মীন ৰাশিফল 2024 (Meen Rashifal 2024)

মীন ৰাশিফল 2024 (Meen Rashifal 2024) আপোনাৰ জীৱনৰ সমস্যাসমূহ দূৰ কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মাধ্যম হ’ব পাৰে কিয়নো ইয়াক বিশেষভাৱে আপোনাৰ বাবেই প্ৰস্তুত কৰা হৈছে। এই ৰাশিফল2024 বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত যাক2024 বৰ্ষত হ’বলগীয়া বিভিন্ন গ্ৰহসমূহৰ পৰিবহন আৰু গতি-বিধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আৰু আপোনাৰ জীৱনত এইবোৰৰ প্ৰভাৱৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি প্ৰস্তুত কৰি তোলা হৈছে। গ্ৰহসমূহে নিৰন্তৰ গতি কৰি থাকে আৰু ইয়াৰ পৰিবহন কালত কেতিয়াবা এটা ৰাশি বা কেতিয়া দুটা ৰাশিত ভ্ৰমণ কৰে। গ্ৰহসমূহৰ এই ৰাশি পৰিৱৰ্তনে আমাৰ জীৱনলৈ কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন লৈ আহিব পাৰে। বৰ্ষ2024 ও ইয়াতকৈ কোনো গুণে পৃথক নহয় আৰু এই বৰ্ষটোত গ্ৰহসমূহৰ পৰিবহনে আপোনাৰ ৰাসিত কেনেধৰণৰ প্ৰভাৱ পেলাব আৰু ইয়াৰদ্বাৰা আপোনাৰ জীৱনৰ কোন কোন ক্ষেত্ৰলৈ পৰিৱৰ্তন আহিব, এই সকলোবোৰ আপুনি এই ৰাশিফলৰ প্ৰৱন্ধটোত জানিব পাৰিব।

বাৰ্ষিক ৰাশিফল 2024 পঢ়িবৰ বাবে ইয়াত ক্লিক্ কৰক - ৰাশিফল 2024

যদিহে আপোনাৰ জন্ম মীন ৰাশিৰ অধীনত হৈছে, তেনেহ’লে এইপ্ৰৱন্ধটোৱে আপোনাক বিভিন্ন প্ৰকাৰে সহায় কৰিব। আপোনাৰ ব্যক্তিগত জীৱনত কি হ’ব, প্ৰেমৰ সম্পৰ্কত কেনেধৰণৰ পৰিৱৰ্তন আহিব পাৰে, বৰ্ষ 2024 ত আপোনাৰ প্ৰেমাস্পদৰ সৈতে আপোনাৰ সম্পৰ্ক কেনে থাকিব, আপোনালোকৰ মাজত সমস্যা হ’ব নে প্ৰেম-ভালপোৱা বৃদ্ধি হ’ব, আপোনাৰ পাৰিবাৰিক জীৱন সুখময় হ’ব নে তাত সমস্যা বৃদ্ধি হ’ব, আপোনাৰ কেৰিয়াৰ কেনে থাকিব, চাকৰিত কোনো ধৰণৰ পৰিৱৰ্তন হ’ব নেকি অথবা চাকৰিত পদোন্নতি হ’ব নেকি, ব্যৱসায়ত উন্নতি লাভ কৰিব নে অৱনতি, কোনখিনি সময় আপোনাৰ বাবে অনুকূল হ’ব, ধন লাভ আৰু হানিৰ স্থিতি কেনে হ’ব, ইয়াৰ লগত জড়িত সকলোবোৰ প্ৰশ্নৰ উত্তৰ আমাৰ এইপ্ৰৱন্ধটোত আপুনি প্ৰাপ্ত কৰিব পাৰিব।

मीन राशि का राशिफल विस्तार से पढ़ें:मीन राशिफल 2024

আপোনাৰ বাবে সম্পত্তি বা বাহন ক্ৰয় কৰিবলৈ এই বৰ্ষটো উপযুক্ত হয় নে নহয়, যদিহে হয় তেনেহ’লে কোনখিনি সময় আপোনাৰ বাবে অধিক উপযুক্ত হ’ব আৰু কোনখিনি সময় দুৰ্বল হ’ব, আপোনাৰ শিক্ষা-দীক্ষা কেনে হ’ব, পঢ়া-শুনাত আপোনাৰ প্ৰদৰ্শন কেনেকুৱা হ’ব, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু উচ্চ শিক্ষাত আপুনি কেনে প্ৰদৰ্শন কৰিব পাৰিব, আপুনি সন্তানৰ সৈতে জড়িত কেনে বাৰ্ত্তা লাভ কৰিব, সনাতনৰ বিষয়ে সকলোবোৰ তথ্য আৰু আপোনাৰ স্বাস্থ্যৰ লগত জড়িত সকলোবোৰ গুৰুত্বপূৰ্ণ তথ্য আমাৰ এইবাৰ্ষিক মীন ৰাশিফল 2024 ৰ জৰিয়তে আপুনি জানিব পাৰিব।

Click here to read in English:Pisces Horoscope 2024

এই বাৰ্ষিক ৰাশিফল 2024 বৈদিক জ্যোতিষৰ ওপৰত আধাৰিত আৰু এষ্ট্ৰোচেজৰদ্বাৰা নিৰ্মিত এই ৰাশিফলটো 2024 বৰ্ষত গ্ৰহসমূহৰ স্থিতিয়ে আপোনাৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলাব সেই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আৰু সেই অনুসাৰে আপোনাৰ জীৱনলৈ আহিবলগীয়া ইতিবাচক আৰু নেতিবাচক প্ৰভাৱৰ পূৰ্বানুমান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। এই প্ৰৱন্ধটো এষ্ট্ৰোচেজৰ বিশেষজ্ঞ জ্যোতিষীডা. ম্ৰগাংকৰদ্বাৰা বৰ্ষ 2024 ত হ’বলগীয়া গ্ৰহসমূহৰ পৰিবহন আৰু গতি-বিধি অনুসৰি আপোনাৰ ৰাশি মীনত পৰিবলগীয়া প্ৰভাৱসমূহৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি প্ৰস্তুত কৰা হৈছে। এই বাৰ্ষিক ৰাশিফল আপোনাৰ চন্দ্ৰ ৰাশি অৰ্থাৎ আপোনাৰ জন্ম ৰাশিৰ ওপৰত আধাৰিত। আহক এতিয়ামীন ৰাশিৰ বাৰ্ষিৰ ৰাশিফল 2024কেনে হ’ব সেই বিষয়ে অৱগত হওঁ।

2024 ত আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হ’ব নে?বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক

মীন ৰাশিফল 2024 (Meen Rashifal 2024) অনুসৰি, মীন ৰাশিৰ জাতকসকলৰ বাবে ৰাশিৰ অধিপতি দেৱ গুৰু বৃহস্পতি বৰ্ষৰ আৰম্ভণিতে আপোনাৰ দ্বিতীয় গৃহত স্থিত হ’ব আৰু আপোনাৰ আত্মীয়-স্বজনৰ ৰক্ষা কৰিব তথা আপোনাৰ কথা-বতৰা মধুৰ কৰি তুলিব। ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত আপোনাক সহায় কৰিব। আপোনাৰ শহুৰৰ ঘৰৰ সৈতে আপোনাৰ সম্পৰ্ক ভাললৈ আনিব। আপোনাৰ কেৰিয়াৰতো বৃহস্পতিৰ প্ৰভাৱ অনুকূল হ’ব। 1 মে’ত দেৱ গুৰু বৃহস্পতি আপোনাৰ তৃতীয় গৃহত পৰিবহন কৰি আপোনাৰ সপ্তম গৃহ, নৱম গৃহ আৰু একাদশ গৃহত দৃষ্টি পেলাব যাৰ ফলত ব্যৱসায়ত বৃদ্ধি হ’ব, বৈবাহিক সম্পৰ্কৰ শুধৰণি হ’ব, ভাগ্য প্ৰৱল হ’ব তথা ধৰ্ম-কৰ্মৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢডিব আৰু আপোনাৰ আয় যথেষ্ট বৃদ্ধি হ’ব।আপোনাৰ একাদশ আৰু দ্বাদশ গৃহৰ অধিপতি শনি গোটেই বৰ্ষ জুৰি আপোনাৰ দ্বাদশ গৃহত বিৰাজমান হ’ব যাৰ ফলত আপোনাৰ কিবা নহয় কিবা এটা খৰচ ওলায়েই থাকিব। ই আপোনাক বিদেশ যাত্ৰা কৰাত সহায় কৰিব আৰু আপোনাৰ বিদেশলৈ যোৱাৰ যোগ সৃষ্টি হ’ব। বিৰোধীসকলতকৈ আপুনি এখোজ আগবাঢ়ি থাকিব আৰু প্ৰতিযোগিতাসমূহত সফলতা লাভ কৰিব।মীন বাৰ্ষিক ৰাশিফলঅনুসৰি ৰাহুৰ পৰিবহন আপোনাৰ প্ৰথম গৃহ আৰু কেতুৰ পৰিবহন আপোনাৰ সপ্তম গৃহত হোৱাৰ ফলত গোটেই বৰ্ষ জুৰি ৰাহু-কেতু ইয়াতেই স্থিত হৈ থাকিব। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক লৈ সমস্যা আহিব পাৰে। আপোনাৰ বন্ধু-বৰ্গই আপোনাক কোৱা কিছুমান সঁচা কথাই আপোনাক আঘাত দিব পাৰে, ইয়াৰ প্ৰতি মনোযোগ ৰাখক। কিন্তু আপুনি কোনো ডাঙৰ সিদ্ধান্ত লৈ সকলোকে আচৰিত কৰি তুলিব পাৰে। আহক এতিয়া বিস্তৃতভাৱে জানো মীন ৰাশিৰ জাতকসকলৰ বাবে কেনে হ’ব বৰ্ষ 2024।

সকলো জ্যোতিষীয় গণনা আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। আপোনাৰ চন্দ্ৰ ৰাশি জানিবৰ বাবে ক্লিক কৰক:চন্দ্ৰ ৰাশি কেলকুলেটৰ

মীন প্ৰেম ৰাশিফল 2024

মীন ৰাশিফল 2024 (Meen Rashifal 2024) অনুসৰি, বৰ্ষটোৰ আৰম্ভণি আপোনাৰ বাবে অনুকীল হ’ব কিন্তু মঙ্গলৰ দৃষ্টি আপোনাৰ পঞ্চম গৃহত পৰাৰ কাৰণে মাজে-মাজে চাপ বৃদ্ধি হ’ব পাৰে আৰুটনা-আজোৰা হ’ব পাৰে। তথাপিও শুক্ৰ আৰু বুধ বৰ্ষৰ আৰম্ভণিতে আপোনাৰ নৱম গৃহত স্থিত হোৱাৰ বাবে আপুনি সুখ লাভ কৰিব আৰু আপোনাৰ প্ৰেমাস্পদৰ সৈতে ৰোমাণ্টিক যাত্ৰাত যাব পাৰে। ফেব্ৰুৱাৰীৰপৰা মাৰ্চ মাহৰ ভিতৰৰ সময়খিনি কিছু দুৰ্বল হ’ব কিয়নো এইখিনি সময়ত মঙ্গল আৰু সূৰ্য্য আপোনাৰ একাদশ গৃহত স্থিত হৈ পঞ্চম গৃহত দৃষ্টি প্ৰদান কৰিব যাৰ ফলত সম্পৰ্কত সমস্যা বৃদ্ধি হ’ব পাৰে। ধৈৰ্য্যৰদ্বাৰা এই সময়ছোৱা অতিবাহিত কৰক, অন্যথা আপোনালোকৰ মাজত যুক্তি-তৰ্ক হ’ব পাৰে আৰু সম্পৰ্কত সমস্যা হ’ব পাৰে।বাদ-বিবাদ বাঢ়িবলৈ দিয়াটো আপোনালোকৰ সম্পৰ্কৰ বাবে হানিকাৰক প্ৰমাণিত হ’ব।

মীন প্ৰেম ৰাশিফল 2024অনুসৰি অক্টোবৰৰপৰা ডিচেম্বৰৰ ভিতৰত মঙ্গল পঞ্চম গৃহত স্থিত হোৱাৰ বাবে অযথা বিবাদ হ’ব পাৰে। আপোনাৰ প্ৰেমাস্পদৰ স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। তেওঁক স্বাস্থ্যজনিত সমস্যাই অসুবিধাত পেলাব পাৰে। সেয়েহে এইখিনি সময়ত কোনো ধৰণৰ ডাঙৰ সিদ্ধান্ত নল’ব আৰু আপোনালোকৰ সম্পৰ্কটোক চম্ভালি লোৱাৰ চেষ্টা কৰক। বৰ্ষৰ মাজভাগত এনে সময়ো আহিব, যেতিয়া আপোনালোকৰ সম্পৰ্ক ভাল হ’ব আৰু আপোনালোক দুয়ো পৰস্পৰৰ কাষ চাপি আহিব।জুলাই আৰু আগষ্ট মাহ সকলোতকৈ ভাল হ’ব। এই সময়খিনিত আপনালোক দুয়োৱে পৰস্পৰৰ সৈতে একেলগে বহু সময় কটাব আৰু আপোনালোকৰ সম্পৰ্কক পৰিপক্ক হিচাপে গঢ় দি তোলাত সফল হ’ব।

মীন কেৰিয়াৰ ৰাশিফল 2024

কেৰিয়াৰৰ দৃষ্টিকোণৰপৰা চাবলৈ গ’লে,মীন ৰাশিফল 2024 (Meen Rashifal 2024) অনুসৰি, বৰ্ষটোৰ আৰম্ভণি আপোনাৰ বাবে যথেষ্ট ভাল হ’ব। মঙ্গল আৰু সূৰ্য্যৰ দৰে প্ৰতাপী গ্ৰহ বৰ্ষটোৰ আৰম্ভণিত আপোনাৰ দশম গৃহত স্থিত হ’ব। ইয়াৰ ফলত আপুনি নিজৰ কেৰিয়াৰত চমৎকাৰী সফলতা প্ৰাপ্ত কৰিব। আপুনি নিজৰ কামসমূহ যথেষ্ট দৃঢ়তাৰে সম্পন্ন কৰিব আৰু নিজৰ উদ্দেশ্যৰ প্ৰতি কৰ্তব্যনিষ্ঠ হৈ সম্পূৰ্ণ একাগ্ৰতাৰে সকলো কাম কৰিব। বছৰটোৰ আৰম্ভণিতে জানুৱাৰীৰপৰা মাৰ্চ মাহৰ ভিতৰত আপুনি কোনো ডাঙৰ পদ লাভ কৰিব পাৰে। আৰু লগতে আপুনি কৰ্মক্ষেত্ৰত সফলতা প্ৰাপ্ত কৰাৰ যোগ আছে। চাকৰিত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি হোৱাৰ লগতে আপোনাৰ জ্যোষ্ঠ্য অধিকাৰীসকল আপোনাৰ কামত সন্তুষ্ট হ’ব।

দেৱ গুৰু বৃহস্পতি বৰ্ষৰ আৰম্ভণিতে আপোনাৰ দ্বিতীয় গৃহত স্থিত হৈ আপোনাৰ দশম গৃহত পূৰ্ণ দৃষ্টি প্ৰদান কৰিব আৰু ষষ্ঠ গৃহতো দৃষ্টি দিব। ইয়াৰ ফলত চাকৰিত আপোনাৰ স্থিতি ভাল হ’ব। আপোনাৰ বাবে মাৰ্চৰপৰা এপ্ৰিলৰ ভিতৰৰ সময়খিনি যথেষ্ট গুৰুত্বপূৰ্ণ হ’ব কিয়নো এইখিনি সময়ত আপুনি কামৰ সন্দৰ্ভত বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে। এনে এক সুযোগ আগষ্টৰপৰা ছেপ্তেম্বৰ মাহৰ ভিতৰতো লাভ কৰিব। অক্টোবৰৰপৰা ডিচেম্বৰৰ ভিতৰত এটা কথাৰ প্ৰতি মনোযোগ ৰাখিব যে আপুনি নিজৰ চাকৰিত যিকোনো ধৰণৰ বিবাদৰপৰা আতৰি থকা উচিত কাৰণ এই সময়খিনিত চাকৰিত সংকট আহিব পাৰে। যদিহে এই সময়খিনি পাৰ হৈ যায় তেনেহ’লে আগন্তুক সময়ত চাকৰিৰ ক্ষেত্ৰত ভাল পৰিস্থিতি আহিব।

মীন শিক্ষা ৰাশিফল 2024

মীন ৰাশিফল 2024 (Meen Rashifal 2024) অনুসৰি, বৰ্ষটোৰ আৰম্ভণি শিক্ষাৰ্থীসকলৰ বাবে ভাল হ’ব। বৰ্ষটোৰ আৰম্ভণিতে গ্ৰহসমূহৰ স্থিতিৰ ফলস্বৰূপে আপুনি যথেষ্ট মন দি পঢ়া-শুনা কৰিব আৰু প্ৰত্যাহ্বানবোৰ দূৰ কৰাত গুৰুত্ব দিব। মঙ্গলৰ দৃষ্টি বৰ্ষটোৰ আৰম্ভণিতে আপোনাৰ পঞ্চম গৃহত পৰাৰ ফলত মাজে-সময়ে আপোনাৰ পঢ়া-শুনাৰ প্ৰতি ধ্যান ভংগ হ’ব পাৰে কাৰণ আপোনাৰ মন এটা দিশত নিৱিষ্ট নহ’বও পাৰে, তৎস্বত্বেও আপুনি নিজৰ পঢ়া-শুনাৰপৰা আতৰি নাহে আৰু পঢ়া-শুনাত ধ্যান কেন্দ্ৰিত কৰি ৰাখিব। মেনেজমেণ্ট আৰু কলাৰ বিষয়সমূহ অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে এই বৰ্ষত বিশেষ লাভ আৰু প্ৰাপ্তিৰ যোগ সৃষ্টি হ’ব। সেয়েহে আপুনি নিজৰ পঢ়া-শুনাত সম্পূৰ্ণ মনোযোগ দিয়ক।অক্টোবৰত যেতিয়া মঙ্গলে পঞ্চম গৃহলৈ যাত্ৰা কৰিব তেতিয়া সেই সময়খিনি কিছু দুৰ্বল হ’ব পাৰে কাৰণ ই নিজৰ নিম্ন ৰাশি কৰ্কটত স্থিত হ’ব। সেয়েহে এইখিনি সময়ত আপুনি যিমানেই প্ৰত্যাহ্বানৰ সম্মুখীন নহওক কিয়, কিন্তু পঢ়া-শুনাৰ প্ৰতি বিমুখ নহ’ব আৰু প্ৰচেষ্টা কৰি থাকক।

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে নৱবৰ্ষৰ আৰম্ভণিতে শনিৰ দৃষ্টি দ্বাদশ গৃহৰপৰা ষষ্ঠ গৃহত পৰাৰ ফলস্বৰূপে আৰু দেৱ গুৰু বৃহস্পতিৰ দৃষ্টি দ্বিতীয় গৃহৰপৰা ষষ্ঠ গৃহত পৰাৰ ফলত প্ৰতিযেগিতামূলক পৰীক্ষাত যথেষ্ট ভাল নম্বৰেৰে সৈতে কৃতকাৰ্য্যতা লাভ কৰাৰ যোগ আছে। আপুনি পূৰ্বে যিখিনি অধ্যয়ন কৰিছে আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে সেয়া অথলে নাযায় আৰু আপোনাৰ কোনো ভাল ঠাইত নিযুক্তি হোৱাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে বৰ্ষটোৰ আৰম্ভণি উত্তম হ’ব। বৰ্ষটোৰ মাজভাগ কিছু দুৰ্বল হ’ব কিন্তু বৰ্ষটোৰ শেষৰ সময়খিনিত আপুনি ভাল সফলতা প্ৰাপ্ত কৰিব। যদিহে আপুনি পঢ়া-শুনাৰ বাবে বিদেশলৈ যাব বিচাৰে তেনেহ’লে তাৰ বাবে প্ৰথম ছমাহ অধিক অনুকূল হ’ব বুলি ক’ব পাৰ যায়।

মীন আৰ্থিক ৰাশিফল 2024

মীন ৰাশিফল 2024 (Meen Rashifal 2024) অনুসৰি আৰ্থিক দিশত এই বৰ্ষটো উত্থান-পতনেৰে ভৰা হ’ব। য’ত শনি গোটেই বৰ্ষ জুৰি আপোনাৰ দ্বাদশ গৃহত স্থিত হৈ আপোনাৰ ব্যয় বৃদ্ধি কৰিব আৰু গোটেই বৰ্ষ জুৰি কিবা নহয় কিবা এটা খৰচ হৈ থাকিব। সেয়েহে আপুনি নিজৰ আৰ্থিক স্থিতি সংশোধন কৰিবৰ বাবে চেষ্টা কৰা উচিত। সঠিক সময়ত আৰু সঠিক দিশত আৰ্থিক দিশৰ সঠিক পৰিচালনা কৰাৰদ্বাৰা এই সমস্যাবোৰৰপৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। দেৱ গুৰু বৃহস্পতি দ্বিতীয় গৃহত স্থিত হৈ যথেষ্ট পৰিমাণে আপোনাৰ সহায় কৰিব, কিন্তু তৎস্বত্বেও আপুনি বছৰটোৰ মাজভাগত কিছুমান প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে আৰু আপুনি ডাঙৰ আৰ্থিক সংকটৰ সম্মুখীন হ’ব পাৰে।আগষ্টৰ পিছত পুণৰ আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব কাৰণ আপুনি তাৰ প্ৰতি মনোযোগ দিব আৰু কিছুমান নতুন পৰিকল্পনা কৰি আৰ্থিক দিশটো অধিক সুদৃঢ় কৰি তুলিব পাৰিব।

মীন পাৰিবাৰিক ৰাশিফল 2024

মীন ৰাশিফল 2024 (Meen Rashifal 2024) অনুসৰি বৰ্ষৰ আৰম্ভণি আপোনাৰ বাবে কিছু প্ৰত্যাহ্বানজনক হ’ব পাৰে। এফালে দেৱ গুৰু বৃহস্পতি আপোনাৰ দ্বিতীয় গৃহত স্থিত হৈ পাৰিবাৰিক সমস্যা দূৰ কৰাত আপোনাক সহায় কৰিব আৰু মিতিৰ-কুটুমৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল কৰিব। আপুনি নিজৰ প্ৰভাৱশালী আৰু ভাল কথা-বতৰাৰদ্বাৰা মানুহৰ হৃদয় জয় কৰিব পাৰিব আৰু ইয়াৰ দ্বাৰা আপোনালোক সম্পৰ্ক ভাল হ’ব। কিন্তু আনহাতে, শনি দেৱতাৰ দৃষ্টি আপোনাৰ দ্বিতীয় গৃহত পৰিব, যাৰ বাবে আপুনি বহুবাৰ এনে কথা ক’ব যি আনক আঘাত দিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ সম্পৰ্কবোৰো প্ৰভাৱিত হ’ব। বৰ্ষৰ আৰম্ভণিতে মঙ্গল আৰু সূৰ্য্যই চতুৰ্থ গৃহত পূৰ্ণ দৃষ্টি প্ৰদান কৰিব আৰু মঙ্গলৰ দৃষ্টি বৰ্ষৰ আৰম্ভণিতে আপোনাৰ ৰাশিত, য’ত ৰাহু পূৰ্বৰেপৰাই বিদ্যমান তাত পৰিব আৰু ফেব্ৰুৱাৰী-মাৰ্চ মাহত আপোনাৰ দ্বিতীয় গৃহত পৰিব। সেয়েহে আপোনাৰ ব্যৱহাৰত উগ্ৰতা আৰু বিৰক্তি ফুটি উঠিব পাৰে। আপুনি নিজৰ পাৰিবাৰিক জীৱন মধুৰ কৰি তুলিবৰ বাবে যথেষ্ট প্ৰয়াস কৰিব লাগিব, অন্যথা এই বৰ্ষত মতানৈক্য হ’ব পাৰে। আপোনাৰ মাতৃক স্বাস্থ্যজনিত সমস্যাই অশান্তি দিব পাৰে কিন্তু বছৰটোৰ মাজভাগত অৰ্থাৎ জুন মাহৰ পিছত পৰিস্থিতি ভাললৈ আহিব আৰু তেওঁৰ স্বাস্থ্যজনিত সমস্যাও হ্ৰাস পাব। ভাতৃ-ভগ্নীসকলৰ সৈতে সম্পৰ্ক ইতিবাচক হ’ব আৰু তেওঁলোকে যিমান দূৰ পাৰে আপোনাৰ সহায় কৰিব। আপুনিও সময়ে সময়ে তেওঁলোকৰ বিষয়ে চিন্তা কৰা উচিত আৰু বৰ্ষৰ অন্তিম মাহকেইটাত অত্যাধিক ব্যস্ততা থকা স্বত্বেও নিজৰ পৰিয়াল আৰু ভাতৃ-ভগ্নীসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ ৰখা উচিত। ইয়াৰদ্বাৰাহে আপুনি নিজৰ পাৰিবাৰিক জীৱনৰ আনন্দ উপভোগ কৰিব পাৰিব।

বৃহৎ কুণ্ডলী: জানক আপোনাৰ জীৱনত গ্ৰহসমূহৰ পৰিবহনৰ প্ৰভাৱ আৰু ইয়াৰ প্ৰতিকাৰ

মীন সন্তান ৰাশিফল 2024

আপোনাৰ সন্তানৰ দৃষ্টিকোণৰপৰামীন ৰাশিফল 2024 (Meen Rashifal 2024) অনুসৰি, বৰ্ষটোৰ আৰম্ভণি অনুকূল হ’ব। তেওঁলোকে নিজ নিজ ক্ষেত্ৰত উন্নতি কৰিব। তেওঁলোকৰ সাহস বৃদ্ধি হ’ব আৰু সম্পূৰ্ণ আত্মবিশ্বাসেৰে সৈতে যি কামেই কৰিব, তাতেই সফলতা লাভ কৰিব। ফেব্ৰুৱাৰীৰপৰা মাৰ্চ মাহৰ ভিতৰত স্বাস্থ্যজনিত সমস্যা আৰু তাৰপিছত বৰ্ষৰ অন্তিম মাহকেইটাত অক্টোবৰৰপৰা ডিচেম্বৰৰ ভিতৰত স্বাস্থ্যজনিত সমস্যাৰ বাবে বহুতো সমস্যা আহিব পাৰে। সেয়েহে এইখিনি সময়ত তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ মনোযোগ ৰাখক। মাজৰ মাহকেইটাত অৰ্থাৎ এপ্ৰিলৰ পিছত পৰিস্থিতি ভাললৈ আহিব। আপোনাৰ সন্তানে এই বৰ্ষত বাহিৰলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে। আৰু যদিহে তেওঁলোকে চাকৰি কৰে, সেইক্ষেত্ৰতো বিদেশলৈ গৈ নাম উজ্বলাব পাৰিব।বছৰৰ অন্তিম মাহকেইটাত তেওঁৰ সফলতাত আপোনালোক সন্তুষ্ট হ’ব, কিন্তু তেওঁলোকৰ সৈতে যিকোনো ধৰণৰ বিবাদ পৰিহাৰ কৰক, কাৰণ তেওঁলোকে আপোনাৰ বিৰূদ্ধাচৰণ কৰিব পাৰে।

মীন বিবাহ ৰাশিফল 2024

মীন ৰাশিফল 2024 (Meen Rashifal 2024) অনুসৰি বৰ্ষটোৰ আৰম্ভণি আপোনাৰ বৈবাহিক জীৱনৰ বাবে কিছু সমস্যাজনক হ’ব পাৰে। এই গোটেই বৰ্ষটোত ৰাহু আপোনাৰ প্ৰথম আৰু কেতু আপোনাৰ সপ্তম গৃহত বিৰাজমান হ’ব। বিবাহৰ গৃহত এই দুয়োটা গ্ৰহৰ দৃষ্টিৰ ফলত আপোনাৰ বৈবাহিক জীৱনলৈ অসন্তুলন আহিব পাৰে। আপুনি আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত ভুল বুজাবুজি বৃদ্ধি পাব পাৰে, কিন্তু 1 মে’ৰপৰা দেৱ গুৰু বৃহস্পতি আপোনাৰ দ্বিতীয় গৃহলৈ যাব আৰু তাৰেপৰাই আপোনাৰ সপ্তম গৃহত দৃষ্টি প্ৰদান কৰিব যাৰ ফলত আপোনাৰ বৈবাহিক জীৱনলৈ অহা সমস্যাবোৰ কিছু হ্ৰাস হ’ব। আপোনালোক পৰস্পৰৰ প্ৰতি আকৰ্ষিত হ’ব। আপোনাৰ বৈবাহিক সম্বন্ধ ভালদৰে চলাবৰ বাবে অন্তৰৰপৰা প্ৰয়াস কৰক আৰু ইয়াৰদ্বাৰাই আপোনালোকৰ সম্পৰ্কটো শক্তিশালী হ’ব।অনুসৰি, দ্বাদশ গৃহত শনি গোটেই বৰ্ষ জুৰি উপস্থিত হোৱাৰ ফলত আপোনাৰ ব্যক্তিগত সম্পৰ্কত কিছু বাধা আহিব পাৰে। সেয়েহে পৰস্পৰে পৰস্পৰক যথেষ্ট সময় দিয়ক আৰু পৰস্পৰৰ সমস্যাবোৰ ভালদৰে শুনি লৈ সহায় কৰক।

যদিহে আপুনি অবিবাহিত জাতক তেনেহ’লে এই বৰ্ষৰ দ্বিতীয়াৰ্দ্ধত আপোনাৰ বিবাহৰ প্ৰৱল যোগ আছে। দেৱ গুৰু বৃহস্পতিৰ কৃপাদৃষ্টিৰ ফলত আপোনাৰ বিবাহ হোৱাৰ অথবা ঘৰত বিবাহৰ মঙ্গলধ্বনি বজাৰ সম্পূৰ্ণ যোগ আছে। বিবাহিত জাতকসকলৰ বাবে মাৰ্চৰপৰা এপ্ৰিলৰ শেষলৈকে সময়ছোৱা অনুকূল হ’ব। এইখিনি সময়ত সম্পৰ্কত কিছু ৰোমাঞ্চ থাকিবব আৰু ইয়াৰ পিছত আগষ্টৰপৰা ছেপ্তেম্বৰৰ ভিতৰত সুযোগ লাভ কৰিব পাৰে। নিজৰ সমস্যাবোৰে যাতে আপোনালোকৰ সম্পৰ্কৰ ওপৰত প্ৰভাৱ নেপেলায় তাৰ প্ৰতি চেষ্টা কৰক, তেতিয়া সকলো ঠিক হৈ যাব।

মীন ব্যৱসায়িক ৰাশিফল 2024

মীন ৰাশিফল 2024(Meen Rashifal 2024)অনুসৰি, ব্যৱসায় কৰি থকা জাতকসকলৰ বাবে বৰ্ষটোৰ আৰম্ভণি উত্থান-পতনেৰে ভৰা হ’ব কিয়নো সপ্তম গৃহত কেতু গোটেই বৰ্ষ জুৰি বিৰাজমান হৈ থাকিব যাৰ ফলত আপোনাৰ নিজৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা নহ’ব পাৰে আৰু দুয়োৰে পৰস্পৰৰ প্ৰতি সন্দেহৰ জন্ম হ’ব পাৰে অথবা সন্দেহৰ দৃষ্টিৰে চোৱাৰ ফলত বিবাহৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক সম্পৰ্ক প্ৰভাৱিত হ’ব পাৰে আৰু আপোনাৰ ব্যৱসায়তো প্ৰভাৱ পৰিব, কিন্তু01 মে’ 2024 ৰপৰা যেতিয়া দেৱ গুৰু বৃহস্পতি তৃতীয় গৃহলৈ গৈ সপ্তম গৃহত দৃষ্টি প্ৰদান কৰিব আৰু তাৰপৰা আপোনাৰ ভাগ্য স্থান আৰু আপোনাৰ একাদশ গৃহত দৃষ্টি দিব, তেতিয়া এই গ্ৰহীয় স্থিতি আপোনাৰ বাবে যথেষ্ট অনুকূল প্ৰমাণিত হ’ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায় উন্নীত হ’ব। আপুনি কোনো অনুভৱী আৰু বয়োজ্যেষ্ঠ্য ব্যক্তিৰ সংস্পৰ্শলৈ আহিব যাৰ পত প্ৰদৰ্শনৰ ফলস্বৰূপে আপুনি নিজৰ ব্যৱসায়ক গতি প্ৰদান কৰিব পাৰিব আৰু ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়ৰ উন্নতি হ’ব।আপোনাৰ ব্যৱসায়ৰ বাবে মাৰ্চ, আগষ্ট, নৱেম্বৰ আৰু ডিচেম্বৰ মাহ সৰ্বাধিক উপযুক্ত হ’ব। এইখিনি সময়ত আপুনি নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ সুযোগ লাভ কৰিব। যদিহে আপুনি চৰকাৰী ক্ষেত্ৰৰ সৈতে জড়িত ব্যৱসায় কৰে তেনেহ’লে জানুৱাৰীৰপৰা ফেব্ৰুৱাৰী, এপ্ৰিলৰপৰা জুন আৰু আগষ্টৰপৰা ছেপ্তেম্বৰৰ সময়খিনি সৰ্বাধিক লাভদায়ক প্ৰমাণিত হ’ব। এইখিনি সময়ত আপুনি চৰকাৰী ক্ষেত্ৰপৰা সহযোগ প্ৰাপ্ত কৰিব যি আপোনাৰ ব্যৱসায়ৰ বিকাশ কৰাৰ ক্ষেত্ৰত লাভজনক হ’ব।

মীন সম্পত্তিআৰু বাহনৰ ৰাশিফল 2024

মীন ৰাশিফল 2024 (Meen Rashifal 2024)অনুসৰি, বৰ্ষটোৰ আৰম্ভণি কোনো ধৰণৰ স্থাৱৰ সম্পত্তি ক্ৰয় কৰিবৰ বাবে উপযুক্ত হ’ব। সম্পত্তিকাৰক গ্ৰহ মঙ্গল আৰু সূৰ্য্যৰ দৃষ্টি আপোনাৰ চতুৰ্থ গৃহত পৰাৰ কাৰণে আপুনি কোনো ডাঙৰ সম্পত্তি ক্ৰয় কৰাত সফল হ’ব। এই সম্পত্তিয়ে আপোনাক আৰ্থিক লাভ প্ৰদান কৰিব। সামগ্ৰিকভাৱে জানুৱাৰী, মাৰ্চ, জুন, জুলাই, অক্টোবৰ আৰু নৱেম্বৰ মাহত সম্পত্তিৰ ক্ৰয় বিক্ৰয়ৰদ্বাৰা আপুনি লাভাম্বিত হ’ব। যদিহে আপুনি কোনো বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ’লে জানুৱাৰী, এপ্ৰিল, আৰু জুন তথা নৱেম্বৰ মাহ ইয়াৰ বাবে উপযুক্ত হ’ব।

সকলো ধৰণৰ জ্যোতিষীয় সমাধানৰ বাবে দৰ্শন কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

মীন ধন আৰু লাভ ৰাশিফল 2024

মীন ৰাশিফল 2024 (Meen Rashifal 2024)য়ে ভৱিষ্যতবাণী কৰিছে যে মীন ৰাশিৰ জাতকসকলে বৰ্ষটোৰ আৰম্ভণিতে আৰ্থিক দিশত সুদৃঢ় হোৱাৰ সুযোগ লাভ কৰিব, কিন্তু শনি গোটেই বৰ্ষ জুৰি আপোনাৰ দ্বাদ গৃহত স্থিত হৈ বৰ্ষ পৰ্য্যন্ত ব্যয়ৰ যোগ সৃষ্টি কৰিব যি আপোনাৰ অনিচ্ছাকৃতভাৱেও আপোনাৰ খৰচ বৃদ্ধি কৰিব। অৱশ্যে, বৃহস্পতি 1 মে’ পৰ্য্যন্ত আপোনাৰ দ্বিতীয় গৃহত স্থিত হৈ আপোনাৰ বেংক বেলেঞ্চ বৃদ্ধি কৰিব আৰু ধন সঞ্চয় আৰু ধন বচোৱাত আপোনাক সহায় কৰিব।

ফেব্ৰুৱাৰীৰপৰা মাৰ্চ মাহৰ ভিতৰত মঙ্গল উচ্চ ৰাশিগত হৈ আপোনাৰ একাদশ গৃহত স্থিত হ’ব আৰু তাৰপৰাই আপোনাৰ দ্বিতীয় গৃহ আৰু দেৱ গুৰু বৃহস্পতিক দৃষ্টি প্ৰদান কৰিব। এই সময়খিনি আৰ্থিক দিশৰপৰা উন্নতিদায়ক হ’ব। এইখিনি সময়ত আপুনি যি পৰিকল্পনাই আৰম্ভ কৰিব, তাতেই সফলতা লাভ কৰিব আৰু তাত প্ৰৱল ধন লাভৰ যোগ সৃষ্টি হ’ব। সূৰ্য্যও ফেব্ৰুৱাৰী মাহত এই ৰাশিলৈ অহাৰ ফলত চৰকাৰী ক্ষেত্ৰত লাভ প্ৰাপ্ত হ’ব। দেৱ গুৰু বৃহস্পতিয়ে 1 মে’ৰপৰা আপোনাৰ তৃতীয় গৃহত স্থিত হৈ আপোনাৰ সপ্তম, নৱম আৰু একাদশ গৃহত দৃষ্টি প্ৰদান কৰিব তথা মঙ্গলৰ পৰিবহন মেষ ৰাসিত আপোনাৰ দ্বিতীয় গৃহত জুনৰপৰা জুলাই মাহৰ ভিতৰত হ’ব। এইখিনি সময়ত আপুনি আৰ্থিক দিশত ভাল স্থিতি লাভ কৰিব আৰু আপুনি আৰ্থিক ক্ষেত্ৰত এক লাভদায়ক অৱস্থা প্ৰাপ্ত কৰিব। অক্টোবৰৰ শেষভাগৰপৰা ডিচেম্বৰৰ ভিতৰত কোনো ধৰণৰ ডাঙৰ বিনিয়োগ কৰাটো আপোনাৰ বাবে ভাল নহ’ব। এইখিনি সময়ত লোকচান হ’ব পাৰে।

মীন স্বাস্থ্য ৰাশিফল 2024

স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা চাবলৈ গ’লে বৰ্ষটোৰ আৰম্ভণি উত্থান-পতনেৰে ভৰা হ’ব। আপোনাৰ ৰাশিত গোটেই বৰ্ষ জুৰি ৰাহুৰ উপস্থিতি আৰু সপ্তম গৃহত কেতুৰ স্থিতি আপোনাৰ স্বাস্থ্যৰ বাবে অনুকূল নহ’ব। সেয়েহে আপুনি যিকোনো ধৰণৰ শাৰীৰিক সমস্যাৰপৰা বাচিবৰ বাবে বিভিন্ন প্ৰকাৰৰ সুৰক্ষামূলক ব্যৱস্থাৰ প্ৰতি মনোযোগ দিয়া উচিত। শনি দ্বাদশ গৃহত বিৰাজমান হ’ব যি আপোনাক চকুৰ সমস্যা, ভৰিৰ বিষ,গোৰোহাৰ বিষ, আগাত, মোচোকা খোৱা আদিৰ দৰে সমস্যা প্ৰদান কৰিব পাৰে। চকুৰ বিষ আৰু চকুৰপৰা পানী ওলোৱা আদিৰ দৰে সমস্যাইও আপোনাক সমস্যাত পেলাব পাৰে। এপ্ৰিলৰপৰা মে’ মাহৰ ভিতৰত বিশেষভাৱে আপোনাৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক। এইখিনি সময়ত স্বাস্থ্যৰ অৱনতি হোৱাৰ বাবে আপুনি অধিক চিন্তাত পৰিব পাৰে।

মীন ৰাশিফল 2024 (Meen Rashifal 2024)অনুসৰি,এই বৰ্ষত আপুনি নিজৰ জীৱনশৈলীক সঠিক আৰু সন্তুলিত কৰিবলৈ প্ৰয়াস কৰা উচিত কিয়নো ৰাহু আপোনাৰ ৰাশিত উপস্থিত হোৱাৰ ফলত আপুনি নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু পৰিমাণে গুৰুত্বহীন হৈ পৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। যদিহে আপুনি সুৰক্ষিত হৈ থাকিব বিচাৰে আৰু সুস্বাস্থ্যৱান হৈ থাকিব বিচাৰে তেনেহ’লে আপোনাৰ জীৱনশৈলীত ভাল অভ্যাস যোগ কৰা উচিত। পুষ্টিকৰ আৰু সন্তুলিত আহাৰ গ্ৰহণ কৰক, ধ্যান আৰু শাৰীৰিক ব্যায়াম কৰক। ইয়াৰ দ্বাৰা আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত লাভাম্বিত হ’ব।

2024 বৰ্ষত মীন ৰাশিৰ জাতকসকলৰ বাবে শুভ সংখ্যা

মীন ৰাশিৰ স্বামী গ্ৰহ হৈছে শ্ৰী বৃহস্পতি দেৱতা আৰু মীন ৰাশিৰ জাতকসকলৰ ভাগ্যশালী সংখ্যা 3 আৰু 7 হিচাপে গণ্য কৰা হৈছে।জ্যোতিষ অনুসৰিমীন ৰাশিফল 2024 (Meen Rashifal 2024) য়ে প্ৰকাশ কৰে যে, বৰ্ষ 2024 ৰ কূল যোগ হৈছে 8। এই বৰ্ষটো মীন ৰাশিৰ জাতকসকলৰ বাবে মধ্যমীয়া ফলদায়ক হিচাপে প্ৰমাণিত হ’ব। আৰ্থিক দিশৰপৰা এই বৰ্ষটোত ধন লাভৰ লগতে খৰচৰ যোগো আছে। শাৰীৰিক ক্ষেত্ৰত আপুনি কিছু মনোযোগ দিব লাগিব কিন্তু প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত এই বৰ্ষটো ভাল প্ৰমাণিত হোৱাৰ সম্ভাৱনা আছে। ব্যক্তিগত জীৱনত উত্থান-পতনৰ স্থিতি বাহাল থাকিব। ব্যৱসায় আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি প্ৰচেষ্টা কৰাৰদ্বাৰা সফলতা লাভ কৰিব পাৰিব।

মীন ৰাশিফল 2024 : জ্যোতিষীয় প্ৰতিকাৰ

  • বুধবাৰে সন্ধ্যা সময়ত কোনো মন্দিৰত ক’লা তিল দান কৰা উচিত।
  • সোণৰ আঙুঠিত উন্নত মানদণ্ডৰ পোখৰাজ ৰত্ন বৃহস্পতিবাৰে তৰ্জনী আঙুলিত ধাৰণ কৰাটো আপোনাৰ বাবে শুভ হ’ব।
  • দেৱ গুৰু বৃহস্পতিৰ বীজ মন্ত্ৰ জপ কৰা উচিত।
  • প্ৰত্যেক শনিবাৰে সন্ধ্যা সময়ত বটগছৰ তলত সৰিয়হৰ তেলৰ চাকি জলাওক।

সঘনাই সোধা প্ৰশ্ন

মীন ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো কেনে হ’ব?

মীন বাৰ্ষিক ৰাশিফল অনুসৰি, এই বৰ্ষটোত মীন ৰাশিৰ জাতকসকলে কেৰিয়াৰ, জীৱনশৈলী, ধন আৰু ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত ভাল সুযোগ প্ৰাপ্ত কৰিব। মীন ৰাশিৰ জাতকসকলে বৰ্ষটোৰ প্ৰথম ভাগত চূড়ান্ত সফলতা লাভ কৰিব।

2024 বৰ্ষত মীন ৰাশিৰ ভাগ্যোদয় কেতিয়া হ’ব?

মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, মীন ৰাশিৰ জাতকসকলৰ বাবে এই বৰ্ষৰ জানুৱাৰীৰপৰা আগষ্টৰ সময়খিনি যথেষ্ট ভাল প্ৰমাণিত হ’ব।

মীন ৰাশিৰ জাতকসকলৰ ভাগ্যত কি লিখা আছে?

মীন ৰাশিফল 2024 অনুসৰি, মীন ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো পাৰিবাৰিক জীৱন আৰু বিত্তীয় প্ৰাচুৰ্য্যতাৰ ক্ষেত্ৰত অনুকূল বৰ্ষ হিচাপে প্ৰমাণিত হ’ব।

মীন ৰাশিৰ জীৱনসঙ্গী কোন?

মীন ৰাশিৰ জাতকসকলৰ বাবে সকলোতকৈ ভাল জীৱনসঙ্গী হিচাপে বৃশ্চিক ৰাশি, কৰ্কট ৰাশি আৰু মকৰ ৰাশিৰ জাতকসকলক গণ্য কৰা হয়।

মীন ৰাশিক কোন ৰাশিৰ জাতকে ভাল পায়?

মীন ৰাশিৰ জাতকসকলক কুম্ভ ৰাশিৰ জাতকসকলে সকলোতকৈ অধিক ভাল পায়।

মীন ৰাশিৰ শত্ৰু কোন?

বৃষ ৰাশিৰ জাতকসকলক মকৰ ৰাশিৰ জাতকসকলৰ সকলোতকৈ ডাঙৰ শত্ৰু হিচাপে গণ্য কৰা হয়।

আশা ৰাখিছোঁ যে আমাৰ প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱাৰ বাবে ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer