এপ্ৰিল 2024 অৱলোকন (April 2024 awalokan)

বছৰটোৰ প্ৰতিটো দিনই এটা নতুন পুৱা আৰু আশাৰ বতৰা কঢ়িয়াই আনে। আমাৰ এই এপ্ৰিল 2024 অৱলোকন ব্লগটোৰ জৰিয়তে আপুনি লাভ কৰিব এপ্ৰিল মাহৰ সকলো তথ্য। এইখিনি সময়ত শীতকাল লাহে লাহে নাইকিয়া যালৈ ধৰে আৰু টান ৰ’দৰ সৈতে গ্ৰীষ্মকাল আহি উপস্থিত হয়হি। সহজ ভাষাত ক'ব পাৰি যে এতিয়া মাৰ্চ মাহে লাহে লাহে আমাৰ পৰা বিদায় ল’ব আৰু এপ্ৰিল 2024 মাহটো আহি আমাৰ নঙলা মুখত সাজু হৈ ৰৈছেহি। এনে পৰিস্থিতিত, আমি সকলোৱে জানিবলৈ আগ্ৰহী যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব? প্ৰেম জীৱনত মধুৰতা থাকিব নে বিবাদ হ'ব? আপুনি কেৰিয়াৰ আৰু ব্যৱসায়ত কেনে ফলাফল লাব কৰিব? এই সকলোবোৰ প্ৰশ্ন আপুনি।

এপ্ৰিল 2024 অৱলোকন (April 2024 awalokan)

ভৱিষ্যতৰ সৈতে জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰিব বিদ্বান জ্যোতিষীসকলৰ সৈতে কথা পাতি

কেৱল এয়াই নহয়, এপ্ৰিল মাহটো বিভিন্ন দিশৰপৰা বিশেষ হ'ব কিয়নো এফালে এপ্ৰিল মাহত শিশুসকলৰ বিদ্যালয় আৰম্ভ হ'ব, আনফালে নতুন বিত্তীয় বৰ্ষও 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। এই সকলোবোৰ কথা মনত ৰাখি আৰু আপোনাৰ মনত উদ্ভৱ হোৱা সকলো প্ৰশ্নৰ উত্তৰ দিবৰ বাবেএষ্ট্ৰোছেজ "এপ্ৰিল 2024"ৰ এই বিশেষ মাহেকীয়া ব্লগটো আপোনাৰ বাবে প্ৰস্তুত কৰি তুলিছে। এই ব্লগৰ জৰিয়তে, আমি আপোনাক এপ্ৰিল মাহৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ বিষয়বোৰৰ বিষয়ে অৱগত কৰিম।

কোনবোৰ বিশেষত্বই এপ্ৰিল 2024 এই ব্লগটোক বিশেষ কৰি তুলিছে?

এষ্ট্ৰোছেজৰ এই এপ্ৰিল 2024 অৱলোকন প্ৰবন্ধটোত আপোনাক এপ্ৰিল 2024-ৰ বিষয়ে বিতং তথ্য প্ৰদান কৰা হ’ব, সেয়া ৰাশিফলেই হওঁক বা এই মাহত পালন কৰিবলগীয়া উৎসৱেই হওঁক। ইয়াত আপুনি এপ্ৰিল 2024 ৰ এক অৱলোকন লাভ কৰিব।

  • এপ্ৰিল মাহত জন্ম হোৱা লোকসকলৰ ব্যক্তিত্বত কি কি বিশেষ গুণ পোৱা যায়।
  • এই মাহত বেংক বন্ধ কেতিয়া কেতিয়া আছে?
  • এপ্ৰিল 2024 ত কোন গ্ৰহে কেতিয়া কৰিব নিজৰ স্থিতি, গতি আৰু ৰাশি পৰিৱৰ্তন? আৰু এই মাহত সূৰ্য্য বা চন্দ্ৰ কি গ্ৰহণ লাগিব অথবা কোন তাৰিখে লাগিব? ইয়াত এই তথ্যও আমি আপোনাক প্ৰদান কৰিম।
  • এপ্ৰিলৰ এই মাহটো ৰাশিচক্ৰৰ 12 ৰাশিৰ জাতকসকলৰ বাবে কেনে হ’ব? শুভ নে অশুভ, জাতকসকলক কেনে ধৰণৰ ফল প্ৰদান কৰিব? লগতে, আপুনি নিজৰ কেৰিয়াৰৰপৰা আৰম্ভ কৰি পাৰিবাৰিক জীৱন পৰ্য্যন্ত ভৱিষ্যতৰ বিস্তৃত বিৱৰণ জানিবৰ বাবে এই এপ্ৰিল 2024 অৱলোকন ব্লগটো শেষলৈকে পঢ়াটো জৰুৰী।

আহক এতিয়া আমি আগবাঢ়ি যাওঁ আৰু এপ্ৰিল 2024 ৰ পঞ্জিকাৰ বিষয়ে জানো।

এপ্ৰিল 2024 ৰ জ্যোতিষীয় তথ্য আৰু হিন্দু পঞ্জিকাৰ গণনা

এপ্ৰিল হৈছে বছৰটোৰ চতুৰ্থ মাহ আৰু হিন্দু বৰ্ষত প্ৰায়েই এই মাহটো প্ৰথম মাহ হয়। হিন্দু পঞ্জিকা অনুসৰি, এপ্ৰিল 2024 ৰ আৰম্ভণি মূল নক্ষত্ৰৰ অধীনত কৃষ্ণ পক্ষৰ সপ্তমী তিথি অৰ্থাৎ 01 এপ্ৰিল 2024 ত হ’ব য’ত এই মাহটোৰ সমাপ্তি উত্তৰাষাড়া নক্ষত্ৰৰ অন্তৰ্গত কৃষ্ণ পক্ষৰ সপ্তমী তিথি অৰ্থাৎ 30 এপ্ৰিল 2024 ত হ’ব।

এয়াও পঢ়ক: ৰাশিফল 2024

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

এপ্ৰিল 2024 ত পালন কৰিবলগীয়া ব্ৰত আৰু উৎসৱৰ তাৰিখ

সনাতন ধৰ্মত প্ৰতি মাহে বহুতো ব্ৰত আৰু উৎসৱ পালন কৰা হয় আৰু এই সকলো বোৰ পৰ্ব অতি শ্ৰদ্ধা আৰু আস্থাৰে উদযাপন কৰা হয়। এনেদৰে মাৰ্চ মাহৰ দৰেই এপ্ৰিল 2024 তো যথেষ্ট পৰিমাণে ব্ৰত আৰু উৎসৱ পালন কৰা যাব। আহক এতিয়া আমি আপোনাক এপ্ৰিল 2023ৰ ব্ৰতস আৰু উৎসমূহৱৰ তাৰিখ সম্পৰ্কে অৱগত কৰোঁ।

তাৰিখ ৎসৱ
5 এপ্ৰিল 2024, শুক্ৰবাৰ পাপমোচনী একাদশী
6 এপ্ৰিল 2024, শনিবাৰ প্ৰদোষ ব্ৰত (কৃষ্ণ)
7 এপ্ৰিল 2024, দেওবাৰ মাহেকীয়া শিৱৰাত্ৰি
8 এপ্ৰিল 2024, সোমবাৰ চৈত্ৰ অমাৱস্যা
9 এপ্ৰিল 2024, মঙ্গলবাৰ

চৈত্ৰ নৱৰাত্ৰি, উগাদী,

গৃহস্থাপনা, গুড়ী পৰ্ব

10 এপ্ৰিল 2024, বুধবাৰ চেটী চণ্ড
13 এপ্ৰিল 2024, শনিবাৰ মেষ সংক্ৰান্তি
17 এপ্ৰিল 2024, বুধবাৰ চৈত্ৰ নৱৰাত্ৰি পাৰণা, ৰামনৱমী
19 এপ্ৰিল 2024, শুক্ৰবাৰ কামদা একাদশী
21 এপ্ৰিল 2024, দেওবাৰ প্ৰদোষ ব্ৰত (শুক্ল)
23 এপ্ৰিল 2024, মঙ্গলবাৰ হনুমান জয়ন্তী,চৈত্ৰ পূৰ্ণিমা ব্ৰত
27 এপ্ৰিল 2024, শনিবাৰ সংকষ্টী চতুৰ্থী

এপ্ৰিল 2024 ত পালন কৰিবলগীয়া ব্ৰত আৰু উৎসৱসমূহৰ মহত্ব

পাপমোচনী একাদশী (5 এপ্ৰিল 2024, শুক্ৰবাৰ): এটা বৰ্ষত পৰা চৌব্বিশটা একাদশীৰ ভিতৰত পাপমোচানী একাদশীক অত্যন্ত শুভ আৰু লাভজনক বুলি গণ্য কৰা হয়। এই একাদশী ভগৱান শ্ৰীহৰি বিষ্ণুৰ প্ৰতি উৎসৰ্গিত আৰু এই দিনটোত বিধি-বিধান অনুসৰি ভগৱান বিষ্ণুৰ উপাসনা কৰা হয়। এই তিথিত মানুহে কাকো নিন্দা কৰা আৰু মিছা কোৱাটো পৰিহাৰ কৰিব লাগে। লগতে যিসকল জাতকে পাপমোচানী একাদশীৰ ব্ৰত পালন কৰে তেওঁলোকে ব্ৰহ্মহত্যা, স্বৰ্ণ চুৰি, হিংসা, সুৰা পান আৰু ভ্ৰুণঘাত আদিকে ধৰি বহুতো গুৰুতৰ পাপৰ অপৰাধৰ পৰা পৰিত্ৰাণ লাভ কৰে।

শনি প্ৰদোষ ব্ৰত (6 এপ্ৰিল 2024, শনিবাৰ): হিন্দু ধৰ্মত, প্ৰতি মাহে কেইবাটাও ব্ৰত পালন কৰা হয়, প্ৰদোষ ব্ৰতো হৈছে এইবোৰৰ মাজৰ এটা। হিন্দু পঞ্জিকা অনুসৰি, প্ৰতি মাহৰ কৃষ্ণ আৰু শুক্ল পক্ষৰ ত্ৰয়োদশী তিথিত প্ৰদোষ ব্ৰত পালন কৰা হয়। এই তিথিতি ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ পূজন কৰাটো ফলপ্ৰসূ হয়। এই মাহত প্ৰদোষ ব্ৰত 06 এপ্ৰিল 2024 তাৰিখ শনিবাৰে পৰিছে। শনিবাৰ পৰাৰ বাবে ইয়াক শনি প্ৰদোষ ব্ৰত বুলি কোৱা হ'ব।

মাহেকীয়া শিৱৰাত্ৰি (07 এপ্ৰিল 2024, দেওবাৰ): মাহেকীয় শিৱৰাত্ৰিৰ ব্ৰত প্ৰতি মাহে ভক্তসকলৰদ্বাৰা ভগৱান শিৱৰ অনুগ্ৰহ আৰু আশীৰ্বাদ লাভ কৰিবৰ বাবে পালন কৰা হয়। জনাব বিচাৰিছোঁ যে যে মাহেকীয়া মানে হৈছে প্ৰতি মাহে মাহে হোৱা আৰু শিৱৰাত্ৰিৰ অৰ্থ হৈছে ভগৱান শিৱৰ নিশা বা ৰাত্ৰি। হিন্দু পঞ্জিকা অনুসৰি প্ৰতি মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মাহেকীয়া পালন কৰা হয়। এই ব্ৰত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত আৰু এই ব্ৰত শিৱ ভক্তসকলে আস্থাৰে সৈতে পালন কৰে।

চৈত্ৰ অমাৱস্যা (8 এপ্ৰিল 2024, সোমবাৰ): হিন্দু ধৰ্মত, প্ৰত্যেক মাহে অমাৱস্যা তিথি পৰে আৰু প্ৰতিটো অমাৱস্যাৰ নিজা নিজা গুৰুত্ব আছে। কিন্তু, চৈত্ৰ অমাৱস্যাক বিশেষ হিচাপে গণ্য কৰা হয় যি প্ৰতি বছৰে চ’ত মাহৰ কৃষ্ণ পক্ষৰ অমাৱস্যাৰ দিনা পৰে সেয়েহে ইয়াক চৈত্ৰ অমাৱস্যা বুলি কোৱা হয়। এই তিথিত স্নান, দান, জপ আৰু অন্যান্য ধৰ্মীয় কাৰ্য্য সম্পন্ন কৰা হয়। লগতে, চৈত্ৰ অমাৱস্যাৰ দিনটো পিতৃ তৰ্পণ আদি কাৰ্য্য কৰিবৰ বাবেও ভাল কিয়নো এই অমাৱস্যা পিতৃপুৰুষৰ লগত জড়িত কাৰ্য্যৰ বাবে উত্তম।

চৈত্ৰ নৱৰাত্ৰি (09 এপ্ৰিল 2024, মঙ্গলবাৰ): নৱৰাত্ৰিৰ নটা তিথিত অত্যন্ত শুভ আৰু পৱিত্ৰ হিচাপে গণ্য কৰা হয়। হিন্দু পঞ্জিকা অনুসৰি, চৈত্ৰ নৱৰাত্ৰিৰ আৰম্ভ চ’ত মাহৰ প্ৰতিপদ তিথিত হয় আৰু এই দিনটোৰপৰা হিন্দু নৱবৰ্ষও আৰম্ভ হয়। নৱৰাত্ৰিৰ নটা দিনত সম্পূৰ্ণ বিধি-বিধানেৰে মা দেৱী দুৰ্গাৰ নটা স্বৰূপৰ পূজা কৰা হয়। চৈত্ৰ নৱৰাত্ৰিৰ প্ৰথম দিনা কলহ স্থাপন কৰা হয় আৰু তাৰ পিছত নৱমী তিথি পৰ্য্যন্ত দেৱীৰ বাবে ব্ৰত আৰু পূজা কৰা হয়। চৈত্ৰ নৱৰাত্ৰিৰ অন্তিম দিনা সৰু ছোৱালীক ভোজন কৰোৱা হয়।

উগাদী (09 এপ্ৰিল 2024, মঙ্গলবাৰ): হিন্দু নৱবৰ্ষৰ আগমনৰ আনন্দত দক্ষিণ ভাৰতত উগাদী উদযাপন কৰা হয়। গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰি, এয়া হৈছে মাৰ্চৰ শেষ বা এপ্ৰিলৰ আৰম্ভণিৰ সময়। দক্ষিণ ভাৰতত বাস কৰা লোকসকলে উগাদী উৎসৱৰ অতি ধুমধামেৰে আয়োজন কৰে। এই দিনটোত মানুহে নিজৰ ইষ্ট-কুটুম্ব আৰু বন্ধু-বৰ্গৰ সৈতে কোনো এটা স্থানত একত্ৰিত হয় আৰু বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন উপভোগ কৰে।

ঘটস্থাপনা পূজা (09 এপ্ৰিল 2024, মঙ্গলবাৰ): চৈত্ৰ নৱৰাত্ৰি 2024 ৰ প্ৰথম দিনটোত অৰ্থাৎ প্ৰতিপদ তিথিত কলহ স্থাপনা কৰা হয়। এই তিথিত কলহা স্থাপনা কৰাটোক অত্যন্ত শুভ আৰু পৱিত্ৰ বুলি গণ্য কৰা হয়। ইয়াৰ পিছত, পৰ্য্যন্ত সেই কলহৰ পূজা-অৰ্চনা হয়, কিন্তু আপুনি ঘটস্থাপনা কৰোঁতে নিয়মবোৰৰ প্ৰতি বিশেষ মনোযোগ দিব লাগিব। যিমানদূৰ সম্ভৱ কলহ স্থাপনৰ সময়ত ভুল-ত্ৰুটি পৰিহাৰ কৰা উচিত।

গুড়ী পৰ্ব (09 এপ্ৰিল 2024, মঙ্গলবাৰ): গুড়ী পৰ্ব উৎসৱটো মুখ্যতঃ মহাৰাষ্ট্ৰত আড়ম্বৰেৰে উদযাপন কৰা হয় আৰু ইয়াত এই উৎসৱৰ এক প্ৰকাৰৰ অনন্য জাকজমক থাকে। হিন্দু পঞ্জিকা অনুসৰি, চ’ত মাহৰ শুক্ল প্ৰতিপদ তিথিত গুড়ী পৰ্ব উদযাপন কৰা হয়। এই উৎসৱৰপৰাই হিন্দু নৱবৰ্ষৰ আৰম্ভণি হয়। বিশ্বাস কৰা হয় যে চ’ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদৰপৰা নতুন বৰ্ষৰ আৰম্ভ হয়।

চেটী চণ্ড (10 এপ্ৰিল 2024, বুধবাৰ): সিন্ধি সম্প্ৰদায়ৰ মুখ্য উৎসৱ হৈছে চেটী চণ্ড আৰু পঞ্জিকা অনুসৰি, চ’ত মাহৰ শুক্ল পক্ষত চন্দ্ৰ দৰ্শনৰ তিথি অৰ্থাৎ দ্বিতিয়া তিথিত সিন্ধি লোকসকলে এই উৎসৱ উদযাপন কৰে। এই সম্প্ৰদায়ৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় উৎসৱ হৈছে ঝুললাল জয়ন্তী আৰু এই উপলক্ষে সিন্ধি সম্প্ৰদায়ৰ লোকসকলে ঝুলেলাল মন্দিৰদৰ্শন কৰে আৰু শ্ৰদ্ধাৰে তেওঁক উপাসনা কৰে।

মেষ সংক্ৰান্তি (13 এপ্ৰিল 2024, শনিবাৰ): হিন্দু ধৰ্মত, সংক্ৰান্তি তিথিক যথেষ্ট পুণ্যদায়ক আৰু লাভজনক বুলি গণ্য কৰা হয় আৰু এই দিনটোত দান-পুণ্য কৰাটো অতিশয় শুভ। আমি আপোনাক জনাব বিচাৰোঁ যে সূৰ্য দেৱতাই প্ৰতি মাহে তেওঁৰ ৰাশি পৰিৱৰ্তন কৰে, অৰ্থাৎ ই এটা ৰাশিৰ পৰা আন এটা লৈ যায়। যেতিয়া তেওঁ নিজৰ ৰাশি চিহ্ন সলনি কৰি নতুন ৰাশিলৈ যায়, ইয়াক সংক্ৰান্তি বুলি কোৱা হয়। এতিয়া সূৰ্য মহাৰাজে 13 এপ্ৰিল, 2024 তাৰিখে ৰাশি চক্ৰৰ প্ৰথম ৰাশি মেষ ৰাশিৰ প্ৰৱেশ কৰিব যাৰ বাবে এই দিনটোক মেষ সংক্ৰান্তি পৰ্ব হিচাপে উদযাপন কৰা হ'ব।

চৈত্ৰ নৱৰাত্ৰি পাৰণ (17 এপ্ৰিল 2024, বুধবাৰ): চৈত্ৰ নৱৰাত্ৰি পৰ্ব একেৰাহে নদিন ধৰি পালন কৰা হয় আৰু এই দিনকেইটাত মা দুৰ্গাৰ নটা স্বৰূপৰ পূজা কৰা হয়। কিন্তু, চৈত্ৰ নৱৰাত্ৰিৰ পাৰণ কৰাটোকো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। হিন্দু পঞ্জিকা অনুসৰি, চ’ত মাহৰ শুক্ল পক্ষৰ দশমী তিথিত চৈত্ৰ নৱৰাত্ৰিৰ পাৰণ উদযাপন কৰা হয়, যি হৈছে নদিনীয়া চৈত্ৰ নৱৰাত্ৰি উৎসৱৰ অন্তিম দিন।

ৰামনৱমী (17 এপ্ৰিল 2024, বুধবাৰ): মৰ্যাদা পুৰুষোত্তম ভগৱান ৰামক শ্ৰী হৰি বিষ্ণুৰ সপ্তম অৱতাৰ হিচাপে গণ্য কৰা হয় যিগৰাকীয়ে অযোধ্যাৰ ৰজা দশৰথৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। আমি আপোনাক কোৱাৰ দৰে যে হিন্দু নৱবৰ্ষ চ’ত মাহৰ পৰা আৰম্ভ হয় আৰু এই মাহৰ নৱৰাত্ৰিৰ ন দিন পৰ্য্যন্ত শক্তি সাধনা কৰা হয়। এই ক্ৰমত, চৈত্ৰ নৱৰাত্ৰিৰ নৱম দিন অৰ্থাৎ নৱমী তিথিক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় কিয়নো ভগৱান শ্ৰী ৰামৰ জন্ম এই দিনটোতে হৈছিল, সেয়েহে চৈত্ৰ মাহৰ শুক্ল পক্ষৰ নৱম দিনটো ৰাম নৱমী হিচাপে পালন কৰা হয়।

কামদা একাদশী ব্ৰত (19 এপ্ৰিল 2024, শুক্ৰবাৰ): হিন্দু পঞ্জিকা অনুসৰি চ’ত মাহৰ শুক্ল পক্ষৰ একাদশী তিথিক কামাদা একাদশী হিচাপে জনা যায়। বিশ্বাস অনুসৰি, এই উপবাসক শ্ৰী হৰিৰ সৰ্বশ্ৰেষ্ঠ ব্ৰত হিচাপে গণ্য কৰা হয় আৰু এই তিথিত ভগৱান বাসুদেৱ আৰু বিষ্ণুৰ উপাসনা কৰা হয়। কামাদা একাদশীৰ অৰ্থৰ ক্ষেত্ৰত ক’ব পাৰি যে 'কামদা' শব্দটো সংস্কৃতৰ পৰা আহৰণ কৰা হৈছে যাৰ অৰ্থ হৈছে ইচ্ছা পূৰণ। এই ব্ৰতৰ সময়ত, ভক্তসকলে বিধি-বিধান অনুসৰি জগতৰ পালনকৰ্ত্তা ভগৱান বিষ্ণুক পূজা-অৰ্চনা আৰু ব্ৰত কৰে।

হনুমান জয়ন্তী (23 এপ্ৰিল 2024, মঙ্গলবাৰ): হনুমান জীক ভগৱান শিৱৰ ৰুদ্ৰ অৱতাৰ বুলি গণ্য কৰা হয় আৰু জগতত তেওঁ ৰামজীৰ পৰম ভক্ত হিচাপে জনাজাত। হিন্দু ধৰ্মত সংকটমোচন হনুমানক অত্যন্ত শক্তিশালী বুলি গণ্য কৰা হয় আৰু হনুমান জয়ন্তী উৎসৱ তেওঁৰ জন্ম জয়ন্তী হিচাপে সমগ্ৰ দেশতে অতি উলহ-মালহেৰে উদযাপন কৰা হয়। হিন্দু বৰ্ষপঞ্জী অনুসৰি চ’ত মাহৰ পূৰ্ণিমা তিথিত সাহস আৰু শক্তিৰ দেৱতা আৰু বায়ুপুত্ৰ ভগৱান হনুমানৰ জন্ম হৈছিল।

চৈত্ৰ পূৰ্ণিমা ব্ৰত (23 এপ্ৰিল 2024, মঙ্গলবাৰ): চ’ত মাহৰ পূৰ্ণিমাক চৈত্ৰ পূৰ্ণিমা বুলি জনা যায়। অৱশ্যে, কোনো কোনো লোকৰ মাজত ই চৈত্ৰী পুণম হিচাপেও জনাজাত। সনাতন ধৰ্মত চৈত্ৰ পূৰ্ণিমা ব্ৰতৰ যথেষ্ট গুৰুত্ব আছে আৰু এই তিথিত ভগৱান সত্যনাৰায়ণৰ বিধি-বিধানেৰে পূজা কৰা হয়। এই ব্ৰত পালন কৰিলে জাতকসকলে জীৱনত সুখ-সমৃদ্ধি লাভ কৰে আৰু সকলো মনোকামনা পূৰণ হয়।

সংকষ্টী চতুৰ্থী (27 এপ্ৰিল 2024, শনিবাৰ): হিন্দু ধৰ্মত প্ৰতি মাহে অহা এক প্ৰসিদ্ধ ব্ৰত হৈছে সংকষ্টী চতুৰ্থী যি ভক্তৰ সকলো দুখ-কষ্ট আৰু দুৰ্যোগ আঁতৰ কৰে। সংকষ্টী শব্দটোৰ বিষয়ে ক'ব পাৰি যে, ই হৈছে এটা সংস্কৃত শব্দ যাৰ অৰ্থ হৈছে সমস্যাৰপৰা পৰিত্ৰাণ লাভ কৰা। ধৰ্মীয় বিশ্বাস অনুসৰি, সংকষ্টী চতুৰ্থী ব্ৰতৰ আৰম্ভ সূৰ্য্যোদয়ৰৰ সৈতে আৰম্ভ হয় আৰু ইয়াৰ সমাপন চন্দ্ৰমাৰ উদয়ৰ সৈতে হয়। হিন্দু পঞ্জিকা অনুসৰি, এমাহত দুবাৰকৈ চতুৰ্থী তিথি আহে আৰু এই দিনটোত বিঘ্নহৰ্তা ভগৱান গণেশৰ পূজা বিধি-বিধানেৰে সৈতে কৰা হয়।

বৰ্ষ 2024 ৰ হিন্দু ধৰ্মৰ সকলো পৰ্ব আৰু উৎসৱৰ সকলো তাৰিখ জানিবৰ বাবে ইয়াত ক্লিক্ কৰক: হিন্দু কেলেণ্ডাৰ 2024

এপ্ৰিল 2024 ৰ বেংক বন্ধসমূহৰ তালিকা

তাৰিখ বেংক বন্ধ কোন ৰাজ্যত বৈধ হব
1 এপ্ৰিল 2024,সোমবাৰ ওড়িশা দিৱস ওড়িশা
5 এপ্ৰিল 2024, শুক্ৰবাৰ বাবু জগজীৱন ৰাম জয়ন্তী অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা
5 এপ্ৰিল 2024, শুক্ৰবাৰ জুমাতুল বিদা জম্মু-কাশ্মীৰ
7 এপ্ৰিল 2024, দেওবাৰ শব-এ-বাৰাত জম্মু-কাশ্মীৰ
9 এপ্ৰিল 2024, মঙ্গলবাৰ গুড়ী পৰ্ব মহাৰাষ্ট্ৰ আৰু মধ্য় প্ৰদেশ
9 এপ্ৰিল 2024, মঙ্গলবাৰ তেলুগু নৱবৰ্ষ তামিলনাড়ু
9 এপ্ৰিল 2024, মঙ্গলবাৰ উগাদী

অন্ধ্ৰ প্ৰদেশ, দমন আৰু ডিউ, দাদৰা আৰু নগৰ হাভেলী, গোৱা, গুজৰাট,

জম্মু কাশ্মীৰ , কৰ্ণাটক, ৰাজস্থান আৰু তেলেংগানা

10 এপ্ৰিল 2024, বুধবাৰ ঈদ উল-ফিতৰ ৰাষ্ট্ৰীয় বন্ধ
11 এপ্ৰিল 2024, বৃহস্পতিবাৰ ঈদ উল-ফিতৰৰ বন্ধ তেলেংগানা
11 এপ্ৰিল 2024, বৃহস্পতিবাৰ সৰহুল ঝাৰখণ্ড
13 এপ্ৰিল 2024, শনিবাৰ বিহু বন্ধ অসম
13 এপ্ৰিল 2024, শনিবাৰ মহাবিষুৱ সংক্ৰান্তি ওড়িশা
13 এপ্ৰিল 2024, শনিবাৰ বৈশাখ জম্মু-কাশ্মীৰ আৰু পঞ্জাৱ
14 এপ্ৰিল 2024, দেওবাৰ বেংগলী নৱবৰ্ষ ত্ৰিপুৰা আৰু পশ্চিম বংগ
14 এপ্ৰিল 2024, দেওবাৰ বিহু অৰুণাচল প্ৰদেশ আৰু অসম
14 এপ্ৰিল 2024, দেওবাৰ চীৰোবা মহোৎসৱ মণিপুৰ
14 এপ্ৰিল 2024, দেওবাৰ আম্বেদকাৰ জয়ন্তী

সমগ্ৰ দেশত (আন্দামান নিকোবৰ, অৰুণাচল প্ৰদেশ, অসম,

চণ্ডীগড়, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু ডিউ, দিল্লী, লক্ষদ্বীপ,

মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা আদি ৰাজ্যক বাদ দি)

14 এপ্ৰিল 2024, দেওবাৰ তামিল নৱবৰ্ষ তামিলনাডু
14 এপ্ৰিল 2024, দেওবাৰ বিশু কেৰালা
15 এপ্ৰিল 2024, সোমবাৰ হিমাচল দিৱস হিমাচল প্ৰদেশ
17 এপ্ৰিল 2024, বুধবাৰ

ৰামনৱমী

সমগ্ৰ দেশত (অৰুণাচল প্ৰদেশ, অসম, গোৱা,

ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, লক্ষদ্বীপ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, পণ্ডিচেৰী, তামিলনাডু, ত্ৰিপুৰা আৰু পশ্চিমবংগ আদি ৰাজ্যক বাদ দি)

21 এপ্ৰিল 2024, দেওবাৰ গৰিয়া পূজা ত্ৰিপুৰা
21 এপ্ৰিল 2024, দেওবাৰ মহাবীৰ জয়ন্তী

ছত্তিশগড়, চণ্ডীগড়, দমন আৰু ডিউ, দিল্লী, দাদৰা আৰু নগৰ হাভেলী, গুজৰাট, হাৰিয়াণা, ঝাৰখণ্ড, কৰ্ণাটক, লক্ষদ্বীপ, মহাৰাষ্ট্ৰ, মধ্য়প্ৰদেশ, মিজোৰাম, ওড়িশা, পঞ্জাৱ,

ৰাজস্থান, তামিলনাড়ু আৰু উত্তৰ প্ৰদেশ

এপ্ৰিল মাহত জন্মগ্ৰহণ কৰা লোকসকলৰ ব্যক্তিত্বত উপস্থিত থাকে এই গুণ

এষ্ট্ৰোছেজে ইয়াৰ পূৰ্বৰ প্ৰবন্ধবোৰতো আপোনাক অৱগত কৰিছিল যে এগৰাকী ব্যক্তিৰ জন্ম যি মাহত হয় ব্যক্তিৰ ব্যক্তিত্বত সেই মাহটোৰ গভীৰ ছাপ দেখা যায়, সেয়া জানুৱাৰী মাহেই হওক বা ডিচেম্বৰ মাহেই হওঁক। কিন্তু, এপ্ৰিল 2024 অৱলোকন ব্লগটোৰ জৰিয়তে আমি আলোচনা কৰিম সেই লোকসকলৰ বিষয়ে যিসকলৰ জন্ম এপ্ৰিল মাহত হৈছে আৰু লগতে আমি আপোনাক তেওঁলোকৰ ভিতৰৰ সোমাই থকা গুণবোৰৰ সৈতেও পৰিচয় কৰাই দিম। এতিয়া আহক আগবাঢ়ি যাওঁ আৰু এপ্ৰিলত জন্ম হোৱা লোকসকলৰ বিষয়ে কথা পাতোঁ।

প্ৰথমতে, আমি এপ্ৰিল মাহত জন্ম গ্ৰহণ কৰা জাতকসকলৰ স্বভাৱৰ বিষয়ে কথা পাতিম, এই লোকসকলৰ স্বভাৱ আন মানুহতকৈ একেবাৰে পৃথক আৰু তেওঁলোকৰ মাজত অনন্য দক্ষতাও দেখিবলৈ পোৱা যায়। এপ্ৰিল মাহত জন্ম হোৱাৰ কাৰণে এই লোকসকলৰ ওপৰত প্ৰেম, ঐশ্চৰ্য্য আৰু ভৌতিক সুখৰ কাৰক গ্ৰহ শুক্ৰ দেৱতাৰ আধিপত্য থাকে। এই লোকসকলৰ ব্যক্তিত্ব আনতকৈ যথেষ্ট পৃথক হয় আৰু তেওঁলোক অত্যন্ত আকৰ্ষণীয় ব্যক্তিত্বৰ গৰাকী হয়। সহজ ভাষাত ক'বলৈ গ'লে, এপ্ৰিলত জন্ম হোৱা লোকসকল অত্যন্ত সৃষ্টিশীল, বুদ্ধিমান আৰু উৎসাহেৰে পৰিপূৰ্ণ হয়। তেওঁলোকৰ ব্যক্তিত্বৰ গুণবোৰ এনেধৰণৰ-

আৱেগেৰে পৰিপূৰ্ণ হৈ থাকে: এপ্ৰিল মাহত জন্ম গ্ৰহণ কৰা লোকসকল অত্যন্ত আৱেগিক হয়। অৱশ্যে, এই আৱেগ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশত আপোনাৰ কামত আহে। এই মাহত জন্ম গ্ৰহণ কৰা লোকসকলৰ মিডিয়া, ক্ৰীড়া, ৰাজনীতি আৰু বিজ্ঞাপন আদিৰ ক্ষেত্ৰত শক্তিশালী আয়ত্ব থাকে আৰু তেওঁলোকে এই ক্ষেত্ৰবোৰত সফলতা লাভ কৰে। এই লোকসকল য'তেই থাকে তাতেই তেওঁলোকে মানুহৰ সহযোগিতা লাভ কৰে।

সাহসৰ অভাৱ নহয়: এপ্ৰিল 2024 অৱলোকন অনুসৰি এপ্ৰিলত জন্ম গ্ৰহণ কৰা লোকসকল সাহসেৰে পৰিপূৰ্ণ হয় সেয়েহে তেওঁলোক সাহসী হয় আৰু কোনো বিপদজনক কাম কৰিবলৈ ভয় নকৰে। এই লোকসকলে আটাইতকৈ কঠিন পৰিস্থিতিতো সফলতা লাভ কৰিবলৈ সক্ষম হয়, যিটো হৈছে তেওঁলোকৰ ব্যক্তিত্বৰ বিশেষ গুণ।

বন্ধুত্ব তেওঁলোকৰ বাবে বিশেষ হয়: এপ্ৰিলত জন্ম গ্ৰহণ কৰা লোকসকলৰ বাবে বন্ধুত্ব অতি বিশেষ হয় বা তেওঁলোকে বন্ধুত্বক যথেষ্ট গুৰুত্ব প্ৰদান কৰে। জনাব বিচাৰোঁ যে তেওঁলোক নিজৰ বন্ধু-বৰ্গৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হয়। বন্ধুবৰ্গৰ প্ৰিয় হোৱাৰ লগতে, আত্মীয়সকলেও তেওঁলোকক পছন্দ কৰে। লগতে, এই লোকসকল অতি ৰোমান্টিক হয় আৰু তেওঁলোকৰ সঙ্গীক সুখী কৰি ৰখাত পাৰ্গত হয়।

কলাৰ প্ৰতি আগ্ৰহ থাকে: যিসকল লোকৰ জন্ম এপ্ৰিল মাহত হয় তেওঁলোক কলাৰ প্ৰতি বিশেষ আগ্ৰহী হয়। তেওঁলোকৰ কলাৰ প্ৰতি যথেষ্ট অনুৰাগ থাকে আৰু কলাত্মক বস্তুবোৰৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ থাকে। জ্যোতিষশাস্ত্ৰ অনুসৰি, এই মাহত জন্ম গ্ৰহণ কৰা লোকসকলৰ নতুন কথা জানিবলৈ কৌতূহল থাকে, সেয়েহে তেওঁলোক কৌতূহলী প্ৰকৃতিৰ হয়।

আৱেগৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে: এপ্ৰিলত জন্ম গ্ৰহণ কৰা লোকসকল প্ৰকৃতিত অতি আৱেগিক আৰু ইয়াৰ ফলস্বৰূপে, তেওঁলোকে কেৱল তেওঁলোকৰ নিজৰ আৱেগকে নহয়, লগতে তেওঁলোকৰ ঘনিষ্ঠ লোকসকলৰ আৱেগ-অনুভূতিৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়ে। আমি আপোনাক ইতিমধ্যে কোৱাৰ দৰে যে এই লোকসকল আৱেগিক, কিন্তু তেওঁলোকে কেতিয়াও তেওঁলোকৰ সৈতে ভুল বা বেয়া কৰা লোকসকলক ক্ষমা নকৰে।

এই লোকসকল মাজত থাকে এইবোৰ বেয়া গুণ: আমি সকলোৱে জানো যে প্ৰতিটো মুদ্ৰাৰ দুটা ফাল আছে, ভাল আৰু বেয়া। একেদৰে, যিসকল লোকৰ জন্ম এপ্ৰিলত হৈছে তেওঁলোকৰ ভাল গুণৰ লগতে কিচুমান বেয়া গুণো আছে। এই লোকসকলে আমৰ জীৱনত দখল দি ভাল পায় আৰু ই তেওঁলোকৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। লগতে ইয়াৰ ফলত আনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক বেয়া হোৱাৰ সম্ভাৱনা থাকে। এনে লোকসকলৰ ধৈৰ্য্যৰ অভাৱ দেখা যায় আৰু তেওঁলোকক আনৰ ওপৰত ক্ৰোধিত হ’বলৈ বেছি সময় নালাগে।

এপ্ৰিল মাহত জন্মগ্ৰহণ কৰা জাতকসকলৰ শুভ ৰং: কমলা, মেৰুণ আৰু সোণালী

এপ্ৰিল মাহত জন্মগ্ৰহণ কৰা জাতকসকলৰ শুভ দিন: দেওবাৰ, বুধবাৰ আৰু শুক্ৰবাৰ

এপ্ৰিল মাহত জন্মগ্ৰহণ কৰা জাতকসকলৰ শুভ সংখ্যা: 1, 4, 5, 8

এপ্ৰিল মাহত জন্মগ্ৰহণ কৰা জাতকসকলৰ শুভ ৰত্ন: মাণিক

এপ্ৰিল 2024 ৰ ধৰ্মীয় গুৰুত্ব

এপ্ৰিল মাহৰ ধৰ্মীয় গুৰুত্বৰ ক্ষেত্ৰত দেখা যায় যে হিন্দু পঞ্জিকা আৰু সনাতন ধৰ্ম দুয়োটাতে, প্ৰতিটো তাৰিখ, বাৰ, মাহ আদিৰ বিশেষ গুৰুত্ব আছে। যদি কোনো শুভ আৰু মাংগলিক কাম কৰিবলগীয়া হয় তেতিয়া প্ৰথমেই তাৰিখ আৰু মাহ চোৱা যায় কিয়নো হিন্দু ধৰ্মত কিছুমান মাহত শুভ কাম কৰাটো নিষিদ্ধ। এপ্ৰিল 2024 অৱলোকন প্ৰবন্ধটোত, আমি আপোনাক এপ্ৰিল মাহৰ ধৰ্মীয় গুৰুত্বৰ বিষয়ে জনাম।

মাৰ্চৰ দৰে, এপ্ৰিল মাহটোও ব্ৰত আৰু উৎসৱেৰে পৰিপূৰ্ণ হ'ব। ধৰ্মীয় দৃষ্টিকোণৰ পৰা, এই মাহটোক বছৰৰ আন মাহবোৰৰ তুলনাত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় কিয়নো এই মাহটোৱে হিন্দু নৱবৰ্ষৰ আৰম্ভণিক সূচিত কৰে আৰু ই হৈছে বছৰৰ প্ৰথমটো মাহ যাক চ’ত বা চৈত্ৰ বুলি কোৱা হয়। যদি আমি পঞ্জিকাৰ কথা কওঁ, তেন্তে ক’ব পাৰি যে এপ্ৰিল 2024 ৰ আৰম্ভণি চৈত্ৰ মাহত হ'ব আনহাতে ই ব’হাগ মাহত সমাপ্ত হ'ব। ই হৈছে বিক্ৰম সংৱতৰ প্ৰথম মাহ, যি সাধাৰণতে গ্ৰেগৰিয়ান কেলেণ্ডাৰত মাৰ্চ বা এপ্ৰিলত পৰে।

এপ্ৰিল 2024 অৱলোকন অনুসৰি চৈত্ৰ মাহৰ আৰম্ভণি 26 মাৰ্চ, 2024 তাৰিখে আৰম্ভ হ'ব, আনহাতে ই 23 এপ্ৰিল, 2024 তাৰিখে সমাপ্ত হ'ব। বিক্ৰম সংৱতৰ মতে, চৈত্ৰ মাহটোৱে হিন্দু নৱবৰ্ষৰ আৰম্ভণিক চিহ্নিত কৰে, যাক সংৱৎসৰ বুলি জনা যায়। কথিত আছে যে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ভগৱান ব্ৰহ্মাই চৈত্ৰ মাহৰ শুক্ল পক্ষৰ প্ৰতিপদৰপৰাই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰম্ভ কৰিছিল আৰু সত্যযুগৰ আৰম্ভণিও চৈত্ৰ মাহৰপৰাই হৈছিল। ইয়াৰ উপৰিও ধৰ্মীয় বিশ্বাস অনুসৰি, চ’ত মাহৰ প্ৰতিপদ তিথিত ভগৱান শ্ৰী হৰি বিষ্ণুৱে তেওঁৰ দহটা অৱতাৰৰ প্ৰথম অৱতাৰ মৎস্য অৱতাৰ গ্ৰহণ কৰিছিল আৰু প্ৰলয়ৰ মাজৰ পৰা মানুহক সুৰক্ষিত স্থানলৈ লৈ গৈছিল আৰু ইয়াৰ পিছতেই নতুন সৃষ্টিৰ আৰম্ভ হৈছিল।

আপোনাক জনাও যে হিন্দু ধৰ্মত, মাহবোৰৰ নাম নক্ষত্ৰমণ্ডলৰ আধাৰত ৰখা হৈছে। যি নক্ষত্ৰত চন্দ্ৰমা উপস্থিত থাকে সেই মাহটোৰ নাম সেই নক্ষত্ৰৰ আধাৰত ৰখা হয়। এই ক্ৰম অনুসৰি চৈত্ৰ মাহৰ পূৰ্ণিমাৰ দিনা চন্দ্ৰমা চিত্ৰা নক্ষত্ৰত বিৰাজমান হয় সেয়েহে এই মাহটোক চৈত্ৰ মাহ বুলি কোৱা হয়। এই মাহত, সূৰ্যই ৰাশিচক্ৰৰ প্ৰথম ৰাশি মেষ ৰাশিত প্ৰৱেশ কৰে।

চৈত্ৰ 2024ত, বহুতো শুভ আৰু পৱিত্ৰ উৎসৱ উদযাপন কৰা হ'ব, যাৰ ভিতৰত শক্তি সাধনাৰ পৰ্ব চৈত্ৰ নৱৰাত্ৰিৰপৰা আৰম্ভ কৰি হনুমান জয়ন্তীলৈকেআছে। এই মাহত ব্ৰত আৰু পূজা কৰাৰদ্বাৰা শুভ ফলাফল প্ৰাপ্ত হয়। কিন্তু, এই মাহটো 23 এপ্ৰিলত সমাপ্ত হ'ব আৰু পিছদিনা অৰ্থাৎ 24 এপ্ৰিল 2024 তাৰিখে ব’হাগ মাহ আৰম্ভ হ'ব আৰু এই মাহৰ অন্তিম দিনটো হ'ব 23 মে’ 2024।

হিন্দু পঞ্জিকাৰ দ্বিতীয় মাহটো হৈছে বৈশাখ বা ব’হাগ, যি ইংৰাজী বৰ্ষপঞ্জি অনুসৰি এপ্ৰিল বা মে’ মাহত পৰে। এই মাহটো বিশাখা নক্ষত্ৰৰ সৈতে সম্পৰ্কিত আৰু এই মাহটোৱে আপোনাক সম্পদৰ লগতে যোগ্যতা লাভ কৰাৰ সুযোগ প্ৰদান কৰে। এই মাহটোক বিশেষকৈ ভগৱান বিষ্ণু, পৰশুৰাম জী আৰু দেৱীৰ আৰাধনাৰ বাবে অত্যন্ত শুভ বুলি গণ্য কৰা হয়।

ব’হাগত বাঙ্কে বিহাৰীজীয়ে ভক্তসকলক তেওঁৰ চৰণৰ দৰ্শন দিয়ে, যি বছৰত এবাৰহে হয়। গঙ্গা বা সৰোবৰত স্নান কৰাৰ ক্ষেত্ৰতো এই মাহৰ নিজা মহত্ব আছে আৰু এই সময়ছোৱাত ৰাজহুৱা জীৱনত মাংগলিক কামৰ আৰম্ভণি হয়।

এপ্ৰিল 2024-ৰ ধৰ্মীয় গুৰুত্ব জনোৱাৰ পিছত, আমি এপ্ৰিল 2024 অৱলোকন ব্লগটোত এতিয়া আপোনাক এই মাহত হোৱা গ্ৰহীয় পৰিবহনৰ বিষয়ে জনাম।

এপ্ৰিল 2024 ত হ’বলগীয়া গ্ৰহণ আৰু পৰিবহন

এপ্ৰিল মাহত উদযাপন কৰা ব্ৰত, উৎসৱ আৰু আগন্তুক বেংক বন্ধৰ তাৰিখৰ বিষয়ে আপোনাক বিতং তথ্য প্ৰদান কৰাৰ পিছত, এতিয়া আমি এই মাহত গ্ৰহবোৰৰ স্থিতি বা ৰাশিৰ পৰিৱৰ্তনৰ সৈতে জড়িত তথ্য আপোনাক অৱগত কৰিম। এপ্ৰিলত, দুটা গ্ৰহে নিজৰ স্থিতিৰ পৰিৱৰ্তন কৰিব আনহাতে চাৰিটা মুখ্য গ্ৰহে নিজৰ ৰাশি সলনি কৰিব। ইয়াৰ উপৰিও, বছৰটোৰ প্ৰথম সূৰ্য্যগ্ৰহণো এই মাহত সংঘটিত হ'ব। গতিকে গ্ৰহণ আৰু পৰিবহনৰ তাৰিখৰ বিষয়ে আহক।

বুধৰ মেষ ৰাশিত পশ্চাদগমন(02 এপ্ৰিল 2024): বুদ্ধি আৰু বক্তব্যৰ কাৰক গ্ৰহ হিচাপে বিখ্যাত বুধ গ্ৰহে 02 এপ্ৰিল 2024 ৰ দুপৰীয়া 03 বাজি 18 মিনিট মেষ ৰাশিত পশ্চাদগামী হ’ব যাৰ প্ৰভাৱ সকলো ৰাশিৰ ওপৰত দেখা যাব।

বুধৰ মেষ ৰাশিত অস্ত (04 এপ্ৰিল 2024): বুধে নিজৰ স্থিতি সলনি কৰি আকৌ এবাৰ মেষ ৰাশিত স্থিত হৈ 04 এপ্ৰিল 2024 ৰ ৰাতিপুৱা 10 বাজি 36 মিনিটত অস্ত হ’ব।

বুধৰ মীন ৰাশিত পৰিবহন (09 এপ্ৰিল 2024): বক্তব্য, ব্যৱসায় আৰু বুদ্ধিৰ কাৰক গ্ৰহ বুধে নিজৰ পশ্চাদগামী অৱস্থাৰপৰা 09 এপ্ৰিল 2024 ৰ ৰাতি 10 বাজি 06 মিনিটত মেষ ৰাশিৰপৰা বাহিৰলৈ গৈ মীন ৰাশিত প্ৰৱেশ কৰিব।

সূৰ্য্য়ৰ মেষ ৰাশিত পৰিবহন (13 এপ্ৰিল 2024): বৈদিক জ্যোতিষশাস্ত্ৰত সূৰ্য্য়ক নৱগ্ৰহৰ ৰজা বুলি গণ্য কৰা হয় আৰু ই এতিয়া 13 এপ্ৰিল 2024 ৰ ৰাতি 08 বাজি 51 মিনিটত মীন ৰাশিৰপৰা ওলাই মঙ্গল দেৱৰ ৰাশি মেষত পৰিবহন কৰিব।

বুধৰ মীন ৰাশিত উদয় (19 এপ্ৰিল 2024): এপ্ৰিল মাহত আকৌ এবাৰ বুধে নিজৰ স্থিতি পৰিৱৰ্তন কৰি 19 এপ্ৰিল 2024 ৰ ৰাতিপুৱা 10 বাজি 23 মিনিটত উদয় হ’ব।

মঙ্গলৰ মীন ৰাশিত পৰিবহন (23 এপ্ৰিল 2024): সাহসৰ কাৰক গ্ৰহ মঙ্গলে 23 এপ্ৰিল 2024 ৰ ৰাতিপুৱা 08 বাজি 19 মিনিটত গুৰু গ্ৰহৰ আধিপত্য থকা ৰাশি মীন ৰাশিত পৰিবহন কৰিব। এই পৰিবহনৰ প্ৰভাৱ দেশ-দুনিয়াত দেখা যাব।

শুক্ৰৰ মেষ ৰাশিত পৰিবহন (24 এপ্ৰিল 2024): বৈদিক জ্যোতিষত শুক্ৰ দেৱতাক সুখ, ঐশ্চৰ্য্য আৰু প্ৰেমৰ কাৰক গ্ৰহ হিচাপে গণ্য কৰা হয় আৰু ই এতিয়া 24 এপ্ৰিল 2024 ৰ ৰাতি 11 বাজি 44 মিনিটত মেষ ৰাশিত পৰিবহন কৰিব।

বুধৰ মীন ৰাশিত মাৰ্গী (25 এপ্ৰিল 2024): এপ্ৰিল মাহত আমি কেৱল এবাৰ নহয় কেইবাবাৰো বুধ গ্ৰহৰ স্থিতি আৰু গতিৰ পৰিৱৰ্তন দেখিবলৈ পাম। এনে পৰিস্থিতিত, ই পুণৰ মাহৰ শেষত অৰ্থাৎ 25 এপ্ৰিল 2024 ৰ সন্ধিয়া 05 বাজি 49 মিনিটত মীন ৰাশিত মাৰ্গী হ’ব।

শুক্ৰৰ মেষ ৰাশিত অস্ত (28 এপ্ৰিল 2024): এই মাহত শুক্ৰ গ্ৰহৰ স্থিতিৰ পৰিৱৰ্তন দেখা যাব আৰু ইয়াৰ ফলস্বৰূপে ই 28 এপ্ৰিল 2024 ৰ ৰাতিপুৱা 07 বাজি 27 মিনিটত মেষ ৰাশিত অস্ত হ’ব।

এপ্ৰিল মাহত লাগিবলগীয়া গ্ৰহণ

সূৰ্য্য গ্ৰহণ 2024 (08 अप्रैल 2024): এপ্ৰিল 2024 অৱলোকন অনুসৰি বৰ্ষ 2024 ৰ প্ৰথম সূৰ্য্য গ্ৰহণ 08 এপ্ৰিল 2024 ত লাগিব যি পূৰ্ণ সূৰ্য্যগ্ৰহণ হ’ব। অৱশ্যে, এই সূৰ্য্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ’ব সেয়েহে সুতক কাল মান্য নহ’ব।

অনলাইন চফ্টৱেৰৰপৰা বিনামূলীয়া জন্ম কোষ্ঠী লাভ কৰক

12 ৰাশিৰ জাতকসকলপ বাবে এপ্ৰিল 2024 ৰ ৰাশিফল

মেষ ৰাশি

  • মেষ ৰাশিৰ জাতকসকলৰ বাবে এই মাহটো অনুকূল হ’ব আৰু কৰ্মক্ষেত্ৰত আপোনাৰ স্থিতি শক্তিশালী হ’ব। লগতে, আপুনি মনপুতি পৰিশ্ৰম কৰিব।
  • আৰ্থিক দিশৰপৰা এপ্ৰিল মাহটো আপোনাৰ বাবে মিশ্ৰিত হ’ব। এই সময়ছোৱাত আপোনাৰ আয় বৃদ্ধি হ’ব আৰু আপোনাৰ হাতলৈ ভাল পৰিমাণৰ ধন আহিব।
  • এই জাতকসকলৰ প্ৰেম জীৱন কিছু দুৰ্বল হ’ব। অৱশ্যে, এইখিনি সময়ত আপুনি ৰোমাঞ্চেৰে পৰিপূৰ্ণ হৈ থাকিব, কিন্তু আশংকা কৰা হৈছে যে জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হৈ নাথাকিবও পাৰে।
  • স্বাস্থ্য়ৰ দৃষ্টিকোণৰপৰা, এই মাহটো কিছু স্পৰ্শকাতৰ হ’ব কাৰণ এই জাতকসকলক স্বাস্থ্যজনিত সমস্যাই অসুবিধাত পেলাব পাৰে বিশেকৈ ককালৰ বিষ বা পেটৰ সৈতে জড়িত সমস্যাই দেখা দিব পাৰে।
  • পাৰিবাৰিক জীৱনত আপোনাৰ ঘৰৰ সদস্যসকলৰ সৈতে যুক্তি বা তৰ্ক হ’ব পাৰে। কিন্তু লাহে-লাহে আপোনাৰ পৰিয়ালৰ সদস্যসকল সহযোগ প্ৰাপ্ত হ’ব।

উপায়: প্ৰতিদিনে ভগৱান সূৰ্য্যক তামৰ ঘটিৰে জল অৰ্পণ কৰক।

বৃষ ৰাশি

  • এপ্ৰিল 2024 অৱলোকন অনুসৰি বৃষ ৰাশিৰ জাতকসকল কেৰিয়াৰৰ বাবে এই মাহটো সাধাৰণ হ’ব। এই মাহত শনিয়ে আপোনাৰদ্বাৰা যথেষ্ট পৰিশ্ৰম কৰাব আৰু আপুনি নিজৰ পৰিশ্ৰমৰ ফল লাভ কৰিব।
  • যিসকল জাতকে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই মাহটোৰ আৰম্ভণি কিছু চাপপূৰ্ণ হ’ব পাৰে। এই সমছোৱাত শান্ত হৈ থাকক কাৰণ আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে যুক্তি-তৰ্ক হ’ব পাৰে।
  • শিক্ষাৰ ক্ষেত্ৰত এই ৰাশিৰ শিক্ষাৰ্থীসকলে কিছু সমস্যাৰ সম্মুখীন হ’ব পাৰে। লগতে, আপোনাৰ একাগ্ৰতা ভংগ হোৱাৰো সম্ভাৱনা আছে।
  • আৰ্থিক দিশৰপৰা এপ্ৰিল মাহৰ আৰম্ভণিৰ সময়খিনিত আপোনাৰ উপাৰ্জন ভাল হ’ব। যিসকল জাতকে একাধিক কাম কৰে তেওঁলোকে ভাল লাভ প্ৰাপ্ত কৰাৰ যোগ আছে।
  • স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা এই জাতকসকলে এপ্ৰিল মাহত কিছু স্বাস্থ্য়জনিত সমস্যাৰ সম্মুখীন হ’ব পাৰে যেনে পাচন বা পেটৰ সৈতে জড়িত সমস্যা।

উপায়: প্ৰতিদিনে শ্ৰী গণপতি অৰ্থবিশেষ স্তোত্ৰ পাঠ কৰক।

মিথুন ৰাশি

  • এপ্ৰিল 2024 আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত উত্থান-পতনৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। কাৰ্য্যালয়ত আপুনি সমস্যাৰ স্মমুখীন হ’ব পাৰে সেয়েহে ভাবি-চিন্তি আগবাঢ়িব।
  • এপ্ৰিল 2024 অৱলোকন অনুসৰি মিথুন ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন এই মাহত কঠিন হ’ব পাৰে। গ্ৰহসমূহৰ স্থিতিৰ বাবে আপোনাৰ পাৰিবাৰিক জীৱনত চাপ উৎপন্ন হ’ব পাৰে।
  • প্ৰেম জীৱনৰ ক্ষেত্ৰত এপ্ৰিল মাহৰ আৰম্ভণিৰ সময়খিনি ভাল হ’ব। এইখিনি সময়ত আপুনি সঙ্গীৰ সম্মুখত নিজৰ মনৰ কথা মুকলিকৈ প্ৰকাশ কৰিব আৰু তেওঁৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ’ব।
  • এপ্ৰিল মাহটোত আপোনাৰ আয় বৃদ্ধি হ’ব যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতি মজবুত হ’ব।
  • এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা মিশ্ৰিত হ’ব কাৰণ বিভিন্ন গ্ৰহসমূহৰ স্থিতিয়ে আপোনাক স্বাস্থ্যজনিত সমস্যা প্ৰদান কৰিব পাৰে সেয়েহে সতৰ্ক হৈ থাকক।

উপায়: বুধবাৰে নাগকেশৰ গছ লগাওক।

কৰ্কট ৰাশি

  • কেৰিয়াৰৰ ক্ষেত্ৰত এপ্ৰিল মাহটো আপোনাৰ বাবে অত্যন্ত শুভ হ’ব আৰু কৰ্মক্ষেত্ৰত পৰিস্থিতিসমূহ আপোনাৰ পক্ষত থাকিব।
  • এই মাহটো ব্যৱসায় কৰা জাতকসকলৰ বাবে মিশ্ৰিত হ’ব আৰু এনে পৰিস্থিতিত আপুনি যথেষ্ট ভাবি-চিন্তি পদক্ষেপ ল’ব লাগিব।
  • এপ্ৰিলৰ আৰম্ভণিৰ সময়খিনি প্ৰেম জীৱনৰ বাবে স্পৰ্শকাতৰ হ’ব কাৰণ আপোনাৰ জীৱনসঙ্গীৰ স্বাস্থ্যজনিত সমস্যাই অসুবিধাত পেলাব পাৰে।
  • আৰ্থিক জীৱনৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব, তথাপিও
  • স্বাস্থ্যৰ দিশৰপৰা এই জাতকসকল সচেতন হৈ থাকিব লাগিব আৰু সাৱধান হৈ বাহন চলাব লাগিব।

উপায়: প্ৰত্যেক মঙ্গলবাৰে হনুমান চালিশা আৰু বজৰংগ বাণ পাঠ কৰক।

সিংহ ৰাশি

  • সিংহ ৰাশিৰ জাতকসকলে কেৰিয়াৰৰ ক্ষেত্ৰত এই মাহত মিশ্ৰিত ফল লাভ কৰিব কাৰণ আপুনি চাকৰিত উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে।
  • এই ৰাশিৰ শিক্ষাৰ্থীসকল অধিক অধ্যয়নৰ প্ৰতি আৰু অধিক জ্ঞান অৰ্জনৰ প্ৰতি আগ্ৰহী হৈ থাকিব। এই সময়খিনিত আপুনি জ্ঞান বৃদ্ধি কৰিব বিচাৰিব।
  • এপ্ৰিল 2024 অৱলোকন অনুসৰি এপ্ৰিল 2024 ত আপোনাৰ পাৰিবাৰিক জীৱনলৈ কিছু সমস্যা আহিব পাৰে। অৱশ্যে আপুনি ঘৰ-পৰিয়ালৰ বিষয়ত হস্তক্ষেপ কৰাটো উচিত নহ’ব।
  • বিবাহিত লোকসকলৰ জীৱনলৈ এই সময়ছোৱাত সমস্যা আহিব পাৰে। লগতে আপোনাৰ সঙ্গীৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা আছে সেয়েহে সাৱধানতা অৱলম্বন কৰক।
  • এই লোকসকলৰ ব্যয় বৃদ্ধি হ’ব সেয়েহে আৰ্থিক স্থিতি কিছু সংকটজনক হ’ব পাৰে।

উপায়: প্ৰতিদিনে সূৰ্য্য দেৱতাক জল অৰ্পণ কৰক আৰু সূৰ্য্য নমস্কাৰ কৰক।

কন্যা ৰাশি

  • কন্যা ৰাশিৰ জাতকসকল কেৰিয়াৰৰ ক্ষেত্ৰত েই সময়খিনিত মিশ্ৰিত ফল লাভ কৰিব। চাকৰিয়াল লোকসকল এই সময়ছোৱাত সমস্যাৰ সম্মুখীন হ’ব পাৰে।
  • ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি কোনো ডাঙৰ সিদ্ধান্ত লোৱাটো উচিত নহ’ব। লগতে, এনে কোনো কাম নকৰিব যাৰ ফলত আপুনি মানহানিৰ সম্মুখীন হ’ব পাৰে।
  • পৰিয়ালৰ লোকসকলৰ প্ৰেম আপোনাৰ প্ৰতি বৃদ্ধি হ’ব আৰু এনে পৰিস্থিতিত তেওঁলোকে আপোনাৰ কথাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবযাৰ ফলত আপোনাৰ পদ উন্নীত হ’ব। লগতে, পৰিয়ালত শান্তি বৃদ্ধি হ’ব।
  • প্ৰেম জীৱনত আপোনাৰ প্ৰেমাস্পদৰ সৈতে যুক্তি-তৰ্ক হোৱাৰ আশংকা আছে। এনে পৰিস্থিতিত আপুনি যথেষ্ট সাৱধানে থাকিব লাগিব।
  • এপ্ৰিল 2024 অৱলোকন অনুসৰি আৰ্থিক দিশৰপৰা এই মাহটো সচৰাচৰ হ’ব। কিন্তু, আপুনি ব্যৱসায় আৰু জীৱনসঙ্গীৰপৰা লাভাম্বিত হ’ব।

উপায়: কিন্নৰসকলৰ আশীৰ্বাদ লাভ কৰাটো আপোনাৰ বাবে ফলদায়ক হ’ব।

বৰ্ষ 2024 ত আপোনাৰ জীৱনলৈ প্ৰেমৰ আগমন ঘটিব নে? প্ৰেম ৰাশিফল 2024 য়ে প্ৰদান কৰিব উত্তৰ

তুলা ৰাশি

  • তুলা ৰাশিৰ জাতকসকলে কেৰিয়াৰৰ ক্ষেত্ৰত এপ্ৰিল মাহটো অনুকূল হ’ব। এইখিনি সময়ত কোনো শত্ৰুৱে আপোনাক অশান্তি দিব পাৰে আৰু তেওঁলোকে আপোনাৰ ভাৱমূৰ্ত্তি নষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে।
  • এই সময়ছোৱাত আপোনাৰ আয় বৃদ্ধি হ’ব আৰু আপোনাৰ হাতলৈ দ্ৰুতগতিত ধন আহিব। এনে পৰিস্থিতিত আপুনি নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰিব।
  • প্ৰেম জীৱনত গ্ৰহসমূহৰ স্থিতিয়ে আপোনাক আৰু আপোনাৰ জীৱনসঙ্গীক উগ্ৰ কৰি তুলিব যাৰ প্ৰভাৱ আপোনালোকৰ সম্পৰ্কৰ ওপৰত পৰিব।
  • এই ৰাশিৰ জাতকসকলৰ স্বাস্থ্য কিছু দুৰ্বল হ’ব পাৰে। কিন্তু, বৃহস্পতি গ্ৰহে আপোনাৰ স্বাস্থ্যৰ অৱনতি হ’বলৈ নিদিব।

উপায়: মঙ্গলবাৰে মন্দিৰত ৰঙা ডালিম দান কৰক।

বৃশ্চিক ৰাশি

  • বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে এপ্ৰিল মাহটো মিশ্ৰিত ফলদায়ক হ’ব। এইখিনি সময়ত আপোনাৰ চাকৰিৰ পৰিৱৰ্তন হ’ব পাৰে।
  • এপ্ৰিল 2024 অৱলোকন অনুসৰি ব্যৱসায়ীসকলৰ বাবে এই মাহটো অত্যন্ত শুভ হ’ব আৰু আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব, আপোনাৰ ব্যৱসায়ে নতুন সফলতা প্ৰাপ্ত কৰিব।
  • যিসকল জাতক পূৰ্বৰেপৰাই কোনো সম্পৰ্কত আছে তেওঁলোকৰ বাবে েই মাহটোৱে চাৰপ্ৰাইজ লৈ আহিব। এনে পৰিস্থিতিত, আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ সম্পৰ্ক শক্তিশালী হ’ব।
  • স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা, এই মাহটো কিছু দুৰ্বল হ’ব কাৰণ আপোনাৰ বুকু খামোচ মাৰি ধৰা বা জ্বলা-পোৰা হ’ব পাৰে। সেয়েহে সাৱধানতা অৱলম্বন কৰক।

উপায়: শনিবাৰে ক’লা তিল দান কৰক।

ধনু ৰাশি

  • ধনু ৰাশিৰ জাতকসকলৰ বাবে এই মাহটো কেৰিয়াৰৰ ক্ষেত্ৰত উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব। এনে পৰিস্থিতিত, আপোনাৰ মনোযোগ কামৰপৰা ভংগ হ’ব পাৰে আৰু আপুনি অসন্তষ্ট হ’ব পাৰে।
  • যদিহে আপুনি কাৰোবাক ভালপায়, তেনেহ’লে মাহটোৰ প্ৰথম ভাগ আপোনাৰ বাবে অনুকূল হ’ব আৰু আপুনি প্ৰেম জীৱনৰ আনন্দ উপভোগ কৰিব।
  • এই লোকসকলৰ উপাৰ্জন সাধাৰণ হ’ব। কিন্তু, আপুনি ঘৰৰ কোনো জৰুৰী কাম বা পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ বাবে ধন খৰচ কৰিবলগীয়া হ’ব পাৰে।
  • এই মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব সেয়েহে আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব।

উপায়: প্ৰতিদিনে নিজৰ কপালত হালধি, চন্দন বা কেশৰৰ তিলক লগাওক।

মকৰ ৰাশি

  • মকৰ ৰাশিৰ জাতকসকলে কৰ্মক্ষেত্ৰত নিজৰ গুৰুত্ব উপলব্ধি কৰি কামবোৰ ভালদৰে সম্পন্ন কৰিব। এনে পৰিস্থিতিত, আপুনি নিজৰ এক সুকীয়া স্থান গঢ়ি তুলিবলৈ সক্ষম হ’ব।
  • এপ্ৰিল 2024 অৱলোকন অনুসৰি এই মাহটোত আপোনাৰ পাৰিবাৰিক জীৱন ভালে থাকিব আৰু এনে পৰিস্থিতিত আপোনাৰ জীৱন সুখময় হ’ব। লগতে পিতৃ-মাতৃৰ স্বাস্থ্যও ভাল হ’ব।
  • যিসকল জাতকে কাৰোবাক ভালপায়, তেওঁলোকৰ বাবে এই মাহটোৰ আৰম্ভণি অনুকূল হ’ব। এই সময়খিনিত আপোনাৰ সঙ্গীক আপুনি নিজৰ বন্ধু-বৰ্গৰ সৈতে পৰিচয় কৰোৱাব পাৰে।
  • এপ্ৰিল 2024ত আপোনাৰ ব্য়য় বৃদ্ধি হ’ব পাৰে আৰু এনে পৰিস্থিতিত আপোনাৰ সঞ্চয়ো ব্য়য় হোৱাৰ আশংকা আছে যাৰ ফলত আপুনি চাপৰ সম্মুখীন হ’ব পাৰে।

উপায়: শনিবাৰে দিন শ্ৰী চালিশা পাঠ কৰক।

কুম্ভ ৰাশি

  • কুম্ভ ৰাশিৰ লোকসকলৰ কেৰিয়াৰৰ বাবে এপ্ৰিল মাহটো মধ্যমীয়া হ’ব। এইখিনি সময়ত সাৱধানতা অৱলম্বন কৰক কাৰণ আপোনাৰ সহকৰ্মীসকলৰ সৈতে অযথা বিবাদ হ’ব পাৰে।
  • যিসকল জাতক অকলশৰীয়া, তেওঁলোকৰ জীৱনলৈ কাৰোবাৰ আগমন ঘটিব পাৰে। আপুনি তেওঁৰ সম্মুখত নিজৰ মনত সোমাই থকা ভাৱ প্ৰকাশ কৰিব পাৰে।
  • এই মাহত আপোনাৰ আৰ্থিক স্থিতি নিয়ন্ত্ৰণত থাকিব। যদিহে সৰু-সুৰা খৰচক বাদ দিয়া যায়, তেনেহ’লে কোনো ডাঙৰ খৰচ নহয়।
  • এই জাতকসকলৰ স্বাস্থ্য কিছু দুৰ্বল হ’ব কাৰণ আপুনি স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন হ’ব পাৰে সেয়েহে সাৱধানতা অৱলম্বন কৰক।

উপায়: সম্ভৱ হ’লে, জেপত সদায় হালধীয়া ৰঙৰ ৰূমাল ৰাখক।

মীন ৰাশি

  • মীন ৰাশিৰ চাকৰিয়াল জাতকসকলৰ বাবে এপ্ৰিল মাহটোৱে কিছু সোণালী সুযোগ কঢ়িয়াই আনিব। লগতে, কৰ্মক্ষেত্ৰত আপোনাৰ পদোন্নতি হোৱাৰ সম্ভাৱনা আছে।
  • ব্যৱসায় কৰা জাতকসকলে ব্যৱসায়ত উত্থান-পতনৰ সম্মুখীন হ’ব। লগতে, ব্যৱসায়িক অংশীদাৰৰ সৈতে সম্পৰ্কৰ প্ৰতি মনোযোগ দিব লাগিব।
  • প্ৰেম জীৱনত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব কাৰণ আপোনাৰ জীৱনসঙ্গীৰ স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে।
  • এই সময়ছোৱাত আপুনি স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন হ’ব পাৰে বিশেষকৈ মেদবহুলতা আৰু কলেষ্ট্ৰলৰ সমস্যা হ’ব পাৰে।

উপায়: প্ৰতিদিনে শ্ৰী বজৰংগ বাণ স্তোত্ৰ পাঠ কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ

আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপোনাৰ অন্য শুভাকাংক্ষীসকলকো এই প্ৰৱন্ধটোৰ কথা জনাওক। ধন্যবাদ

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer