কৰ্কট ৰাশিফল 2024 (Karkat Rashifal 2024)

কৰ্কট ৰাশিফল 2024 (Karkat Rashifal 2024) বিশেষভাৱে আপোনাৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে। ই বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত আৰু গ্ৰহসমূহৰ গতি-বিধি আৰু পৰিবহনৰ ওপৰত দৃষ্টি ৰাখি প্ৰস্তুত কৰি তোলা হৈছে। 2024 বৰ্ষত গ্ৰহসমূহৰ স্থিতি কেনে হ’ব আৰু ইবোৰে আপোনাৰ জীৱনৰ ভিন ভিন ক্ষেত্ৰসমূহক কেনেদৰে প্ৰভাৱিত কৰিব আৰু কেনেধৰণৰ শুভ বা অশুভ ফল প্ৰদান কৰিব, এই সকলোবোৰৰাশিফল 2024 ৰ ভিতৰত অৱগত কৰা হৈছে। যদিহে আপুনি জানিব বিচাৰে যে 2024 বৰ্ষত আপোনাৰ আৰ্থিক স্থিতি কেনে হ’ব আৰু আপুনি নিজৰ কেৰিয়াৰ অৰ্থাৎ চাকৰি বা ব্যৱসায়ত কেনে সফলতা প্ৰাপ্ত কৰিব আৰু কোনখিনি সময় আপোনাৰ বাবে বেয়া হ’ব তেনেহ’লে এই প্ৰৱন্ধটোৰদ্বাৰা আপুনি এই বিষয়ে সকলোবোৰ তথ্য লাভ কৰিব পাৰিব। আপোনাৰ বাবে প্ৰস্তুত কৰা এই বিশেষ প্ৰৱন্ধটোত আপোনাৰ প্ৰেম জীৱনৰ বিষয়ে জনাৰো সুযোগ লাভ কৰিব। যদিহে আপুনি বিবাহিত তেনেহ’লে আপোনাৰ বৈবাহিক জীৱন কেনে হ’ব আৰু 2024 বৰ্ষত কেতিয়া ভাল সময় আৰু কেতিয়া বেয়া সময় আহিব, এই সকলোখিনি আপুনি বৰ্ষ 20024 ৰ জৰিয়তে জানিব পাৰিব।

বাৰ্ষিক ৰাশিফল 2024 পঢ়িবৰ বাবে ইয়াত ক্লিক্ কৰক - ৰাশিফল 2024

আমি আপোনাক জনাব বিচাৰোঁ যে এই প্ৰৱন্ধটো বিশেষভাৱে আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত কৰা হৈছে। ইয়াৰদ্বাৰা আপুনি 2024 বৰ্ষত নিজৰ বাবে পূৰ্বানুমান কৰিব পাৰিব আৰু এই বৰ্ষৰ ভৱিষ্যতবাণীসমূহ জানি লৈনিজৰ জীৱনক সঠিক দিশত আগবঢ়াই লৈ গৈ সফলতা প্ৰাপ্ত কৰিব পাৰিব। আপোনাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহক ইয়াত স্থান দিয়া হৈছে যেনে আপোনাৰ ধন লাভ অথবা হানি কেতিয়া হ’ব, আপুনি বাহন আৰু সম্পত্তিৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব, আপোনাৰ কেৰিয়াৰ কোন দিশত আগবাঢ়িব, আপোনাৰ স্বাস্থ্য ভালে থাকিব নে অথবা আপুনি বেমাৰত পৰিব পাৰে নেকি আদি সকলোবোৰ তথ্য আপোনাক এইলিখনিটোৰ জৰিয়তে অৱগত কৰা হৈছে যাক প্ৰস্তুত কৰি তুলিছে এষ্ট্ৰোচেজৰ বিশেষজ্ঞ জ্যোতিষীডা. ম্ৰগাংকে। বৰ্ষ 2024 ত কৰ্কট ৰাশিৰ জাতকসকলে গ্ৰহসমূহৰ পৰিবহনৰ কেনে প্ৰভাৱ লাভ কৰিব, কেতিয়া গ্ৰহসমূহ আপোনাৰ পক্ষত থাকিব আৰু কেতিয়া আপুনি প্ৰতিকূল ফল লাভ কৰিব, এই সকলোবোৰৰ ওপৰত দৃষ্টি ৰাখি এই ৰাশিফল আপোনাৰ বাবে প্ৰস্তুত কৰা হৈছে। এই ৰাশিফল আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত অৰ্থাৎ যদিহে আপোনাৰ জন্ম কৰ্কট ৰাশিত হৈছে তেনেহ’লে এই ৰাশিফল বিশেষভাৱে আপোনাৰ বাবে নিৰ্মিত। তেনেহ’লে আহক এতিয়া সময় নষ্ট নকৰি মিথুন ৰাশিৰ জাতকসকলৰ ভৱিষ্যতফল সম্পৰ্কে জানি লওঁ।

कर्क राशि का राशिफल विस्तार से पढ़ें –कर्क राशिफल 2024

কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষটোৰ আৰম্ভণিতে বুধ আৰু শুক্ৰ পঞ্চম গৃহত বিৰাজমান হ’ব আৰু এনে পৰিস্থিতিত প্ৰেম আৰু আৰ্থিক জীৱনৰ বাবে এই বৰ্ষটো আপোনাৰ বাবে অনুকূল প্ৰমাণিত হ’ব। কিন্তু সূৰ্য্য আৰু মঙ্গল ষষ্ঠ গৃহত আৰু শনি অষ্টম গৃহত স্থিত হোৱাৰ ফলত স্বাস্থ্যজনিত সমস্যা বৃদ্ধি হ’ব পাৰে আৰু আপোনাৰ ব্যয়ো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। দেৱ গুৰু বৃহস্পতি দশম গৃহত স্থিত হৈ কেৰিয়াৰ আৰু পৰিয়ালৰ মাজত সন্তুলন বৰ্তাই ৰখাত সহায় কৰিব আৰু 01 মে’ৰ পিছত আপোনাৰ একাদশ গৃহত স্থিত হৈ আপোনাৰ উপাৰ্জন স্পষ্ট ৰূপত বৃদ্ধি কৰিব। ধৰ্মীয় কাৰ্য্যৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। ৰাহু গোটেই বৰ্ষ জুৰি আপোনাৰ নৱম গৃহত বিৰাজমান হোৱাৰ ফলত আপুনি তীৰ্থস্থানলৈ যোৱাৰ আৰু বিশেষ নদী যেনে গংগাজীত স্নান কৰাৰ সুযোগ প্ৰাপ্ত কৰিব। আপুনি ধাৰ্মিক হ’ব আৰু দীঘলীয়া যাত্ৰা কৰিব। এনেদৰে এই বৰ্ষটো যাত্ৰাৰে ভৰা হ’ব। এই বৰ্ষত আপুনি বিশেষভাৱে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। ইয়াৰ লগতে নিজৰ পিতৃৰ স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিয়াটো আৱশ্যকীয় হ’ব। ব্যৱসায়ত উত্থান-পতন আহি থাকিব। কিন্তু আপুনি ভাগি নপৰিব আৰু নিজৰ কামত প্ৰয়াস কৰি থকাৰ অভ্যাস গঢ় দিয়ক। ইয়াৰদ্বাৰই আপুনি সফলতা প্ৰাপ্ত কৰিব। এই বৰ্ষত আপুনি বিদেশলৈ যোৱাত সফলতা লাভ কৰিব।

2024 ত আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হ’ব নে?বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক

Click here to read in English:Cancer Horoscope 2024

সকলো জ্যোতিষীয় গণনা আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। আপোনাৰ চন্দ্ৰ ৰাশি জানিবৰ বাবে ক্লিক কৰক:চন্দ্ৰ ৰাশি কেলকুলেটৰ

কৰ্কট প্ৰেম ৰাশিফল 2024

কৰ্কট ৰাশিফল 2024 (Karkat Rashifal 2024)অনুসৰি, 2024 বৰ্ষত কৰ্কট ৰাশিৰ জাতকসকলৰ প্ৰেমৰ সম্পৰ্কৰ আৰম্ভণি সুন্দৰভাৱে হ’ব কাৰণ বৰ্ষটোৰ আৰম্ভণিতেই বুধ আৰু শুক্ৰৰ দৰে শুভ আৰু প্ৰেম প্ৰদানকাৰী গ্ৰহ আপোনাৰ পঞ্চম গৃহত বিৰাজমান হ’ব। ইয়াৰ ফলস্বৰূপে আপোনাৰ প্ৰেম জীৱনলৈ নতুন উদ্যম আহিব। আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত ৰোমাঞ্চ ভৰপূৰ ৰূপত দেখা যাব। আপুনি নিজৰ প্ৰেমৰ সম্পৰ্ক সম্পূৰ্ণৰূপে উপভোগ কৰিব। একেলগে ফুৰা-চকা, চিনেমা চোৱা, বাহিৰত খাবলৈ যোৱা, ইজনে সিজনৰ হাতত ধৰাধৰিকৈ ঘূৰি ফুৰা, এনেধৰণৰ অনেক গতি-বিধি সাধাৰণতে প্ৰেমিক-প্ৰেমিকাৰ মাজত দেখা যায়, আপুনিও এনেবোৰ কাম কৰা এতিয়া পৰিলক্ষিত হ’ব। ইয়াৰ ফলত বৰ্ষটোৰ আৰম্ভণিতে আপুনি যথেষ্ট আনন্দিত হ’ব। কিন্তু ফেব্ৰুৱাৰীৰপৰা আগষ্ট মাহৰ ভিতৰৰ সময়খিনি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বাবে চাপপূৰ্ণ হ’ব। আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ওপৰত কাৰোবাৰ বেয়া চাৱনি পৰিব পাৰে। সেয়েহে নিজৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হওক। ইয়াৰ লগতে আন এটা কথাৰ প্ৰতি মনোযোগ দিব যে নিজৰ কোনো বন্ধু বা বান্ধৱীক যাতে ইমানখিনি অধিকাৰ নিদিয়ে যাৰ ফলত তেওঁ আপোনালোকৰ সম্পৰ্কত হস্তক্ষেপ কৰিব পাৰে কাৰণ ইয়াৰদ্বাৰা আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক ভাঙি যাবও পাৰে। আপুনি আৰু আপোনাৰ প্ৰেমাস্পদে পৰস্পৰৰ ওপৰত বিশ্বাস ৰাখি চলিলে বৰ্ষটোৰ তৃতীয় তিনিমাহত আপোনালোকৰ প্ৰেম জীৱনলৈ সন্তুলন ঘূৰি আহিব আৰু বৰ্ষটোৰ অন্তিম তিনিমাহত আপুনি নিজৰ প্ৰেমৰ সম্পৰ্কৰ পৰৱৰ্তী ঢাপ আগুৱাব পাৰিব আৰু পৰস্পৰৰ সৈতে বিয়াত সোমোৱাৰ কথা ভাবিব পাৰিব।

কৰ্কট কেৰিয়াৰ ৰাশিফল 2024

বৰ্ষ 2024ৰ সময়ত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় বৰ্ষটোৰ আৰম্ভণি ভাল হ’ব। শনিয়ে অষ্টম গৃহৰপৰা আপোনাৰ দশম গৃহত দৃষ্টি নিক্ষেপ কৰিব আৰু দেৱ গুৰু বৃহস্পতিও দশম গৃহত স্থিত হ’ব তথা সূৰ্য্য আৰু মঙ্গল ষষ্ঠ গৃহত স্থিত হৈ আপোনাক চাকৰিৰ ক্ষেত্ৰত পৰিপক্ক কৰি তুলিব। আপুনি নিজৰ কামৰ বাবে জনাজাত হ’ব। মানুহৰ মুখে মুখে আপোনাৰ নাম হ’ব। আপুনি সম্পূৰ্ণ একাগ্ৰতা আৰু নিষ্ঠাৰে নিজৰ কাম সম্পূৰ্ণ কৰিব যাৰ ফলত কৰ্মক্ষেত্ৰত আপোনাৰ স্থান গজগজীয়া হ’ব।কৰ্কট ৰাশিফল 2024 (Karkat Rashifal 2024) অনুসৰি, 1 মে’ত বৃহস্পতি একাদশ গৃহলৈ গমন কৰাৰ ফলত আপোনাৰ আৰু আপোনাৰ জ্যেষ্ঠ্য বিষয়াসকলৰ মাজৰ সম্পৰ্ক ভাল হ’ব।ইয়াৰ ফলত আপুনি সময়ে সময়ে লাভাম্বিত হ’ব আৰুআপোনাৰ জটিল পৰিস্থিতিত জ্যেষ্ঠ্য বিষয়াসকলে আপোনাৰ সহায় কৰিব। বৃহস্পতিৰ পঞ্চম দৃষ্টি তৃতীয় গৃহত পৰাৰ ফলত আপুনি সহকৰ্মীসকলৰ সহযোগিতাও লাভ কৰিব।

বছৰটোৰ দ্বিতীয়াৰ্দ্ধত কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰাত সফল হ’ব। ইয়াৰ ফলত আপুনি পদোন্নতি লাভ কৰাৰ লগতে আপোনাৰ দৰমহা বৃদ্ধি হ’ব পাৰে যাৰ বাবে আপুনি যথেষ্ট আনন্দিত হ’ব আৰু আপোনাৰ মনোবল বৃদ্ধি হ’ব। চাকৰিত আপুনি মন পুতি নিজৰ কাম কৰিব। মাজে সময়ে কোনো কোনো ষড়যন্ত্ৰকাৰী লোকে আপোনাক সমস্যাত পেলাবলৈ চেষ্টা কৰিবপাৰে যাৰ বাবে কিঠু সময়ৰ বাবে আপুনি চিন্তাত পৰিব পাৰে। কিন্তু আপুনি সেই প্ৰত্যাহ্বানবোৰৰপৰা ওলাই আহি নিজৰ কেৰিয়াৰত নিজৰ কামৰ বলত টিকি থাকিবলৈ সক্ষম হ’ব আৰু ভাল প্ৰদৰ্শন কৰিব পাৰিব। 23 এপ্ৰিলৰপৰা 1 জুনৰ ভিতৰত চাকৰিৰ পৰিৱৰ্তন হ’ব পাৰে।

কৰ্কট শিক্ষা ৰাশিফল 2024

কৰ্কট ৰাশিফল 2024 (Karkat Rashifal 2024) অনুসৰি বছৰটোৰ আৰম্ভণি শিক্ষাৰ্থীসকলৰ বাবে অনুকূল হ’ব। বুধ আৰু শুক্ৰৰ প্ৰভাৱত তথা চতুৰ্থ আৰু দ্বিতীয় গৃহত দেৱ গুৰু বৃহস্পতিৰ দৃষ্টিৰ ফলস্বৰূপে আপুনি নিজৰ শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব। আপোনাৰ স্মৰণ শক্তি আৰু আপোনাৰ মেধা বৃদ্ধি হ’ব তথা আপুনি নিজৰ বিষয়সমূহ অধিক ভালদৰে আয়ত্ব কৰিব পাৰিব। তাৰ ফলত আপোনাৰ পথ মসৃণ হ’ব।বৰ্ষটোৰ আৰম্ভণিতে ষষ্ঠ গৃহত সূৰ্য্য আৰু মঙ্গলৰ উপস্থিতিৰ বাবে প্ৰতিযোগিতমূলক পৰীক্ষাত সফলতা লাভ কৰাৰ যোগ সৃষ্টি হ’ব। ইয়াৰ পিছত, আগষ্ট আৰু নৱেম্বৰৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে উত্তম হ’ব কিয়নো তেতিয়া আপুনি কোনো ভাল প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰি চৰকাৰী চাকৰি প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।

যদিহে আপুনি এই বৰ্ষত উচ্চ শিক্ষা লাভ কৰিব বিচাৰে তেনেহ’লে আপুনি এই বৰ্ষত বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে। কিন্তু তাৰ বাবে আপুনি যথেষ্ট পৰিশ্ৰম কৰিব লাগিব আৰু নৱম গৃহত ৰাহুৰ উপস্থিতিৰ বাবে আপুনি শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট উৎসাহিত হৈ থাকিব। কিন্তু মাজে-সময়ে আপোনাৰ একাগ্ৰতা ভংগ হ’ব পাৰে যাৰ ফলত শিক্ষাৰ ক্ষেত্ৰত উত্থান-পতন আহিব।অষ্টম গৃহত শনিৰ স্থিতিৰ বাবে আপুনি শিক্ষাৰ ক্ষেত্ৰত কিছু বাধাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে আৰু বিশেষভাৱে বৰ্ষটোৰ প্ৰথম আৰু দ্বিতীয় তিনিমাহ কিছু দুৰ্বল হ’ব পাৰে। বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধত আপুনি উচ্চশিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰাৰ যোগ আছে।

কৰ্কট আৰ্থিক ৰাশিফল 2024

কৰ্কট ৰাশিফল 2024 (Karkat Rashifal 2024) অনুসৰি, বৰ্ষ 2024 ত আপুনি আৰ্থিক দিশত সন্তুলন লাভ কৰাত সমস্যাৰ সম্মুখীন হ’ব। আপুনি বাৰে বাৰে নিজৰ আৰ্থিক সন্তুলনৰ প্ৰতি চকু দিব লাগিব কিয়নো এফালে যিদৰে আপুনি অৰ্থ লাভ কৰিব আনফালে আমদানী আৰু ব্যয়ৰ ক্ষেত্ৰত আপুনি সমস্যাৰো সম্মুখীন হ’ব। আপোনাক কোনো আৰ্থিক পৰামৰ্শদাতাৰ সহায়ৰ প্ৰয়োজন হ’ব পাৰে যি সময়ে সময়ে আপোনাক সহায় কৰি আৰ্থিক দিশত টনকীয়াল হোৱাত আপোনাক সহায় কৰিব। কিয়নো এই বৰ্ষত এফালে যেনেকৈ আপোনাৰ হাতলৈ ধন আহিব আনফালে সেইদৰে ব্যয়ো বৃদ্ধি হ’ব। এতিয়া আপুনি তাৰ মাজত কেনে সন্তুলন ৰক্ষা কৰে সিয়েই আপোনাৰ আৰ্থিক পৰিস্থিতিক দৰ্শাব।

কৰ্কট পাৰিবাৰিক ৰাশিফল 2024

কৰ্কট ৰাশিফল 2024 (Karkat Rashifal 2024) অনুসৰি, বছৰটোৰ আৰম্ভণি পাৰিবাৰিক জীৱনৰ বাবে যথেষ্ট অনুকূল হ'ব। দেৱ গুৰু বৃহস্পতিয়ে আপোনাৰ চতুৰ্থ গৃহৰ ওপৰত দৃষ্টি প্ৰদান কৰিব, কিন্তু শনিয়ে আপোনাৰ দ্বিতীয় গৃহত দৃষ্টি পেলাব তথা বছৰটোৰ আৰম্ভণিতে মঙ্গল গ্ৰহৰ দৃষ্টি আপোনাৰ দ্বাদশ গৃহত আৰু প্ৰথম গৃহত পৰাৰ বাবে পৰিয়ালত প্ৰেম-ভালপোৱা বৰ্ত্তি থাকিব। ঘৰৰ জ্যেষ্ঠসকলে আপোনাক আশীৰ্বাদ প্ৰদান কৰিব আৰু আপোনাৰ শলাগ ল’ব। তেওঁলোকে আপোনাক পথ প্ৰদৰ্শন কৰিব, কিন্তু আপোনাৰ কথা-বতৰাত কিছু উগ্ৰতা ফুটি উঠাৰ বাবে, আপুনি তেওঁলোকৰ কথাবোৰ ওলোটাকৈ ল'ব পাৰে, যাৰ বাবে সমস্যা বৃদ্ধি হ’ব পাৰে। আপুনি এই অভ্যাস ত্যাগ কৰিব লাগিব কিয়নো বছৰৰ প্ৰথম তিনিমাত ইয়াৰ বাবে আপোনাৰ অশান্তি হ’ব পাৰে। অৱশ্যে, পৰিয়ালৰ সদস্যসকলৰপৰা সমৰ্থন অব্যাহত থাকিব। আপোনাৰ ভাতৃ-ভগ্নী কোনো সমস্যাৰ সম্মুখীন হ'ব পাৰে কিন্তু তেওঁলোকৰ ব্যক্তিগত সমস্যাবোৰ একাষৰীয়াকৈ থৈ তেওঁলোকে আপোনাৰ বাবে সহায়ক হৈ থাকিব। এই বৰ্ষটোত আপোনাৰ পিতৃ কোনো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিয়নো গোটেই বৰ্ষ জুৰি অষ্টম গৃহত শনি আৰু নৱম গৃহত ৰাহুৰ উপস্থিতিয়ে আপোনাৰ পিতৃৰ স্বাস্থ্যৰ সমস্যা বৃদ্ধি কৰিব পাৰে। বিশেষকৈ যেতিয়া 23 এপ্ৰিলৰ পৰা 1 জুনৰ ভিতৰত আপোনাৰ নৱম গৃহত ৰাহুৰ সৈতে মঙ্গলৰ পৰিবহন হ’ব, তেতিয়া অংগাৰক দশাৰ বাবে আপোনাৰ পিতৃ বিশেষ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ছোৱাত, তেওঁৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত আৰু প্ৰয়োজন অনুসাৰে চিকিৎসা কৰাওক। বছৰটোৰ অন্তিম তিনিমাহত ব্যক্তিগত সম্পৰ্ক গভীৰ হ’ব।

বৃহৎ কুণ্ডলী: জানক আপোনাৰ জীৱনত গ্ৰহসমূহৰ পৰিবহনৰ প্ৰভাৱ আৰু ইয়াৰ প্ৰতিকাৰ

কৰ্কট সন্তান ৰাশিফল 2024

আপোনাৰ সন্তানৰ ক্ষেত্ৰত বছৰটোৰ আৰম্ভণিৰ কথা কবলৈ গ'লে দেখা যায়,কৰ্কট ৰাশিফল 2024 (Karkat Rashifal 2024)অনুসৰি,বছৰটোৰ আৰম্ভণি অত্যন্ত শুভ হ'ব। আপোনাৰ সন্তানৰ কলাত্মক প্ৰতিভা বৃদ্ধি হ'ব। তেওঁ নিজৰ যিকোনো অভিৰূচিক অনুসৰণ কৰাত সফল হ'ব। সমাজতো তেওঁ সন্মান লাভ কৰিব আৰু আপোনাৰ মৰম-স্নেহো প্ৰাপ্ত কৰিব। তেওঁলোকৰ সফলতাত আপুনিও আনন্দিত হ'ব। 1 মে'ৰ পৰা, যেতিয়া বৃহস্পতি আপোনাৰ একাদশ গৃহত স্থিত হৈ আপোনাৰ পঞ্চম গৃহ আৰু সপ্তম গৃহত দৃষ্টি প্ৰদান কৰিব, তেতিয়া সেই সময়খিনি আপোনাৰ সন্তানৰ বাবে অধিক উপযুক্ত হ'ব আৰু তেওঁলোক যি ক্ষেত্ৰতে আছে সেইক্ষেত্ৰসমূহত সফলতা লাভ কৰিবলৈ সক্ষম হব। তেওঁলোকে মান-যশ লাভ কৰিব, তেওঁলোক আজ্ঞাকাৰী হৈ থাকিব, তেওঁলোকৰ সংস্কাৰ বৃদ্ধি হ'ব আৰু আপুনি এই কথাত যথেষ্ট সুখী হোৱাৰ লগতে গৌৰৱ অনুভৱ কৰিব। এই বছৰৰ দ্বিতীয়াৰ্ধত আপোনাৰ বিবাহযোগ্য সন্তানৰ বিবাহ পাশত আৱদ্ধ হোৱাৰো শক্তিশালী সম্ভাৱনা আছে। এই বছৰটোত আপুনি সন্তানৰ ফালৰ পৰা সুখ প্ৰাপ্ত কৰিব। এপ্ৰিল, মে' আৰু জুন মাহ কিছু দুৰ্বল হ'ব। এই সময়ছোৱাত, তেওঁলোকৰ স্বাস্থ্য আৰু লগ-সংগৰ প্ৰতি চকু দিয়ক।

কৰ্কট বৈবাহিক ৰাশিফল 2024

কৰ্কট ৰাশিফল 2024 (Karkat Rashifal 2024) অনুসৰি, বৈবাহিক জাতকসকল বৰ্ষটোৰ আৰম্ভণিতে কিছু চাপৰ সম্মুখীন হ’ব পাৰে। সূৰ্য্য আৰু মঙ্গল ষষ্ঠ গৃহ তথা শনি দেৱতা অষ্টম গৃহত স্থিত হোৱাৰ বাবে সপ্তম গৃহ পীড়িত অৱস্থাত থাকিব আৰু সপ্তম গৃহৰ অধিপতি শনি নিজেই অষ্টম গৃহলৈ যোৱাৰ ফলত দাম্পত্য জীৱনত চাপ আৰু সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই বৰ্ষত আপুনি যথেষ্ট সাৱধানে থাকিব লাগিব কিয়নো আপোনাৰ সোঁৱৰণিত বিশেষভাৱে দাম্পত্য জীৱনৰ ক্ষেত্ৰত স্থিতিসমূহ অনুকূল নহয় আৰু আপোনাৰ গ্ৰহৰ দশাও ভাল নহয়। সেয়েহে এই বৰ্ষটোত বিবাহ-বিচ্ছেদৰ পৰিস্থিতিও আহিব পাৰে। কিয়নো আপোনালোকৰ সম্পৰ্কত শহুৰ পক্ষৰ যথেষ্ট হস্তক্ষেপ দেখা যাব যাৰ ফলস্বৰূপে দাম্পত্য জীৱনত সমস্যা বৃদ্ধি হ’ব। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহ অধিক সমস্যাপূৰ্ণ হ’ব কিয়নো সূৰ্য্য আৰু মঙ্গল দুয়োৱেই সপ্তম গৃহত প্ৰৱেশ কৰিব। ইয়াৰ ফলত জীৱনসঙ্গীৰ আচৰণত উগ্ৰতা বৃদ্ধি পাব পাৰে যাৰ ফলত আপোনালোকৰ মাজত যুক্তি-তৰ্ক হ’ব পাৰে। কিছু ধৈৰ্য্য ধৰি আপুনি পৰিস্থিতি চম্ভালিব পাৰিব। আপোনাৰ বাবে আগষ্টৰ পিছৰখিনি সময় অনুকূল হ’ব, তেতিয়ালৈকে আপুনি বিশেষভাৱে সাৱধান হৈ থকা উচিত।

কৰ্কট ৰাশিফল 2024 (Karkat Rashifal 2024) অনুসৰি যদিহে আপুনি অকলশৰীয়া বা অবিবাহিত আৰু এগৰাকী ভাল জীৱনসঙ্গীৰ সন্ধানত আছে তেনেহ’লে এই বৰ্ষতো এই সন্ধান অব্যাহত ৰাখক। বৰ্ষটোৰ অন্তিম মাহকেইটাত আপোনাৰ বিবাহ হোৱাৰ কিছু সম্ভাৱনা আছে অন্যথা আপোনাৰ বিবাহ পৰৱৰ্তী বৰ্ষত হোৱাৰ যোগ আছে। বিবাহ সম্পৰ্কীয় কথা-বতৰা এই বৰ্ষত নিশ্চয় চলিব পাৰে কিন্তু বিবাহ পৰৱৰ্তী বৰ্ষত কৰাটোৱেই আপোনাৰ বাবে অধিক অনুকূল হ’ব কিয়নো এই বৰ্ষত গ্ৰহসমূহৰ স্থিতি আপোনাৰ পক্ষত নাই। অৱশ্যে 1 মে’ত যেতিয়া দেৱ গুৰু বৃহস্পতি একাদশ গৃহত স্থিত হৈ আপোনাৰ পঞ্চম আৰু সপ্তম গৃহত দৃষ্টি পেলাব তেতিয়া বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধত বৈবাহিক জীৱনত প্ৰেম-ভালপোৱা বৃদ্ধি হ’ব আৰু বিবাহিত জাতকসকলৰ বৈবাহিক সম্পৰ্ক লাহে-লাহে অনুকূল হোৱাৰ সহায় কৰিব।

কৰ্কট ব্যৱসায়িক ৰাশিফল 2024

কৰ্কট ৰাশিফল 2024 (Karkat Rashifal 2024) অনুসৰি ব্যৱসায় কৰা জাতকসকলে এই বৰ্ষটোত সাৱধানে আগবঢ়া উচিত কিয়নো সপ্তম গৃহৰ অধিপতি শনি গোটেই বৰ্ষ জুৰি আপোনাৰ অষ্টম গৃহত স্থিত হ’ব যাৰ ফলত ব্যৱসায়ত উত্থান-পতন আহি থাকিব আৰু ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ পূৰ্বে আপুনি যথেষ্ট চিন্তা-চৰ্চা কৰা উচিত। কিয়নো আপোনাৰ ধন হানি হোৱাৰ স্থিতি উৎপন্ন হ’ব পাৰে আৰু ব্যৱসায়ত হৈ থকা কাম বন্ধ হৈ যাব পাৰে। দশম গৃহত বৃহস্পতিৰ উপস্থিতি 1 মে’ পৰ্য্যন্ত থাকিব। তেতিয়ালৈকে সময়খিনি বৃহস্পতিৰ কৃপাত কিছু পৰিমাণে অনুকূল হৈ থাকিব আৰু আপুনি কোনো নতুন ব্যৱসায়ো আৰম্ভ কৰিব পাৰে। কিন্তু 1 মে’ৰ পিছত বৃহস্পতি একাদশ গৃহলৈ গৈ তাৰপৰা সপ্তম গৃহত দৃষ্টি পেলাব আৰু তৃতীয় আৰু পঞ্চম গৃহতো দৃষ্টি পেলাব। ইয়াৰ ফলত আপুনি ব্যৱসায়ত সীমিত পৰিমাণত বিপদাশংকা গ্ৰহণ কৰিব আৰু ব্যৱসায়ৰ বিকাশ কৰাৰ চেষ্টা কৰিব। আপুনি এই বৰ্ষত কোনো গুৰুত্বপূৰ্ণ আৰু সমাজৰ জনা-শুনা বয়োজ্যেষ্ঠ্য ব্যক্তিৰ সহযোগ প্ৰাপ্ত কৰিব পাৰে যি আপোনাৰ ব্যৱসায়ত সহযোগিতা প্ৰদান কৰি আপোনাক উন্নতিৰ পথ দেখুওৱাত সহায় কৰিব। 5 ফেব্ৰুৱাৰীৰপৰা 15 মাৰ্চ পৰ্য্যন্ত আপোনাৰ সপ্তম গৃহত মঙ্গলৰ পৰিবহন হোৱাৰ ফলত আপুনি কোনো ডাঙৰ লেন-দেন কৰাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ ব্যৱসায়ে অধিক উন্নতি লাভ কৰিব আৰু আপোনাৰ নাম-যশ বৃদ্ধি হ’ব। কিন্তু 15 মাৰ্চৰপৰা 23 এপ্ৰিল পৰ্য্যন্ত মঙ্গলৰ পৰিবহনো অষ্টম গৃহত শনিৰ সৈতে হ’ব। এই স্থিতি আপোনাৰ ব্যৱসায়ৰ বাবে উদ্বেগপূৰ্ণ হ’ব পাৰে আৰু আপোনাৰ ব্যৱসায়িক অংশীদাৰো সমস্যাৰ সম্মুখীন হ’ব পাৰে। 1 জুনৰপৰা 26 আগষ্ট পৰ্য্যন্তৰ সময়খিনিত আপোনাৰ ব্যৱসায়ত বাহিৰা মানুহৰ সহযোগ ভালদৰে প্ৰাপ্ত কৰিব। অৱশ্য়ে ইয়াৰ পিছত সমস্য়া বৃদ্ধি হ’ব পাৰে। আপুনি লাহে লাহে প্ৰত্যাহ্বানসমূহৰপৰা ওলাই আহিবলৈ চেষ্টা কৰিব লাগিব। যদিহে আপোনাৰ জীৱনসঙ্গীয়েই আপোনাৰ ব্যৱসায়িক অংশীদাৰ তেনেহ’লে আপুনি নিজৰ শহুৰ পক্ষৰ লোকসকলক ব্যৱসায়ৰপৰা আতৰ কৰিব লাগিব অন্যথা আপুনি সমস্যাত পৰিব পাৰে। সময়মতে আপোনাৰ কৰ পৰিশোধ কৰক কাৰণ ইয়াৰ বাবে আপুনি জাননী প্ৰাপ্ত কৰিব পাৰে। নৱেম্বৰৰপৰা ডিচেম্বৰ মাহত ব্যৱসায়ত ভাল উন্নতি লাভ কৰিব আৰু কিছুমান বাহিৰা উৎসৰ জৰিয়তে আপোনাৰ ব্যৱসায় শক্তিশালী হৈ পৰিব।

কৰ্কট সম্পত্তি আৰু বাহনৰ ৰাশিফল 2024

কৰ্কট সম্পত্তি আৰু বাহনৰ ৰাশিফ 2024 অনুসৰি, বৰ্ষটোৰ প্ৰথম তিনিমাহ আপোনাৰ সম্পত্তি আৰু বাহনৰ ক্ষেত্ৰত অনুকূল হোৱাৰ সম্ভাৱনা আছে।কৰ্কট ৰাশিফল 2024 (Karkat Rashifal 2024) অনুসৰি আপুনি 1 ৰপৰা 18 জানুৱাৰী, 12 ফেব্ৰুৱাৰীৰপৰা 7 মাৰ্চ, 31 মাৰ্চৰপৰা 12 জুন আৰু তাৰিপছত 18 ছেপ্তেম্বৰৰপৰা 13 অক্টোবৰৰ ভিতৰত কোনো নতুন বাহন ক্ৰয় কৰিব পাৰে। অৱশ্যে ইয়াৰ মাজতো আটাইতকৈ উপযুক্ত সময় হ’ব 19 মে’ৰপৰা12 জুনৰ ভিতৰত, যেতিয়া আপোনাৰ চতুৰ্থ গৃহৰ অধিপতি শুক্ৰ নিজৰ উচ্চ ৰাশিত স্থিত হ’ব আৰু আপোনাৰ বাহন দিওৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আপুনি ভুলতেও18 জানুৱাৰীৰপৰা 12 ফেব্ৰুৱাৰী আৰু 12 ফেব্ৰুৱাৰীৰপৰা 7 মাৰ্চৰ ভিতৰত বাহন ক্ৰয় কৰা উচিত নহয় কিয়নো এইখিনি সময়ত বাহন ক্ৰয় কৰিলে দুৰ্ঘটনা হোৱাৰ আশংকা আছে।

যদিহে আপুনি কোনো সম্পত্তি ক্ৰয় কৰিব বিচাৰে তেনেহ’লে বৰ্ষটোৰ আৰম্ভণি তাৰ বাবে ভাল হ’ব। জানুৱাৰীৰপৰা মাৰ্চৰ ভিতৰত আপুনি কোনো সম্পত্তি ক্ৰয় কৰাত সফল হ’ব। এই সম্পত্তি কোনো সুন্দৰ ঠাইত হ’ব পাৰে তথা তাৰ ওচৰত কোনো মন্দিৰ বা ধৰ্মীয় স্থল হোৱাৰ যোগ আছে। ইয়াৰ বাহিৰেও আগষ্ট আৰু তাৰপিছত নৱেম্বৰ তথা ডিচেম্বৰ মাহত আপুনি কোনো ডাঙৰ সম্পত্তিৰ ক্ৰয়-বিক্ৰয়ৰপৰা লাভ প্ৰাপ্ত কৰিব পাৰে।

সকলো প্ৰকাৰৰ জ্যোতিষীয় সমাধানৰ বাবে দৰ্শন কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

কৰ্কট ধন আৰু লাভ ৰাশিফল 2024

কৰ্কট ৰাশিৰ জাতকসকল এই বৰ্ষত এটা কথাৰ প্ৰতি বিশেষভাৱে সচেতন হ’ব লাগিব যে আপোনাৰ ভাল উপাৰ্জনৰ যোগ সৃষ্টি হ’ব কিন্তু বৰ্ষটোৰ আৰম্ভণি কিছু দুৰ্বল হ’ব।কৰ্কট ৰাশিফল 2024 (Karkat Rashifal 2024) অনুসৰি সূৰ্য্য আৰু মঙ্গল আপোনাৰ ষষ্ঠ গৃহত বিৰাজমান হ’ব আৰু শনি গোটেই বৰ্ষ জুৰি আপোনাৰ অষ্টম গৃহত স্থিত হৈ আপোনাৰ ব্যয় বৃদ্ধি কৰিব। আপুনি কোনো কাম কৰাৰ পূৰ্বে আৰু কোনো সম্পত্তিত হাত দিয়াৰ পূৰ্বে সেইবোৰৰ সকলোবোৰ দিশ চালি-জাৰি চোৱা উচিত কিয়নো যদিহে কোনো বিবাদ থকা সম্পত্তি ক্ৰয় কৰি লয় তেতিয়া আপুনি তাত বহু ধন ব্য়য় কৰিবলগীয়া হ’ব পাৰে। শ্যেয়াৰ বজাৰত বিনিয়োগ কৰিবৰ বাবে ফেব্ৰুৱাৰী মাহটো উপযুক্ত হ’ব আৰু ইয়াৰ পিছত জুলাইৰপৰা আগষ্টৰ ভিতৰৰ সময়খিনিও অনুকূল হ’ব।

কৰ্কট ৰাশিফল 2024 (Karkat Rashifal 2024) অনুসৰি আপুনি নিজৰ ভাতৃ-ভগ্নীৰপৰা আৰ্থিক সহায় লাভ কৰিব পাৰে যি আপোনাৰ কামসমূহ সম্পূৰ্ণ কৰাত সহায় কৰিব আৰু তাৰ বাবে ধন প্ৰদান কৰিব পাৰে। চাকৰি কৰি থকা জাতকসকলৰ বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধত দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত তেওঁলোকৰ আমদানী বৃদ্ধি হ’ব। ব্যৱসায় কৰি থকা জাতকসকলেও ভাল লাভ প্ৰাপ্ত কৰাৰ যোগ আছে কিন্তু দ্বিতীয় তিনিমাহতহে এনে হোৱাৰ সম্ভাৱনা আছে।কৰ্কট ৰাশিফল 2024 (Karkat Rashifal 2024) অনুসৰি প্ৰথম তিনিমাহত যিকোনো ঠাইতেই ধন বিনিয়োগ কৰাটো কিছু সংশয়জনক হ’ব সেয়েহে যথেষ্ট সাৱধানতাৰে আগবঢ়া উচিত। আপুনি এপ্ৰিলৰপৰা জুনৰ ভিতৰত আৰু তাৰপিছত ছেপ্তেম্বৰৰপৰা অক্টোবৰৰ ভিতৰত চৰকাৰী ক্ষেত্ৰত ধন লাভ কৰিব পাৰে।

কৰ্কট স্বাস্থ্য ৰাশিফল 2024

কৰ্কট স্বাস্থ্য ৰাশিফল 2024 অনুসৰি বৰ্ষটোৰ আৰম্ভণি স্বাস্থ্য়ৰ দৃষ্টিকোণৰপৰা অনুকূল নহ’ব। সেয়েহে আপুনি সাৱধানতা অৱলম্বন কৰা উচিত। ষষ্ঠ গৃহত সূৰ্য্য আৰু মঙ্গল স্থিত হ’ব যাৰ ফলত শৰীৰৰ তাপমান বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপুনি জ্বৰ বা মূৰৰ বিষ আদিৰ দৰে সমস্যাত ভূগিব পাৰে। অত্যাধিক গৰম জ্বলা-মচলাযুক্ত খাদ্য আপুনি এৰাই চলা উচিত।কৰ্কট ৰাশিফল 2024 (Karkat Rashifal 2024) অনুসৰি শনি গোটেই বৰ্ষ জুৰি আপোনাৰ অষ্টম গৃহত বিৰাজমনা হ’ব। সেয়েহে এই বৰ্ষত যাতে কোনো ডাঙৰ বেমাৰ নহয়, তাৰ বাবে আপুনি পূৰ্বৰেপৰাই সাজু হোৱা উচিত আৰু সৰু-সৰু সমস্যাকো সম্পূৰ্ণ গুৰুত্ব সহকাৰে লোৱা উচিত। 15 মাৰ্চৰপৰা 23 এপ্ৰিলৰ ভিতৰত আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ ধ্যান দিব লাগিব কিয়নো এইখিনি সময়ত মঙ্গলো শনিৰ সৈতে অষ্টম গৃহত স্থিত হ’ব। এইখিনি সময়ত বাহন সাৱধানে চলাওক আৰু সম্ভৱ হ’লে আনৰ দ্বাৰা বাহন চলোৱাওক আৰু নিজে বহি যাওক। যদিহে আপুনি এই সময়ছোৱাত কোনো পুৰণি সমস্যাৰ সৈতে যুঁজ দি আছে তেনেহ’লে এই সময়ছোৱাত আপোনাৰ শৈল্য চিকিৎসাও হ’ব পাৰে। ইয়াৰ পিছত 23 এপ্ৰিলৰপৰা 1জুন পৰ্য্যন্ত আপোনাৰ নৱম গৃহত মঙ্গলৰ পৰিবহন হ’ব, য’ত পূৰ্বৰেপৰাই ৰাহু বিৰাজমান আৰু এনেদৰে মঙ্গল-ৰাহু অংগাৰক যোগ সৃষ্টি হোৱাৰ ফলত আপোনাৰ পিতৃক স্বাস্থ্যজনিত সমস্যাই ভাৰাক্ৰান্ত কৰিব পাৰে আৰু আপুনিও স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। এইছোৱা সময়ৰ পিছত লাহে-লাহে স্বাস্থ্য ভাললৈ আহিব আৰু12 জুলাইৰ পিছত আপোনাৰ স্বাস্থ্য অনুকূল হ’বলৈ আৰম্ভ কৰিব। নৱেম্বৰ আৰু ডিচেম্বৰ মাহত স্বাস্থ্যৰ ক্ষেত্ৰত লাভাম্বিত হ’ব। কিন্তু মাজে মাজেসৰু-সুৰা সমস্যাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে।

কৰ্কট ৰাশিফল 2024 (Karkat Rashifal 2024) অনুসৰি,2024 বৰ্ষত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত পিত্তৰ সমস্যাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। ইয়াৰ বাহিৰেও বতৰ সলনিৰ সময়ত পানীলগা, জ্বৰ, মূৰৰ বিষ আদিৰ দৰে সমস্যা আৰু ককালৰ বিষ আদিত ভূগিব পাৰে। সৰু সৰু সমস্যাবোৰক উপেক্ষা নকৰাটো আপোনাৰ বাবে ভাল হ’ব আৰু নিজকে সুস্বাস্থ্যৱান কৰি ৰাখিবৰ বাবে অলপ ব্যায়াম আৰু যোগাভ্য়াস কৰক। ইয়াৰদ্বাৰা আপুনি বহুতো সমস্যাৰপৰা উপশম পাব পাৰিব আৰু স্বাস্থ্যৱান হৈ থাকিব পাৰিব।

2024 বৰ্ষত কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে শুভ সংখ্যা

কৰ্কট ৰাশিৰ অধিপতি হৈছে চন্দ্ৰমা আৰু কৰ্কট ৰাশিৰ জাতকসকলৰ শুভ সংখ্যা হৈছে 2 আৰু 6। জ্যোতিষ অনুসৰিকৰ্কট ৰাশিফল 2024 (Karkat Rashifal 2024) য়ে কয় যে, 2024 বৰ্ষৰ কুল যোগ হৈছে 8। এই বৰ্ষটো কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে মধ্যমীয়া হ’ব। সেয়েহে আপুনি এই বছৰ যিটো ক্ষেত্ৰত উন্নতি লাভ কৰিব বিচাৰে, তাৰ বাবে অধিক পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ পৰিশ্ৰমেই আপোনাৰ সফলতা মূলমন্ত্ৰ হ’ব যাৰ জৰিয়তে আপুনি নিজৰ জীৱনত 2024 বৰ্ষত সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।

কৰ্কট ৰাশিফল 2024: জ্যোতিষীয় প্ৰতিকাৰ

  • প্ৰতিদিনে শ্ৰী হনুমান চালিশা আৰু বজৰংগ বাণ পাঠ কৰক।
  • নিজৰ জন্মদিনত আৰু বিশেষ দিন কিছুমানত অথবা সমস্যা নিবাৰণৰ বাবে ৰূদ্ৰাভিষেক সম্পন্ন কৰক।
  • শনিৰ অনুকূলতা প্ৰাপ্ত কৰিবৰ বাবে শনিবাৰে শনিদেৱতাৰ সোঁ ভৰিৰ আটাইতকৈ কনিষ্ঠ আঙুলিত অকনমান সৰিয়হৰ তেল অৰ্পণ কৰি তেওঁৰ মালিচ কৰা উচিত।
  • পৰুৱাক খাবলৈ আটা আৰু পানী দিয়াটো আপোনাৰ বাবে মংগলজনক হ’ব।

সঘনাই সোধা প্ৰশ্ন

কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো কেনে হ’ব?

কৰ্কট ৰাশিৰ জাতকসকলে 2024 বৰ্ষত নিজৰ পাৰিবাৰিক আৰু প্ৰেমৰ সম্পৰ্কত সুখ প্ৰাপ্ত কৰাৰ আৰু তেওঁলোকৰ সম্পৰ্কৰ বান্ধোন সুদৃঢ় হোৱাৰ শুভ ফল প্ৰাপ্ত কৰাৰ যোগ আছে।

2024 বৰ্ষত কৰ্কট ৰাশিৰ ভাগ্যোদয় কেতিয়া হ’ব?

কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো যথেষ্ট ভাল হ’ব। বিশেষকৈ 2024 বৰ্ষৰ আৰম্ভণিৰপৰা 30 এপ্ৰিল 2024 পৰ্য্যন্ত যেতিয়া দেৱ গুৰু বৃহস্পতিয়ে আপোনাৰ দশম গৃহত পৰিবহন কৰিব।

কৰ্কট ৰাশিৰ জাতকসকলৰ ভাগ্যত কি লিখা আছে?

2024 বৰ্ষত গুৰুত্ব সহকাৰে কাম কৰা আৰু নিজৰ কামৰ এক আঁচনি প্ৰস্তুত কৰি আগবঢ়াটো আপোনাৰ বাবে ভাল হ’ব আৰু ইয়াৰ ফলত আপোনাৰ ভাগ্যও উজ্বলি উঠিব।

কৰ্কট ৰাশিৰ জীৱনসঙ্গী কোন?

বৃষ ৰাশি, কন্যা ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশিৰ লোকসকলক মিথুন ৰাশিৰ জাতকসকলৰ বাবে উত্তম জীৱনসঙ্গী হিচাপে গণ্য় কৰা হয়।

কৰ্কট ৰাশিক কোন ৰাশিৰ জাতকে ভাল পায়?

বৃষ ৰাশি, তুলা ৰাশি আৰু বৃশ্চিক ৰাশি।

কৰ্কট ৰাশিৰ শত্ৰু কোন?

কৰ্কট ৰাশিৰ জাতকসকলৰ শত্ৰুৰ তালিকাত কুম্ভ ৰাশিৰ নাম শীৰ্ষত আহে।

আশা ৰাখিছোঁ যে আমাৰ প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱাৰ বাবে ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer