখে-সন্তোষে কটাব পাৰিব।

বৃহৎ কুণ্ডলী: জানক আপোনাৰ জীৱনত গ্ৰহসমূহৰ পৰিবহনৰ প্ৰভাৱ আৰু ইয়াৰ প্ৰতিকাৰ

কুম্ভ সন্তান ৰাশিফল 2024

আপোনাৰ সন্তানৰ ৰাশিফলৰ পৰা প্ৰত্যক্ষ কৰিলে দেখা যায়কুম্ভ ৰাশিফল 2024 (Kumbha Rashifal 2024) অনুসৰি এই বৰ্ষটোত সন্তানৰ ক্ষেত্ৰত মিশ্ৰিত ধৰণৰ ফল লাভ কৰিব। বৰ্ষৰ আৰম্ভণিতে সন্তানক লৈ কিছু চিন্তা আহিব পাৰে। আপোনাৰ সন্তানৰ স্বভাৱত উগ্ৰতা বৃদ্ধি পাব পাৰে, আৰু লগতে স্বাস্থ্যজনিত সমস্যাই চিন্তিত কৰিব পাৰে। ফেব্ৰুৱাৰীৰপৰা এপ্ৰিল মাহৰ ভিতৰত আপোনাৰ সন্তানৰ স্বাস্থ্য ভাললৈ আহিব। তেওঁলোকে নিজৰ নিজৰ ক্ষেত্ৰসমূহত উন্নতি লাভ কৰিব যাৰ বাবে আপুনি আনন্দিত হ’ব। মে’ মাহৰপৰা আগষ্টৰ ভিতৰত আপুনি তেওঁলোকৰ লগ-সংগৰ প্ৰতি মনোযোগ দিয়া উচিত আৰু তেওঁলোকক সঠিক ঠাইত সঠিক কাম সঠিকভাৱে নিৰ্বাচন কৰাৰ ক্ষেত্ৰত তেওঁলোকক সহায় কৰিব লাগিব। কিয়নো এইখিনি সময়ত তেওঁলোক কিছু অসামঞ্জস্য স্থিতিত থাকিব পাৰে আৰু তেওঁলোকে কি কৰা উচিত, সেয়া তেওঁলোকে ভালদৰে নিৰ্দ্ধাৰণ কৰিব নোৱাৰিব পাৰে। সেয়েহে আপুনি তেওঁলোকৰ সহায় কৰা উচিত যাৰ ফলত তেওঁলোক নিজৰ জীৱনত আগবাঢ়ি যাব পাৰিব। বৰ্ষৰ অন্তিম তিনিমাহত আপোনালোকে সন্তানৰ সৈতে জড়িত শুভ বাৰ্ত্তা লাভ কৰিব আৰু তেোঁলোকৰ উন্নতিৰদ্বাৰা আপুনিও আনন্দিত হ’ব।

কুম্ভ বৈবাহিক ৰাশিফল 2024

কুম্ভ ৰাশিফল 2024 (Kumbha Rashifal 2024) অনুসৰি বৰ্ষটোৰ আৰম্ভণিতে শনিয়ে আপোনাৰ সপ্তম গৃহত দৃষ্টি প্ৰদান কৰিব যাৰ ফলত আপোনাৰ দাম্পত্য জীৱনত উত্থান-পতনৰ স্থিতি দেখা যাব। যদিও শনি আপোনাৰ ৰাশিৰ সৈতে জড়িত, তথাপিত সপ্তম গৃহত ইয়াৰ প্ৰভাৱৰ ফলত আপোনাৰ বৈবাহিক জীৱনলৈ সমস্যা আহিব পৰাৰ সম্ভাৱনা আছে। অৱশ্যে যদিহে আপুনি নিজৰ সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ অনুভৱ সম্পূৰ্ণ সঁচা হয় তেনেহ’লে শনিয়ে এনেদৰেই মাজে-সময়ে আপোনাৰ পৰীক্ষা লৈ আপোনাৰ দাম্পত্য জীৱনক মজবুত তথা আৰু অধিক পৰিপক্ক কৰি তুলিব। 5 ফেব্ৰুৱাৰীৰপৰা 23 এপ্ৰিলৰ ভিতৰত মঙ্গলৰ পৰিবহন আপোনাৰ দ্বাদশ আৰু প্ৰথম গৃহত পৰিব আৰু তাৰপৰা মঙ্গলৰ স্পষ্ট দৃষ্টি আপোনাৰ সপ্তম গৃহত পৰিব। এই সময়ছোৱা পাৰিবাৰিক জীৱনৰ বাবে চাপপূৰ্ণ হ’ব পাৰে। পাৰস্পৰিক দ্বন্দ, সম্পৰ্কত চাপ আৰু স্বাস্থ্যজনিত সমস্য়াই আপোনালোকৰ সম্পৰ্কত সমস্যা বৃ্দ্ধি কৰিব পাৰে। আপোনালোকে পৰস্পৰৰ প্ৰতি প্ৰেমপূৰ্ণ ব্যৱহাৰ কৰাৰ কৰাত গুৰুত্ব দিয়া উচিত অন্যথা সম্পৰ্কত সমস্যা বৃদ্ধি পাব পাৰে।

এপ্ৰিলৰপৰা জুন মাহৰ ভিতৰত নিজৰ কথা-বতৰা প্ৰতি বিশেষভাৱে নিয়ন্ত্ৰণ কৰক আৰু কাৰোবাৰ উচতনিত নিজৰ জীৱনসঙ্গীৰ কোনো নক’বলগীয়া যি তি কথা নক’ব। এয়া আপোনাৰ বাবে সঠিক হ’ব। ইয়াৰ পিছৰ সময়খিনি অপেক্ষাকৃতভাৱে অনুকূল হ’ব। কিন্তু 12 জুলাইৰপৰা 26 আগষ্টৰ ভিতৰত পুণৰ আকৌ এবাৰ সমস্যা আহিব পাৰে। কিছু সাৱধানতা আৱলম্বন কৰিলে এই সময় ভালদৰে পাৰ হৈ যাব। ইয়াৰ পিছত আপুনি আৰু আপোনাৰ জীৱনসঙ্গীয়ে উত্তম বৈবাহিক জীৱনৰ আনন্দ উপভোগ কৰিব পাৰিব।

কুম্ভ ব্যৱসায়িক ৰাশিফল 2024

কুম্ভ ব্যৱসায়িক ৰাশিফল 2024 অনুসৰি ব্যৱসায় কৰি থকা জাতকসকলৰ বাবে এই বৰ্ষটোৰ আৰম্ভণি ভাল হ’ব।কুম্ভ ৰাশিফল 2024 (Kumbha Rashifal 2024)অনুসৰি,শনি দেৱতাৰ পূৰ্ণ দৃষ্টি গোটেই বৰ্ষ জুৰি আপোনাৰ সপ্তম গৃহত থাকিব আৰু বৰ্ষটোৰ আৰম্ভণিতে সপ্তম গৃহৰ অধিপতি সূৰ্য্য একাদশ গৃহত দশম গৃহৰ অধিপতি মঙ্গলৰ সৈতে স্থিত হৈ তাত বিৰাজমান হৈ থাকিব তথা দেৱ গুৰু বৃহস্পতি 1 মে’ পৰ্য্য়ন্ত আপোনাৰ তৃতীয় গৃহত স্থিত হৈ আপোনাৰ সপ্তম গৃহ, নৱম গৃহ আৰু একাদশ গৃহত দৃষ্টি প্ৰদান কৰিব। ইয়াৰ ফলত আপোনাৰ ভাগ্যও উজ্বলি উঠিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব আৰু ব্যৱসায়ৰ আশা কৰাতকৈও অধিক বৃদ্ধি হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। আপুনি নিজৰ পৰিকল্পনাসমূহ সম্প্ৰসাৰণ কৰাৰ সুযোগ লাভ কৰিব।যদিহে ব্যৱসায়ত কোনো পৰিৱৰ্তন কৰিব বিচাৰে তেনেহ’লে এপ্ৰিলৰপৰা জুলাই মাহৰ ভিতৰত পৰিৱৰ্তন কৰিব পাৰে। এপ্ৰিল মাহটো বিশেষভাৱে লাভদায়ক প্ৰমাণিত হ’ব। এইখিনি সময়ত চৰকাৰী খণ্ডৰপৰা ব্যৱসায়ত কিছু লাভ প্ৰাপ্ত কৰাৰ যোগ আছে আৰু আপুনি চৰকাৰী যোঁজনাৰো অংশীদাৰ হ’ব পাৰে। আপুনি ব্যৱসায়ত বিভিন্ন ধৰণৰ বিপদাশংকা গ্ৰহণ কৰিব আৰু তাৰদ্বাৰা আপুনি লাভাম্বিতও হ’ব। ব্যৱসায়িক দৃষ্টিকোণৰপৰা এই বৰ্ষটো যথেষ্ট পৰিমাণে অনুকূল হ’ব। অক্টোবৰৰপৰা ডিচেম্বৰৰ ভিতৰৰ সময়খিনি কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত নিজৰ ব্যৱসায়ক সঠিক দিশত পৰিচালনা কৰাৰ চেষ্টা কৰক আৰু এনে কোনো উপায় হাতত নল’ব, যি বে-আইনী, অন্যথা আপুনি সমস্যাত পৰিব পাৰে। সামগ্ৰিকভাৱে আপোনাৰ ব্যৱসায় ভালেৰে চলিব।

কুম্ভ সম্পত্তি আৰু বাহনৰ ৰাশিফল 2024

কুম্ভ ৰাশিফল 2024(Kumbha Rashifal 2024)অনুসৰি, কুম্ভ ৰাশিৰ জাতকসকলে বাবে বৰ্ষটোৰ আৰম্ভণিতে কোনো বাহন বা সম্পত্তি ক্ৰয় কৰাৰ যোগ আছে। শুক্ৰ আৰু বুধৰ দৰে গ্ৰহে আপোনাৰ চতুৰ্থ গৃহত পূৰ্ণ দৃষ্টি প্ৰদান কৰিব আৰু সূৰ্য্য আৰু মঙ্গলৰ দৰে প্ৰতাপী গ্ৰহ আপোনাৰ একাদশ গৃহত স্থিত হ’ব। জানুৱাৰী মাহটো সকলো ফালৰপৰা উপযুক্ত হ’ব। এইখিনি সময়ত আপুনি কোনো ভাল গাড়ী বা কোনো ডাঙৰ সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত আপুনি কিছু সময় অপেক্ষা কৰিব লাগিব। ফেব্ৰুৱাৰীৰপৰা এপ্ৰিলৰ আৰম্ভণিলৈকে সময়খিনি অনুকূল নহ’ব। এইখিনি সময়ত কোনো ধৰণৰ সম্পত্তি ক্ৰয় কৰাৰ কথা চিন্তা কৰাটো উচিত নহ’ব।যদিহে আপুনি কোনো বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ’লে19 মে’ৰপৰা 12 জুনৰ ভিতৰত যেতিয়া শুক্ৰৰ পৰিবহন আপোনাৰ চতুৰ্থ গৃহত নিজৰ ৰাশিত হ’ব তেতিয়াৰ সেই সময়খিনি আপোনাৰ বাবে সৰ্বাধিক উপযুক্ত হ’ব। এইখিনি সময়ত বাহন ক্ৰয় কৰাত আপুনি উত্তম সফলতা লাভ কৰিব। ইয়াৰ পিছত জুনৰপৰা জুলাই আৰু তাৰপিছত ছেপ্তেম্বৰৰপৰা অক্টোবৰৰ ভিতৰৰ সময়খিনিত আপুনি ভাল সফলতা লাভ কৰিব। যদিহে আপুনি কোনো ভাল সম্পত্তি অৰ্জন কৰিব বিচাৰে তেনেহ’লে উত্তম সফলতা প্ৰাপ্তিৰ বাবে জুনৰপৰা আগষ্ট মাহৰ ভিতৰৰ সময়খিনি অত্যন্ত অনুকূল হোৱাৰ সম্ভাৱনা আছে।

সকলো প্ৰকাৰৰ জ্যোতিষীয় সমাধানৰ বাবে দৰ্শন কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

কুম্ভ ধন আৰু লাভ ৰাশিফল 2024

কুম্ভ ৰাশিফল 2024 (Kumbha Rashifal 2024)অনুসৰি,কুম্ভ ৰাশিৰ জাতকসকলে বৰ্ষটোৰ আৰম্ভণিতে উত্তম ধন লাভ কৰাৰ যোগ আছে। তৃতীয় গৃহত স্থিত হৈ বৃহস্পতিয়ে আপোনাৰ সপ্তম, নৱম আৰু একাদশ গৃহত দৃষ্টি প্ৰদান কৰিব আৰু আপোনাৰ আয় যথেষ্ট বৃদ্ধি কৰিব। ধন লাভৰ প্ৰৱল যোগ আছে। সূৰ্য্য আৰু মঙ্গলৰ দৰে গ্ৰহ আপোনাৰ একাদশ গৃহত বিৰাজমান হ’ব। ইয়াৰ ফলত আপুনি উত্তম আৰ্থিক লাভ প্ৰাপ্ত কৰিব। আপুনি চৰকাৰী ক্ষেত্ৰত লাভাম্বিত হোৱাৰ যোগ আছে। যদিহে আপুনি চাকৰি কৰে তেনেহ’লে আপুনি চাকৰিত পদোন্নতিৰ জৰিয়তে ভাল ধন লাভ কৰিব আৰু যদিহে আপুনি ব্যৱসায় কৰেতেনেহ’সলে ব্যৱসায়ত আশা কৰাতকৈও অধিক পৰিমাণৰ বিকাশ লাভ কৰিব। এই সময়খিনিত আৰ্থিক দিশৰপৰা যথেষ্ট উন্নতি লাভ কৰিব। বৰ্ষটোৰ প্ৰথমাৰ্দ্ধ অধিক অনুকূল হ’ব কিয়নো 1 মে’ পৰ্য্যন্ত বৃহস্পতি তৃতীয় গৃহত স্থিত হৈ আপোনাৰ একাদশ গৃহত পূৰ্ণ দৃষ্টি প্ৰদান কৰিব যি হৈছে তেওঁৰ নিজৰ ৰাশি। ইয়াৰ পিছত উত্থান-পতনৰ স্থিতি আহিব পাৰে। ফেব্ৰুৱাৰীৰপৰা মাৰ্চ মাহৰ ভিতৰত কিছু উত্থান-পতন থাকিব কিন্তু এপ্ৰিলৰপৰা পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব। ৰাহু গোটেই বৰ্ষ জুৰি আপোনাৰ দ্বিতীয় গৃহত স্থিত হ’ব যি ব্যয় বৃদ্ধি কৰিব। আপুনি ধনৰ ক্ষেত্ৰত কিছু সাৱধানতা আৱলম্বন কৰিব লাগিব আৰু যিকোনো ধৰণৰ অধিক লাভ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা যোজনাৰপৰা বাচি থকা উচিত, তেতিয়াহে আপুনি উত্তম ধন লাভ কৰিব পাৰিব।

অক্টোবৰৰপৰা ডিচেম্বৰ মাহৰ ভিতৰত কোনো ধন বিনিয়োগ কৰাটো উচিত নহ’ব। এইখিনি সময়ত লোকচান হোৱাৰ সম্ভাৱনা আছে।এই বৰ্ষত শ্যেয়াৰ বজাৰত বিনিয়োগ কৰাৰ পূৰ্বে বহু বাৰ চিন্তা কৰক।

কুম্ভ স্বাস্থ্য ৰাশিফল 2024

কুম্ভ ৰাশিফল 2024 (Kumbha Rashifal 2024) অনুসৰি স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা এই বৰ্ষটো যথেষ্ট পৰিমাণে অনুকূল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ৰাশিৰ স্বামী শনি আপোনাৰ ৰাশিত স্থিত হৈ আপোনাক উত্তম স্বাস্থ্য প্ৰদান কৰিব। আপুনি এক শৃংখলাৱদ্ধ জীৱন অতিবাহিত কৰিলে উত্তম স্বাস্থ্য উপভোগ কৰিবলৈ সক্ষম হ’ব কিয়নো শনিয়ে আপোনাক প্ৰয়াস কৰিবৰ বাবে অনুপ্ৰাণিত কৰিব। আপুনি সুস্বাস্থ্য অটুত ৰাখিবৰ বাবে নিৰন্তৰ অনুশীলন কৰিব লাগিব। ইয়াৰ বাবে আপুনি ধ্যান, যোগ আৰু শাৰীৰিক ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়া উচিত। যদিহে আপুনি এনে কৰে তেতিয়াহে গোটেই বৰ্ষটো উত্তম স্থিতি বৰ্ত্তি থাকিব।

দ্বিতীয় গৃহত ৰাহু আৰু অষ্টম গৃহত কেতুৰ উপস্থিতিৰ শাৰীৰিক দৃষ্টিকোণৰপৰা উপযুক্ত বুলি ক’ব পৰা নাযায়। সেয়েহে আপোনাৰ স্বাস্ত্যৰ প্ৰতি মনোযোগ দিয়ক। যি তি বস্তু খোৱা আৰু বাহি বস্তু তথা গৰিষ্ঠ ভোজন গ্ৰহণ কৰাৰ ফলত স্বাস্থ্যজনিত সমস্যাই আপোনাক অশান্তিত পেলাব পাৰে। অষ্টম গৃহত কেতু স্থিত হোৱাৰ বাবে আপুনিকোষ্ঠকাঠিন্য বা গুহ্যদ্বাৰৰ ৰোগত ভূগিব পাৰে। ৰক্তৰ সংক্ৰমণেও আপোনাক সমস্যাত পেলাব পাৰে। এই সকলোবোৰ সমস্যাৰপৰা বাছিবৰ বাবে নিয়মীয়া ব্যৱধানত আপোনাৰ স্বাস্থ্য পৰীক্ষা কৰাওক যাতে কোনো সমস্যা অহাৰ পূৰ্বেই সেই বিষয়ে আপুনি অৱগত হৈ তাকে আৰু সঠিক সময়ত চিকিৎসা কৰি তাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে।

2024 বৰ্ষত কুম্ভ ৰাশিৰ বাবে শুভ সংখ্যা

কুম্ভ ৰাসিৰ স্বামী গ্ৰহ হৈছে শনি দেৱতা আৰু কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে ভাগ্যশালী সংখ্যা হৈছে 6 আৰু 8। জ্যোতিষ অনুসৰিকুম্ভ ৰাশিফল 2024 (Kumbha Rashifal 2024) য়ে প্ৰকাশ কৰে যে, 2024 বৰ্ষৰ কূল যোগ হৈছে 8। এই বৰ্ষটো কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে যথেষ্ট পৰিমাণে অনুকূল হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশৰপৰা এই বৰ্ষটোৱে আপোনাক উন্নতি প্ৰদান কৰিব। চাকৰি আৰু ব্যৱসায়তো আপুনি সফলতা লাভ কৰিব। আপুনি ব্যৱসায় বা চাকৰি যিয়েই কৰে, দুয়োটা ক্ষেত্ৰতেই ভাল সফলতা লাভ কৰিব। পাৰিবাৰিক জীৱনত উত্থান-পতন অহা স্বত্বেও আৰু বৈবাহিক জীৱনত কিছু চাপ থকা স্বত্বেও আপুনি এক ভাল জীৱন অতিবাহিত কৰিব। আপোনাৰ মনত ধৰ্মীয় চিন্তা-ধাৰা জাগ্ৰত হ’ব যাৰ বাবে আপুনি সজ কাম কৰিব।

কুম্ভ ৰাশিফল 2024: জ্যোতিষীয় প্ৰতিকাৰ

  • শ্ৰী শনি দেৱতাৰ বীজ মন্ত্ৰ বিধি অনুসৰি আপুনি জপ কৰা উচিত।
  • শ্ৰী গণেশ দেৱতাক দুৰ্বাংকুৰ অৰ্পণ কৰা উচিত আৰু শ্ৰী গণপতি অথৰ্বশীৰ্ষ পাঠ কৰা উচিত।
  • মঙ্গলবাৰে কোনো মন্দিৰত নিশ্চিতভাৱে পতাকা লগাওক। সেই পতাকা তিনিকোণীয়া আৰু দুমুখীয়া হোৱা উচিত।
  • ধূনা, ৰঙা চন্দন, দেৱদাৰু আদি পানীত মিহলাই সেই পানীৰে স্নান কৰক।

সঘনাই সোধা প্ৰশ্ন

কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো কেনে হ’ব?

কুম্ভ বাৰ্ষিক ৰাশিফল অনুসৰি, এই বৰ্ষটোত কুম্ভ ৰাশিৰ জাতকসকলে যথেষ্ট সুখ-আনন্দ লাভ কৰিব। ভাগ্যই আপোনাৰ লগ দিব আৰু আপুনি সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।

2024 বৰ্ষত কুম্ভ ৰাশিৰ ভাগ্যোদয় কেতিয়া হ’ব?

কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে এই বৰ্ষৰ জানুৱাৰী, আগষ্ট আৰু ডিচেম্বৰ মাহ যথেষ্ট ভাল প্ৰমাণিত হ’ব।

কুম্ভ ৰাশিৰ জাতকসকলৰ ভাগ্যত কি লিখা আছে?

কুম্ভ ৰাশিফল 2024 অনুসৰি, বৰ্ষ 2024 ত কুম্ভ ৰাশিৰ জাতকসকলে সম্পূৰ্ণতা, সমৃদ্ধি আৰু সফলতা প্ৰাপ্ত কৰিব।

কুম্ভ ৰাশিৰ জীৱনসঙ্গী কোন?

কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে সকলোতকৈ ভাল জীৱনসঙ্গী হিচাপে মিথুন ৰাশি, তুলা ৰাশি আৰু বৃশ্চিক ৰাশিৰ জাতকসকলক গণ্য কৰা হয়।

কুম্ভ ৰাশিক কোন ৰাশিৰ জাতকে ভাল পায়?

কুম্ভ ৰাশিৰ জাতকসকলক মেষ ৰাশি, মিথুন ৰাশি, তুলা ৰাশি আৰু ধনু ৰাশিৰ জাতকসকলে সকলোতকৈ অধিক ভাল পায়।

কুম্ভ ৰাশিৰ শত্ৰু কোন?

কৰ্কট ৰাশি, সিংহ ৰাশি আৰু বৃশ্চিক ৰাশি জাতকসকলক মকৰ ৰাশিৰ জাতকসকলৰ শত্ৰু হিচাপে গণ্য কৰা হয়।

আশা ৰাখিছোঁ যে আমাৰ প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱাৰ বাবে ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer