সিংহ ৰাশিফল 2024 (Singha Rashifal 2024)

সিংহ ৰাশিফল 2024 (Singha Rashifal 2024) য়ে অনুমান কৰিছে যে সিংহ ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰা জাতকসকলে 2024 বৰ্ষত বিশেষ ফল প্ৰাপ্ত কৰিবলৈ সমৰ্থৱান হ’ব। এই ৰাশিফলে সিংহ ৰাশিৰ জাতকসকলৰ জীৱনত হ’বলগীয়া ঘটনাসমূহৰ বিষয়ে সকলো তথ্য প্ৰদান কৰিব। এই ৰাশিফল বিশেষভাৱে সিংহ ৰাশিৰ জাতকসকলৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে য’ত 2024 বৰ্ষৰ গ্ৰহ-নক্ষত্ৰসমূহৰ গতি-বিধি আৰু পৰিবহনৰ ওপৰত দৃষ্টি ৰাখি সিংহ ৰাশিৰ জাতকসকলৰ জীৱনলৈ আহিবলগীয়া শুভ আৰু অশুভ ঘটনাসমূহৰ বিষয়ে অগত কৰা হ’ব। এই প্ৰভাৱসমূহ বুজি লৈ, আপুনি নিজৰ জীৱনত লাভ কৰিবলগীয়া অনুকূল আৰু প্ৰতিকূল পৰিণামসমূহৰ পূৰ্বনুমান কৰি লৈ সেইমতে পৰিকল্পনা কৰিব পাৰিব।

বাৰ্ষিক ৰাশিফল 2024 পঢ়িবৰ বাবে ইয়াত ক্লিক্ কৰক - ৰাশিফল 2024

তাৰ লগতে, সিংহ ৰাশিৰ ৰাশিফল 2024 য়ে এই বৰ্ষত আপোনাৰ আৰ্থিক পৰিস্থিতিৰ সম্পৰ্কেও তথ্য আগবঢ়াব। আপুনি আৰ্থিক সুস্থিৰতা লাভ কৰিব পাৰিব নে নতুবা এইক্ষেত্ৰত প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হ’ব নেকি? সম্পত্তি আৰু বাহন প্ৰাপ্ত কৰাৰ সম্ভাৱনা এই বৰ্ষটোত কিমান? লগতে আপোনাৰ প্ৰেম জীৱনলৈ আহিবলগীয়া উত্থান-পতন আৰু উপভোগৰ মুহুৰ্তবোৰৰ বিষয়েও আপুনি আগতীয়া অনুমান লাভ কৰিব পাৰিব। তাৰ উপৰিও, আপোনাৰ পাৰিবাৰিক জীৱন সুখময় হ’ব নে নহয় আৰু আপুি এই ক্ষেত্ৰত সমস্যাৰ সৈতে যঁজ দিবলগীয়া হ’ব নেকি সেই বিষয়েও ভৱিষ্যতবাণী লাভ কৰিব পাৰিব। আপোনাৰ কেৰিয়াৰ কেনে হ’ব, আৰু বিকাশৰ সম্ভাৱনা কেনে আৰু ব্যৱসায়ত জটিলতাৰ সম্মুখীন হোৱাৰ সম্ভাৱনা আছে নেকি এই বিষয়ে এই প্ৰৱন্ধটোত আপোনাক অৱগত কৰা হ’ব।

सिंह राशि का राशिफल विस्तार से पढ़ें –सिंह राशिफल 2024

তাৰ বাহিৰেও, এই ৰাশিফলে আপোনাক প্ৰিয়জনৰ সৈতে থকা সম্পৰ্কৰ স্থিতি মূল্যায়ন কৰিবলৈ আপোনাক সহায় কৰিব। যদিহে আপুনি বিবাহিত, তেনেহ’লে আপোনাৰ দাম্পত্য জীৱনত সুখ-শান্তি বৰ্ত্তি থাকিব নে নাই, আৰু গোটেই বৰ্ষ জুৰি আপোনাৰ স্বাস্থ্য কেনে থাকিব আদিবোৰ তথ্য ইয়াত প্ৰান কৰা হ’ব। এই সকলোবোৰ মূল্যৱান তথ্য লাভ কৰিবৰ বাবে, এই প্ৰৱন্ধটো নিশ্চিতভাৱে আদিৰপৰা অন্তলৈকে পঢ়ক।

Click here to read in English:Leo Horoscope 2024

এই প্ৰৱন্ধটো বিশেষভাৱে গ্ৰহীয় গতি-বিধিৰদ্বাৰা হ’বলগীয়া ইতিবাচক আৰু নেতিবাচক ফল, আৰু ইয়াৰদ্বাৰা প্ৰভাৱিত হ’বলগীয়া আপোনাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহক সামৰি আপোনাক 2024 বৰ্ষৰ সকলোবোৰ তথ্য প্ৰদান কৰিবৰ বাবে প্ৰস্তুত কৰা হৈছে। এই প্ৰৱন্ধটোৰ জৰিয়তে আপুনি এই সকলোবোৰ তথ্য আৱিষ্কাৰ কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰৱন্ধটো এষ্ট্ৰোচেজৰ বিশেষজ্ঞ জ্যোতিষীডা. ম্ৰগাংকে বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰ কৰি প্ৰস্তুত কৰি তুলিছে।

বৰ্ষ 2024 ত সিংহ ৰাশিৰ জাতকসকলে গ্ৰহসমূহৰ পৰিবহনৰ কেনে প্ৰভাৱ লাভ কৰিব, কেতিয়া গ্ৰহসমূহ আপোনাৰ পক্ষত থাকিব আৰু কেতিয়া আপুনি প্ৰতিকূল ফল লাভ কৰিব, এই সকলোবোৰৰ ওপৰত দৃষ্টি ৰাখি এই ৰাশিফল আপোনাৰ বাবে প্ৰস্তুত কৰা হৈছে। তাৰ লগতে, উল্লেখযোগ্য যে এই ৰাশিফল আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত, যি আপোনাৰ জন্ম ৰাশিক সূচিত কৰে। সেয়েহে, যদিহে আপোনাৰ জন্ম সিংহ ৰাশিৰ অধীনত হৈছে, তেনেহ’লে এই ৰাশিফল বিশেষভাৱে আপোনাৰ বাবেই নিৰ্মিত।

সিংহ ৰাশিফল 2024 (Singha Rashifal 2024) য়ে অনুমান কৰিছে যে আৰম্ভণিৰেপৰা সপ্তম গৃহত বিৰাজমান শনিয়ে ব্যৱসায়িক সফলতাৰ বাবে সুযোগ প্ৰদান কৰিব। ই লগতে আপোনাৰ দাম্পত্য জীৱনলৈও সুখ-শান্তি কঢ়িয়াই আনিব আৰু আপোনাৰ জীৱনসঙ্গীক মনৰ সকলোবোৰ ভাৱ ভালদৰে প্ৰকাৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। এই বৰ্ষটোৱে শৃংখলাৱদ্ধতাৰ সৈতে আগবাঢ়ি যোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে, আৰু এইখিনি সময়ত শনিয়ে আপোনাৰ লাভাম্বিত কৰি তুলিব।

আপুনি এই বছৰটোত দীৰ্ঘ ভ্ৰমণলৈ যোৱাৰ বহুতো সুযোগ প্ৰাপ্ত কৰিব আৰু আনকি বিদেশ ভ্ৰমণৰ সুযোগ লাভ কৰাৰ সম্ভাৱনাও আছে। বৰ্ষটোৰ আৰম্ভণিৰেপৰা 1 মে’ পৰ্য্যন্ত নৱম গৃহত বিৰাজমান হোৱা বৃহস্পতিয়ে আপোনাক উপযু্কত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিব। ই আপোনাক সন্তানৰ লগত জড়িত শুভ বাৰ্ত্তাও প্ৰদান কৰিব। আপুনি সজ কাম-কাজত জড়িত হৈ থাকিব, আৰু দান-পুণ্য, ধৰ্মীয় কাৰ্য্য, আৰু জ্ঞান অৰ্জনৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব।

সি যি কি নহওক, আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিব লাগিব কিয়নো ৰাহু গোটেই বৰ্ষ জুৰি আপোনাৰ অষ্টম গৃহত স্থিত হ’ব। গাড়ী চলাওঁতেও সতৰ্কতা অৱলম্বন কৰা উচিত। আপোনাৰ পিতৃয়ে মাজে-সময়ে স্বাস্থ্যজনিত সমস্যাত ভূগিব পাৰে, সেয়েহে তেওঁৰ সুস্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়াটো জৰুৰী। ইতিবাচক কথাটো হ’ল, পাৰিবাৰিক দিশত গ্ৰহীয় সংযোজ অনুকূল হ’ব যাৰ বাবে পৰিয়ালত সুখ-শান্তি বৰ্ত্তি থাকিব।বৰ্ষটোৰ প্ৰথমাৰ্দ্ধত, জীৱনসঙ্গী আৰু ব্যৱসায়িক অংশীদাৰৰ সৈতে সম্পৰ্কৰ বান্ধোন শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰক। কিছু অনুশাসন ৰক্ষা কৰি আৰু স্বাস্থ্যৰ প্ৰতি মনোযোগ প্ৰদান কৰি আপুনি এই বৰ্ষত এক সুস্বাস্থ্য়ৰ অধিকাৰী হৈ থাকিব পাৰিব।

সকলো জ্যোতিষীয় গণনা আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। আপোনাৰ চন্দ্ৰ ৰাশি জানিবৰ বাবে ক্লিক কৰক:চন্দ্ৰ ৰাশি কেলকুলেটৰ

সিংহ প্ৰেম ৰাশিফল 2024

সিংহ ৰাশিফল 2024 (Singha Rashifal 2024) য়ে প্ৰকাশ কৰে যে বৰ্ষটোৰ আৰম্ভণিতে সিংহ ৰাশিৰ জাতকসকলে প্ৰেম জীৱনত কিছু প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব পাৰে। পঞ্চম গৃহটো শক্তিশালী গ্ৰহ সূৰ্য্য আৰু মঙ্গলে দখল কৰিব। অৱশ্যে, বৃহস্পতিয়ে নৱম গৃহৰপৰা পঞ্চম গৃহত দৃষ্টি পেলাব। যথেষ্ট জটিলতাৰ সম্ভাৱনা থকা স্বত্বেও আপোনাৰ প্ৰেমৰ সম্পৰ্ক প্ৰস্ফূটিত হ’ব। ভুল বুজাবুজি দূৰ কৰি পাৰস্পৰিক আলোচাৰদ্বাৰা আপোনাৰ সম্পৰ্কৰ বান্ধোন শক্তিশালী কৰি তুলিবৰ বাবে পৰস্পৰে পৰস্পৰক সময় দিয়ক আৰু এক শান্তিময় পৰিৱেশ বৰ্ত্তাই ৰাখিবলৈ চেষ্টা কৰক।

শুক্ৰ আৰু বুধে ৰোমাঞ্চ বৃদ্ধি কৰাত সহায় কৰিব আৰু প্ৰেমিক-প্ৰেমিকাৰ মাজত গভীৰ ভালপোৱা স্থাপন হোৱাত সহায় কৰিব। ই আপোনালোকৰ সম্পৰ্কক সুদৃঢ় কৰি তুলিব। আগষ্ট আৰু ছেপ্তেম্বৰ মাহৰ সময়ছোৱাত, সতৰ্কৱান হৈ থকা উচিত কিয়নো প্ৰেমাস্পদৰ সৈতে আপোনাৰ বিবাদ হ’ব পাৰে, আৰু পৰিয়ালৰ সদস্যসকলৰপৰাও চাপ লাভ কৰিব পাৰে যি আপোনালোকৰ সম্পৰ্কক প্ৰভাৱিত কৰিব। সেয়েহে,সতৰ্কৱান হৈ থাকক, প্ৰেমাস্পদৰ সম্মুখত মনৰ ভাৱ প্ৰকাশ কৰক আৰু লগতে তেওঁৰ প্ৰতি সহযোগিতাও প্ৰদান কৰক।

ছেপ্তেম্বৰ মাহৰ পিছৰ সময়খিনি আপোনাৰ বাবে অনুকূল হ’ব। আপুনি আৰু আপোনাৰ প্ৰেমাস্পদৰে আপোনালোকৰ সম্পৰ্ক সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰিব আৰু এই সম্পৰ্কক আগুৱাই লৈ গৈ এক নাম দিব বিচাৰিব।

সিংহ কেৰিয়াৰ ৰাশিফল 2024

সিংহ ৰাশিফল 2024 (Singha Rashifal 2024)ৰ মতে, কেৰিয়াৰৰ আৰম্ভণি ভালদৰেই হ’ব।দশম গৃহৰপৰা দশম গৃহ অৰ্থাৎ সপ্তম গৃহত শক্তিশালী শনি গোটেই বৰ্ষ পৰ্য্যন্ত স্থিত হ’ব, যি আপোনাক কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা প্ৰদান কৰিব। ই চাকৰিত আপোনাৰ স্থান শক্তিশালী কৰি তুলিব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল আপুনি প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। বৰ্ষটোৰ আৰম্ভণিতে আপোনাৰ দশম গৃহত বুধ আৰু শুক্ৰৰ প্ৰভাৱৰ ফলত আপুনি নিজৰ পেছাগত জীৱনত উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব।

1 মে’ পৰ্য্যন্ত বৃহস্পতি আপোনাৰ নৱম গৃহত বিৰাজমান হ’ব, যি চাকৰিৰ সলনি আৰু স্থানান্তকৰণক সূচিত কৰে। যদিহে আপুনি চৰকাৰী খণ্ডত চাকৰি কৰি আছে, তেনেহ’লে বৰ্ষটোৰ প্ৰথম দুমাহত আপোনাৰ স্থান সলনি হোৱাৰ যোগ আছে। তাৰ লগতে, যদিহে আপুনি বহুদিনৰেপৰা বৰ্তমান চাকৰিটোত আছে আৰু নতুন চাকৰি বিচাৰি আছে, তেনেহ’লে এই সময়ছোৱাত আপোনাৰ আকাংক্ষা পূৰণ হ’ব পাৰে। বৰ্ষটোৰ আৰম্ভণিৰ তিনিমাহত চাকৰি সলনি কৰাৰ সম্ভাৱনা আছে।

অনুমান কৰে যে মঙ্গলে 1জুনৰপৰা 12 জুলাইলৈ নৱম গৃহ দখল কৰিব আৰু তাৰপিছত 26 আগষ্ট পৰ্য্যন্ত আপোনাৰ দশম গৃহত স্থিত হ’ব। মঙ্গলৰ এই স্থিতিয়ে আপোনাক এক ভাল চাকৰি তথা চাকৰি সলনি কৰাৰ সুযোগ প্ৰদান কৰিব। জুলাই মাহত ব্যস্ততা বৃদ্ধি হ’ব আৰুকামৰ পৰিৱেশ হুলস্থূলীয়া হ’ব। এইখিনি সময়ত আপুনি কামৰ সন্দৰ্ভত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে অথবাআন এখন ৰাজ্য বা চহৰলৈ স্থান সলনি কৰিবলগীয়া হ’ব পাৰে।

31 জুলাই আৰু 25 আগষ্ট ভিতৰৰ সময়খিনি কিছু প্ৰত্যাহ্বানজনক হ’ব, সেয়েহে এইখিনি সময়ত সাৱধানতা অৱলম্বন কৰাটো ভাল আৰু লগতে কঠোৰ পৰিশ্ৰম কৰক। যি কি নহওক, অক্টোবৰৰপৰা নৱেম্বৰ পৰ্য্য়ন্ত আপোনাৰ চাকৰিৰ পৰিস্থিতি ভাল হ’ব। লগতে, বৰ্ষটোৰ অন্তিম মাহত পুণৰবাৰ চাকৰি সলনি কৰাৰ যোগ আছে।

ফলস্বৰূপে, ক’ব পৰা যায় যে আপুনি বৰ্তমানৰ চাকৰিত এক ভাল স্থান পদবী কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আৰু বৰ্ষ জুৰি নতুন চাকৰি লাভ কৰাৰ যোগো আছে।

সিংহ শিক্ষা ৰাশিফল 2024

সিংহ ৰাশিফল 2024 (Singha Rashifal 2024) অনুসৰি, বৰ্ষটোৰ আৰম্ভণি শিক্ষাৰ্থীসকলৰ বাবে কিছু পৰিমাণে দুৰ্বল হ’ব। অৱশ্যে গ্ৰহ-সমূহৰ গতি-বিধিৰদ্বাৰা ক’ব পৰা যায় যে আপুনি পঢ়া-শুনাত আগৰণুৱা হৈ থাকিব আৰু নিজস্ব প্ৰয়াস অব্যাহত ৰাখিব। বুধ আৰু শুক্ৰ চতুৰ্থ গৃহত স্থিত হোৱাৰ ফলত আৰু নৱম গৃহত বহস্পতি স্থিত হোৱাৰ বাবে শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব আৰু এয়া আপুনি বৰ্ষটোৰ আৰম্ভণিতেই প্ৰত্যক্ষ কৰিব। কিয়নো আপুনি নিজৰ অধ্যয়নৰ ক্ষেত্ৰত তৎপৰ হৈ থাকিব। কিন্তু বৰ্ষটোৰ আৰম্ভণিতে সূৰ্য্য আৰু মঙ্গল পঞ্চম গৃহত স্থিত হোৱাৰ ফলত আৰু শনিয়ে চতুৰ্থ গৃহত দৃষ্টি প্ৰদান কৰাৰ ফলত অধ্যয়নৰ ক্ষেত্ৰত মাজে-মাজে কিছু ব্যৱধানো আহিব পাৰে আৰু আপোনাৰ একাগ্ৰতাও ভংগ হ’ব য়াৰ ফলত শিক্ষাৰ ক্ষেত্ৰত কিছু সমস্য়াৰ উদ্ভৱ হ’ব পাৰে। অৱশ্য়ে গ্ৰহসমূহৰ পৰিবহন আপোনাৰ পক্ষত থকাৰ ফলত এপ্ৰিলৰ পিছত পৰিস্থিতি অনুকূল হ’বলৈ আৰম্ভ কৰিব আৰু আপুনি ভালদৰে পঢ়া-শুনা কৰাত সক্ষম হ’ব।

2024 বৰ্ষৰ সময়খিনিত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে ফেব্ৰুৱাৰীৰপৰা মাৰ্চ মাহৰ ভিতৰত যথেষ্ট ভাল ফল প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে আৰু যদিহে আপুনি পূৰ্বৰেপৰাই প্ৰয়াস কৰি আছে তেনেহ’লে আপুনি ফেব্ৰুৱাৰী-মাৰ্চৰ ভিতৰত উত্তম সফলতা লাভ কৰিব আৰু কোনো বিশেষ চৰকাৰী সেৱাত আপোনাৰ বাছনি হ’ব পাৰে। ইয়াৰ পিছত আগষ্টৰপৰা নৱেম্বৰৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে অনুকূল হ’ব আৰু এইখিনি সময়ত আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল প্ৰাপ্ত কৰাৰ প্ৰৱল যোগ আছে। যদিহে উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেনেহ’লে 2024 বৰ্ষটোৰ প্ৰথমাৰ্দ্ধ অধিক অনুকূল হ’ব আৰু এইখিনি সময়ত আপুনি মনে বিচৰা উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুযোগ লাব কৰিব। যদিহে আপোনাৰ বিদেশলৈ গৈ অধ্যয়ন কৰাৰ সপোন আছে তেনেহ’লে সেইক্ষেত্ৰত কিছু পলম হ’ব পাৰে আৰু হ’লেও সেই ইচ্ছাও পূৰণ হ’ব। আগষ্টৰ পিছত আপুনি বিদেশলৈ গৈ অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব পাৰে।

সিংহ আৰ্থিক ৰাশিফল 2024

সিংহ ৰাশিফল 2024 অনুসৰি যদিহে এই বৰ্ষটোত আপোনাৰ আৰ্থিক পৰিস্থিতি কেনে হ’ব সেয়া লক্ষ্য কৰা যায় তেনেহ’লে ক’ব পাৰি যে আপুনি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব কিয়নো গ্ৰহসমূহৰ দশা আপোনাৰ পক্ষত পূৰ্ণৰূপত দেখা পোৱা নাই, যদিও আপোনাৰ ওচৰত ধন উপাৰ্জনৰ উৎস উপলব্ধ থাকিব তথাপি আৰ্থিক ৰূপত ব্যয় অব্যাহত থাকিব। এই গোটেই বৰ্ষটোত আপোনাৰ দ্বিতীয় গৃহত কেতু আৰু অষ্টম গৃহত ৰাহুৰ উপস্থিতিয়ে বিভিন্ন ধৰণৰ ব্য়য় বৃদ্ধি কৰিব যাৰ ফলত আৰ্থিক সন্তুলন ৰক্ষা কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিব।

এই বৰ্ষটো আৰ্থিক দিশৰপৰা এপ্ৰিলৰপাৰ আগষ্ট পৰ্য্য়ন্তৰ সময়খিনি ভাল হোৱাৰ আশা আছে আৰুএইখিনি সময়ত আপোনাৰ যথেষ্ট আৰ্থিক লাভ হোৱাৰ যোগ আছে। শেষৰ ফালে আপুনি নিজৰ ধনৰ সদোপয়োগ কৰাৰ প্ৰতি গুৰুত্ব দিয়া উচিত কিয়নো ইয়াৰদ্বাৰা আপুনি নিজৰ আৰ্থিক সন্তুলন প্ৰাপ্ত কৰিব পাৰিব, অন্যথা এই বৰ্ষত কিছু সমস্য়াৰ উদ্ভৱ হ’ব পাৰে।

সিংহ পাৰিবাৰিক ৰাশিফল 2024

সিংহ ৰাশিফল 2024 (Singha Rashifal 2024) অনুসৰি বৰ্ষটোৰ আৰম্ভণি মিশ্ৰিত হ’ব। য’ত এফালে কেতু আপোনাৰ দ্বিতীয় গৃহত স্থিত হৈ পাৰিবাৰিক সমস্যা বৃদ্ধি কৰিব আৰু পৰস্পৰিক বুজাবুজিৰ অভাৱ দেখা যাব পাৰে, আনফালে শুক্ৰ আৰু বুধ আপোনাৰ চতুৰ্থ গৃহত স্থিত হৈ পাৰিবাৰিক সুখ-স্বাচ্ছন্দ্য বৃদ্ধি কৰিব। পৰিয়ালৰ সহযোগ আপুনি প্ৰাপ্ত কৰিব। ঘৰত সুখ-শান্তি বৰ্ত্তি থাকিব। ঘৰৰ সুখ-সুবিধাও বৃদ্ধি হ’ব। ঘৰৰ আনন্দ-স্ফূৰ্তিৰ পৰিৱেশ বিৰাজম কৰিব। বৰ্ষটোৰ মাজভাগত 1 মে’ত দেৱ গুৰু বৃহস্পতি আপোনাৰ দশম গৃহত প্ৰৱেশ কৰিব আৰু তাৰপৰা আপোনাৰ দ্বিতীয় গৃহ আৰু আপোনাৰ চতুৰ্থ গৃহত বিশেষ দৃষ্টি প্ৰদান কৰাৰ ফলত পাৰিবাৰিক জীৱনত সুখ-শান্তিৰ সমাৱেশ ঘটিব।বৰ্ষটোৰ প্ৰথমাৰ্দ্ধত ভাতৃ-ভগ্নীসকলৰ সৈতে সন্তুলিত আৰু ভাল সম্পৰ্কস্থাপন হ’ব আৰু বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধত পিতৃ-মাতৃৰ সৈতে আপোনাৰ সম্প্ক অনুকূল হ’ব। এই বৰ্ষত আপুনি পৰিয়ালৰ সম্পূৰ্ণ সহযোগ লাভ কৰিব আৰু পাৰিবাৰিক জীৱন সুখময় হ’ব।মাৰ্চৰপৰা জুন মাহৰ ভিতৰত নিজৰ পিতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক কাৰণ এইখিনি সময়ত তেওঁৰ কোনো ৰোগ হোৱাৰ সম্ভাৱনা আছে।

বৃহৎ কুণ্ডলী: জানক আপোনাৰ জীৱনত গ্ৰহসমূহৰ পৰিবহনৰ প্ৰভাৱ আৰু ইয়াৰ প্ৰতিকাৰ

সিংহ সন্তান ৰাশিফল 2024

আপোনাৰ সন্তানৰ ক্ষেত্ৰত দেখা যায়সিংহ ৰাশিফল 2024 (Singha Rashifal 2024) অনুসৰি যদিহে আপুনি সন্তান প্ৰাপ্তিৰ বাবে আকাংক্ষা কৰি আছে তেনেহ’লে বৰ্ষটোৰ প্ৰথমাৰ্দ্ধ ইয়াৰ বাবে উত্তম হ’ব কিয়নো দেৱ গুৰু বৃহস্পতি 1 মে’ পৰ্য্যন্ত আপোনাৰ নৱম গৃহত স্থিত হ’ব আৰু তাৰপৰা আপোনাৰ প্ৰথম গৃহ আৰু আপোনাৰ পঞ্চম গৃহত পূৰ্ণ দৃষ্টি প্ৰদান কৰিব যাৰ ফলস্বৰূপে আপুনি এক বাধ্য আৰু ভাল সন্তান প্ৰাপ্ত কৰাৰ প্ৰৱল যোগ আছে আৰু ইয়াৰ দ্বাৰা আপোনাৰ জীৱনলৈ সুখ-আনন্দৰ আগমন ঘটিব। আনফালে যদিহে আপুনি পূৰ্বৰেপৰাই সন্তানৰ পিতৃ বা মাতৃ তেনেহ’লে বৰ্ষটোৰ আৰম্ভণি কিছু দুৰ্বল হ’ব। অনুসৰি,সূৰ্য্য আৰু মঙ্গল পঞ্চম গৃহত উপস্থিত হোৱাৰ ফলস্বৰূপে আপোনাৰ সন্তানৰ স্বভাৱত উগ্ৰতা দেখা যাব। তেওঁলোকক চম্ভালা কিছু জটিল হ’ব। তেওঁ আপোনাৰ কথা কমকৈ শুনিব আৰু নিজৰ মতে সকলোবোৰ কাম কৰাৰ চেষ্টা কৰিব। কিন্তু ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত তেওঁলোকৰ মনত মৰম-স্নেহৰ ভাৱনা বিকশিত হ’ব। আপোনাৰ প্ৰতি যথেষ্ট সন্মান প্ৰদৰ্শন কৰিব আৰু আপোনাৰ প্ৰতি সহানুভূতিও প্ৰদৰ্শন কৰিব। এপ্ৰিলৰপৰা আগষ্টৰ ভিতৰৰ সময়খিনি মধ্যমীয়া হ’ব আৰু তাৰপিছত আপোনাৰ সন্তানৰ সৈতে জড়িত শুভ বাৰ্ত্তা সময়ে সময়ে লাভ কৰি থাকিব। তেওঁলোকে নিজ নিজ ক্ষেত্ৰত অনুকূলতা লাভ কৰিব আৰু আগবাঢ়ি যাব। যদিহে আপোনাৰ বিবাহযোগ্য সন্তান আছে তেনেহ’লে ক’ব পাৰি যে ঘৰলৈ আনন্দৰ আগমন ঘটিব।

সিংহ বৈবাহিক ৰাশিফল 2024

সিংহ ৰাশিফল 2024 (Singha Rashifal 2024) অনুসৰি বিবাহিত জাতকসকলৰ ক্ষেত্ৰত দেখা যায় এই গোটেই বৰ্ষটোত আপোনাৰ সপ্তম গৃহত শনি নিজৰ ৰাশিত বিৰাজমান হৈ থাকিব। ইয়াৰ ফলত আপোনাৰ জীৱনসঙ্গী নিজৰ বিবেচনাত সুদৃঢ় হৈ থাকিব। তেওঁ কৰা কামসমূহ দৃঢ়তাৰে কৰিবলৈ চেষ্ট কৰিব। আৱশ্যে অষ্টম গৃহত ৰাহুৰ উপস্থিতিৰ বাবে শহুৰ পৰিয়ালৰ পৰা কিছু সহযোগিতা লাভ কৰিব কিন্তু বহু ক্ষেত্ৰত শহুৰ পক্ষৰ মানুহে যি কয় সেয়া সম্পূৰ্ণ কৰিব নোৱাৰিলে আপোনাৰ বেয়া লাগিব পাৰে। আপুনি বিশেষবাৱে ফেব্ৰুৱাৰীৰপৰা জুন মাহৰ ভিতৰত সাৱধাৱনতা অৱলম্বন কৰা উচিত কিয়নো এইখিনি সময়ত আপোনাৰ সপ্তম আৰু অষ্টম গহত মঙ্গলৰ পৰিবহন হ’ব য’ত ক্ৰমশঃ শনি আৰু ৰাহু পূৰ্বৰেপৰাই বিৰাজমান আছে। এই কাৰণবশতঃ জীৱনসঙ্গীক স্বাস্থ্যগত সমস্যাই অসুবিধাত পেলাব পাৰে। ইয়াৰ লগতে আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত সমস্যা বৃদ্ধি পাব পাৰে আৰু শহুৰ পক্ষৰ সৈতে আপোনাৰ সম্পৰ্কও তিক্ততাপূৰ্ণ হৈ পৰিব পাৰে।

জুলাই মাহৰপৰা আপোনাৰ প্ৰেমৰ অংকুৰণ বিকশিত হ’ব আৰু আপোনালোক দুয়োৱে পুণৰ পৰস্পৰৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব। আপোনাৰ বাবে আগষ্টৰপৰা নৱেম্বৰৰ সময়খিনি অধিক অনুকূল হ’ব। এইখিনি সময়ত আপোনাৰ বৈবাহিক জীৱন আনন্দে ভৰি পৰিব। যদিহে আপুনি অবিবাহিত জাতক তেনেহ’লে এই বৰ্ষৰ প্ৰথম ছমাহত ঘৰত বিবাহ সম্পৰ্কীয় কথা-বাৰ্ত্তা চলিব আৰু বিয়া ঠিক হৈ যোৱাৰো যোগ আছে।

সিংহ ব্যৱসায়িক ৰাশিফল 2024

সিংহ ব্যৱসায়িক ৰাশিফল 2024 অনুসৰি 2024 বৰ্ষটো আপোনাৰ ব্যৱসায়ৰ বাবে যথেষ্ট ভাল বৰ্ষ হ’ব বুলি আশা কৰিব পৰা যায়। সপ্তম গৃহৰ অধিপতি শনি গোটেই বৰ্ষ জুৰি সপ্তম গৃহত স্থিত হৈ আপোনাৰ বাবে দীৰ্ঘকালীন লাভ প্ৰাপ্ত কৰাৰ যোগ সৃষ্টি কৰিব। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰিত হ’ব কিন্তু লাহে লাহে হে হ’ব। শনি দেৱতাই যি প্ৰদামন কৰিব, ধীৰে-সুস্থিৰেহে দিব, কিন্তু নিশ্চিতভাৱে দিব। আপোনাৰ ব্যৱসায়ত বৰ্ষটো আগবঢ়াৰ লগে লগে উন্নতি প্ৰাপ্ত কৰিব, বৰ্ষটো আগবাঢ়ি যোৱাৰ লগে লগে আপোনাৰ ব্যৱসায়েও উন্নতি লাভ কৰিব। অৱশ্যে অষ্টম গৃহত ৰাহুৰ উপস্থিতিৰ ফলত আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। বৰ্ষটোৰ প্ৰথমাৰ্দ্ধ কিছু দুৰ্বল হ’ব পাৰে কিয়নো মঙ্গল আৰু সূৰ্য্যৰ পৰিবহন আপোনাৰ ষষ্ঠ, সপ্তম আৰু অষ্টম গৃহৰ মাজেৰে হ’ব। এইখিনি সময়ত ব্যৱসায়িক অংশীদাৰৰ সৈতেও সম্পৰ্ক বেয়ালৈ যাব পাৰে কিন্তু যদিহে আপুনি এই সময়ছোৱাত সমস্যাবোৰ সমাধান কৰাত সফল হয় তেনেহ’লে ইয়াৰ পিছত গোটেই বৰ্ষ পৰ্য্যন্ত আপুনি ব্যৱসায়ত উন্নতি লাভ কৰিব।সিংহ ৰাশিফল 2024 (Singha Rashifal 2024) অনুসৰি, বিশেষভাৱে জুলাইৰপৰা অক্টোবৰৰ ভিতৰত আপুনি নিজৰ ব্যৱসায়ত বিশেষ উন্নতি লাভ কৰিব আৰু কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সৈতে আপোনাৰ ব্যৱসায় বিকাশৰ পথত আগবাঢ়ি যাব।

সিংহ সম্পত্তি আৰু বাহনৰ ৰাশিফল 2024

যদিহে আপোনাৰ সম্পত্তিৰ দিশলৈ লক্ষ্য কৰা যায় তেনেহ’লেসিংহ ৰাশিৰ সম্পত্তি আৰু বাহনৰ ৰাশিফল 2024 অনুসৰি ক’ব পৰা যায় যে, বৰ্ষটোৰ আৰম্ভণি সম্পত্তিৰ ক্ষেত্ৰত অনুকূল হ’ব। শুক্ৰ আৰু বুধ দুয়ো আপোনাৰ চতুৰ্থ গৃহত বিৰাজমান হ’ব। এই সময়ছোৱাত আপুনি কোনো নতুন বাহন ক্ৰয় কৰাত সফল হোৱাৰ যোগ আছে। এই বাহন সা-সুবিধাৰদ্বাৰা সুসজ্জিত হ’ব আৰু আপুনি বাহনৰ সৌন্দৰ্য্যৰ লগতে বাহনখন কিমান শক্তিশালী সেই কথাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব।সিংহ ৰাশিফল 2024 (Singha Rashifal 2024)অনুসৰি, জানুৱাৰীৰপৰা ফেব্ৰুৱাৰী আৰু তাৰপিছত আগষ্টৰপৰা নৱেম্বৰৰ ভিতৰত নতুন বাহন ক্ৰয় কৰাৰ প্ৰৱল যোগ আছে।

আপুনি জুন মাহৰপৰা আগষ্টৰ ভিতৰত কোনো ডাঙৰ সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত সফল হ’ব। এই সম্পত্তি স্থাৱৰ সম্পত্তি হোৱাৰ অধিক যোগ আছে। ইয়াৰদ্বাৰা আপুনি লাভো প্ৰাপ্ত কৰিব। এইখিনি সময়ত সম্পত্তিৰ ক্ৰয়-বিক্ৰয়ৰদ্বাৰা প্ৰৱল লাভ প্ৰাপ্ত কৰাৰ যোগ আছে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক স্থিতিও শক্তিশালী হৈ উঠিব। এইখিনি সময়ত আপুনি নিজৰ ক্ষমতাতকৈও অধিক ধন বিনিয়োগ কৰি কোনো সম্পত্তি লাভ কৰিব পাৰে।

সকলো প্ৰকাৰৰ জ্যোতিষীয় সমাধানৰ বাবে দৰ্শন কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

সিংহ ধন আৰু লাভ ৰাশিফল 2024

সিংহ ৰাশিফল 2024 (Singha Rashifal 2024)অনুসৰি আৰ্থিক দিশত দেখা যায় এই বৰ্ষটো উত্থান-পতনেৰে ভৰা হ’ব। ৰাহু আপোনাৰ অষ্টম গৃহত গোটেই বৰ্ষ জুৰি বিৰাজমান হ’ব। যাৰ ফলস্বৰূপে ব্যয় দ্ৰুত হাৰত বৃদ্ধি হ’ব। আপুনি নিবিচাৰিলেও, আপুনি ব্য়য় কৰিবলৈ বাধ্য হ’ব।বৰ্ষটোৰ আৰম্ভণিতে 1 মে’ পৰ্য্যন্ত দেৱ গুৰু বৃহস্পতি নৱম গৃহত স্থিত হ’ব যি আপোনাক সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰিব। কিন্তু বৃহস্পতিৰ ওপৰত শনিৰ দৃষ্টিও পৰিব। ইয়াৰ ফলস্বৰূপে বৰ্ষটোৰ প্ৰথমাৰ্দ্ধত আপুনি তীৰ্থস্থান ভ্ৰমণ কৰিবৰ বাবে যাব পাৰে আৰু দীঘলীয়া যাত্ৰালৈও যাব পাৰে। যাত্ৰাসমূহ ব্যৱসায়ৰ বাবে লাভজনক হ’ব আৰুব্যৱসায়ত নতুন নতুন চুক্তি হ’ব পাৰে যি ব্যৱসায়ত লাভ প্ৰদান কৰিব পাৰে। কিন্তু যাত্ৰাসমূহত ধন ব্যয় হোৱাৰো যোগ আছে। এইক্ষেত্ৰত আপুনি কিছু মনোযোগ প্ৰদান কৰিব লাগিব। আপুনি বৰ্ষটোৰ প্ৰথমাৰ্দ্ধত অধিক সতৰ্কতা অৱলম্বন কৰিব লাগিব কিয়নো মাৰ্চৰপৰা জুন মাহৰ ভিতৰত কোনো ধৰণৰ বিনিয়োগ নকৰাটো আপোনাৰ বাবে ভাল। কিয়নো এইখিনি সময়ত কৰা বিনিয়োগে আপোনাক লাভৰ সলনি লোকচান প্ৰদান কৰাৰ সম্ভাৱনা আছে আৰু লগতে আপোনাক সমস্যাই ঘেৰি ধৰিব পাৰে। এই সময়খিনিত সাৱধানে থাকিলে বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধত অধিক আশানুকূল ফল প্ৰাপ্ত কৰিব আৰু সেই সময়খিনিত আপুনি ভাল পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰিব। যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতিযথেষ্ট ভাললৈ অহাৰ সম্ভাৱনা আছে। চাকৰি কৰি থকা জাতকসকলে নিজৰ চাকৰি সলনি কৰি দৰমহা বৃদ্ধি লাভ কৰিব পাৰে যাৰ ফলত তেওঁলোক আৰ্থিকভাৱে লাভাম্বিত হ’ব।

সিংহ স্বাস্থ্য ৰাশিফল 2024

সিংহ ৰাশিফল 2024 (Singha Rashifal 2024) অনুসৰি বৰ্ষটোৰ আৰম্ভণি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। পঞ্চম গৃহত সূৰ্য্য আৰু মঙ্গল, সপ্তম গৃহত শনি আৰু অষ্টম গৃহত ৰাহুৰ উপস্থিতিৰ বাবে স্বাস্থ্যৰ লগত জড়িত সমস্যাসমূহৰ প্ৰতি আপুনি সাৱধানে থকা উচিত। এই বৰ্ষটোত আপুনি শাৰীৰিক সমস্যাৰ সম্মুখীন হ’ব পাৰে। ৰাহুৰ বাবে আপুনি আকস্মিকভাৱে হ’ব পৰা সমস্যাৰ সম্মুখীন হ’ব পাৰে যি হঠাতে উদ্ভৱ হ’ব আৰু হঠাতে ভালো হৈ যাব। কিন্তু কিছু সময়ৰ বাবে আপুনি অশান্তি পাব পাৰে। বৰ্ষটোৰ প্ৰথমাৰ্দ্ধ স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা কিছু দুৰ্বল হ’ব। এই সময়ছোৱাত আপুনি ৰক্ত সম্বন্ধীয় সমস্যাৰ সম্মুখীন হ’ব পাৰে। ইয়াৰ উপৰিও পেটৰ সমস্যা, জ্বৰ আৰু মূৰৰ বিষ আদিৰ দৰে সমস্যাই মাজে-সময়ে অসুবিধাত পেলাব পাৰে, সেইবোৰৰপৰা সাৱধানে থাকক।

এই বৰ্ষটোত আপুনি নিজৰ জীৱনশৈলীৰ পৰিৱৰ্তন কৰাটো যথেষ্ট প্ৰয়োজনীয় হ’ব। যদিহে আপুনি শৃংখলাৱদ্ধ হৈ নিজৰ জীৱনটোক আগুৱাই নিয়ে তেনেহ’লে শাৰীৰিক ব্যাধিসমূহৰপৰা বাচি থাকিব পাৰিব। লগতে ৰাহু আৰু কেতুৰ স্থিতিয়ে প্ৰকাশ কৰে যে আপুনি নিজৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ চকু ৰাখি সমস্যাসমূহৰপৰা বহু পৰিমাণে আতৰি থকাত সফল হ’ব।

2024 বৰ্ষত সিংহ ৰাশিৰ জাতকসকলৰ বাবে শুভ সংখ্যা

সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য্য দেৱতা আৰু আপোনাৰ বাবে ভাগ্যশালী সংখ্যা হৈছে 1 আৰু 9।জ্যোতিষ অনুসৰিসিংহ ৰাশিফল 2024 (Singha Rashifal 2024) য়ে প্ৰকাশ কৰে যে, বৰ্ষ 2024 ৰ কূল যোগ হৈছে 8। এই বৰ্ষটো সিংহ ৰাশিৰ জাতকসকলৰ বাবে মধ্যমীয়া হ’ব। সেয়েহে আপুনি নিজৰ সমস্যাসমূহৰপৰা পৰিত্ৰাণ পাবৰ বাবে নিজেই চেষ্টা কৰিব লাগিব। আৰ্থিক আৰু শাৰীৰিক দিশত এই বৰ্ষত আপুনি অধিক মনোযোগ প্ৰদান কৰিব লাগিব। আনহাতে অন্য ক্ষেত্ৰসমূহত আপুনি অপেক্ষাকৃত অধিক ভাল ফল প্ৰাপ্ত কৰিব পাৰিব। নিজৰ আত্মসন্মান বজাই ৰাখক আৰু কাৰো সৈতে অযথা তৰ্ক-বিতৰ্কত লিপ্ত নহ’ব।

সিংহ ৰাশিফল 2024: জ্যোতিষীয় প্ৰতিকাৰ

  • দেওবাৰে শ্ৰী আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক।
  • প্ৰতিদিনে সূৰ্য্য দেৱতাক পানী আগবঢ়াওক।
  • শনিবাৰে ছায়া দান কৰক।
  • ৰাহুৰ অনুকূলতা লাভ কৰিবৰ বাবে বুধবাৰে সন্ধিয়া সময়ত কোনো মন্দিৰত ক’লা তিল দান কৰক।

সঘনাই সোধা প্ৰশ্ন

সিংহ ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো কেনে হ’ব?

বাৰ্ষিক ৰাশিফল 2024 অনুসৰি সিংহ ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো ভাল প্ৰমাণিত হ’ব। এই সময়ছোৱাত আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত নতুন স্বীকৃতি আৰু সফলতা প্ৰাপ্ত কৰিব।

2024 বৰ্ষত সিংহ ৰাশিৰ ভাগ্যোদয় কেতিয়া হ’ব?

বৰ্ষটোৰ আৰম্ভণিৰপৰা 30 এপ্ৰিল 2024 পৰ্য্যন্ত দেৱ গুৰু বৃহস্পতি আপোনাৰ নৱম গৃহত পৰিবহন কৰিব যাৰ ফলত আপোনাৰ ভাগ্য উজ্বলি উঠিব।

সিংহ ৰাশিৰ জাতকসকলৰ ভাগ্যত কি লিখা আছে?

সিংহ ৰাশিৰ জাতকসকলৰ ভাগ্যত সফলতা আছে কিন্তু তাৰ বাবে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে সফলতা লাভ কৰিবলৈ সক্ষম হ’ব।

সিংহ ৰাশিৰ জীৱনসঙ্গী কোন?

মেষ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি, তুলা ৰাশি আৰু কুম্ভ ৰাশিৰ লোকসকল হৈছে সিংহ ৰাশিৰ জাতকসকলৰ বাবে আটাইতকৈ ভাল জীৱনসঙ্গী।

সিংহ ৰাশিক কোন ৰাশিৰ জাতকে ভাল পায়?

সিংহ ৰাশিৰ জাতকসকল মেষ ৰাশি, মিথুন ৰাশি, তুলা ৰাশি আৰু ধনু ৰাশিৰ জাতকসকলে অত্যন্ত ভাল পায়।

সিংহ ৰাশিৰ শত্ৰু কোন?

মকৰ ৰাশি।

আশা ৰাখিছোঁ যে আমাৰ প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱাৰ বাবে ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer