মকৰ ৰাশিফল 2024 (Makar Rashifal 2024)

মকৰ ৰাশিফল 2024 (Makar Rashifal 2024) ৰ এই বিশেষ প্ৰৱন্দটো বিশেষভাৱে মকৰ ৰাশিৰ জাতকসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। এই ৰাশিফলে মকৰ ৰাশিৰ জাতকসকল অৰ্থাৎ আপোনাৰ বাবে 2024 বৰ্ষত গ্ৰহ-নক্ষত্ৰসমূহৰ পৰিবহন আৰু গতি-বিধিৰ ভিত্তিত কেনে প্ৰস্তুত কৰি তোলা হৈছে। এই সকলোবোৰৰদ্বাৰা আপোনাৰ জীৱনত কেনে প্ৰভাৱ পৰিব আৰু কেতিয়া কেতিয়া কি কি প্ৰভাৱ পৰিব পাৰে, এই সকলোবোৰ কথা অৱগত কৰিবৰ বাবেই আমি এই লিখনিটো প্ৰস্তুত কৰি উলিয়াইছোঁ। যদিহে আপুনি জানিব বিচাৰে, যে এই বৰ্ষটোত কোন কোন ক্ষেত্ৰত আপুনি কঠিন প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব আৰু কোন কোন ক্ষেত্ৰত আপুনি আৰামদায়ক জীৱন লাভ কৰাৰ সুযোগ প্ৰাপ্ত কৰিব, তেনেহ’লে আপুনি এই বাৰ্ষিক ৰাশিফল 2024 প্ৰৱন্ধটো আৰম্ভণিৰপৰা শেষলৈকে পঢ়ক।

বাৰ্ষিক ৰাশিফল 2024 পঢ়িবৰ বাবে ইয়াত ক্লিক্ কৰক - ৰাশিফল 2024

মকৰ ৰাশিৰ জাতকসকলৰ বাবে এই বিশেষ পূৰ্বানুমানটোৱে আপোনাক এইসমূহ কথা জনাত আৰু বুজাত সহায় কৰিব যে আপুনি নিজৰ কেৰিয়াৰক কোন দিশত আগবঢ়াই লৈ যাব পাৰিব বা লৈ যোৱা উচিত, কেতিয়া আপুনি অনুকূল বা প্ৰতিকূল ফলৰ সম্মুখীন হ’ব লাগিব, কেতিয়া আপুনি ব্যৱসায়ত লাভাম্বিত হ’ব আৰু কেতিয়া আপুনি আৰ্থিক প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব লাগিব। চাকৰিত আপুনি কেনে পৰিস্থিতিৰ সম্মুখীন হ’ব, কেতিয়া আপুনি পদোন্নতি লাভ কৰিব, কেতিয়া পৰিৱৰ্তন অনুভৱ কৰিব আৰু কেতিয়া চাকৰিৰ পৰিৱৰ্তন হ’ব। আপোনাৰ বৈবাহিক জীৱন কেনে হ’ব, তাত আপুনি সুখী হ’ব পাৰিব নে অথবা সমস্যা আহিব নেকি। আপোনাৰ প্ৰেম জীৱন কোন দিশত আগবাঢ়িব আৰু আপুনি নিজৰ জীৱনসঙ্গী লাভ কৰিব নে। আপোনাৰ আৰ্থিক দিশৰপৰা স্থিতি কেনে হব আৰু আপুনি ধন লাভ কৰিব পাৰিব নে অথবা ধন হানি হ’ব নেকি, এই সকলোবোৰ তথ্য আপোনাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই প্ৰৱন্ধটোত আপুনি লাভ কৰিব পাৰিব।

मकर राशि का राशिफल विस्तार से पढ़ेंमकर राशिफल 2024

কেৱল এয়াই নহয়, এই ৰাশিফলত 2024 বৰ্ষত কেতিয়া এনে সময়ত আহিব য’ত আপুনি সম্পত্তি ক্ৰয় কৰাৰ সুযোগ প্ৰাপ্ত কৰিব অথবা আপুনি কোনো বাহন ক্ৰয় কৰিব পাৰিব আৰু কোনখিনি সময় আপোনাৰ বাবে প্ৰতিকূল হ’ব। এই সকলোবোৰ তথ্য আপুনি ইয়াত লাভ কৰিব পাৰিব। আমি আপোনাক এয়াও জনাব বিচাৰোঁ যে এই প্ৰৱন্ধটো বিশেষভাৱে আপোনাৰ সহায়ৰ বাবে নিৰ্মাণ কৰা হৈছে আৰু বৰ্ষ 2024-ত গ্ৰহ-নক্ষত্ৰসমূহৰ পৰিবহন আৰু গতি-বিধিয়ে আপোনাৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলাব, এই সকলোবোৰৰ বিষয়ে তথ্য প্ৰদান কৰিব।। এই প্ৰৱন্ধটো এষ্ট্ৰোচেজৰ বিশেষজ্ঞ জ্যোতিষীডা. ম্ৰগাংকৰদ্বাৰা প্ৰস্তুত কৰা হৈছে।

Click here to read in English:Capricorn Horoscope 2024

গুৰুত্বপূৰ্ণ কথাটো হ’ল যে মকৰ ৰাশিৰ এই বাৰ্ষিক ৰাশিফল2024 আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। যদিহে জন্মৰ সময়ত চন্দ্ৰমা আপোনাৰ কোষ্ঠীত কুম্ভ ৰাশিত স্থিত হৈছিল, তেনেহ’লে এই ৰাশিফল বিশেষভাৱে আপোনাৰ বাবে প্ৰস্তুত কৰা হৈছে, আহক তেনেহ’লে ইয়াত কি গোপন ৰহস্য নিহিত হৈ আছে আৰু আপোনাৰ জীৱনলৈ কেনে পৰিৱৰ্তন আহিব পাৰে সেই বিষয়ে জানি লওঁ।

2024 ত আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হ’ব নে?বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক

মকৰ ৰাশিফল 2024 (Makar Rashifal 2024) অনুসৰি, মকৰ ৰাশিৰ জাতকসকলৰ বাবে এই বৰ্ষৰ আৰম্ভণিৰপৰাই আপোনাৰ ধন গৃহ অৰ্থাৎ দ্বিতীয় গৃহৰ স্বামী শনি দ্বিতীয় গৃহৰ ৰাশিত বিৰাজমান হ’ব আৰু আপোনাক আৰ্থিকভাৱে শক্তিশালী কৰি তুলিব। আপুনি কোনো প্ৰত্যাহ্বানতে পৰাজিত হ’বলগীয়া নহয় আৰু আপোনাক শনিয়ে নিজেই ৰক্ষা কৰিব। আপোনাৰ ধন প্ৰাপ্তিৰ সমস্যা নহয়। গুৰু বৃহস্পতি 1 মে’ পৰ্য্যন্ত আপোনাৰ চতুৰ্থ গৃহত স্থিত হৈ পাৰিবাৰিক জীৱন সুখময় কৰি তুলিব আৰু আপোনাক কেৰিয়াৰৰ ক্ষেত্ৰতো উন্নতি প্ৰদান কৰিব, আৰু1 মে’ৰপৰা আপোনাৰ পঞ্চম গৃহলৈ গৈ আপোনাক সন্তানৰ সুখো প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কত গভীৰতা বৃদ্ধি পাব আৰু আপোনাৰ আমদানী ভাল হোৱা দেখা যাব। ৰাহু গোটেই বৰ্ষ জুৰি আপোনাৰ তৃতীয় গৃহত স্থিত হৈ আপোনাক পৰাক্ৰমী কৰি তুলিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ত আপুনি বিভিন্ন প্ৰকাৰৰ পদক্ষেপ ল’ব পাৰিব, কিন্তু এটা কথা মনত ৰাখিব যে আপুনি নিজেও যথেষ্ট প্ৰচেষ্টা কৰিব লাগিব, তেতিয়াহে জীৱনত সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। আপুনি সৰু সৰু যাত্ৰাৰ সুযোগ লাভ কৰিব, যি আপোনাক সন্তুষ্টি প্ৰদান কৰিব। দ্বিতীয় গৃহত শনি স্থিত হোৱাৰ বাবে আপোনাৰ পৰিয়ালৰ লোকসকলে আপোনাক সন্মানৰ দৃষ্টিৰে চাব। এই বৰ্ষত আপুনি নিজৰ জীৱনৰ বিশেষ ক্ষেত্ৰসমূহত ভাল উন্নতি লাভ কৰাৰ যোগ আছে, যাৰ বাবে আপুনি তথা আপোনাৰ পৰিয়ালে গৌৰৱ অনুভৱ কৰিব।মকৰ ৰাশিফল 2024 (Makar Rashifal 2024) অনুসৰি, নিজৰ ক্ৰোধ আৰু স্বাস্থ্য়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে, কৰ্মক্ষেত্ৰত ভাল সফলতা লাভ কৰিব।

সকলো জ্যোতিষীয় গণনা আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। আপোনাৰ চন্দ্ৰ ৰাশি জানিবৰ বাবে ক্লিক কৰক:চন্দ্ৰ ৰাশি কেলকুলেটৰ

মকৰ প্ৰেম ৰাশিফল 2024

মকৰ ৰাশিফল 2024 (Makar Rashifal 2024) অনুসৰি, আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বাবে বৰ্ষটোৰ আৰম্ভণি যথেষ্ট ভাল হ’ব। কিয়নো বৰ্ষটোৰ আৰম্ভণিতে বুধ আৰু শুক্ৰ আপোনাৰ একাদশ গৃহত স্থিত হৈ তাৰপৰা আপোনাৰ পঞ্চম গৃহত দৃষ্টি পেলাব, যাৰ ফলত আপোনাৰ প্ৰেমৰ সম্পৰ্ক ভালপোৱা আৰু ৰোমাঞ্চেৰে পৰিপূৰ্ণ হৈ পৰাৰ যোগ আছে। আপোনালোক দুয়োৱে পৰস্পৰৰ হৃদয়ত স্থান অধিকাৰ কৰাত সফল হ’ব আৰু আপোনালোকে সম্পৰ্কটোত পৰিপক্কতাৰ দিশলৈ আগবঢ়াই নিব। পৰস্পৰৰ ওপৰত বিশ্বাস দৃঢ় হ’ব।এটা কথাৰ প্ৰতি মনোযোগ দিয়া উচিত যে, জুলাইৰপৰা আগষ্ট মাহৰ ভিতৰত যেতিয়া মঙ্গলৰ পৰিবহন আপোনাৰ পঞ্চম গৃহত হ’ব, তেতিয়া সেইখিনি সময় আপোনালোকৰ সম্পৰ্কটোৰ বাবে চাপপূৰ্ণ হ’ব পাৰে। এইখিনি সময়ত আপুনি যিকোনো ধৰণৰ বিবাদ এৰাই চলাৰ চেষ্টা কৰক যাতে কোনো ডাঙৰ সমস্যাৰ উদ্ভৱ নহয় আৰু আপোনালোকৰ সম্পৰ্কটো ভাল হৈ থাকে।

মকৰ প্ৰেম ৰাশিফল 2024অনুসৰি এই বৰ্ষত দেৱ গুৰু বৃহস্পতি আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব। এই সময়খিনিয়ে আপোনাৰ প্ৰেমৰ সম্পৰ্কক স্পষ্টতা আৰু দৃঢ়তা প্ৰদান কৰিব। আপোনালোক দুয়ো পৰস্পৰৰ প্ৰতি দায়িত্বশীল হ’ব, ইজন সিজনৰ সুখ-দুখৰ সমভাগী হ’ব আৰু যেতিয়াই আৱশ্যকতা হয় ইজনে সিজনৰ সহায় কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰস্পৰৰ ওপৰত ভৰসা বৃদ্ধি হোৱাৰ লগতে আপোনালোকে নিজৰ সম্পৰ্কটোও উপলব্ধি কৰিব। প্ৰকৃত অৰ্থত আপোনালোক দুয়োৱে পৰিপূৰকৰ ৰূপত নিজৰ সম্পৰ্কটোক আগবঢ়াই লৈ যাব। অৱশ্যে, জুলাই-আগষ্ট মাহত নিজৰ প্ৰিয়জনৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক। ছেপ্তেম্বৰৰপৰা ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ প্ৰেম প্ৰস্ফূটিত হৈ পৰিব।

মকৰ কেৰিয়াৰ ৰাশিফল 2024

মকৰ ৰাশিফল 2024 (Makar Rashifal 2024) অনুসৰি, আপোনাৰ কেৰিয়াৰ ভালদৰে বিকশিত হ’ব বুলি এই বৰ্ষত আশা কৰিব পৰা যায়। বৰ্ষৰ আৰম্ভণিতে আপোনাৰ ৰাশিৰ অধিপতি শনি যি হৈছে দ্বিতীয় গৃহৰো অধিপতি, তেওঁ দ্বিতীয় গৃহত বিৰাজমান হ’ব আৰু তাৰপৰাই আপোনাৰ একাদশ গৃহত দৃষ্টি পেলাব তথা দেৱ গুৰু বৃহস্পতি চতুৰ্থ গৃহত স্থিত হৈ আপোনাৰ দশম গৃহত পূৰ্ণ দৃষ্টি প্ৰদান কৰিব, যাৰ ফলত আপুনি নিজৰ চাকৰিৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব। আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু নিজৰ কামসমূহ অধিক ভালদৰে আগবঢ়াই নিব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব আৰু নিজৰ নিয়োগকৰ্ত্তাৰ প্ৰতি আপোনাৰ দায়িত্বশীলতা ফুটি উঠিব। জ্যেষ্ঠ্য বিষয়াসকলৰ সৈতে আপোনাৰ সম্পৰ্ক ভালে থাকিব।মকৰ কেৰিয়াৰ ৰাশিফল 2024অনুসৰি তৃতীয় গৃহত ৰাহু স্থিত হোৱাৰ ফলত আপুনি নিজৰ কামসমূহক এক প্ৰত্যাহ্বানৰ দৰে লৈ যিমান পাৰে কম সময়ৰ ভিতৰত সেইবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰিব। আপোনাৰ এই দক্ষতাই আপোনাক কৰ্মক্ষেত্ৰত জনপ্ৰিয় কৰি তুলিব। নৱেম্বৰ মাহটো আপোনাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ’ব। এইখিনি সময়ত এক ভাল পদোন্নতি লাভ কৰাৰ যোগ নিৰ্মাণ হ’ব পাৰে, ইয়াৰ উপৰিও এপ্ৰিল আৰু আগষ্ট মাহত স্থানান্তৰণৰো যোগ আছে।যদিহে আপুনি চাকৰি সলনি কৰিব বিচাৰে, তেনেহ’লে এই সময়খিনি সলনি কৰিবৰ বাবে ভাল হ’ব।

মকৰ শিক্ষা ৰাশিফল 2024

মকৰ ৰাশিফল 2024 (Makar Rashifal 2024) অনুসৰি শিক্ষাৰ্থীসকলৰ বাবে বৰ্ষটোৰ আৰম্ভণই অনুকূল হ’ব। বুধ আৰু শুক্ৰই আপোনাৰ পঞ্চম গৃহত দৃষ্টি প্ৰদান কৰিব আৰু আপোনাৰ মনত পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ আৰু কৌতুহল বঢ়াই তুলিব তথা আপোনাৰ জ্ঞান সমৃদ্ধ কৰি তোলাতো সহায় কৰিব আৰু আপোনাৰ শিক্ষাৰ ক্ষেত্ৰখনত উন্নতি লাভ কৰাত সহায় কৰিব। আপোনাৰ দক্ষতা বৃদ্ধি হ’ব আৰু নিজৰ অধ্যয়নক এক নতুন গতি প্ৰদান কৰিব পাৰিব।

যদিহে আপুনি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেনেহ’লে জানুৱাৰী, ফেব্ৰুৱাৰী আৰু তাৰপিছত আগষ্ট, ছেপ্তেম্বৰ তথা নৱেম্বৰ মাহত আপুনি উত্তম আৰু আশা কৰাতকৈও অধিক ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব। অৱশ্যে, আপুনি নিজৰ চেষ্টাৰপৰা পিছ হুঁহকি অহা উচিত নহয় আৰু যথেষ্ট পৰিশ্ৰম কৰা উচিত, যাৰ ফল আপুনি আগন্তুক সময়ত লাভ কৰিব। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলে বহুতো প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব পাৰে। আপোনাৰ একাগ্ৰতা কিছু হ্ৰাস পাব পাৰে আৰু আন বিষয়ৰ প্ৰতি আপোনাৰ মন ঢাল খাব পাৰে।ব্যৱধানৰ বাবে আপোনাৰ পঢ়া-শুনাত ব্যাঘাত জন্মিব পাৰে, কিন্তু হতাশ নহ’ব আৰু কষ্ট কৰি যাওক। শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ স্বপ্ন ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহত পূৰণ হ’ব পাৰে, সেইক্ষেত্ৰত ছেপ্তেম্বৰ মাহতো উপকৃত হোৱাৰ যোগ আছে।

মকৰ আৰ্থিক ৰাশিফল 2024

মকৰ ৰাশিফল 2024 (Makar Rashifal 2024) অনুসৰি বৰ্ষটোৰ আৰম্ভণি অনুকূল হ’ব। বুধ আৰু শুক্ৰ আপোনাৰ একাদশ গৃহত উপস্থিত হ’ব আৰু তাত স্থিত হৈ আপোনাৰ উপাৰ্জন প্ৰতিদিনে বৃদ্ধি কৰিব। আপোনাৰ আৰ্থিক স্থিতি সুদৃঢ় হ’ব আৰু দ্বিতীয় গৃহত উপস্থিত শনি নিজৰ ৰাশি কুম্ভত স্থিত হোৱাৰ বাবে আপোনাৰ ধন সঞ্চয় কৰাৰ প্ৰবৃত্তি বৃদ্ধি হ’ব, যাৰ ফলত আপোনাৰ ধন সঞ্চয় হ’ব। অৱশ্যে মঙ্গল আৰু সূৰ্য্য বৰ্ষৰ আৰম্ভণিতে আপোনাৰ দ্বাদশ গৃহত স্থিত হ’ব, যাৰ ফলত ব্যয় বৃদ্ধি পাব, কিন্তু ফেব্ৰুৱাৰীৰ পিছত ব্যয় কিছু হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত এই বৰ্ষটোত আপুনি বহুখিনি প্ৰাপ্ত কৰিব।1 মে’ত বৃহস্পতি চতুৰ্থ গৃহৰপৰা ওলাই গৈ পঞ্চম গৃহত প্ৰৱেশ কৰিব আৰু তাৰপৰা আপোনাৰ নৱম গৃহ, একাদশ গৃহ আৰু আপোনাৰ প্ৰথম গৃহ অৰ্থাৎ আপোনাৰ ৰাশিত দৃষ্টি প্ৰদান কৰিব, ইয়াৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব আৰু বিত্তীয় সন্তুলন লাভ কৰাত আপুনি সফলতা প্ৰাপ্ত কৰিব।

মকৰ পাৰিবাৰিক ৰাশিফল 2024

মকৰ ৰাশিফল 2024 (Makar Rashifal 2024) অনুসৰি পাৰিবাৰিক দৃষ্টিকোণৰপৰা বৰ্ষটোৰ আৰম্ভণি অত্যন্ত শুভ হ’ব। দ্বিতীয় গৃহত শনি আপোনাৰ ৰাশিত বিৰাজমান হোৱাৰ বাবে আৰু চতুৰ্থ গৃহত দেৱ গুৰু বৃহস্পতি নিজৰ মিত্ৰ ৰাশিত উপস্থিত হোৱাৰ ফলস্বৰূপে পাৰিবাৰিক মিলা-প্ৰীতি বৃদ্ধি পাব। বৰ্ষটোৰ প্ৰথমাৰ্দ্ধ অধিক অনুকূল হ’ব, তাৰপিছত 1 মে’ত দেৱ গুৰু বৃহস্পতি আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব। ৰাহু আপোনাৰ তৃতীয় গৃহত বিৰাজমান হ’ব, যাৰ ফলত আপুনি জীৱনত ভাল সফলতা প্ৰাপ্ত কৰিব, কিন্তু ভাতৃ-ভগ্নীসকল কোনো স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন হ’ব পাৰে আৰু তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্কও প্ৰভাৱিত হ’ব পাৰে। কোনো ধৰণৰ বিবাদত লিপ্ত হোৱাটো পৰিহাৰ কৰি চলক আৰু তেওঁলোকৰ সৈতে মৰম-ভালপোৱাৰে আচৰণ কৰক, ইয়াৰ ফলত আপুনি উপকৃত হ’ব। আপোনাৰ স্পষ্টবাদিতাক ঘৰৰ কোনো কোনো লোকে পছন্দ কৰিব, কিন্তু কোনো কোনো লোকে আপোনাৰ খাৰাংখাচ কথা শুনি বেয়াও পাব পাৰে। এনে পৰিস্থিতিত, সকলোকে একগোট কৰি সামৰি ৰখাটো আপোনাৰ বাবে এক ডাঙৰ কাম হ’ব। আপুনি মনৰপৰা সকলোকে মৰম-স্নেহ দিলে, এই বৰ্ষত আপুনিও আপোনাৰ আপোনজনৰপৰা মৰম পাব আৰু তেওঁলোকৰ ঘনিষ্ঠ হ’ব পাৰিব।

বৃহৎ কুণ্ডলী: জানক আপোনাৰ জীৱনত গ্ৰহসমূহৰ পৰিবহনৰ প্ৰভাৱ আৰু ইয়াৰ প্ৰতিকাৰ

মকৰ সন্তান ৰাশিফল 2024

আপোনাৰ সন্তানৰ দৃষ্টিকোণৰ পৰা,মকৰ ৰাশিফল 2024 (Makar Rashifal 2024)অনুসৰি, এই বছৰটো সন্তানৰ দৃষ্টিকোণৰ পৰা মকৰ ৰাশিৰ লোকসকলৰ বাবে অনুকূল হ'ব। বছৰটোৰ আৰম্ভণিতে, বুধ আৰু শুক্ৰৰ দৰে শুভ প্ৰকৃতিৰ গ্ৰহবোৰে পঞ্চম গৃহত দৃষ্টি প্ৰদান কৰিব আৰু লগতে উন্নতিও প্ৰদান কৰিব, যাৰ ফলত আপোনাৰ সন্তানৰ গুণ বৃদ্ধি হ'ব। 1 মে'ত, বৃহস্পতি আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব, ইয়াৰ ফলত আপোনাৰ সন্তান আজ্ঞাকাৰী হ'ব, তেওঁলোকৰ জ্ঞান বৃদ্ধি কৰিব, তেওঁলোকে ধৰ্মৰ প্ৰতি আগ্ৰহী হৈ উঠিব আৰু এক ভাল ব্যক্তিত্বৰ অধিকাৰী হৈ নিজৰ জীৱন আগবঢ়াই নিব। যদিহে আপোনালোক সন্তান প্ৰাপ্তিৰ আকাংক্ষা কৰা দম্পতী, তেনেহ'লে 1 মে'ৰ পৰা,যেতিয়া দেৱ গুৰু বৃহস্পতি পঞ্চম গৃহলৈ যাত্ৰা কৰিব, তেতিয়াৰেপৰা বছৰটোৰ শেষ পৰ্য্যন্ত সময়খিনি আপোনাৰ বাবে অনুকূল হ'ব। সন্তানৰ প্ৰাপ্তিৰ শুভ বাৰ্ত্তা আপুনি লাভ কৰিব পাৰে, যাৰ বাবে পৰিয়ালত সুখ-শান্তিৰ পৰিৱেশে বিৰাজ কৰিব।

মকৰ বৈবাহিক ৰাশিফল 2024

মকৰ ৰাশিফল 2024 (Makar Rashifal 2024) অনুসৰি এই বৰ্ষটোৰ জুলাই আৰু ডিচেম্বৰ মাহ আপোনাৰ বাবে অধিক অনুকূল হ’ব। এইখিনি সময়ত আপোনাৰ বিবাহ হোৱাৰ যোগ আছে। যদিহে আপুনি এতিয়ালৈকে অকলশৰীয়া বা অবিবাহিত হৈ আছে আৰু আপোনাৰ জীৱনলৈ বিশেষ কাৰোবাৰ আগমনৰ বাবে অপেক্ষাৰত হৈ আছে, তেনেহ’লে মাৰ্চ মাহৰপৰা এপ্ৰিল আৰু মে’-জুনৰ ভিতৰত আপোনাৰ জীৱনলৈ কোনো বিশেষব্যক্তিৰ আগমন ঘটাৰ সম্ভাৱনা আছে, যি আপোনাক জীৱনৰ এক অভিন্ন অংশ হৈ পৰিব আৰু ভৱিষ্যতে তেওঁৰ সৈতেই আপোনাৰ বিবাহ হ’ব।

মকৰ বিবাহ ৰাশিফল 2024 (Makar Vivah Rashifal 2024) অনুসৰি বিবাহিত জাতকসকলৰ ক্ষেত্ৰত দেখা যায়, এই বৰ্ষত তেওঁলোকে সন্তুষ্টি লাভ কৰিব, বিশেষকৈ বৰ্ষটোৰ আৰম্ভণিৰ সময়খিনি অনুকূল হ’ব। মঙ্গল আৰু সূৰ্য্য দ্বাদশ গৃহত স্থিত হোৱাৰ ফলস্বৰূপে অন্তৰংগ সম্বন্ধলৈ সমস্যা আহিব পাৰে। আপোনাৰ স্বাস্থ্য দুৰ্বল হৈ পৰিব পাৰে, যাৰ ফলস্বৰূপে জীনসঙ্গীৰো কোনো সমস্যাৰ সম্মুখীন হ’ব পাৰে, তেওঁৰ আচৰণৰ পৰিৱৰ্তন হ’ব পাৰে।বৰ্ষটোৰ প্ৰথম তিনিমাহত আপুনি নিজৰ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব, কাৰণ ক্ৰোধৰ বাবে আপোনালোকৰ সম্পৰ্ক বেয়ালৈ যাব পাৰে, ইয়াৰ পিছৰ সময়খিনি অপেক্ষাকৃতভাৱে অনুকূল হ’ব। আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে জীৱনটো আনন্দ মনেৰে অতিবাহিত কৰিব আৰু কোনো বিশেষ ঠাইলৈ গৈ তাত সময় কটাব, যাৰ ফলত আপোনালোকৰ মাজৰ সম্পৰ্ক ভাল হ’ব আৰু প্ৰেম-ভালপোৱা বৃদ্ধি পাব।

মকৰ ব্যৱসায়িক ৰাশিফল 2024

মকৰ ব্যৱসায় ৰাশিফল 2024 অনুসৰি ব্যৱসায় কৰি থকা জাতকসকলৰ বাবে এই বৰ্ষটোৱে মিশ্ৰিত ফল লৈ আহিব, কিন্তু ৰাহু তৃতীয় গৃহত বিৰাজমান হৈ আপোনাক প্ৰত্যহ্বানসমূহৰ সাহসেৰে মুখামুখি হ’বলৈ প্ৰস্তুত কৰি তুলিব, যাৰ ফলত আপুনি ডাঙৰ ডাঙৰ বিপদাশংকা গ্ৰহণ কৰিও নিজৰ ব্যৱসায়ক যথেষ্ট ভালদৰে আগবঢ়াই লৈ যাবলৈ প্ৰয়াস কৰা দেখা যাব। আপোনাৰ সৈতে কাম কৰা লোকসকলৰ সহযোগো আপুনি প্ৰাপ্ত কৰিব আৰু আপোনাৰ অধীনত কাম কৰাসকলে নিজৰ প্ৰদৰ্শন উন্নীত কৰি তেওঁলোকৰ উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰা আপুনি প্ৰত্যক্ষ কৰিব, যাৰ ফলত আপোনাৰ ব্যৱসায় আৰু অধিক শক্তিশালী হৈ পৰিব।জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আপুনি বিদেশী মাধ্যমৰ জৰিয়তে ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ সুযোগ লাভ কৰিব। এই বৰ্ষত আপোনাৰ ব্যৱসায়ত ভাল উন্নতি লাভ কৰিব আৰু আপুনি নিজৰ বিপদাশংকা গ্ৰহণ কৰাৰ প্ৰবৃত্তিৰদ্বাৰা লাভাম্বিত হ’ব, কিন্তু সম্পূৰ্ণৰূপে বেপৰোৱা হোৱাৰ অভ্যাস ত্যাগ কৰক, কাৰণ ইয়াৰদ্বাৰা আপোনাৰ ব্যৱসায় ঋণাত্মক ধৰণে প্ৰভাৱিত হ’ব পাৰে। সামগ্ৰিকভাৱে, আপুনি এই বৰ্ষত ব্যৱসায়ত আশানুৰূপ সফলতা প্ৰাপ্ত কৰিব পাৰিব।

মকৰ সম্পত্তি আৰু বাহনৰ ৰাশিফল 2024

মকৰ সম্পত্তি আৰু বাহনৰ ৰাশিফল 2024 অনুসৰি, এই বৰ্ষত আপুনি সম্পত্তিৰ ক্ষেত্ৰত লাভাম্বিত হ’ব।মকৰ ৰাশিফল 2024 (Makar Rashifal 2024) অনুসৰি, জানুৱাৰীৰপৰা এপ্ৰিল মাহৰ ভিতৰত আপুনি কোনো স্থাৱৰ বা অস্থাৱৰ সম্পত্তি প্ৰাপ্ত কৰাৰ ভাল যোগ আছে। এয়া আপুনি নিজৰ পৈতৃক সম্পত্তি হিচাপে প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। এইখিনি সময়ত আপুনি এনে কোনো পৈতৃক সম্পত্তি লাভ কৰিব পাৰে, যাৰদ্বাৰা আপুনি পূৰ্বপুৰুষসকলৰ ধন প্ৰাপ্ত কৰিব পাৰে, ইয়াৰ দ্বাৰা আপোনাৰ আৰ্থিক স্থিতি সুদৃঢ় হৈ উঠিব আৰু আপুনি শক্তিশালী হৈ পৰিব।

বাহনৰ ক্ষেত্ৰত দেখা যায়, মাৰ্চৰ শেষভাগৰপৰা মে’ মাহৰ শেষলৈকে সময়খিনি সৰ্বাধিক অনুকূল হ’ব। এইখিনি সময়ত তৃতীয় আৰু চতুৰ্থ গৃহৰ মাজেৰে শুক্ৰৰ পৰিবহন হ’ব, যি আপোনাক এখন সুন্দৰ বাহন ক্ৰয় কৰাত সহায় কৰিব।

সকলো প্ৰকাৰৰ জ্যোতিষীয় সমাধানৰ বাবে দৰ্শন কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

মকৰ ধন আৰু লাভ ৰাশিফল 2024

মকৰ ৰাশিৰ জাতকসকলে এই বৰ্ষত ধন আৰু লাভালাভৰ ক্ষেত্ৰত ভাল উন্নতি প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। কেৱল আপুনি নিজৰ ব্যয়সমূহ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰা উচিত, কাৰণমকৰ ৰাশিফল 2024 (Makar Rashifal 2024) অনুসৰি, বৰ্ষটোৰ আৰম্ভণিতে সূৰ্য্য আৰু মঙ্গল আপোনাৰ দ্বাদশ গৃহত স্থিত হৈ আপোনাৰ ব্য়য় বৃদ্ধি কৰিব আৰু যদিহে এই সময়ছোৱাত আপুনি নিজৰ ধনসমূহৰ সদব্যৱহাৰ কৰাত ব্যৰ্থ হয়, তেনেহ’লে আপুনি সমস্যাত পৰিব পাৰে। বুধ আৰু শুক্ৰ বৰ্ষটোৰ আৰম্ভণিতে আপোনাৰ একাদশ গৃহত স্থিত হৈ আপোনাৰ ভাল উপাৰ্জন প্ৰদান কৰিব। আপোনাৰ উপাৰ্জনৰ সৈতে আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব, যাৰ ফলত আপুনি কিছু ধন আপোনাৰ ব্যৱসায়ত লগাই ব্যৱসায়ৰ বিকাশ কৰাৰ প্ৰয়াস কৰিব আৰু সেইক্ষেত্ৰত আপুনি সফলতাও লাভ কৰিব।1 মে’ত দেৱ গুৰু বৃহস্পতি পঞ্চম গৃহলৈ যাত্ৰা কৰিব, য’ৰপৰা তেওঁ আপোনাৰ নৱম গৃহ, প্ৰথম গৃহ আৰু একাদশ গৃহত দৃষ্টি প্ৰদান কৰিব। ইয়াৰ ফলত আপোনাৰ ধন প্ৰাপ্তিৰ পথলৈ অহা সকলোবোৰ বাধা দূৰ হ’ব আৰু আপুনি আৰ্থিক দিশৰপৰা সমৃদ্ধ হ’ব। এই বৰ্ষটোত আপুনি আৰ্থিক দিশত বহুখিনি লাভ প্ৰাপ্ত কৰিব। কেৱল নিজৰ ফালৰপৰা আপুনি প্ৰস্তুত হৈ থাকিব লাগিব। ভুলতেও ছেপ্তেম্বৰ মাহত ধনৰ বিনিয়োগ নকৰিব, কাপণ এইখিনি সময়ত বিনিয়োগ কৰা ধন হেৰুৱাৰ প্ৰৱল সম্ভাৱনা আছে। আপুনি এপ্ৰিল মে’ জুন আৰু ছেপ্তেম্বৰ মাহত ভাল আৰ্থিক লাভ প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে।

মকৰ স্বাস্থ্য় ৰাশিফল 2024

মকৰ স্বাস্থ্য ৰাশিফল 2024 অনুসৰি এই বৰ্ষটো স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা অনুকূল হৈ থকাৰ ভাল সম্ভাৱনা দেখা যায়। আপোনাৰ ৰাশিৰ স্বামী গোটেই বৰ্ষ জুৰি আপোনাৰ দ্বিতীয় গৃহত স্থিত হ’ব। ই নিজৰ ৰাশিত স্থিত হ’ব আৰু আপোনাৰ শাৰীৰিক ক্ষেত্ৰত প্ৰত্যাহ্বানসমূহৰপৰা ৰক্ষা কৰিব।মকৰ ৰাশিফল 2024 (Makar Rashifal 2024) অনুসৰি, তৃতীয় গৃহত উপস্থিত ৰাহুৱে আপোনাক সম্পূৰ্ণ সহায় কৰিব আৰু আপোনাৰ স্বাস্থ্যজনিত সমস্যাসমূহ দূৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কিন্তু 29 জুনৰপৰা 15 নৱেম্বৰৰ ভিতৰত আপুনি নিজৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ প্ৰতি মনোযোগ দিয়া উচিত, কাৰণ এইখিনি সময়ত স্বাস্থ্যৰ অৱনতি হ’ব পাৰে।

বৰ্ষটোৰ আৰম্ভণিতে আপোনাৰ ৰাশিৰ অধিপতি 11 ফেব্ৰুৱাৰীৰপৰা 18 মাৰ্চ পৰ্য্যন্ত নিজৰ অস্ত অৱস্থাত স্থিত হ’ব, যাৰ ফলত তেওঁৰ শক্তি হ্ৰাস পাব, আৰু ইয়াৰ ফলস্বৰূপে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। আপোনাৰ ভিতৰত নেতিবাচক চিন্তাৰ জন্ম হ’ব পাৰে, যাৰ দ্বাৰা মানসিক স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা আছে। আপুনি কোনো পৰিস্থিতিতে নিজকে অকলশৰীয়া কৰি এৰি দিয়া উচিত নহয় আৰু নিজৰ আত্মীয়-স্বজন তথা আপোন লোকৰ সৈতে মিলি-জুলি কথা-বতৰা পাতি সময় কটোৱা উচিত।মানসিক চাপে আপোনাক দমন কৰিব নোৱাৰিব। এই বৰ্ষৰ আগষ্ট আৰু ছেপ্তেম্বৰ মাহত নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ চকু ৰাখক।

2024 বৰ্ষত মকৰ ৰাশিৰ জাতকসকলৰ বাবে শুভ সংখ্যা

মকৰ ৰাশিৰ জাতকসকলৰ স্বামী গ্ৰহ হৈছে শনি দেৱতা আৰু মকৰ ৰাশিৰ জাতকসকলৰ বাবে ভাগ্যশালী সংখ্যা হৈছে 4 আৰু 8।জ্যোতিষ অনুসৰিমকৰ ৰাশিফল 2024 (Makar Rashifal 2024) য়ে প্ৰকাশ কৰে যে, বৰ্ষ 2024 ৰ কূল যোগ হৈছে 8। এই বৰ্ষটো মকৰ ৰাশিৰ জাতকসকলৰ বাবে অনুকূল হ’ব। স্বাস্থ্যৰ বাহিৰে আন সকলোবোৰ ক্ষেত্ৰত আপুনি লাভাম্বিত হোৱাৰ ভাল যোগ আছে। এই বৰ্ষটোত আপুনি এক দৃঢ়প্ৰতিজ্ঞ ব্যক্তি হিচাপে গঢ় লৈ উঠাৰো যোগ আছে, যি নিজৰ কামসমূহ সঠিকভাৱে সম্পন্ন কৰিব আৰু তাৰ ফলত আপুনি প্ৰশংসাৰ লগতে ধন ও প্ৰাপ্ত কৰিব।

মকৰ ৰাশিফল 2024: জ্যোতিষীয় প্ৰতিকাৰ

  • শুক্ল পক্ষ সোমবাৰৰ দিনা আপুনি নিজৰ অনামিকা আঙুলিত এক উন্নত মানদণ্ডৰ ওপাল ৰত্ন ধাৰণ কৰা উচিত।
  • আৰ্থিক প্ৰত্যাহ্বান দূৰ কৰিবৰ বাবে শ্ৰী সুক্তা প্ৰতিদিনে পাঠ কৰক।
  • শ্ৰী গণেশ জীক দুৰ্বাংকুৰ অৰ্পণ কৰক আৰু তেওঁৰ ওচৰত আপোনাৰ সম্মুখলৈ অহা বাধা-বিঘিনিসমূহ দূৰ কৰিবৰ বাবে মনোকামনা কৰক।
  • আপুনি ইচ্ছা কৰিলে গণেশ চতুৰ্থীৰ ব্ৰতো ৰাখিব পাৰে। ইয়াৰ ফলত আপুনি বহুতো সমস্যাৰপৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব।
  • আপুনি বিশেষ পৰিস্থিতিত নীলম ৰত্ন ধাৰণ কৰিব পাৰে। ইয়াক আপুনি নিজৰ মধ্যমা আঙুলিত পঞ্চধাতু অথবা অষ্ঠধাতুৰ আঙুঠিত পৰিধান কৰা উচিত।
  • প্ৰত্যেক শনিবাৰে শ্ৰী মহাৰাজ দশৰথ কৃত শনি স্তোত্ৰ পাঠ কৰা উচিত।

সঘনাই সোধা প্ৰশ্ন

মকৰ ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো কেনে হ’ব?

মকৰ বাৰ্ষিক ৰাশিফল অনুসৰি, এই বৰ্ষটোৱে মকৰ ৰাশিৰ জাতকসকলক উন্নতিৰ নতুন নতুন সুযোগ প্ৰদান কৰাৰ লগতে কেৰিয়াৰৰ ক্ষেত্ৰত পৰিৱৰ্তন প্ৰদান কৰিব।

2024 বৰ্ষত মকৰ ৰাশিৰ ভাগ্যোদয় কেতিয়া হ’ব?

মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, মকৰ ৰাশিৰ জাতকসকলৰ বাবে এই বৰ্ষটো যথেষ্ট উন্নতিবৰ্ধক প্ৰমাণিত হ’ব। ধনৰ সৈতে জড়িত বিষয়ত আপুনি কোনো ধৰণৰ অসুবিধাৰ সম্মুখীন নহয়।

মকৰ ৰাশিৰ জাতকসকলৰ ভাগ্যত কি লিখা আছে?

মকৰ ৰাশিফল 2024 অনুসৰি, বৰ্ষ 2024 মকৰ ৰাসিৰ জাতকসকলৰ বাবে কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিকাশ আৰু সফলতাৰ বৰ্ষ হিচাপে প্ৰমাণিত হ’ব।

মকৰ ৰাশিৰ জীৱনসঙ্গী কোন?

মকৰ ৰাশিৰ জাতকসকলৰ বাবে সকলোতকৈ ভাল জীৱনসঙ্গী হিচাপে বৃশ্চিক ৰাশি আৰু মীন ৰাশিৰ জাতকসকল গণ্য কৰা হয়।

মকৰ ৰাশিক কোন ৰাশিৰ জাতকে ভাল পায়?

বৃশ্চিক ৰাশিৰ জাতকসকলে মকৰ ৰাশিৰ জাতকসকলক সকলোতকৈ অধিক ভাল পায়।

মকৰ ৰাশিৰ শত্ৰু কোন?

তুলা ৰাশি আৰু মেষ ৰাশি জাতকসকলক মকৰ ৰাশিৰ জাতকসকলৰ শত্ৰু হিচাপে গণ্য কৰা হয়।

আশা ৰাখিছোঁ যে আমাৰ প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱাৰ বাবে ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer