কেতু পৰিবহন 2024

কেতু পৰিবহন 2024 ৰ জৰিয়তে আপুনি জানিব পাৰিব যে 2024 বৰ্ষত কেতু পৰিবহনৰ আপোনাৰ জীৱনত কেনে প্ৰভাৱ পৰিব। 30 অক্টোবৰ, 2023 ৰ দুপৰীয়া 02 বাজি 13 মিনিটত কেতু কন্যা ৰাশিত প্ৰৱেশ কৰিব আৰু এই ৰাশিত 2025 পৰ্য্যন্ত স্থিত হ’ব। কেতুৰ এই গুৰুত্বপূৰ্ণ পৰিবহনৰ প্ৰভাৱ ৰাশিচক্ৰৰ 12 টা ৰাশিৰ ওপৰত পৰিব। এষ্ট্ৰোচেজৰ এই প্ৰৱন্ধটো দ্বাৰা আপুনি জানিব পাৰিব যে কেতু পৰিবহনে আপোনাৰ বাবে ইতিবাচক ফল লৈ আহিব নে আপুনি এই পৰিবহন কালত নেতিবাচক ফলাফলৰ সম্মুখীন হ’ব লাগিব।

বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু আপোনাৰ জীৱনত কেতু পৰিবহনৰ প্ৰভাৱৰ বিষয়ে জানক

কেতু হৈছে এক আধ্য়াত্মিক গ্ৰহ আৰু এই গ্ৰহৰ প্ৰভাৱৰদ্বাৰা এগৰাকী ব্যক্তিয়ে সকলোধৰণৰ সাংসাৰিক আৰু ভৌতিক সুখৰপৰা নিজকে দূৰ কৰি পেলায়। কেতু হৈছে এনে এটা গ্ৰহ যি ব্যক্তিসকলৰপৰা বহুতো বস্তু কাঢ়ি নিয়ে আৰু ইয়াৰ প্ৰভাৱত ব্যক্তিৰ বিকাশতো বাধা আহে। বৰ্ষ 2024 ত কেতুৰ ফলত জাতকসকল প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব পাৰে।30 অক্টোবৰ, 2023 ত কেতু, কন্যা ৰাশিত প্ৰৱেশ কৰিব যাৰ ফলত এই পৰিবহনৰ সময়খিনিত 2024 বৰ্ষত লোকসকলে নিজৰ জ্ঞান আৰুযোগাযোগ কলা অৰ্থাৎ কথা-বতৰা ভাল কৰিবলৈ প্ৰয়াস কৰিব। এইখিনি সময়ত তেওঁৰ চিন্তা কৰাৰ ক্ষমতা যথেষ্ট বৃদ্ধি হ’ব আৰু সফলতাৰ চূড়ান্ত শিখৰত আৰোহণ কৰিব পাৰিব। কন্যা ৰাশিত পৰিবহন কৰাৰ ফলত কেতুৱে সকলো ৰাশিক কেনেদৰে প্ৰভাৱিত কৰিব, সেয়া প্ৰতিটো মাহত বুধৰ পৰিবহনৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি কেতু পৰিবহন 2024 ৰ সময়ত মিশ্ৰিত ফল লাভ কৰিব। কেতিয়াবা আপুনি ইতিবাচক ফল লাভ কৰিব, আৰু কেতিয়াবা নেতিবাচক ফল লাভ কৰিব। কেতু সদায় পিছফালেদি যায় সেয়েহে এই গ্ৰহটো কেতিয়াও পশ্চাদগামী অৱস্থাত নাথাকে আৰু ছায়া গ্ৰহ হোৱাৰ বাবে কেতুৰ কেতিয়াও অস্ত আৰু উদয় নহয়। ইয়াৰ ফলস্বৰূপে জাতকৰ কুণ্ডলীত কেতুৰ স্থিতিৰ আধাৰত তেওঁলোকে কেতু পৰিবহন 2024 ৰ ফল প্ৰাপ্ত কৰিব। কেতুৰ প্ৰভাৱ জানিবৰ বাবে জাতকৰ সোঁৱৰণিত কেতুৰ স্থিতিক অধিক গুৰুত্ব প্ৰদান কৰা হয়।

To Read in English Click Here: Ketu Transit 2024

এই ৰাশিফল চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। নিজৰ ব্যক্তিগত চন্দ্ৰ ৰাশি এতিয়াই জানিবৰ বাবে চন্দ্ৰ ৰাশি কেলকুলেটৰ ব্যৱহাৰ কৰক।

মেষ ৰাশি

চন্দ্ৰ ৰাশি অনুসৰি কেতু আপোনাৰ ষষ্ঠ গৃহত স্থিত হ’ব। সেয়েহে এই পৰিবহন মেষ ৰাশিৰ জাতকসকলৰ বাবে ফলদায়ক প্ৰমাণিত হ’ব। আপুনি নিজৰ প্ৰয়াসত সফলতা লাভ কৰিব। কেতু ষষ্ঠ গৃহত স্থিত হোৱাৰ বাবে আপুনি নিজৰ কেৰিয়াৰত অত্যন্ত ভাল সফলতা লাভ কৰিব। আনহাতে এই পৰিবহন কালত আপুনি চাকৰিৰ নতুন সুযোগ লাভ কৰিব যাৰ বাবে আপুনি যথেষ্ট সন্তুষ্ট অনুভৱ কৰিব।

কেতু ষষ্ঠ গৃহত স্থিত হোৱাৰ বাবে আপোনাৰ সাহস বৃদ্ধি পাব আৰু আপুনি দৃঢ়প্ৰতিজ্ঞ হ’ব। আপুনি এইখিনি সময়ত খাদ্যাভ্য়াসৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব।মে’, 2024 ৰ পিছত বৃহস্পতিৰ পৰিবহনৰ ফলত বৃহস্পতিৰ দৃষ্টি কেতুৰ ওপৰত পৰিব যাৰ ফলস্বৰূপে আপুনি শুভ ফল লাভ কৰিবলৈ আৰম্ভ কৰিব। ই আপোনাৰ বাবে এক ভাল সংকেত আৰু আপুনি এইখিনি সময়ত শুভ ফল লাভ কৰিব। আপুনি নিজৰ কেৰিয়াৰত বিকাশ লাভ কৰিব আৰু আপোনাৰ ধন আৰু উপাৰ্জন বৃদ্ধি পাব। ইয়াৰ লগতে আপোনাৰ জীৱনশৈলীও উন্নত হ’ব।

মেষ ৰাশিৰ সাপ্তাহিক ৰাশিফল

বৃষ ৰাশি

কেতু পঞ্চম গৃহত স্থিত হোৱাৰ ফলত আপুনি কেতু পৰিবহন 2024 ৰ সময়ত মধ্যমীয়া ফলাফ লাভ কৰিব। আপুনি নিজৰ প্ৰয়াসত মধ্যমীয়া সফলতা লাভ কৰিব। কেতুৰ পৰিবহন আৰু ই পঞ্চম গৃহত স্থিত হোৱাৰ ফলত আপুনি নিজৰ কেৰিয়াৰত অধিক সফলতা লাভ কৰিব নোৱাৰিব।

অৱশ্যে, কেতু পঞ্চম গৃহত স্থিত হোৱাৰ বাবে আপোনাৰ আধ্যাত্মিক দিশৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব আৰু আপুনি ঈশ্বৰ ভক্তিত লীন হ’ব পাৰিব। ঈশ্বৰৰ ভক্তিৰদ্বাৰা আপুনি যথেষ্ট প্ৰসন্ন অনুভৱ কৰিব আৰু যদিহে আপুনি আধ্যাত্মিক পথত থাকে, তেনেহ’লে এই ক্ষেত্ৰখনত আপুনি সফলতা লাভ কৰিব। পঞ্চম গৃহত স্থিত কেতুৱে আপোনাক ভুল সিদ্ধান্ত লোৱাৰ বাবে উচতনি দিব পাৰে। এই ভুল সিদ্ধান্তই আপোনাক কোনো সমস্য়াতো পেলাব পাৰে। সেয়েহে আপুনি কিছু সাৱধান হৈ থকা উচিত।

কেতু পঞ্চম গৃহত উপস্থিত হোৱাৰ বাবে আপুনি নিজৰ সন্তানৰ বিকাশ আৰু সুখ-শান্তিৰ বাবে অযথা চিন্তিত হ’ব পাৰে। আনহাতে অত্যাধিক চাপ লোৱাৰ বাবে আপোনাৰ অত্যাধিক মূৰৰ বিষ আদি হ’ব পাৰে। অৱশ্যে, এই পৰিবহনৰ সময়ত আপোনাৰ বুদ্ধিমত্তা বৃদ্ধি হ’ব।

বৃষ সাপ্তাহিক ৰাশিফল

মিথুন ৰাশি

কেতু চতুৰ্থ গৃহত স্থিত হোৱাৰ বাবে মিথুন ৰাশিৰ জাতকসকলৰ বাবে কেতুৰ পৰিবহন সিমান ফলদায়ক নহ’ব। এই পৰিবহনৰ সময়ত আপোনাৰ সুখ-সুবিধা হ্ৰাস পাব পাৰে। আপোনাৰ ঘৰ বিভিন্ন সমস্যা আৰু হাই-কাজিয়া হ’ব পাৰে যাৰ ফলত আপুনি অসন্তুষ্ট হৈ থাকিব। পাৰিবাৰিক কাজিয়া আৰু সমস্যাৰ ফলত আপোনাৰ তথা আপোনাৰ ঘৰৰ শান্তি ভংগ হ’ব পাৰে।

ইয়াৰ উপৰিও কেতু পৰিবহন 2024 ৰ সময়ত আপুনি কোনো কানুনী সমস্যাত সোমাই পৰিব পাৰে। ইয়াৰ ফলত আপুনি যথেষ্ট সমস্য়াৰ সম্মুখীন হোৱাৰ আশংকা আছে। আপুনি এইখিনি সময়ত কোনো নতুন বিনিয়োগৰ দৰে সিদ্ধান্ত গ্ৰহণ নকৰাটো ভাল হ’ব। কেতু চতুৰ্থ গৃহত স্থিত হোৱাৰ ফলত আপোনাৰ চাপ যথেষ্ট বৃদ্ধি পাব পাৰে আৰু এই চাপৰ বাবে আপোনাৰ সাহস আৰু উদ্যম হ্ৰাস পাব পাৰে। কেতু চতুৰ্থ গৃহত স্থিত হোৱাৰ বাবে আপোনাৰ সমস্যা ইমানেই বৃদ্ধি পাব পাৰে যে আপুনি ঘৰ সলনি কৰিবলগীয়াও হ’ব পাৰে।

মিথুন সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি

কেতু পৰিবহন 2024 ৰ সময়খিনিত কেতু তৃতীয় গৃহত স্থিত হোৱাৰ ফলত এই পৰিবহন আপোনাৰ বাবে ফলদায়ক আৰু লাভকাৰী প্ৰমাণিত হ’ব। আপুনি নিজৰ প্ৰয়াসত ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কেতুৰ এই পৰিবহন আৰু কেতু তৃতীয় গহত স্থিত হোৱাৰ ফলস্বৰূপে আপুনি নিজৰ কেৰিয়াৰত অত্যন্ত বাল সফলতা লাভ কৰিব। আপুনি য’তেই চেষ্টা কৰিব, তাতেই আপুনি নিশ্চিত সফলতা প্ৰাপ্ত কৰিব।

এই পৰিবহনৰ সময়খিনিত আপুনি বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে আৰু এই সুযোগে আপোনাৰ বিকাশত আৰু অধিক সাৰ-পানী যোগাব। কেতু কন্যা ৰাশিত পৰিবহন কৰাৰ ফলত আপুনি চাকৰিৰ নতুন সুযোগ লাভ কৰিব আৰু এই সুযোগ লাভৰ ফলত আপুনি যথেষ্ট সন্তুষ্ট অনুভৱ কৰিব। কেতু তৃতীয় গৃহত স্থিত হোৱাৰ ফলত আপুনি যথেষ্ট সাহসী, নিৰ্ভয়ী আৰু দৃঢ়প্ৰতিজ্ঞ হৈ পৰিব।

মে’, 2024 ৰ পিছত বৃহস্পতিৰ পৰিবহন হ’ব আৰু বৃহস্পতিৰ দৃষ্টি কেতুৰ ওপৰত পৰিব। ইয়াৰ ফলত আপুনি মে’ মাহৰ পিছত ভাল ফলাফল লাভ কৰিব। আপোনাৰ জীৱনলৈ বহুতো ইতিবাচক পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে। এই পৰিবহনৰ প্ৰভাৱত আপুনি নিজৰ কেৰিয়াৰত ভাল বিকাশ লাভ কৰিব আৰু আপোনাৰ উপাৰ্জনো বৃদ্ধি পাব। ইয়াৰ বাহিৰেও আপোনাৰ জীৱনশৈলী উন্নত হ’ব।

কৰ্কট সাপ্তাহিক ৰাশিফল

অনলাইন চফটৱেৰৰপৰা বিনামূলীয়া জন্ম কুণ্ডলী প্ৰাপ্ত কৰক

সিংহ ৰাশি

চন্দ্ৰ ৰাশি অনুসৰি কেতু আপোনাৰ দ্বিতীয় গৃহত স্থিত হ’ব সেয়েহেএই পৰিবহন আপোনাৰ বাবে বিশেষ শুভ নহ’ব। অধিক দায়িত্বৰ বাবে আপুনি আৰ্থিক সংকটৰ সম্মুখীন হ’ব পাৰে। নিজৰ দায়িত্বসমূহ পূৰণ কৰিবৰ বাবে আপুনি যি ঋণ লৈছে, তাৰ ফলত আপোনাৰ ওপৰত আৰ্থিক বোজা বৃদ্ধি পাব। পৰিয়ালৰ সদস্য, বন্ধু-ৰ্গ বা জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্কত আৱেগিক স্তৰত উত্থান-পতন আহিব পাৰে। ইয়াৰ ফলত আপোনাৰ জীৱনত চাপ বৃদ্ধি পোৱাৰ লগতে সুখ-শান্তি হ্ৰাস পাব পাৰে। অৱশ্যে, পাৰস্পৰিক আলোচনাৰদ্বাৰা বহুতো সমস্য়াৰ সমাধান লাভ কৰিব পাৰিব। সেয়েহে নিজৰ ঘনিষ্ঠসকলৰ সৈতে কথা পাতক আৰু আপোনালোকৰ মাজৰ সমস্যা সমাদান কৰাৰ চেষ্টা কৰক। আধ্য়াত্মিক পথত আগবঢ়াৰ ফলত আপুনি সন্তুষ্ট অনুভৱ কৰিব।

মে’2024 ৰ পিছত বৃহস্পতিৰ পৰিবহনৰ ফলত বৃহস্পতিৰ দৃষ্টি কেতুৰ ওপৰত পৰিব সেয়েহে মে’ মাহৰ পিছত পৰিস্থিতিৰ শুধৰণি হ’ব পাৰে। আপুনি এইখিনি সময়ত মধ্যমীয়া ফল লাভ কৰিব কিন্তু ইয়াৰ লগতে আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সম্মুখীন হ’ব পাৰে। কেতু পৰিবহন 2024 ৰ সময়ত যদিহে আপুনি সুন্দৰ ভৱিষ্যতৰ বাবে চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেনেহ’লেআপুনি সেইক্ষেত্ৰত সমস্যাৰ সম্মুখীন হ’ব পাৰে।

কেতু দ্বিতীয় গৃহত স্থিত হোৱাৰ ফলত আপোনাৰ ব্যয় যথেষ্ট বৃদ্ধি হ’ব আৰু এই ব্যয়সমূহ বহন কৰিবৰ বাবে আপুনি লোন ল’বলগীয়াও হ’ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত, আপুনি দাঁত আৰু চকুৰ সমস্যাত ভূগিব পাৰে সেয়েহে আপুনি এইখিনি সময়ত নিজৰ স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ মনোযোগ প্ৰদান কৰা উচিত।

সিংহ সাপ্তাহিক ৰাশিফল

কন্যা ৰাশি

চন্দ্ৰ ৰাশি অনুসৰি কেতু আপোনাৰ প্ৰথম গৃহত স্থিত হ’ব যাৰ ফলত এই পৰিবহন আপোনাৰ বাবে সিমান ফলদায়ক নহ’ব। আপুনি এইখিনি সময়ত পাচন আৰু ছালৰ লগত জড়িত সমস্যাৰ সম্মুখীন হ’ব পাৰে। সেয়েহে স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক। কেতু পৰিবহন2024 ৰ সময়ত কেতু প্ৰথম গৃহত স্থিত হোৱাৰ ফলত আপোনাৰ আধ্যাত্মিক দিশৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব আৰু নিজৰ আধ্যাত্মিক বিকাশক লৈ আপুনি অধিক যাত্ৰা কৰিবলগীয়া হ’ব পাৰে।

কেতু প্ৰথম গৃহত স্থিত হোৱাৰ ফলত আপোনাৰ ভৌতিক সুখৰপৰা মন আতৰি যাব পাৰে। মে’ 2024 ৰ পিছত বৃহস্পতিৰ পৰিবহনৰ ফলত বৃহস্পতিৰ দৃষ্টি কোতুৰ ওপৰত পৰিব যাৰ ফলত আপুনি এই মাহত ভাল ফল লাভ কৰিব। এতিয়াৰপৰা আপুনি লাভাম্বিত হ’বলৈ আৰম্ভ কৰিব। মে’ 2024 ৰ পিছত আপুনি কেৰিয়াৰ আৰু আৰ্থিক জীৱনত লাভ প্ৰাপ্ত কৰিব। আনহাতে মে’ মাহৰপৰা আপোনাৰ স্বাস্থ্যও ভাললৈ আহিব। এইদৰে বৰ্ষ 2024 ৰ দ্বিতীয়াৰ্দ্ধত আপুনি কেতু পৰিবহন 2024 ৰ ভাল ফলাফল লাভ কৰিব।

কন্যা সাপ্তাহিক ৰাশিফল

কুণ্ডলীত উপস্থিত ৰাজ যোগ ৰ সকলো তথ্য লাভ কৰক

তুলা ৰাশি

কেতু আপোনাৰ দ্বাদশ গৃহত উপস্থিত হৈছে সেয়েহে আপুনি এই পৰিবহনত অধিক ফলদায়ক পৰিণাম লাভ কৰিবৰ বাবে সমস্য়াৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। কেতুৰ পৰিবহনৰ সময়ত আপুনি কম সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আনহাতে আপোনাৰ ব্যয়ো যথেষ্ট বৃদ্ধি পাব আৰু ই আপোনাৰ যথেষ্ট সময় নষ্ট কৰিব। আনফালে, আপুনি পূৰ্বৰেপৰাই ভাল আৰু বেয়া ঘটনাবোৰৰ অনুমান কৰিব পাৰিব। কেতু দ্বাদশ গৃহত স্থিত হোৱাৰ ফলত আপোনাৰ একাগ্ৰতা হ্ৰাস পাব যি আপোনাৰ পথত এক ডাঙৰ বাধাৰ সৃষ্টি কৰিব পাৰে। যদিহে আপুনি খাদ্যাভ্য়াসৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰে আৰু সন্তুলিত আহাৰ নাখায়, তেনেহ’লে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কেতুৰ পৰিবহন কালত আপুনি পৈতৃক সম্পত্তি বা কোনো অপ্ৰত্যাশিত উৎসৰপৰা ধন লাভ কৰাৰ যোগ আছে। এইখিনি সময়ত আপুনি নিজৰ ভৱিষ্যত আৰু প্ৰগতিক লৈ চিন্তিত হৈ থাকিব পাৰে।

তুলা সাপ্তাহিক ৰাশিফল

বৃশ্চিক ৰাশি

চন্দ্ৰ ৰাশি অনুসৰি কেতু একাদশ গৃহত স্থিত হৈছে সেয়েহে কেতু পৰিবহন 2024 আপোনাৰ বাবে যথেষ্ট শুভ আৰু ফলদায়ক প্ৰমাণিত হ’ব। আপুনি নিজৰ সকলোবোৰ প্ৰচেষ্টাত সফলতা লাভ কৰিব আৰু এইখিনি সময়ত আপুনি নিজৰ পৰিপক্কতা আৰু বুদ্ধিমত্তাৰে সঠিক নিৰ্ণয় গ্ৰহণ কৰাত সফল হ’ব। কেতুৰ পৰিবহনৰ ফলত আপুনি ধন বিনিয়োগ আদিৰ দৰে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে। আপুনি এই পৰিবহনৰ সময়ত নিজৰ প্ৰতিভা আৰু দক্ষতাৰ পৰিচয় পাব। এই সময়ছোৱাত গ্ৰহণ কৰা সিদ্ধান্তৰদ্বাৰা আপুনি অত্যাধিক লাভাম্বিত হোৱাৰ যোগ আছে।

এই সময়খিনিত আপোনাৰ ব্যয় হ্ৰাস পাব আৰু আপুনি অধিক ধন সঞ্চয় কৰিব পাৰিব। আপুনি নিজৰ অন্তৰাত্মাৰ কথা শুনিব পাৰিব। আপুনি নিজৰ মাজত সোমাই থকা সুপ্ত প্ৰতিভা আৰু দক্ষতা চিনাক্ত কৰাত সফল হ’ব। আনহাতে মে’, 2024 ৰ পিছত বৃহস্পতিৰ পৰিবহন হ’ব যাৰ ফলস্বৰূপে আপুনি সফলতা লাভৰ বাবে অধিক সমৰ্পিত হৈ থাকিব। মে’ মাহৰ পিছত আপুনি বহুতো নতুন বন্ধু-বান্ধৱী গঢ় দিয়াত সফল হ’ব। আনহাতে ব্যৱসায়ীসকলে নিজৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব আৰু এগৰাকী নেতাৰ ৰূপত তেওঁলোকে বিকাশ লাভ কৰিব।

বৃশ্চিক সাপ্তাহিক ৰাশিফল

বৃহৎ কুণ্ডলী : জানক আপোনাৰ জীৱনত গ্ৰহসমূহৰ প্ৰভাৱ আৰু উপায়

ধনু ৰাশি

চন্দ্ৰ ৰাশি অনুসৰি কেতু আপোনাৰ দশম গৃহত স্থিত হ’ব আৰু ধনু ৰাশিৰ জাতকসকলে কেতু পৰিবহন 2024 ৰ মধ্যমীয়া ফলাফল প্ৰাপ্ত কৰিব। এই পৰিবহনৰ সময়ত আপুনি সম্পূৰ্ণ মনোযোগ কেৰিয়াৰত আগবাঢ়ি যোৱা আৰু সফলতা লাভৰ প্ৰতি থাকিব আৰু আপুনি নিজৰ কেৰিয়াৰত নতুন সুযোগৰ সন্ধানত থাকিব।

আপোনাৰ কেৰিয়াৰত এই পৰিবহনৰ সময়ত ভাল পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে। কেতুৰ পৰিবহনৰ সময়ত আপুনি বিদেশত চাকৰিৰ নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে আৰু এই সুযোগে আপোনাৰ কেৰিয়াৰক এক নতুন গতি প্ৰদান কৰিব। আপুনি নতুন কথা শিকিব আৰু আৰু নিজকে বিকশিত কৰাৰ প্ৰতি আপোনাৰ সম্পূৰ্ণ মনোযোগ প্ৰদান কৰিব। এই পৰিবহনৰ সময়ত আপোনাৰ পৰিয়াললৈ বিভিন্ন ধৰণৰ সমস্যাৰ আগমন ঘটিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে মতভেদ হ’ব পাৰে। আনহাতে আপোনাক নিজৰ সন্তানৰ উন্নতি আৰু ভৱিষ্যতৰ চিন্তাই উদিগ্ব কৰি তুলিব পাৰে।

ধনু সাপ্তাহিক ৰাশিফল

মকৰ ৰাশি

কেতু নৱম গৃহত স্থিত হোৱাৰ ফলস্বৰূপে এই পৰিবহন আপোনাৰ বাবে সিমান ফলদায়ক নহ’ব। এই পৰিবহনৰ সময়ত আপুনি নিজৰ পিতৃ অথবা পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব পাৰে। পিতৃৰ চিকিৎসাৰ বাবে আপুনি কিছু পৰিমাণৰ ধন ব্যয় কৰিবলও লাগিব। কেতু পৰিবহন 2024 ৰ সময়ত মকৰ ৰাশিৰ জাতকসকলৰ নিজৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে মনভেদ হ’ব পাৰে।

মে’, 2024 ৰ পিছত বৃহস্পতিৰ পৰিবহনৰ ফলত আপুনি ভাল ফল লাভ কৰিবলৈ আৰম্ভ কৰিব। কেতু নৱম গৃহত স্থিত হোৱাৰ ফলত আধ্যাত্মিক দিশৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। আপুনি কোনো দূৰ স্থান বা তীৰ্থ স্থানলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে।

মকৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি

চন্দ্ৰ ৰাশি অনুসৰি কেতু আপোনাৰ অষ্টম গৃহত স্থিত হ’ব আৰু কেতুৰ এই পৰিবহন আপোনাৰ বাবে বিশেষ ফলদায়ক নহ’ব। আপুনি এইখিনি সময়ত যি চেষ্টা কৰিব, তাত আপুনি বাধা আৰু হতাশাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে।আপুনি এই কেতু পৰিবহন 2024 ৰ কালছোৱাত নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত কিয়নো এইখিনি সময়ত আপোনাৰ চকু আৰু দাঁতৰ লগত জড়িত সমস্যা হ’ব পাৰে। যদিহে আপুনি পাচন সম্বন্ধীয় সমস্যাৰপৰা বাচি থাকিব বিচাৰে, তেনেহ’লে একে ধৰণৰ সন্তুলিত খাদ্যাভ্যাস গ্ৰহণ কৰাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক।

মে’, 2024 ৰ পিছত পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পত্তিক লৈ আপোনাৰ বিবাদ হ’ব পাৰে। আনহাতে মাতৃৰ চিকিৎসাৰ বাবে আপোনাৰ ধন ব্যয় হোৱাৰ সংকেত দেখা যায় আৰু ইয়াৰ বাবে আপুনি কিছু চিন্তিত হ’ব পাৰে।

কুম্ভ সাপ্তাহিক ৰাশিফল

মীন ৰাশি

চন্দ্ৰ ৰাশি অনুসৰি কেতু আপোনাৰ স্পতম গৃহত স্থিত হ’ব আৰু এই পৰিবহন আপোনাৰ বাবে সিমান অনুকূল নহ’ব। সোঁৱৰণিৰ সপ্তম গৃহ হৈছে জীৱনসঙ্গী, বন্ধু-বৰ্গ আৰুব্যৱসায়িক সম্পৰ্কৰ কাৰক। সেয়েহে কেতুৱে সপ্তম গৃহত পৰিবহন কৰাৰ ফলত এই সম্পৰ্কসমূহত বাধা আৰু সমস্যা আহিব পাৰে।

কেতু পৰিবহন 2024 ৰ সময়ত যদিহে আপুনি অংশীদাৰী ব্যৱসায় কৰে, তেনেহ’লে আপোনাৰ আৰু আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ মাজত সমস্য়াৰ সৃষ্টি হ’ব পাৰে। মে’, 2024 ৰ পিছত আপোনাক আধ্যাত্মিক দিশক লৈ আপোনাৰ জীৱনলৈ কিছুমান পৰিৱৰ্তন আহিব আৰু আপোনাৰ বাবে ধাৰ্মিক যাত্ৰাৰ যোগ সৃষ্টি হ’ব। মে’ মাহৰ পিছত আপোনাৰ ব্যয় বৃদ্ধি হ’ব।

মীন সাপ্তাহিক ৰাশিফল

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আশা ৰাখিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ।

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer