কন্যা ৰাশিফল 2024 (Kanya Rashifal 2024)

কন্য়া ৰাশিফল 2024 (Kanya Rashifal 2024) য়ে 2024 বৰ্ষত কন্যা ৰাশিৰ জাতকসকলে লাভ কৰিবলগীয়া ফলসমূহৰ বিষয়ে প্ৰকাশ কৰিছে যে। এই প্ৰৱন্ধটো বিশেষভাৱে কন্যা ৰাসিৰ জাতকসকলৰ বাবে প্ৰস্তুত কৰা হৈছে যাতে তেওঁলোকে নিজৰ জীৱনৰ গুৰুত্বপূৰ্ণ ঘটনাসমূহৰ বিষয়ে আগতীয়া তথ্য লাভ কৰে আৰু সেইমতে নিৰ গুৰুত্বপূৰ্ণ কামবোৰৰ পৰিকল্পনা কৰিব পাৰে। এই প্ৰৱন্ধটোৰদ্বাৰা আপুনি গ্ৰহসমূহৰ পৰিবহন আৰু আপোনাৰ জীৱনত এইবোৰৰ শুভ-অশুভ প্ৰভাৱবোৰৰ বিষয়ে জানিব পাৰিব। তাৰ লগতে এই গ্ৰহসমূহক আপোনাৰ পক্ষলৈ আনিবৰ বাবে প্ৰতিকাৰসূহ লাভ কৰিব পাৰিব।

বাৰ্ষিক ৰাশিফল 2024 পঢ়িবৰ বাবে ইয়াত ক্লিক্ কৰক - ৰাশিফল 2024

কন্য়া ৰাশিফল 2024 (Kanya Rashifal 2024) ৰ জৰিয়তে, আপুনি আৰ্থিক পৰিস্থিতি আৰু আৰ্থিক লাভালাভ, আপুনি কেতিয়া অৰ্থৰ ক্ষেত্ৰত সাৱধান হৈ থাকিব লাগিব সেই বিষয়ে জানিব পাৰিব। লগতে জানিব পাৰিব আপোনাৰ আৰ্থিক স্থিতি কেনে হ’ব? গ্ৰহসমূহৰ পৰিবহনে আপোনাক ধন-সম্পত্তি আৰু বাহনৰ লগত জড়িত কেনে ফল প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কৰ স্থিতি কেনে হ’ব, সুখ-শান্তি বৰ্ত্তি থাকিব নে সম্পৰ্ক চাপপূৰ্ণ হ’ব? পাৰিবাৰিক জীৱন কেনে হ’ব? ই লগতে কেৰিয়াৰৰ ক্ষেত্ৰত লাভ কৰিবলগীয়া ফলাফলবোৰৰ বিষয়েও প্ৰকাশ কৰিব, আপুনি কেতিয়া বিকাশ লাভ কৰিব আৰু আপুনি কোনখিনি সময়ত দুৰ্বল হৈ পৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত পৰিস্থিতি কেতিয়া ভাল হ’ব। দাম্পত্য জীৱন কেনে হ’ব? লগতে এই প্ৰৱন্ধটোত স্বাস্থ্য, শিক্ষা, কেৰিয়াৰ, ব্যৱসায়, ব্যক্তিগত জীৱন, ইত্যাদিৰ লগত জড়িত পূৰ্বানুমানসমূহ প্ৰদান কৰা হ’ব আৰু যদিহে আপুনি এইবোৰৰ বিষয়ে আগতীয়াকৈ জানিব বিচাৰে, তেনেহ’লে প্ৰৱন্ধটো আদিৰপৰা অন্তলৈকে পঢ়ক।

कन्या राशि का राशिफल विस्तार से पढ़ें – कन्या राशिफल 2024

আমি আপোনা জনাব বিচাৰিছোঁ যে এই কন্যা ৰাশিফল 2024  প্ৰৱন্ধটো বিশেষভাৱে আপোনাৰ বাবেই প্ৰস্তুত কৰা হৈছে। এই প্ৰৱন্ধটোৰদ্বাৰা, আপুনি গুৰুত্বপূৰ্ণ পূৰ্বানুমান, গ্ৰহসমূহৰ পৰিবহন আৰু আপোনাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত এইবোৰৰ শুভ আৰু অশুভ ফলসমূহৰ বিষয়ে জানিব পাৰিব। কন্য়া ৰাশিফল 2024 (Kanya Rashifal 2024) প্ৰকৃত বৈদিক জ্যোতিষ নীতিৰ ওপৰত আধাৰিত আৰু এই প্ৰৱন্ধটো এষ্ট্ৰোচেজৰ বিশেষজ্ঞ জ্যোতিষী ডা. ম্ৰগাংকে প্ৰস্তুত কৰি তুলিছে। গ্ৰহসমূহৰ পৰিবহন আৰু গতি-বিধিয়ে ভৱিষ্যতে কেনেদৰে আপোনাৰ জীৱনক প্ৰভাৱিত কৰিব সেই তথ্য প্ৰদান কৰিব পৰাকৈ এই প্ৰৱন্ধটো প্ৰস্তুত কৰি তোলা হৈছে। যদিহে আপোনাৰ জন্ম কন্যা ৰাশিৰ অধীনত হৈছে, তেনেহ’লে এই ৰাশিফল বিশেষভাৱে আপোনাৰ বাবেই নিৰ্মিত।

Click here to read in English: Virgo Horoscope 2024

কন্য়া ৰাশিফল 2024 (Kanya Rashifal 2024) অনুসৰি, শনিয়ে আপোনাৰ সপ্তম গৃহক প্ৰভাৱিত কৰিব কিয়নো শনি আপোনাৰ জন্ম পত্ৰিকাৰ ষষ্ঠ গৃহত উপস্থিত থাকিব আৰু অষ্টম গৃহ, দ্বাদশ গৃহ আৰু তৃতীয় গৃহত দৃষ্টি পেলাব। আপুনি বেমাৰ-আজাৰৰ প্ৰতি সজাগ হৈ থকাৰ আৱশ্যক আছে। আপুনি নিজৰ জীৱনত শৃংখলাৱদ্ধ হ’ব লাগিব আৰু ৰাতিপুৱাৰপৰা ৰাতিলৈকে সঠিক সময়সূচী মানি চলাটো আপোনাৰ বাবে ভাল। শনিয়ে আপোনাক কেৰিয়াৰত যথেষ্ট ভাল সফলতা লাভ কৰাত সহায় কৰিব আৰু আপোনাক কামৰ সন্দৰ্ভত বিদেশলৈ যোৱাৰ সুযোগ প্ৰদান কৰিব। সহোদৰৰ সৈতে সম্পৰ্ক ভাল কৰাৰ বাবে আপুনি চেষ্টা কৰিব লাগিব। বছৰৰ প্ৰথমাৰ্দ্ধলৈকে অৰ্থাৎ 1মে’ পৰ্য্যন্ত বৃহস্পতি অষ্টম গৃহত স্থিত হ’ব আৰু দ্বিতীয়াৰ্দ্ধত নৱম গৃহত স্থিত হ’ব আৰু ইয়াৰ ফলত ধৰ্মীয় কাৰ্য়্য-কলাপ আৰু দান-পুণ্যৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। বৃহস্পতিৰ উপস্থিতিৰ বাবে আপুনি তীৰ্থ ভ্ৰমণৰ বাবে যাব পাৰে আৰু জীৱনৰ সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। আপোনাৰ সন্তান প্ৰাপ্তি হ’ব পাৰে অথবা সন্তানৰ লগত জড়িত ভাল খবৰ লাভ কৰিব পাৰে।  ৰাহু আৰু কেতু ক্ৰমে আপোনাৰ সপ্তম আৰু প্ৰথম গৃহ স্থিত হৈ আপোনাৰ ব্যক্তিগত জীৱন আৰু স্বাস্থ্যক প্ৰভাৱিত কৰিব। আপুনি সেইমতে প্ৰতিকাৰসমূহ গ্ৰহণ কৰিব লাগিব।

2024 বৰ্ষৰ অধিক তথ্য লাভ কৰিবৰ বাবে, শ্ৰেষ্ঠ জ্যোতিষীসকলৰ সৈতে কথা পাতক

সকলো জ্যোতিষীয় গণনা আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। আপোনাৰ চন্দ্ৰ ৰাশি জানিবৰ বাবে ক্লিক কৰক: চন্দ্ৰ ৰাশি কেলকুলেটৰ

কন্যা প্ৰেম ৰাশিফল 2024

কন্য়া ৰাশিফল 2024 (Kanya Rashifal 2024) অনুসৰি, 2024 বৰ্ষত কন্যা ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষটোৰ আৰম্ভণি মধ্যমীয়া হ’ব। আপুনি নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব আৰু আৱেগৰ বশৱৰ্তী হৈ প্ৰেমাস্পদক এনে কোনো কথা নক’ব, যাৰ বাবে তেওঁৰ বেয়া লাগিব পাৰে। আপোনাৰ ৰাশিত গোটেই বৰ্ষ জুৰি কেতু উপস্থিত থকাৰ বাবে আপোনাৰ স্বভাৱ কিছু অন্তৰ্মুখী হৈ পৰিব পাৰে। ইয়াৰ প্ৰভাৱৰ ফলস্বৰূপে আপোনাৰ প্ৰেমাস্পদে আপোনাক বুজি পোৱাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। তেওঁৰ বাৰে বাৰে এনেকুৱা লাগিব পাৰে যেন আপুনি তেওঁৰপৰা কিবা লুকুৱাইছে আৰু এই সমস্যাই আপোনাৰ প্ৰেম জীৱনত মাজে মাজে জটিল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। সেয়েহে নিজৰ মনৰ কথা তেওঁৰ সম্মুখত মুকলিকৈ প্ৰকাশ কৰক আৰু নিজৰ মনৰ অনুভূতিবোৰ প্ৰকাশ কৰক। কিন্তু কিছু সতৰ্কতাও অৱলম্বন কৰিব। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহ আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বাবে যথেষ্ট অনুকূল প্ৰমাণিত হ’ব আৰু এই সময়খিনিত প্ৰেমাস্পদৰ সৈতে ৰোমাঞ্চ কৰাৰ সম্পূৰ্ণ অৱকাশ লাভ কৰিব। প্ৰেমৰ সাগৰত ডুব গৈ থাকি আপুনি আনন্দেৰে জীৱন কটাব। বৰ্ষ 2024 ৰ দ্বিতীয়াৰ্দ্ধত আপুনি প্ৰেম বিবাহৰ ফালে আগবাঢ়িব পাৰে আৰু নিজৰ প্ৰেমাস্পদৰ সৈতে বিয়াত বহিবৰ বাবে সকলো চেষ্টা কৰিবলৈ তৎপৰ হৈ উঠিব। বৰ্ষটোৰ মাজভাগ প্ৰেমৰ সম্পৰ্কৰ বাবে মজলীয়া হ’ব কিন্তু বৰ্ষটোৰ অন্তিম তিনিমাহত আপোনাৰ প্ৰেমৰ সম্পৰ্কই এক নতুন গতিপথ লাভ কৰিব।

কন্যা কেৰিয়াৰ ৰাশিফল 2024

কন্য়া ৰাশিফল 2024 (Kanya Rashifal 2024) অনুসৰি এই গোটেই বৰ্ষ জুৰি শনি আপোাৰ ষষ্ঠ গৃহত উপস্থিত থাকিব আৰু বৰ্ষটোৰ আৰম্ভণিতে সূৰ্য্য আৰু মঙ্গলৰ প্ৰভাৱ আপোনাৰ দশম গৃহত পৰাৰ ফলত কেৰিয়াৰত অনুকূল স্থিতিৰ উদ্ভৱ হ’ব। আপুনি যথেষ্ট কষ্ট কৰিব। শনি দেৱতাৰ কৃপাত আপোনাৰ চাকৰি স্থায়ী হ’ব আৰু আপুনি নিজৰ চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ পথত আগুৱাব। আপুনি নিজ প্ৰচেষ্টাক যথেষ্ট গুৰুত্ব দিব আৰু নিজৰ চাকৰিত সম্পূৰ্ণ মনোযোগ দিব। ইাৰ ফলত আপোনাৰ চাকৰি মজবুত হৈ থাকিব। বৰ্ষটোৰ প্ৰথমাৰ্দ্ধ অতি উত্তম হ’ব আৰু আপুনি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সম্পূৰ্ণ সুযোগ লাভ কৰিব। মাৰ্চৰপৰা এপ্ৰিলৰ ভিতৰত মঙ্গলৰ পৰিবহন আপোনাৰ ষষ্ঠ গৃহত শনিৰ সৈতে হ’ব আৰু তেতিয়া আপোনাৰ চাকৰিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। সেয়েহে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু যিকোনো ধৰণৰ ষড়যন্ত্ৰৰপাৰ বাচি থকাৰ চেষ্টা কৰিব। এইখিনি সময়ত আপোনাৰ বিৰোধীসকলে আপোনাৰ বিৰূদ্ধে কোনো ষড়যন্ত্ৰ কৰিব পাৰে।

এপ্ৰিলৰপৰা মে’ মাহৰ সময়খিনি অনুকূল হ’ব আৰু আপুনি নিজৰ কামসমূহ অধিক ভাল কৰাৰ সুযোগ লাভ কৰিব। কিন্তু জুন মাহত আকৌ সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আছে। কাৰো আগত নিজৰ মনৰ ভাৱ সম্পূৰ্ণ খোলাকৈ প্ৰকাশ নকৰিব আৰু নিজৰ কিছুমান কথা গোপনে ৰাখিব। আপোনাৰ অপ্ৰকাশিত কথা কিছুমান অপ্ৰকাশিত হৈয়েই থকাটো ভাল, অন্যথা আন কোনোবাই তাৰ অনুচিত লাভ উঠাব পাৰে। জুলাইআগষ্টৰ ভিতৰত আপোনাৰ চাকৰিত পৰিৱৰ্তনৰ যোগ সৃষ্টি হ’ব পাৰে। যদিহে আপুনি কোনো এনেকুৱা চাকৰি কৰে য’ত স্থানান্তৰ হৈ থাকে, তেনেহ’লে এইছোৱা সময়ত আপোনাৰ স্থানান্তৰ হোৱাৰ যোগ আছে। আগষ্টৰ পিছৰ সময়খিনি আপোনাৰ কেৰিয়াৰৰ বাবে ভাল প্ৰমাণিত হ’ব। আপুনি নিজৰ কামসমূহ ভালদৰে কৰিব পাৰিব আৰু নিজৰ কেৰিয়াৰত অনুকূল ফল প্ৰাপ্ত কৰিব। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ প্ৰভূত্ব স্থাপিত হ’ব আৰু আপুনি কোনো ডাঙৰ পদ বা কাৰ্য্যভাৰ প্ৰাপ্ত কৰিব পাৰে।

কন্যা শিক্ষা ৰাশিফল 2024

কন্য়া ৰাশিফল 2024 (Kanya Rashifal 2024) অনুসৰি বৰ্ষটোৰ আৰম্ভণি কন্যা ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল হ’ব। আপুনি নিজৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গম্ভীৰ হ’ব আৰু যথেষ্ট পৰিমাণে কষ্ট কৰিব। আপোনাৰ একাগ্ৰতাও থাকিব যাৰ ফলত জানুৱাৰী মাহত আপুনি নিজৰ পঢ়া-শুনাত যথেষ্ট সময় দিব আৰু একাগ্ৰতাৰ সৈতে অধ্যয়ন কৰিব যাৰ ফলত আপুনি বহুতো বিষয়ে সহজেই আয়ত্ব কৰাত সমৰ্থ হ’ব। ফেব্ৰুৱাৰীৰপৰা মাৰ্চৰ সময়খিনি কিছু চাপপূৰ্ণ হ’ব কিয়নো মঙ্গল আৰু শুক্ৰৰ দৰে গ্ৰহৰ প্ৰভাৱ আপোনাৰ পঞ্চম গৃহত পৰিব যি আপোনাৰ মনটো ভিন্ন দিশলৈ বিচলিত কৰিব পাৰে। সেয়েহে আপুনি এই কথাৰ প্ৰতি গুৰুত্ব দিব লাগিব যাতে পঢ়া-শুনাৰ পৰা আপোনাৰ মনটো আতৰি নাযায়। এপ্ৰিলৰ পিছৰপৰা লাহে-লাহে পৰিস্থিতি ভাললৈ আহিব। আগষ্টৰপৰা অক্টোবৰৰ ভিতৰত আপুনি যথেষ্ট ভাল প্ৰদৰ্শন কৰিব পাৰিব আৰু শিক্ষাৰ ক্ষেত্ৰত ভাল নম্বৰ লাভ কৰিব। ইয়াৰ পিছৰ সময়খিনি মোটামুটি ভালেই থাকিব।

2024 বৰ্ষত গোটেই বৰ্ষ জুৰি শনি আপোনাৰ ষষ্ঠ গৃহত বিৰাজমান হ’ব। ইয়াৰ ফলত আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা প্ৰাপ্ত কৰাৰ ভাল যোগ আছে। যদিহে আপুনি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত ভাগ লোৱাৰ কথা ভাবিছে তেনেহ’লে কঁকালত টঙালি বান্ধি লওক আৰু খুব চেষ্টা কৰক। আপোনৰ চেষ্টা অথলে নাযায় আৰু আপোনাৰ বাছনি কোনো বিশেষ পৰীক্ষাৰ কোনো বিশেষ পদৰ বাবে হ’ব বাবে আপুনি অত্যন্ত আনন্দিত হৈ পৰিব। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে বৰ্ষটোৰ প্ৰথমাৰ্দ্ধ কিছু দুৰ্বল হ’ব। কিন্তু দ্বিতীয়াৰ্দ্ধত প্ৰত্যাশিত ফলাফল লাভ কৰিব আৰু সেই সময়ত আপুনি ভাল সফলতা লাভ কৰিব পাৰিব। যদিহে আপুনি বিদেশলৈ গৈ পঢ়িব বিচাৰে তেনেহ’লে আপোনাৰ বাবে এইক্ষেত্ৰত এপ্ৰিল আৰু আগষ্ট মাহ অনুকূল হ’ব।

কন্যা আৰ্থিক ৰাশিফল 2024

কন্য়া ৰাশিফল 2024 (Kanya Rashifal 2024) অনুসৰি আৰ্থিক দিশৰপৰা এই বৰ্ষটো উত্থান-পতনেৰে ভৰা হ’ব। আৰ্থিক দিশৰ সমস্যাসমূহৰপৰা আপুনি বাহিৰ ওলাই আহিব লাগিব। কেতু আৰু ৰাহু আপোনাৰ প্ৰথম আৰু সপ্তম গৃহত আৰু বৰ্ষটোৰ প্ৰথমাৰ্দ্ধত 1 মে’ পৰ্য্যন্ত বৃহস্পতি অষ্টম গৃহত স্থিত হোৱাটো আপোনাৰ আৰ্থিক স্থিতিৰ বাবে অনুকূল নহয়। সেয়েহে আপুনি নিজৰ আৰ্থিক দিশৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়াৰ অৱশ্যকতা আছে। অৱশ্যে শুক্ৰ আৰু বুধৰ গতি-বিধিয়ে মাজে সময়ে আৰ্থিক সংকট দূৰ কৰাত আপোনাক সহায় কৰিব। যদিহে আপুনি কোনো বিনিয়োগ কৰিব বিচাৰে তেনেহ’লে যথেষ্ট ভাবি-চিন্তি আগবাঢ়ক।

1 মে’ৰ পিছত যেতিয়া দেৱ গুৰু বৃহস্পতি আপোনাৰ নৱম গৃহলৈ যাত্ৰা কৰিব আৰু শনি ষষ্ঠ গৃহত স্থিত হৈ আপোনাক আগবাঢ়ি যাবৰ বাবে বহুতো পথ প্ৰদৰ্শন কৰিব। তেতিয়া আপুনি আৰ্থিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি সেই অনুসাৰে নিয়ন্ত্ৰিত বিপদাশংকা গ্ৰহণ কৰিব পাৰিব আৰু নিজৰ ব্যৱসায় তথা অন্য ক্ষেত্ৰসমূহত আৰ্থিক দিশৰপৰা টনকীয়াল অৱস্থা প্ৰাপ্ত কৰিবৰ বাবে চেষ্টা কৰা দেখা যাব। ব্যৱসায়ৰলগত জড়িত ব্যক্তিসকলে এই বছৰ ধন বিনিয়োগ কৰিবলগীয়া হ’ব পাৰে। সেয়েহে আপুনি আৰ্থিক দিশত টনকীয়াল হোৱাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। চাকৰি কৰি থকা জাতকসকলে বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধত ভাল পৰিণাম লাভ কৰিব আৰু তেওঁলোকৰ আৰ্থিক স্থিতি শক্তিশালী হ’ব।

কন্যা পাৰিবাৰিক ৰাশিফল 2024

কন্য়া ৰাশিফল 2024 (Kanya Rashifal 2024) অনুসৰি 2024 বৰ্ষটোৰ আৰম্ভণি আপোনাৰ বাবে কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। বৰ্ষটোৰ আৰম্ভণিতেই মঙ্গল আৰু সূৰ্য্য আপোনাৰ চতুৰ্থ গৃহত বিৰাজমান হৈ পৰিয়ালৰ সদস্যসকলৰ মাজত উগ্ৰতা বৃদ্ধি কৰিব পাৰে যাৰ ফলত পৰিালৰ সদস্যসকলৰ মাজত যুক্তি-তৰ্ক বা চাপ বৃ্দ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত লাহে-লাহে এই সমস্য়াবোৰ কিছু হ্ৰাস পাব। আৰম্ভণিৰ মাহকেইটাত আপুনি নিজৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিব লাগিব। চতুৰ্থ গৃহৰ স্বামী বৰ্ষটোৰ প্ৰথমাৰ্দ্ধত অষ্টম গৃহত বিৰাজমান হোৱাটোৱে পাৰিবাৰিক জীৱনত সমস্যা আৰু মাতৃৰ স্বাস্থ্যৰ অৱনতিৰ সংকেত দিয়ে। সেয়েহে এই দুয়োটা বিষয়ৰ প্ৰতি আপুনি অধিক গুৰুত্ব প্ৰদান কৰাৰ আৱশ্যকতা আছে। এপ্ৰিল আৰু আগষ্ট মাহত আপুনি পাৰিবাৰিক কাজিয়া-পেচালৰ সম্মুখীন হ’ব পাৰে। ইয়াৰ পিছৰ সময়খিনি আকাংক্ষিত ধৰণে অনুকূল হ’ব আৰু পাৰিবাৰিক সদস্যসকলৰ মাজত সুখ-শান্তিময় পৰিৱেশ বৰ্ত্তি থাকিব। বৰ্ষটোৰ আৰম্ভণিৰপাৰই ভাতৃ-ভগ্নীৰ দৃষ্টি আপোনাৰ প্ৰতি প্ৰেমপূৰ্বক হৈ থাকিব। মাৰ্চৰপৰা এপ্ৰিলৰ ভিতৰত কিছু সাৱধানতা অৱলম্বন কৰক। ইয়াৰ পিছত আপোনাৰ তেওঁলোকৰ সৈতে সম্পৰ্ক যথেষ্ট ভাল হ’ব।

বৃহৎ কুণ্ডলী: জানক আপোনাৰ জীৱনত গ্ৰহসমূহৰ পৰিবহনৰ প্ৰভাৱ আৰু ইয়াৰ প্ৰতিকাৰ  

কন্যা সন্তান ৰাশিফল 2024

কন্য়া ৰাশিফল 2024 (Kanya Rashifal 2024) অনুসৰি আপোনাৰ সন্তানে অধ্যয়ন কৰিবৰ বাবে বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে। ইয়াৰ উপৰিও যদিহে আপুনি বিচাৰে যে পঢ়া-শুনাৰ বাবে আপোনাৰ সন্তান কোনো অন্য চহৰলৈ যোৱা উচিত, আপুনি কোনো বোৰ্ডি স্কুল বা সৈনিক স্কুল বা নৱোদয় বিদ্যালয়ত তেওঁৰ নামভৰ্ত্তি কৰিব বিচাৰে, সেইক্ষেত্ৰতো সফলতা লাভ কৰিব। আপোনাৰ সন্তানে এনে পৰীক্ষাত কৃতকাৰ্য্যতা লাভ কৰি ঘৰৰপৰা দূৰত থাকি এনে বিদ্যালয়ত নামভৰ্ত্তি কৰিব পাৰে। যদিহে আপুনি সন্তান প্ৰাপ্তিৰ বাবে ইচ্ছুক তেনেহ’লে এই বৰ্ষত আপুনি কিছু অপেক্ষা কৰিব লাগিব। যেতিয়া 1 মে’ত দেৱ গুৰু বৃহস্পতি নৱম গৃহত বিৰাজমনাৱ হ’ব আৰু তাৰপাৰ আপোনাৰ পঞ্চম গহত দৃষ্টি প্ৰদান কৰিব তেতিয়া সেই সময়খিনি সন্তান প্ৰাপ্তিৰ বাবে সহায়ক হ’ব আৰু বৰ্ষটোৰ শেষৰ ছমাহত আপুনি সন্তান প্ৰাপ্তিৰ সুখ লাভ কৰাৰ যোগ আছে। বিবাহ যোগ্য সন্তানৰ বিবাহ হোৱাৰ আৰু সন্তানে উচ্চ শিক্ষা প্ৰাপ্ত কৰাৰো সম্ভাৱনা আছে।

কন্যা বিবাহ ৰাশিফল 2024

কন্য়া ৰাশিফল 2024 (Kanya Rashifal 2024) অনুসৰি বিবাহিত জাতকসকলৰ ক্ষেত্ৰত দেখা যায় বৰ্ষটোৰ প্ৰথামৰ্দ্ধ আপোনাৰ বাবে উত্থান-পতেনেৰে ভৰা হ’ব। চতুৰ্থ গৃহত সূৰ্য্য আৰু মঙ্গল, ষষ্ঠ গৃহত শনি, অষ্টম গৃহত বৃহস্পতি আৰু সপ্তম গৃহত ৰাহুৰ উপস্থিতিয়ে বৈবাহিক জীৱনত চাপৰ সংকেত দিয়ে। গোটেই বৰ্ষ জুৰি ৰাহু আপোনাৰ সপ্তম গৃহত থাকিব আৰু কেতুৰ প্ৰভাৱ আপোনাৰ প্ৰথম গৃহত পৰিব যাৰ ফলস্বৰূপে বৈবাহিক জীৱন চম্ভালাটো আপোনাৰ বাবে প্ৰত্যাহ্বানজনক হৈ পৰিব। এই বৰ্ষত আপোনালোক দুয়োৰে মাজৰ সমস্যা বৃদ্ধি হোৱাৰ যোগ আছে কিন্তু আপুনি পৰিপক্কতাৰে এই সমস্যাসমূহৰ সমাধান লাভ কৰাৰ চেষ্টা কৰিব লাগিব। দেৱ গুৰু বৃহস্পতি বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধত নৱম গৃহত স্থিত হৈ আপোনাৰ প্ৰথম গৃহত দৃষ্টি দিব আৰু আপোনাক সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰিব। ইয়াৰ ফলত আপোনাৰ বৈবাহিক জীৱনলৈ অহা সমস্যাবোৰ লাহে-লাহে হ্ৰাস পাব কিয়নো আপুনি ভুল-শুদ্ধৰ অনুমান কৰিব পাৰিব।

এই বৰ্ষত বিশেষকৈ মাৰ্চৰপৰা জুন মাহ পৰ্য্যন্ত এই কথাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগিব যে আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ বিবাদ যাতে বৃদ্ধি নহয়, কিয়নো যদিহে এনে হয় তেনেহ’লে আপোনাৰ বৈবাহিক জীৱন ভংগও হ’ব পাৰে আৰু আপুনি আইনী মেৰপেচত সোমাবলগীয়া হ’ব পাৰে। ইয়াৰ পিছত লাহে-লাহে পৰিস্থিতি ভাললৈ আহিব আৰু আপুনি নিজৰ দাম্পত্য জীৱনলৈ শুধৰণি অহা অনুভৱ কৰিব। ইয়াৰ মাজতে জুলাই আৰু আগষ্ট মাহত আৰু তাৰপিছত নৱেম্বৰ মাহত আপোনালোকৰ মাজত প্ৰেম-ভালপোৱা বৃদ্ধি পাব যাৰ ফলত আপোনালোক দুয়ো পৰস্পৰৰ কাষ চাপি আহিব। বৈবাহিক জীৱনত ৰোমাঞ্চ থাকিব আৰু আপুনি সমস্যাসমূহ দূৰ কৰিবলৈ প্ৰকৃত চেষ্টা কৰিব। ইয়াৰদ্বাৰা আপোনালোকৰ সম্পৰ্ক পৰিপক্ক হ’ব আৰু ভাল হ’ব।

কন্যা ব্যৱসায় ৰাশিফল  2024

কন্য়া ৰাশিফল 2024 (Kanya Rashifal 2024) অনুসৰি 2024 বৰ্ষটো ব্যৱসায়ৰ বাবে উত্থান-পতনেৰে ভৰা হ’ব। ৰাহু গোটেই বৰ্ষ জুৰি আপোনাৰ সপ্তম গৃহত স্থিত হৈ আপোনাক আশা কৰাতকৈও অধিক ক্ৰান্তিকাৰী চিন্তা-ধাৰাৰ কৰি তুলিব। আপুনি পৃথক পৃথক ধৰণেৰে চিন্তা কৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়লৈ নতুন বিপ্লৱৰ আগমন ঘটিব। কিন্তু বহুবাৰ আপুনি নিজৰ ওচৰ-পাজৰৰ লোক বিশেষকৈ নিজৰ ব্যৱসায়িক অংশীদাৰক ভালদৰে গুৰুত্ব প্ৰদান নকৰিব যাৰ বাবে তেওঁলোক আঘাতপ্ৰাপ্ত হ’ব পাৰে।  লগতে ইয়াৰ প্ৰভাৱ আপোনাৰ ব্যৱসায়ত পৰিব পাৰে। ইয়াৰপৰা আপুনি যিমানেই বাছিব পাৰিব, সিমানেই আপোনাৰ ব্যৱসায়ে উন্নতি লাভ কৰিব। আপুনি এই বছৰ নিজৰ ব্যৱসায়ৰ বাবে যথেষ্ট পৰিমাণৰ ধন পুঞ্জীভূত কৰাৰ আৱশ্যকতা আছে। কিয়নো তাৰ জৰিয়তেই আপোনাৰ ব্যৱসায়লৈ ধনৰ আগমন ঘটিব আৰু আপুনি উন্নতি লাভ কৰিব আৰু কোনো নতুন যোজনা আৰম্ভ কৰিব পাৰিব। এপ্ৰিল আৰু মে’ মাহ উত্থান-পতনেৰে ভৰা হ’ব। এইখিনি সময়ত আপুনি চাপ অনুভৱ কৰিব। সেয়েহে এই সময়খিনিত কোনো ধৰণৰ ডাঙৰ সিদ্ধান্ত গৰ্হণ নকৰাটো ভাল। আগষ্টৰপৰা নৱেম্বৰ পৰ্য্যন্ত সময়খিনিত আপুনি ব্যৱসায়ত ভাল সফলতা লাভ কৰিব। এইখিনি সময়ত কোনো বিশেষজ্ঞ লোকৰ সৈতে আপোনাৰ সাক্ষাৎ হ’ব পাৰে যাৰ জৰিয়তে আপোনাৰ ব্যৱসায়লৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু তাৰপিছত সফলতা আহিব।

কন্যা সম্পত্তি আৰু বাহনৰ ৰাশিফল  2024

কন্য়া ৰাশিফল 2024 (Kanya Rashifal 2024) অনুসৰি, সম্পত্তিৰ ক্ষেত্ৰত বৰ্ষটোৰ প্ৰথম মাহ সকলোতকৈ ভাল হ’ব। এইখিনি সময়ত আপুনি কোনো ডাঙৰ সম্পত্ত ক্ৰয় কৰাত সফল হ’ব। চৰকাৰী ক্ষেত্ৰতো লাভ প্ৰাপ্ত কৰাৰ যোগ আছে। যদিহে আপুনি এইখিনি সময়ত কোনো ভুল কৰে তেনেহ’লে আপুনি পুণৰ অপেক্ষা কৰিব লাগিব। এই বৰ্ষৰ মাজভাগত আগষ্ট আৰু ছেপ্তেম্বৰ তথা নৱেম্বৰ মাহত সম্পত্তি ক্ৰয় কৰাত সফলতা লাভ কৰিব পাৰে। শেষ সময়ত সম্পত্তি লোৱাটো সিমান লাভজনক নহ’ব। বিশেষকৈ মাৰ্চৰপৰা মে’ মাহৰ ভিতৰত কোনো সম্পত্তি ক্ৰয় নকৰাটো ভাল কিয়নো সেইক্ষেত্ৰত কোনো কানুনী জঞ্জাল হ’ব পাৰে।

অনুসৰি বাহনৰ দৃষ্টিকোণৰপৰা প্ৰত্যক্ষ কৰিলে দেখা যায় আপুনি কিছু ধৈৰ্য্য ধৰিব লাগিব। ফেব্ৰুৱাৰী মাহটো উত্তম হ’ব। এইখিনি সময়ত বাহন ক্ৰয় কৰাত সফলতা লাভ কৰিব পাৰে। ইয়াৰ পিছত মে’ মাহৰপৰা জুন মাহৰ ভিতৰত আপুনি বাহন ক্ৰয় কৰাত সফল হোৱাৰ যোগ আছে আৰু তাৰপিছত ছেপ্তেম্বৰৰপৰা অক্টোবৰৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে উপযুক্ত হ’ব। এইখিনি সময়ত বাহন ক্ৰয় কৰিবৰ বাবে আপোনাৰ আগ্ৰহো বাঢ়িব আৰু আপুনি কোনো নতুন বাহন কিনিব পাৰে। ভুলতেও মাৰ্চৰপৰা জুন মাহৰ ভিতৰত বাহন ক্ৰয় নকৰিব কাৰণ সেই বাহনৰ দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ বা কোনো সমস্যা হোৱাৰ সম্ভাৱনা আছে। 

সকলো প্ৰকাৰৰ জ্যোতিষীয় সমাধানৰ বাবে দৰ্শন কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

কন্যা ধন আৰু লাভ ৰাশিফল  2024

কন্য়া ৰাশিফল 2024 (Kanya Rashifal 2024) অনুসৰি এই বৰ্ষটো ধনৰ দৃষ্টিকোণৰপৰা মধ্যমীয়া পৰিমাণৰ ফল প্ৰাপ্ত কৰিব। আপুনি নিজৰ আৰ্থিক সমস্যাসমূহ দূৰ কৰিবৰ বাবেনিজেই প্ৰয়াস কৰিব লাগিব। গ্ৰহসমূহৰ স্থিতিয়ে প্ৰকাশ কৰে যে এই বৰ্ষটোৰ প্ৰথমাৰ্দ্ধ আপোনাৰ বাবে বেছি অনুকূল নহয়। অষ্টম গৃহত বৃহস্পতিৰ স্থিতি আৰু আপোনাৰ ৰাশিত কেতুৰ উপস্থিতিক আৰ্থিক দিশৰপৰা অনুকূল বুলি ক’ব পৰা নাযায়। ইয়াৰ ফলত আপুনি আৰ্থিক প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। যিকোনো ঠাইত ধন বিনিয়োগ কৰাৰ পূৰ্বে বাৰে বাৰে ভাবক, অন্যথা আপুনি লোকচানৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। আমি আপোনাক এয়াই পৰামৰ্শ দিওঁ যে বৰ্ষটোৰ প্ৰথমাৰ্দ্ধত কোনো ধৰণৰডাঙৰ বিনিয়োগ নকৰিব। যদিহে আপুনি কোনো ব্যৱসায় কৰে তেনেহ’লে সেই ব্যৱসায়তো বছৰৰৰ প্ৰথমাৰ্দ্ধত কোনো ধন বিনিয়োগ কৰাৰ পূৰ্বে যথেষ্ট চিন্তা কৰক। অৱশ্যে বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধত আকাংক্ষিত ফলাফল লাভ কৰিব। বৃহস্পতি আপোনাৰ নৱম গৃহত 1 মে’ত প্ৰৱেশ কৰিব যাৰ ফলত আপোনাৰ ভাগ্য উদয় হ’ব। আপুনি সঠিক পথত আগবাঢ়ি যাব আৰু আৰ্থিক দিশত উন্নতি পথৰ সন্ধান পাব। শনি আপোনাৰ ষষ্ঠ গৃহত স্থিত হৈ আপোনাক প্ৰত্যাহ্বানৰপৰা দূৰ কৰিব। চাকৰিয়েই হওক বা ব্যৱসায় আপুনি সকলো কাম নিয়াৰিকৈ কৰিব যাৰ ফলত আপুনি ভাল ফল প্ৰাপ্ত কৰিব আৰু ইয়াৰ ফলত আপুনি আৰ্থিকভাৱেও লাবাম্বিত হ’ব। আপুনি আগষ্ট আৰু নৱেম্বৰ মাহত চৰকাৰী খণ্ডৰপৰা ধন লাভ কৰাৰ যোগ আছে।

কন্যা স্বাস্থ্য ৰাশিফল 2024

কন্য়া ৰাশিফল 2024 (Kanya Rashifal 2024) অনুসৰি আপুনি এই বৰ্ষটোত স্বাস্থ্য়ৰ বিশেষ ধ্যান ৰাখিব লাগিব কিয়নো গ্ৰহসমূহৰ গতি-বিধি আৰু পৰিবহন আপোনাৰ স্বাস্থ্যৰ বাবে বিশেষঅনুকূল নহয়। গোটেই বৰ্ষ জুৰি ৰাহু আপোনাৰ সপ্তম গৃহত আৰু কেতু আপোনাৰ ৰাশিত স্থিত হৈ আপোনাক সময়ে সময়ে মানসিক অশান্তিৰ সম্মুখীন হ’বলৈ বাধ্য কৰিব পাৰে। শনি আপোনাৰ ষষ্ঠ গৃহত স্থিত হ’ব যি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব কিন্তু মাজে-সময়ে স্বাস্থ্যজনিত সমস্যা বৃদ্ধি কৰিব পাৰে। সেয়েহে আপুনি অনুশাসনৱদ্ধ জীৱনশৈলী আপোনাই লোৱা উচিত আৰু আপোনাৰ  নিজৰ কোনো ভুলৰ বাবে যাতে আপুনি কোনো স্বাস্থ্যজনিত সমস্যাৰ চিকাৰ নহয় সেই কথাৰ প্ৰতি মনোযোগ দিব।

দেৱ গুৰু বৃহস্পতি 1 মে’ পৰ্য্যন্ত আপোনাৰ অষ্টম গৃহত স্থিত হ’ব। এই স্থিতি স্বাস্থ্যৰ ফালৰপৰা অনুকূল নহয় কিয়নো শনিৰ দৃষ্টিও ইয়াতেি পৰিব আৰু বৰ্ষটোৰ আৰম্ভণিত মঙ্গলৰ দৃষ্টি আপোনাৰ সপ্তম গৃহত পৰিব য’ত ৰাহুও বিৰাজমান হৈছে। সেয়েহে বৰ্ষটোৰ আৰম্ভণিত আপোনাক গুপ্ত সমস্যাই অশান্তি কৰিব পাৰে। ইয়াৰ উপৰিও পেটৰ বিষ, চকুৰ খচখচনি বা চকুৰ জ্বলা-পোৰা আদিয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে। পাকস্থলীৰ সমস্যাৰ প্ৰতি আপুনি সচেতন হৈ থাকিব লাগিব। অৱশ্যে আপুনি স্বাস্থ্যক লৈ সতৰ্কতা অৱলম্বন কৰিব লাগিব।

2024 বৰ্ষ কন্যা ৰাশিৰ জাতকসকলৰ বাবে শুভ সংখ্যা

কন্যা ৰাশিৰ স্বামী হৈছে বুধ আৰু কন্যা ৰাশিৰ জাতকসকলৰ বাবে ভাগ্যশালী সংখ্যা হৈছে 5 আৰু 6। জ্যোতিষ অনুসৰি কন্য়া ৰাশিফল 2024 (Kanya Rashifal 2024) য়ে প্ৰকাশ কৰে যে, বৰ্ষ 2024 ৰ কূল যোগ হৈছে 8। এই বৰ্ষটো কন্যা ৰাশিৰ জাতকসকলৰ বাবে মধ্যমীয়া হ’ব। সেয়েহে আপুনি নিজৰ সমস্যাসমূহৰপৰা পৰিত্ৰাণ পাবৰ বাবে নিজেই প্ৰয়াস কৰিব লাগিব। কন্য়া ৰাশিফল 2024 (Kanya Rashifal 2024) অনুসৰি, আৰ্থিক আৰু শাৰীৰিক ক্ষেত্ৰত এই বৰ্ষটোত আপুনি অধিক সচেতন হোৱাৰ প্ৰয়োজনীয়তা আছে। আনহাতে অন্য ক্ষেত্ৰসমূহত আপুনি আকাংক্ষিত অধিক ভাল ফল লাভ কৰিব। নিজৰ আত্মসন্মান বৰ্ত্তাই ৰাকক আৰু কাৰো সৈতে অযথা বিবাদ বা যুক্তি-তৰ্কত লিপ্ত নহ’ব।

কন্যা ৰাশিফল 2024: জ্যোতিষীয় প্ৰতিকাৰ

  • বুধবাৰে সন্ধ্যা সময়ত কোনো মন্দিৰত ক’লা তিল দান কৰক।
  • শনিবাৰে বটগছৰ তলত সৰিয়হ তেলৰ চাকি সন্ধ্যা সময়ত জ্বলাওক।
  • প্ৰতিদিনে শ্ৰী গণপতি অৰ্থবিশেষ পাঠ কৰিব আৰু গণপতি জীক দুৰ্বাংকুৰ অৰ্পণ কৰক।
  • বৃহস্পতিবাৰে মুগা ৰঙৰ গাই গৰুক হালধি থকা ৰুটী খুৱাওক।

সঘনাই সোধা প্ৰশ্ন

কন্যা ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো কেনে হ’ব?

কন্যা বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, বৰ্ষ 2024 ত আপুনি কেৰিয়াৰত বিকাশ লাভ কৰাৰ বহুতো সুযোগ প্ৰাপ্ত কৰিব। আপুনি নিজৰ কঠোৰ পৰিশ্ৰম আৰু সমৰ্পণৰ ফল লাভ কৰিব, যাৰ ফলত দৰমহা বৃদ্ধি, বনাছ বা কেৰিয়াৰৰ উন্নতি হোৱাৰ যোগ আছে।

2024 বৰ্ষত কন্যা ৰাশিৰ ভাগ্যোদয় কেতিয়া হ’ব?

কন্যা ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষ 2024 ৰ এপ্ৰিলৰ পিছৰ সময়খিনি অধিক অনুকূল হ’ব।

কন্যা ৰাশিৰ জাতকসকলৰ ভাগ্যত কি লিখা আছে?

বৰ্ষ 2024 ত কন্যা ৰাশিৰ জাতকসকলে যথেষ্ট কষ্ট কৰিব। অৱশ্যে আপুনি নিজৰ কৰ্মক্ষেত্ৰত নাম-যশ লাভ কৰাৰ বাবে পদোন্নতি লাভ কৰিবৰ বাবে অধিক ভালদৰে কাম কৰিব লাগিব।

কন্যা ৰাশিৰ জীৱনসঙ্গী কোন?

কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু মকৰ ৰাশিৰ সৈতে কন্যা ৰাশিৰ জাতকসকলৰ ভাল যোৰা স্থাপন হয়।

কন্যা ৰাশিক কোন ৰাশিৰ জাতকে ভাল পায়?

বৃষ ৰাশি, কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু মকৰ ৰাশিৰ লোকসকলে কন্যা ৰাশিৰ জাতকসকলক সকলোতকৈ অধিক প্ৰেম কৰে।

কন্যা ৰাশিৰ শত্ৰু কোন?

কন্যা ৰাশিৰ জাতকসকলৰ সকলোতকৈ ডাঙৰ শত্ৰু বুলি মিথুন ৰাশিৰ জাতকসকলক গণ্য কৰা হয়।

আশা ৰাখিছোঁ যে আমাৰ প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱাৰ বাবে ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer