বৃষ ৰাশিফল 2024 (Brish Rashifal 2024)

বৃষ ৰাশিফল 2024 (Brish Rashifal 2024) ৰ এই বিশেষ প্ৰৱন্ধটোৰদ্বাৰা আমি আপোনাক 2024 বৰ্ষটোৰ সময়খিনিত বৃষ ৰাশিৰ জাতকসকলৰ জীৱনলৈ কেনেধৰণৰ পৰিৱৰ্তন আহিব পাৰে সেই বিষয়ে জনাম। বৰ্ষ 2024 আপোনাৰ বাবে উন্নতিৰে ভৰা বৰ্ষ হ’ব আৰু আপুনি এই বৰ্ষত নিজেই কষ্ট কৰিব লাগিব আৰু তেতিয়াহে আপুনি সফল হ’ব পাৰিব। যদিহে আপোনাৰ জন্ম বৃষ ৰাশিৰ অন্তৰ্গত হৈছে তেনেহ’লে বৃষ বাৰ্ষিক ৰাশিফল 2024 বিশেষভাৱে আপোনাৰ বাবে প্ৰস্তুত কৰা হৈছে। এই প্ৰৱন্ধটোৰদ্বাৰা আপোনাক আপোনাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহ যেনে প্ৰেম সম্পৰ্ক আৰু তাত আহিবলগীয়া উত্থান-পতনৰ স্থিতি, বিবাহ-পাশত আৱদ্ধ হোৱাৰ সম্ভাৱনা আৰু বৈবাহিক জীৱনলৈ আহিলগীয়া সমস্যা, আৰ্থিক পৰিস্থিতি, সম্পত্তি আৰু বাহনৰ স্থিতি, সন্তানৰ সৈতে জড়িত বাৰ্ত্তা, কেৰিয়াৰ, চাকৰি, ব্যৱসায়, ধন লাভ আৰু হানি, শিক্ষা, স্বাস্থ্য আদিৰ বিষয়ে সকলো প্ৰকাৰৰ তথ্য প্ৰদান কৰা হ’ব।

বাৰ্ষিক ৰাশিফল 2024 পঢ়িবৰ বাবে ইয়াত ক্লিক্ কৰক - ৰাশিফল 2024

এই ৰাশিফলৰদ্বাৰা আপুনি উপৰোক্ত সকলো প্ৰকাৰৰ তথ্য লাভ কৰিব পাৰিব। কোনবোৰ ক্ষেত্ৰতআপুনি সুখ লাভ কৰিব আৰু কোনবোৰ ক্ষেত্ৰত দুখ, এই সকলোবোৰ আপুনিএই লিখনিৰটোৰদ্বাৰা প্ৰাপ্ত কৰিব পাৰিব। এই ভৱিষ্যতবাণী 2024 বৈদিক জ্যোতিষৰ ওপৰত আধাৰিত আৰু বৰ্ষ 2024 ৰ গ্ৰহ-নক্ষত্ৰৰ গতি-বিধিৰ ওপৰত দৃষ্টি প্ৰদান কৰি এষ্ট্ৰোচেজৰ বিশেষজ্ঞ জ্যোতিষীডা. ম্ৰগাংকৰদ্বাৰা বৰ্ষ 2024 ৰ বাবে প্ৰস্তুত কৰা হৈছে।

वृषभ राशि का राशिफल विस्तार से पढ़ेंवृषभ राशिफल 2024

এই ৰাশিফল 2024 আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত অৰ্থাৎ যদিহে আপোনাৰ চন্দ্ৰ ৰাশি বৃষ ৰাশি হয় তেনেহ’লে এই ৰাশিফল নিশ্চয় আপোনাৰ বাবে উপযুক্ত। এতিয়া এই 2024 বৰ্ষটোত আপোনাৰ ভৱিষ্যফল কেনে হ’ব জানো আহক।

2024 বৰ্ষত আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হ’ব নে?বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক

যদিহে আপোনাৰ জন্ম বৃষ ৰাশিত হৈছে তেনেহ’লে বৰ্ষটোৰ আৰম্ভণিৰপৰাই দেৱ গুৰু বৃহস্পতি আপোনাৰ দ্বাদশ গৃহত স্থিত হৈ ধৰ্মীয় কাৰ্য্যৰ হেতু আপোনাৰ ব্যয় বৃদ্ধি কৰিব আৰু সেয়েহে আপুনি ধন ব্যয়ৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত যাতে আপোনাৰ আৰ্থিক স্থিতিত কোনো ডাঙৰ লোকচান নহয়।বৃষ ৰাশিফল 2024 (Brish Rashifal 2024) অনুসৰি 1 মে’ত বৃহস্পতিৰ পৰিবহন আপোনাৰ ৰাশিত হোৱাৰ ফলত সমস্যা হ্ৰাস হ’ব।

গোটেই বৰ্ষ জুৰি আপোনাৰ দশম গৃহত শনিৰ পৰিবহন হোৱাৰ ফলত যথেষ্ট পৰিশ্ৰম কৰিব লাগিব আৰু শনি হৈছে আপোনাৰ ভাগ্যেশ আৰু কৰ্মেশ সেয়েহে শনিৰ এই প্ৰভাৱে আপোনাৰ কেৰিয়াৰলৈ ভাল উন্নতি আৰু বৃদ্ধি কঢ়িয়াই আনিব। ৰাহু বৰ্ষটোৰ আৰম্ভণিৰপৰা শেষলৈ আপোনাৰ একাদশ গৃহত হ’ব। ই আপোনাৰ বাবে সকলোতকৈ উত্তম স্থিতি হ’ব কাৰণ ইয়াত স্থিত হৈ ৰাহুৱে আপোনাৰ সকলোবোৰ ইচ্ছা পূৰণ কৰিব। আপুনি সামাজিকভাৱে সক্ৰিয় হৈ পৰিব। আপোনাৰ বন্ধু-বৰ্গৰ সংখ্যা আৰু সামাজিক চক্ৰ বৃদ্ধি হ’ব লগতে আপোনাৰ ধন লাভো হ’ব। 2024 বৰ্ষত গ্ৰহসমূহৰ ভিত্তিত আপুনি কেনেধৰণৰ ফল প্ৰাপ্ত কৰিব, এই প্ৰৱন্ধটোত সেই বিষয়ে সকলোবোৰ তথ্য প্ৰদান কৰা হ’ব আৰু এই সকলোবোৰ কথাত গুৰুত্ব প্ৰদান কৰিয়েই এই ৰাশিফল প্ৰস্তুত কৰি তোলা হৈছে। আমি আশা কৰিছোঁ যে এই প্ৰৱন্ধটো আপোনাৰ বাবে লাভজনক হ’ব। তেনেহ’লে আহক,বৃষ ৰাশিৰ জাতকসকলৰ ৰাশিফলে কি সংকেত দিয়ে সেই বিষয়ে জানি লওঁ।

Click here to read in English:Taurus Horoscope 2024

সকলোবোৰ জ্যোতিষীয় গণনা আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। আপোনাৰ চন্দ্ৰ ৰাশি জানিবৰ বাবে ক্লিক কৰক:চন্দ্ৰ ৰাশি কেলকুলেটৰ

বৃষ প্ৰেম ৰাশিফল 2024

বৃষ ৰাশিফল 2024 (Brish Rashifal 2024) অনুসৰি, 2024 বৰ্ষত বৃষ ৰাশিৰ জাতকসকলৰ প্ৰেম জীৱনত উত্থান-পতন অব্যাহত থাকিব। বৰ্ষটোৰ আৰম্ভণিতে কেতু আপোনাৰপঞ্চম গৃহত স্থিত হ’ব আৰু কেতু এক বিচ্ছেদকাৰী গ্ৰহ হোৱাৰ হেতুকে সম্পৰ্কত বাৰে বাৰে সমস্যাৰ সৃষ্টি হ’ব। পৰস্পৰে পৰস্পৰক বুজি পোৱাত সমস্যাৰ সৃষ্টি হ’ব যাৰ বাবে আপোনাৰ প্ৰেমৰ সম্পৰ্ক শিথিল হৈ পৰিব পাৰে। যদিহে আপুনি সময় থাকোঁতেই এই পৰিস্থিতি চম্ভালি নলয় তেনেহ’লে সম্পৰ্ক ভাঙি পৰিবও পাৰে। এই বৰ্ষত আপুনি এটা কথাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব, সেইটো হৈছে যে আপুনি যাক ভাল পায়, তেওঁৰ বিষয়ে আপুনি কিমান জানে, ই যথেষ্ট গুৰুত্বপূৰ্ণ কথা কিয়নো যদিহে আপোনাৰ প্ৰেম আলপতে আৰম্ভ হৈছে তেনেহ’লে আপুনি প্ৰেমত প্ৰতাৰণা লাভ কৰাৰ সম্ভাৱনা আছে। সেয়েহে সাৱধান হৈ থাকক আৰু চকু-কাণ খোলা ৰাখি সকলোফালে চাই প্ৰকৃত সত্যৰ সন্ধান কৰক। আন্ধাৰত নাথাকিব। আপুনি যাক ভালপায়, তেওঁৰ বিষয়ে সকলোবোৰ জানি ল’বলৈ চেষ্টা কৰক যাতে আগন্তুক সময়ত কোনোধৰণৰ সমস্যা নহয় আৰু আপুনি নিজৰ প্ৰেম জীৱনত সুখ-আনন্দ লাভ কৰে। আগষ্টৰপৰা অক্টোবৰৰ মাজৰ সময়খিনি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বাবে অত্যন্ত শুভ হ’ব। যদিহে আপুনি অকলশৰীয়া তেনেহ’লে এইখিনি সময়ত আপোনাৰ জীৱনলৈ প্ৰেমৰ আগমন ঘটিব পাৰে আৰু যদিহে আপুনি পূৰ্বৰেপৰাই কোনো প্ৰেমৰ সম্পৰ্কত আছে তেনেহ’লে আপোনালোকৰ সম্পৰ্কত প্ৰেম-ভালপোৱা বৃদ্ধি হ’ব। অন্তৰংগ সম্পৰ্ক গভীৰ হোৱাৰ যোগ আছে। আপোনাৰ প্ৰতি মৰম-স্নেহ বৃদ্ধি পাব আৰু পৰস্পৰে পৰস্পৰক পৰ্যাপ্ত সময় দিব পাৰিব তথা সম্পৰ্কৰ গুৰুত্ব বুজি পাব আৰু নিজৰ প্ৰেমাস্পদক হৃদয় উজাৰি প্ৰেম-ভালপোৱা দিব।

বৃহ কুণ্ডলী: জানক আপোনাৰ জীৱনত গ্ৰহসমূহৰ প্ৰভাৱ আৰু ইয়াৰ প্ৰতিকাৰ

বৃষ কেৰিয়াৰ ৰাশিফল 2024

বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত বৃষ কেৰিয়াৰ ৰাশিফল 2024 অনুসৰি, এই বৰ্ষত বৃষ ৰাশিৰ জাতকসকলে নিজৰ কেৰিয়াৰত ভাল আৰু আশাব্যঞ্জক ফল প্ৰাপ্ত কৰিব পাৰিব।বৃষ ৰাশিফল 2024 (Brish Rashifal 2024) অনুসৰি, আপোনাৰ ৰাশিৰ দশম গৃহত নৱম আৰু দশম গৃহৰ অধিপতি শনিৰ উপস্থিতিয়ে আপোনাক শক্তিশালী কৰি তুলিব। আপুনি নিজৰ চাকৰিত নিজৰ সৰ্বস্ব ঢালি দি পৰিশ্ৰম কৰিব আৰু এই পৰিশ্ৰম অথলে নাযায়, বৰঞ্চ আপোনাৰ কৰ্মই সকলো দিশৰপৰা প্ৰশংসা অৰ্জন কৰিব। আপুনি নিজৰ চাকৰিক লৈ যথেষ্ট গম্ভীৰ হৈ থাকিব আৰু মন পুতি কাম কৰবি। ইয়াৰ পৰা লাভ এইটোৱেই হ’ব যে আপুনি নিজৰ জ্যেষ্ঠ্য বিষয়াসকলৰ সান্নিধ্য লাভ কৰিব। তেওঁলোকে আপোনাক সহযোগিতা প্ৰদান কৰিব। চাকৰিৰ সন্দৰ্বত আপুনি বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব। আপুনি পদোন্নতি লাভ কৰাৰো যোগ আছে আৰু আপোনাৰ দৰমহাও বৃদ্ধি হ’ব। অৱশ্যে ইয়াত কিছু পলম হ’ব পাৰে কিন্তু এনে হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। বিশেষভাৱে মাৰ্চৰপৰা এপ্ৰিলৰ মাজভাগৰ সময়খিনিত আৰু ডিচেম্বৰ মাহত আপুনি চাকৰিত উন্নতি লাভ কৰাৰ যোগ আছে। এই বৰ্ষত আপুনি যথেষ্ট কষ্ট কৰা উচিত আৰু নিজৰ কামৰ অধিক বিকাশ কৰিবলৈ চেষ্টা কৰা উচিত। আপোনাৰ সৈতে কাম কৰা সহকৰ্মীসকলৰ মনোভাৱো আপোনাৰ প্ৰতি ভাল হ’ব আৰু আপুনি সময়ে সময়ে তেওঁলোকৰ সহায়-সহযোগিতাও লাভ কৰিব। কোনো কথাত লাগি কোনো সহকৰ্মীক যি তি কথা নক’ব, তেতিয়াহে আপুনি সকলোৰে সহযোগ লাভ কৰিব আৰু আপোনাৰ কামৰো বিকাশ ঘটিব।

বৃষ শিক্ষা ৰাশিফল 2024

বৃষ ৰাশিফল 2024 (Brish Rashifal 2024) অনুসৰি এই বৰ্ষটোত শিক্ষাৰ্থীসকলে এফালে একাগ্ৰতা লাভ কৰিবৰ বাবে যুঁজ দিব লাগিব যাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে, অন্যহাতে পঞ্চম গৃহত কেতুৰ উপস্থিতিৰ বাবে আপুনি গুঢ় বিষয় আয়ত্ব কৰাত সফল হ’ব। নজনা কথা জানিবৰ বাবেআপোনাৰ কৌতুহল বৃদ্ধি হ’ব। যদিহে আপুনি গৱেষণাৰ ক্ষেত্ৰৰ সৈতে জড়িত, তেনেহ’লে যথেষ্ট ভাল প্ৰদৰ্শন কৰিব পাৰিব আৰু তাত আপুনি ভাল প্ৰদৰ্শনৰ অতি সুন্দৰ ফল প্ৰাপ্ত কৰিবলৈও সক্ষম হ’ব। ইয়াৰ বাহিৰেও এনে সকলোবোৰ বিষয়, যিবোৰৰ পূৰাতাত্ত্বিক গুৰুত্ব আছে, যেনে ভূগোল, ইতিহাস, আদি আপুনি অতি সহজেই বুজি লৈ আয়ত্ব কৰিব পাৰিব যাৰ ফলত এই বিষয়বোৰত আপুনি ভাল সফলতা প্ৰাপ্ত কৰিব পাৰিব, তথাপিও এই বৰ্ষত আপুনি একাগ্ৰতা লাভ কৰিবলৈ চেষ্টা কৰা উচিত কিয়নো আপোনাৰ সকলোতকৈ প্ৰয়োজন এইটোৰেই হ’ব।

2024 বৰ্ষত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা জাতকসকলে যথেষ্ট পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ বাবে মাৰ্চৰপৰা এপ্ৰিল আৰু তাৰপিছত ছেপ্তেম্বৰৰপৰা অক্টোবৰৰ সময়খিনি যথেষ্ট ভাল হ’ব। এই সময়ছোৱাত কৰা প্ৰয়াসৰ বাবে সফলতা লাভ কৰিব আৰু আপুনি কোনো ভাল স্থানত নিৰ্বাচিত হ’ব পাৰে।আপুনি নিজৰ পঢ়-শুনাক লৈ দৃঢ় সংকল্পৱদ্ধ হ’ব লাগিব আৰু ঘৰৰপৰা দূৰলৈ গৈ পঢ়া-শুনা কৰিবলগীয়া হ’ব পাৰে। যদিহে আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেনেহ’লে এই বৰ্ষত আপোনাৰ সেই সপোন পূৰণ হ’ব পাৰে। গ্ৰহসমূহৰ স্থিতি অনুসৰি আপুনি উচ্চ শিক্ষাত ভাল স্থিতি লাভ কৰিব। আপুনি মনে বিচৰা বিষয় মনে বিচৰা কলেজত অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব। যদিহে বিদেশলৈ গৈ পঢ়া-শুনা কৰাৰ সপোন দেখি আছে তেনেহ’লে কিছু উত্থান-পতনৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। অৱশ্যে ফেব্ৰুৱাৰীৰপৰা মাৰ্চ আৰু জুনৰপৰা জুলাইৰ মাজভাগত আপুনি অধ্যয়নৰ বাবে বিদেশলৈ যোৱাৰ সম্ভাৱনা আছে।

বৃষ আৰ্থিক ৰাশিফল 2024

বৃষ ৰাশিফল 2024 (Brish Rashifal 2024)অনুসৰি, আৰ্থিক দিশত এই বৰ্ষটোৱে মিশ্ৰিত ফল প্ৰদান কৰিব। য’ত এফালে আপোনাৰ একাদশ গৃহত ৰাহুৰ উপস্থিতিয়ে আপোনাৰ বাবে আৰ্থিক লাভৰ যোগ সৃষ্টি কৰিব আৰু আপোনাক সময়ে সময়ে পাবলগীয়া আৰ্থিক লাভ, আপোনাৰ আকাংক্ষা পূৰণত সহায় কৰিব যাৰ ফলত আপুনি নতুন নতুন পৰিকল্পনা কৰিব পাৰিব আৰু ধনৰ বিনিয়োগ কৰাৰ কথাও ভাবিব, আনফালে বৰ্ষটোৰ আৰম্ভণিতে আপোনাৰ দ্বাদশ গৃহত দেৱ গুৰু বৃহস্পতিৰ উপস্থিতি আৰু বৃহস্পতিৰ ওপৰত নৱম আৰু দ্বাদশ গৃহৰ অধিপতি শনিৰ দৃষ্টিৰ ফলত আপোনাৰ ব্যয় যথেষ্ট বৃদ্ধি হোৱা দেখা যাব। অৱশ্যে বৰ্ষটোৰ আৰম্ভণিতে অষ্টম গৃহত মঙ্গল স্থিত হোৱাৰ ফলত কিছু গুপ্ত ধন প্ৰাপ্ত কৰাৰ যোগ তৈয়াৰ হ’ব পাৰে।

1 মে’ত যেতিয়া আপোনাৰ ৰাশিত বৃহস্পতিৰ পৰিবহন হ’ব তেতিয়া আপোনাৰ ব্যয় কিছু হ্ৰাস হ’ব আৰু ইয়াৰ ফলত আপুনি আৰ্থিক ভাৰসাম্য ৰক্ষা কৰিবলৈ সমৰ্থ হ’ব। অৱশ্যে মাজে সময়ে আপুনি পাৰিবাৰিক আৰু অন্যান্য কাৰ্য্যত ধন ব্যয় কৰিবলগীয়া হ’ব কিন্তু আপুনি ভালদৰে আগবাঢ়ি যাব পাৰিব। এনেদৰে ক’ব পৰা যায় যে ধন লাভ নিশ্চিতভাৱে হ’ব কিন্তু সঠিক আৰ্থিক সন্তুলনৰ বৰ্তাই ৰাখিলে এই বৰ্ষটো ভালদৰে পাৰ কৰিব পাৰিব। মাৰ্চৰপৰা এপ্ৰিল, জুলাইৰপৰা আগষ্ট আৰু ডিচেম্বৰ মাহত আৰ্থিক দিশত অধিক অনুকূল হ’ব। ধনৰ আগমন ঘটি থাকিব কিন্ত আপোনাৰ ওচৰত ধন থকাৰ ফলত নিজকে সহজ অনুভৱ কৰিব পাৰিব আৰু নিজৰ পৰিকল্পনাসমূহ আগবঢ়াব পাৰিব।

বৃষ পাৰিবাৰিক ৰাশিফল 2024

বৃষ ৰাশিফল 2024 (Brish Rashifal 2024) অনুসৰি বৃষ ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটোৰ আৰম্ভণি ভাল হ’ব। অৱশ্যে বৰ্ষটোৰ আৰম্ভণিতে আপোনাৰ পিতৃৰ সৈতে থকা ভাল সম্পৰ্কৰপৰা আপুনি লাভাম্বিত হ’ব কিন্তু পিতৃ আৰু মাতৃ দুয়োৰে স্বাস্থ্য কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। সেয়েহে আপুনি তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ ধ্যান ৰাকিব লাগিব। বৰ্ষটোৰ মাজভাগত এপ্ৰিলৰপৰা জুনৰ মাজত পাৰিবাৰিক সমস্যা বৃদ্ধি হ’ব পাৰে। কোনো সম্পত্তিক লৈ বিবাদৰ সৃষ্টি হ’ব পাৰে। এই সময়ছোৱাত ধৈৰ্য্য ধৰি আগবাঢ়ক আৰু সমস্যাবোৰ শান্তিৰে সমাধান কৰাৰ চেষ্টা কৰক। লাহে-লাহে সময় যোৱাৰ পিছত পাৰিবাৰিক সম্পৰ্ক পুণৰ সুস্থিৰ হৈ উঠিব। আপুনি পৰিয়ালৰ সৈতে আগষ্টৰপৰা অক্টোবৰৰ মাজত তীৰ্থযাত্ৰাত যাব পাৰে আৰু একেলগে সময় কটোৱাৰ ফলত পৰিয়াললৈ নতুন উদ্যম আহিব আৰু পুৰণি সমস্যাবোৰ হ্ৰাস পাব। আপুনি নৱেম্বৰৰপৰা ডিচেম্বৰ মাহৰ মাজত কোনো দূৰ সম্পৰ্কীয় আত্মীয়ৰ বিবাহত সহয়োগ কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ ফলত পৰিয়ালত সুখ-শান্তিৰ পৰিৱেশ বিৰাজমান হ’ব।

বৃহৎ কুণ্ডলী: জানক আপোনাৰ জীৱনত গ্ৰহসমূহৰ প্ৰভাৱ আৰু ইয়াৰ প্ৰতিকাৰ

বৃষ সন্তান ৰাশিফল 2024

সন্তানৰ ক্ষেত্ৰত দেখা যায়বৃষ ৰাশিফল 2024 (Brish Rashifal 2024) অনুসৰি আপোনাৰ আৰু আপোনাৰ সন্তানৰ মাজত মাজে সময়ে কিছু ব্যৱধান আহিব পাৰে কিয়নো আপুনি তেওঁক ভালদৰে বুজি পোৱাত ব্যৰ্থ হ’ব। তেওঁৰ বাবে তেওঁলোকৰ নিজৰ কিছুমান ইচ্ছা থাকিব যিবোৰ বুজি লৈ আপুনি তেওঁক সঠিক পথ দেখুওৱা উচিত। কিন্তু আপুনি তেওঁক ভালদৰে বুজিব নোৱাৰিব যাৰ ফলত আপোনালোকৰ মাজত অঘোষিত দূৰত্ব বৃদ্ধি হৈ থাকিব। এই দূৰত্ব বৃদ্ধি হোৱাৰ পূৰ্বেই আপুনি পৰিস্থিতি চম্ভালি ল’বলৈ চেষ্টা কৰা উচিত। ফেব্ৰুৱাৰী মাহটোত তেওঁলোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অধিক ভাল ফল লাভ কৰিব। যদিহে আপুনি তেওঁলোকৰ বিবাহক লৈ চিন্তিত হৈ আছে তেনেহ’লে এই বৰ্ষত ডিচেম্বৰৰ ভিতৰত তেওঁলোকৰ বিবাহৰ যোগো সৃষ্টি হ’ব। যদিহে আপুনিসন্তান প্ৰাপ্তিৰ বাবে আশা কৰি আছে তেনেহ’লে আপুনি কিছু অপেক্ষা কৰিব লাগিব। এপ্ৰিল মাহত আপুনি এইক্ষেত্ৰত ভাল ফল লাভ কৰিব পাৰে। যদিহে আপুনি এই বৰ্ষত নিজৰ সন্তানক প্ৰথমবাৰ বিদ্যালয়ত নামভৰ্ত্তি কৰায় তেনেহ’লে ভাবি-চিন্তি বিদ্যালয়ক বাছনি কৰক। ইয়াৰ ফলত তেওঁলোকে আগন্তুক সময়ত লাভাম্বিত হ’ব।

বৃষ বৈবাহিক ৰাশিফল 2024

বৃষ ৰাশিফল 2024 (Brish Rashifal 2024) অনুসৰি 2024 বৰ্ষটো বৃষ ৰাশিৰ জাতকসকলৰ বৈবাহিক জীৱনৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। বৰ্ষটোৰ আৰম্ভণিতে শুক্ৰ আৰু বুধ আপোনাৰ সপ্তম গৃহত স্থিত হৈ আপোনাৰ জীৱনসঙ্গীক প্ৰেমপূৰ্ণ কৰি তুলিব। আপুনি আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত প্ৰেম-ভালপোৱা বৃদ্ধি হ’ব। ৰোমাঞ্চৰ যোগ আছে। লগতে আপোনালোক ক’ৰবাত ফুৰিবলৈ যাব পাৰে। জানুৱাৰীৰপৰা মাৰ্চ মাহৰ ভিতৰৰ সময়খিনি যথেষ্ট ভাল হ’ব। আপোনাৰ আৰু জীৱনসঙ্গীৰ মাজৰ ঘনিষ্ঠতা বৃদ্ধি হ’ব। আপুনি পাৰিবাৰিক কাৰ্য-কলাপতো আগভাগ ল’ব আৰু দুয়ো পৰস্পৰৰ প্ৰকৃত জীৱনসঙ্গী হোৱা দেখা যাব।

জানুৱাৰীপৰা ফেব্ৰুৱাৰীৰ মাজৰ সময়খিনিত জীৱনসঙ্গীৰ কোনো স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে আৰু ইয়াৰ পিছত আগষ্টৰপৰা অক্টোবৰৰ মাজত আকৌ এবাৰ এনে পৰিস্থিতি আহিব পাৰে। সেয়েহে আপুনি জীৱনসঙ্গীৰ স্বাস্থ্যৰ প্ৰতি যথেষ্ট মনোযোগ দিয়া উচিত আৰু সঠিক সময়ত তেওঁৰ চিকিৎসা কৰোৱা উচিত যাৰ ফলত তেওঁ সকলোবোৰ সমস্যাৰপৰা সকাহ লাভ কৰিব। জুনৰপৰা আগষ্ট মাহৰ ভিতৰতআপোনালোকৰ সম্পৰ্কলৈ তিক্ততা অহাৰ লগতে বাহিৰা মানুহৰ হস্তক্ষেপ বৃদ্ধি হ’ব পাৰে। সেয়েহে চেষ্টা কৰক যাতে কোনো বাহিৰা মানুহ আপোনালোকৰ সম্পৰ্কৰ মাজত সোমাব নোৱাৰে। নিজৰ জীৱনসঙ্গীৰ বুজিবলৈ চেষ্টা কৰক। তেতিয়াহে আগন্তুক সময়ত অৰ্থাৎ অক্টোবৰৰপৰা ডিচেম্বৰৰ মাজত সম্পৰ্কৰ শুধৰণি হ’ব আৰু আপুনি নিজৰ দাম্পত্য জীৱন উপভোগ কৰিব পাৰিব। জীৱনসঙ্গীয়ে এপ্ৰিলৰপৰা জুন মাহৰ ভিতৰত বিশেষ উপলব্ধি কৰিব পাৰে আৰু আপোনাৰ আৰ্থিক স্থিতি গুৰুত্বপূৰ্ণ আৰু শক্তিশালী কৰি তোলাত তেওঁৰ যোগদানো এই সময়ছোৱাত দেখা যাব।

বৃষ ব্যৱসায় ৰাশিফল 2024

বৃষ ব্যৱসায় ৰাশিফল 2024 অনুসৰি 2024 বৰ্ষটোৰ আৰম্ভণি আপোনাৰ ব্যৱসায়ৰ বাবে অনুকূল হ’ব। শুক্ৰ আৰু বুধ আপোনাৰ সপ্তম গৃহত স্থিত হ’ব আৰু দ্বাদশ গৃহত বৃহস্পতি উপস্থিত হ’ব। শনি দশম গৃহত আৰু ৰাহু একাদশ গৃহত স্থিত হৈ ব্যৱসাৰ বাবে উত্তম পৰিস্থিতিৰ সৃষ্টি কৰিব। আপোনাৰ ব্যৱসায়ত আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ পৰ্ণ সমৰ্থন আৰু সহযোগ লাভ কৰিব। তেৱোঁ আপোনাৰ সৈতে একেলগে খোজ দি ব্যৱসায়ক আগবঢ়াই নিয়াত আগ্ৰহ দেখুৱাব আৰু আপোনালোকৰ সন্মিলিত প্ৰচেষ্টাত ব্যৱসায়ে উন্নতি লাভ কৰিব। যদিহে আপুনি অকলে ব্যৱসায় কৰে তেতিয়াও আপুনি বৰ্ষটোৰ আৰম্ভণিতে ব্যৱসায়ত বিকাশ লাভ কৰিব। ইয়াৰ পিছত মাৰ্চৰপৰা আগষ্টৰ মাজভাগত কিছু সাৱধানতা অৱলন্বন কৰিব লাগিব। এইখিনি সময়ত ব্যৱসায়ত কোনো পুঁজি বিনিয়োগ কৰাৰ পূৰ্বে ভালদৰে ভাবি-চিন্তি লওক কিয়নো সেইক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে।বৃষ ৰাশিফল 2024 (Brish Rashifal 2024) অনুসৰি, যদিহে আপুনি নিজৰ ব্যৱসায়ৰ বাবে কোনো নতুন ঠাই ক্ৰয় কৰিছে তেনেহ’লে সেই বিষয়ে ভালদৰে চাই-চিতি লওক যাতে কোনো ধৰণৰ আইনী সমস্যাৰ সম্মুখীন হ’বলগীয়া নহয়। আগষ্টৰ পিছত আপোনাৰ ব্যৱসায় পুণৰ সুচাৰুৰূপে আগবাঢ়িব। এই বৰ্ষত কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে যদি এপ্ৰিলৰ পূৰ্বে আৰম্ভ কৰাটো ভাল হ’ব। আপুনি বৰ্ষৰ প্ৰথমাৰ্দ্ধত বিদেশী সম্পৰ্কৰদ্বাৰা লাভাম্বিত হ’ব।1 মে’ ৰ পিছত বৃহস্পতি আপোনাৰ ৰাশিলৈ আহি সপ্তম গৃহ, পঞ্চম গৃহ আৰু নৱম গৃহত দৃষ্টি পেলাব আৰু আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা শক্তিশালী কৰি তুলিব যাৰ ফলত ব্যৱসায়ত মনে বিচৰা ফল লাভ কৰিব আৰু ব্যৱসায়ৰ উন্নতি দেখি আপুনিও সন্তুষ্ট হ’ব। এই বৰ্ষত আপুনি নিজৰ জীৱনসঙ্গীকো ব্যৱসায়ৰ সৈতে জড়িত কৰিব পাৰে।

বৃষ সম্পত্তি আৰু বাহনৰ ৰাশিফল 2024

বৃষ সম্পত্তি আৰু বাহনৰ ৰাশিফল 2024 অনুসৰি, বৰ্ষটোৰ আৰম্ভণিতে কোনো ধৰণৰ বাহন ক্ৰয় নকৰাটো বাল কিয়নো চতুৰ্থ গৃহৰ অধিপতি সূৰ্য্য মঙ্গলৰ সৈতে অষ্টম গৃহত স্থিত হোৱাৰ ফলত সমস্যাৰ সৃষ্টি হ’ব পাৰে। যদিহে এনে পৰিস্থিতিত আপুনি কোনো বাহন ক্ৰয় কৰে তেতিয়া দুৰ্ঘটনা হোৱাৰ আশংকা দেখা যায়। আপুন ধৈৰ্য্য ধৰিব লাগিব।বৃষ ৰাশিফল 2024 (Brish Rashifal 2024) অনুসৰি,গ্ৰহসমূহৰ স্থিতি অনুসৰি আপোনাৰ বাবে মাৰ্চ মাহটো বাহন ক্ৰয় কৰাৰ বাবে উপযুক্ত হ’ব। এইখিনি সময়ত বাহন লোৱাৰ ফলত আপুনি প্ৰসন্নতা লাভ কৰাৰ লগতে সেই বাহনখন আপোনাৰ বাবে সৌভাগ্যশালীও প্ৰমাণিত হ’ব। ইয়াৰ পিছত মে’ আৰু আগষ্ট মাহত বাহন ক্ৰয় কৰিব পাৰে।

শনি দেৱতাৰ কৃপা আপোনাৰ চতুৰ্থ গৃহত পৰাৰ ফলত আপুনি ভূখণ্ডৰ ওপৰত ভৱন নিৰ্মাণ কৰিব পাৰিব। তেওঁৰ কৃপাত গোটেই বৰ্ষ জুৰি ইয়াৰ যোগ সৃষ্টি হ’ব। সেয়েহে আপুনি চেষ্টা কৰিলে এই বৰ্ষত নিজৰ ঘৰ নিৰ্মাণ কৰিব পাৰিব যাৰ ফলত আপোনাৰ বহু বছৰৰ আশা পূৰণ হ’ব আৰু সুখ লাভ কৰিব। ইয়াৰ উপৰিও মাৰ্চৰপৰা এপ্ৰিল আৰু আগষ্টৰপৰা ছেপ্তেম্বৰৰ ভিতৰৰ সময়খিনি উপযুক্ত হ’ব, যেতিয়া আপুনি কোনো নতুন সম্পত্তি প্ৰাপ্ত কিৰব পাৰিব।

সকলো ধৰণৰ জ্যোতিষীয় সমাধানৰ বাবে দৰ্শন কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

বৃষ ধন আৰু লাভ ৰাশিফল 2024

বৃষ ৰাশিৰ জাতকসকলৰ বাবে এই বৰ্ষটোৱে আৰ্থিক দিশত মিশ্ৰিত ফল প্ৰদান কৰিব। বৰ্ষটোৰ আৰম্ভণিতেসদেৱ গুৰু বৃহস্পতি দ্বাদশ গৃহত স্থিত হৈ ব্য়য় বৃদ্ধি কৰবি। এই ব্যয় ধৰ্মীয় আৰু মহত্বপূৰ্ণ কাৰ্য্যৰ বাবে হ’ব সেয়েহে এয়া প্ৰয়োজনীয় হ’ব আৰু আপুনি ব্যয় কৰিবই লাগিব। কিন্তু আপোনাৰ আৰ্থিক বোজা বৃদ্ধি হ’ব। অৱশ্যে আনহাতে শনিয়ে দশম গৃহৰপৰা দ্বাদশ গৃহত দৃষ্টি পেলাব আৰু একাদশ গৃহত ৰাহুৰ উপস্থিতিয়ে আপোনাক আৰ্থিক দিশত ধন লাভ প্ৰদান কৰিব। ইয়াৰ ফলত আপোনাৰ আকাংক্ষাসমূহ পূৰণ হ’ব।

বৃষ ৰাশিফল 2024 (Brish Rashifal 2024) অনুসৰি 2024 বৰ্ষৰ আৰম্ভণিতে মঙ্গলে অষ্টম গৃহৰপৰা একাদশ আৰু দ্বিতীয় গৃহত দৃষ্টি প্ৰদান কৰাৰ ফলত গুপ্ত আয়ৰ যোগ সৃষ্টি হ’ব পাৰে। আপুনি কোনো ধৰণৰ পৈতৃক সম্পত্তি বা উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে।বৃষ ৰাশিফল 2024 (Brish Rashifal 2024) অনুসৰি, বৰ্ষটোৰ প্ৰথমাৰ্দ্ধ আমদানী প্ৰাপ্তিৰ বাবে অনুকূল হ’ব আৰু ধন লাভ হ’ব। অৱশ্যে এই সময়ছোৱাত খৰচো বৃদ্ধি হ’ব, তাৰপিছত1 মে’ত বৃহস্পতি আপোনাৰ ৰাশিত স্থিত হৈ ব্যয় কিছু হ্ৰাস কৰিব আৰু আপোনাৰ সৌভাগ্য বৃদ্ধি কৰবি. আনফালে ৰাহুৱে নিৰন্তৰভাৱে আমদানী কৰাই থাকিব যাৰ ফলত এই বৰ্ষত আপুনি ধন উপাৰ্জনৰ কিবা নহয় কিবা সুযোগ প্ৰাপ্ত কৰি থাকিব আৰু বৰ্ষটোৰ শেষলৈ আপোনাৰ আৰ্থিক স্থিতি যথেষ্ট শক্তিশালী হৈ পৰিব। আপুনি মাত্ৰ এই কথাৰ প্ৰতি মনোযোগ দিব লাগিব যে নভবা-নিচিন্তাকৈ যাতে কোনো ধনৰ বিনিয়োগ নকৰে। শ্য়েয়াৰ বজাৰত বিনিয়োগ কৰাটো সিমান অনুকূল নহ’ব। সেয়েহে যিমান পাৰে ইয়াত বিনিয়োগ নকৰিবলৈ চেষ্টা কৰক।

বৃষ স্বাস্থ্য ৰাশিফল 2024

বৃষ স্বাস্থ্য ৰাশিফল 2024 অনুসৰি এই বৰ্ষটো আপোনাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা দেখা যায় যে বৰ্ষটোৰ আৰম্ভণি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। পঞ্চম গৃহত কেতু, দ্বাদশ গৃহত বৃহস্পতি আৰু অষ্টম গৃহত মঙ্গল আৰু সূৰ্য্যৰ উপস্থিতিক স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা অনুকূল বুলি ক’ব পৰা নাযায়। ইয়াৰ পিছত আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ18 জানুৱাৰীৰপৰা 12 ফেব্ৰুৱাৰী পৰ্য্যন্ত অষ্টম গৃহত স্থিত হোৱাৰ ফলত স্বাস্থ্যজনিত সমস্যাৰ বৃদ্ধি হ’ব পাৰে। সেয়েহে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়াটো দৰকাৰী।বৃষ ৰাশিফল 2024 (Brish Rashifal 2024) অনুসৰি, বৰ্ষৰ মাজভাগত স্বাস্থ্য ভাললৈ আহিব আৰু আপুনি নিজৰ স্বাস্থ্য ভালে ৰাখিবৰ বাবে কোনো নতুন পৰিকল্পনা কৰিব পাৰে আৰু আপোনাৰ জীৱনশৈলীত কোনো নতুন অভ্যাস সংযোগ কৰিব পাৰে। অক্টোবৰ মাহত পুণৰ কোনো স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে।বৃষ ৰাশিফল 2024 (Brish Rashifal 2024)অনুসৰি, এই বৰ্ষত আপোনাক পিত্তৰ সমস্যাই অধিক অশান্তি কৰিব পাৰে। সেয়েহেঠাণ্ডা-গৰমৰ প্ৰভাৱৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি সটিক ভোজন গ্ৰহণ কৰক।ইয়াৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত লাভাম্বিত হ’ব। বৰ্ষটোৰ অন্তিম মাহত স্বাস্থ্য ভাললৈ আহিব।

2024 বৰ্ষত বৃষ ৰাশিৰ জাতকসকলৰ বাবে শুভ সংখ্যা

বৃষ ৰাশিৰ স্বামী গ্ৰহ হৈছে শুক্ৰ আৰু বৃষ ৰাশিৰ জাতকসকলৰ বাবে শুভ সংখ্যা হৈছে 2 আৰু 7। জ্যোতিষ অনুসৰিবৃষ ৰাশিফল 2024 (Brish Rashifal 2024) য়ে কয় যে, 2024 বৰ্ষৰ কূল যোগ হৈছে 8 ।বৃষ ৰাশিফল 2024 (Brish Rashifal 2024) অনুসৰি,এই বৰ্ষটো বৃষ ৰাশিৰ জাতকসকলৰ বাবে মধ্যমীয়া ধৰণে ফলদায়ক প্ৰমাণিত হ’ব। কিছুমান ক্ষেত্ৰক বাদ দি আপুনি প্ৰায় সকলোতে ভাল ফল প্ৰাপ্ত কৰিব। মাত্ৰ আপুনি এক উদ্দেশ্য আগত ৰাখি আগবাঢ়িব লাগিব আৰু এই বৰ্ষত আপুনি কোন কোন ক্ষেত্ৰত অধিক পৰিশ্ৰম কৰিব লাগিব, সেয়া আপুনি ৰাশিফল পঢ়ি জানিব পাৰিছেই নিশ্চয়। তথাপিতো নিজৰ ফালৰপৰা এটা লক্ষ্য নিৰ্বাচন কৰক আৰু সেই লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰচেষ্টা কৰিলে এই বৰ্ষটোত আপুনি বহু কিবাকিবি প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।

বৃষ ৰাশিফল 2024: জ্যোতিষীয় প্ৰতিকাৰ

  • আপুনি সৰু ছোৱালীৰ ভৰি চুই প্ৰতিদিনে তেওঁলোকৰ আশীৰ্বাদ লোৱা উচিত।
  • গোমাতাক সেউজীয়া খাদ্য আৰু ঘেঁহুৰ আটা খুৱওক।
  • শনিবাৰে পৰুৱাক আটা খাবলৈ দিয়ক আৰু দৰিদ্ৰ লোকক ভোজন কৰাওক।
  • শ্ৰী মহালক্ষ্মী মন্ত্ৰ জপ কৰাটোও আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব।

সঘনাই সোধা প্ৰশ্ন

বৃষ ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো কেনে হ’ব?

বৃষ ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো মধ্যমীয়া হ’ব। এই বৰ্ষটোত কেৰিয়াৰ আৰু শিক্ষাৰ ক্ষেত্ৰত আপুনি প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব পাৰে।

বৃষ ৰাশিৰ ভাগ্যোদয় 2024 বৰ্ষত কেতিয়া হ’ব?

বৃষ ৰাশিৰ জাতকসকলৰ বাবে বৃহস্পতিৰ পৰিবহনৰ পিছৰ সময়খিনি সম্পূৰ্ণৰূপে অনুকূল প্ৰমাণিত হ’ব।

বৃষ ৰাশিৰ জাতকসকল ভাগ্যক কি লিখা আছে?

বৃষ ৰাশিৰ জাতকসকল বিশ্বাসভাজন হোৱাৰ লগতে আৱেগিক স্বভাৱৰ হয়। কিন্তু তেওঁলোকে জীৱনত বহু সংঘৰ্ষৰ সম্মুখীন হ’ব পাৰে।

আশা ৰাখিছোঁ যে আমাৰ প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱাৰ বাবে ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer