শনি পৰিবহন 2024

শনি পৰিবহন 2024 এই বিশেষ প্ৰৱন্ধটোৰ জৰিয়তে জানিব পাৰিব বৰ্ষ 2024 ত 12 টা ৰাশিৰ ওপৰত শনিৰ পৰিবহনৰ কেনেধৰণৰ প্ৰভাৱ পৰিব। বৰ্ষ 2024 ত শনিয়ে ৰাশি পৰিৱৰ্তন নকৰে কিন্তু তেওঁৰ স্থিতিৰ পৰিৱৰ্তন হ’ব যাৰ ভিন ভিন ধৰণৰ প্ৰভাৱ 12 টা ৰাশিৰ জাতকসকলৰ ওপৰত পৰিব। আপোনাৰ ৰাশিৰ বাবে শনি পৰিবহন শুভ হ’ব নে অন্যথা আপুনি কোনো সমস্যাৰ সম্মুখীন হ’ব লাগিব সেয়া আপুনি এই প্ৰৱন্ধটোৰ জৰিয়তে জানিব পাৰিব।

বৰ্ষ 2024 ত শনি কুম্ভ ৰাশিত স্থিত হ’ব আৰু এই বৰ্ষত শনিয়ে কোনো অন্য ৰাশিত পৰিবহন নকৰে কিন্তু এই বৰ্ষত শনিৰ পশ্চাদগমন আৰু উৰ্দ্ধমুখী গতিৰ আধাৰত 12 টা ৰাশি প্ৰভাৱিত হ’ব। 2024 বৰ্ষত শনিৰ স্বৰাশি কুম্ভত অস্ত আৰু উদয় হ’ব আৰু এইখিনি সময়ত ইতিবাচক আৰু নেতিবাচক দুয়োধৰণৰ ফল দেখা যাব। এই ভৱিষ্যতবাণী চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত আৰু কুণ্ডলীত শনিৰ স্থিতি জনাৰ পিছত অধিক সঠিক ভৱিষ্যতবাণী কৰিব পৰা যায়।

শনি হৈছে প্ৰতিবন্ধতাৰ কাৰক আৰু তেওঁক শিক্ষক হিচাপে তথা কঠোৰতাৰদ্বাৰা কাৰ্য্য কৰা গ্ৰহ হিচাপে জনা যায়। শনিৰ প্ৰভাৱৰদ্বাৰা ব্যক্তিয়ে অনুশাসনত থাকিবলৈ শিকে আৰু শনি গ্ৰহৰদ্বাৰা প্ৰাপ্ত এই গুণবোৰে মানুহক নিজৰ জীৱনত লক্ষ্যত উপনীত হোৱাত সহায় কৰে।

শনি পৰিবহন 2024 অনুসৰি শনিৰ প্ৰভাৱৰদ্বাৰা মানুহ সময়মতে চলাৰ লগতে ন্যায়পৰায়ণ হৈ পৰে। শনিয়ে আমাক এগৰাকী শিক্ষকৰ ৰূপত জীৱনৰ অমূল্য শিক্ষা প্ৰদান কৰে আৰু আমাৰ ভিতৰত উদ্যম বৃদ্ধি কৰে। ইয়াৰ লগতে এই উদ্যমক সঠিক দিশত প্ৰয়োগ কৰিবলৈও আমাক শিকায়। যদিহে ব্যক্তিয়ে এই উদ্যমৰ সঠিক প্ৰয়োগ কৰে, তেনেহ’লে ভাল ফল লাভ কৰিব পাৰে আনহাতে শনিৰপৰা লাভ কৰা উদ্যমক ভুল দিশত প্ৰয়োগ কৰিলে নেতিবাচক ফল প্ৰাপ্ত কৰাৰ সম্ভাৱনা থাকে।

বিদ্বান জ্য়োতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক আপোনাৰ জীৱনত পশ্চাদগামী বুধৰ প্ৰভাৱ

শনি গ্ৰহৰ প্ৰভাৱত ব্যক্তিয়ে নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবে প্ৰতিজ্ঞাৱদ্ধ হৈ থাকে আৰু তেওঁ ন্যায়ৰ প্ৰতি সন্মান ৰাখে। শনি কুম্ভ ৰাশিত পৰিবহনৰ প্ৰভাৱ জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহ যেনে ব্যৱসায়, চাকৰি, বিবাহ, প্ৰেম জীৱন, সন্তান, শিক্ষা আৰু স্বাস্থ্য আদিৰ ওপৰত পৰিব।

বৰ্ষ 2024 ত শনিৰ গতিলৈ কেইবাবাৰো পৰিৱৰ্তন আহিব:

29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 ত শনি পশ্চাদগামী অৱস্থাত থাকিব।

11 ফেব্ৰুৱাৰী, 2024 ৰপৰা 18 মাৰ্চ, 2024 ৰ ভিতৰত শনিৰ অস্ত অৱস্থাত থাকিব।

18 মাৰ্চ, 2024 ত শনিৰ উদয় হ’ব।

To Read in English Click Here: Saturn Transit 2024

এই ৰাশিফল আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। আপোনাৰ ব্যক্তিগত চন্দ্ৰ ৰাশি এতিয়াই জানিবৰ বাবে চন্দ্ৰ ৰাশি কেলকুলেটৰ ব্যৱহাৰ কৰক।

মেষ ৰাশি

শনি, মেষ ৰাশিত দশম আৰু একাদশ গৃহৰ অধিপতি আৰু ই আপোনাৰ ৰাশিত একাদশ গৃহত স্থিত হ’ব। একাদশ গৃহত কুম্ভ ৰাশিত শনিৰ উপস্থিতিৰ বাবে, আপোনাৰ উপাৰ্জন যথেষ্ট বৃদ্ধি হোৱাৰ যোগ আছে। একে সময়তে, ব্যৱসায়ীসকলে শনিৰ এই পৰিবহনৰ পৰা যথেষ্ট পৰিমাণে লাভাম্বিত হোৱাৰ সম্ভাৱনা আছে। এনেদৰে, শনিৰ এই পৰিবহনে মেষ ৰাশিৰ জাতকসকলৰ বাবে শুভ ফলাফল কঢ়িয়াই আনিব। এই বৰ্ষত আপোনাৰ দৰমহা যথেষ্ট পৰিমাণে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। উপাৰ্জনৰ দ্বিতীয় গৃহত বৃহস্পতিয়ে পৰিবহন কৰাৰ ফলত, আপুনি এনে ধৰণৰ ভাল ফল লাভ কৰিব পাৰে। আপোনাৰ দৰমহা আপুনি ভবাতকৈও বেছি বৃদ্ধি হ'ব আৰু এই বছৰ আপুনি হঠাতে আৰু অপ্ৰত্যাশিতভাৱে ধন উপাৰ্জন কৰাৰ সুযোগ লাভ কৰিব পাৰে।

আপুনি আপোনাৰ সন্তানৰ উন্নতি আৰু বিকাশৰক লৈ কিছু চিন্তিত হ'ব পাৰে। আনহাতে, শনিৰ পৰিবহনৰ প্ৰভাৱৰ বাবে, আপুনি আলস্যতা, আৰামপ্ৰিয়তা আৰু মূৰৰ বিষ আদিৰ সম্মুখীন হ'ব পাৰে। ইয়াৰ লগতে, আপুনি দোমোজাত পৰাৰো সম্ভাৱনা আছে। মে' 2024-ৰ পিছত, আপোনাৰ বিকাশৰ পথ মুকলি হ'ব আৰু এই সময়ত আপোনাৰ উপাৰ্জনো বৃদ্ধি হ'ব। মে' 2024-ৰ পিছত, আপুনি ধন সঞ্চ কৰিবলৈ সক্ষম হ'ব আৰু এই সকলোবোৰ পৰিস্থিতিৰ বাবে, আপুনি এই সময়খিনিত যথেষ্ট সন্তুষ্ট অনুভৱ কৰিব।

ইয়াৰ পিছত, 29 জুন, 2024 ৰ পৰা 15 নৱেম্বৰ, 2024 পৰ্য্যন্ত শনি পশ্চাদগামী অৱস্থাত থাকিব। এই সময়খিনিত, আপুনি ধন লাভৰ ক্ষেত্ৰত কম সন্তুষ্ট হ'ব পাৰে। একে সময়তে, আপুনি এই সময়ছোৱাত নিজৰ আকাংক্ষাসমূহ পূৰণ কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। পশ্চাদগমনৰ পিছত শনি 11 ফেব্ৰুৱাৰী, 2024 ৰ পৰা 18 মাৰ্চ, 2024 পৰ্য্য়ন্ত অস্ত অৱস্থাত থাকিব। এই সময়ছোৱাত, আপোনাৰ লাভ কিছু হ্ৰাস হ'ব পাৰে, কিন্তু শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই কিয়নো শনি এই অৱস্থাত মাত্ৰ কিছু সময়ৰ বাবেহে থাকিব।

18 মাৰ্চ, 2024 তাৰিখে, কুম্ভ ৰাশিত শনিৰ উদয় হ'ব। শনিৰ উদয়ৰ ফলত, আপোনাৰ সকলোবোৰ আকাংক্ষা পূৰণ হ'ব। সামগ্ৰিকভাৱে, কুম্ভ ৰাশিত একাদশ গৃহত শনিৰ উপস্থিতি আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব, কিন্তু একে সময়তে আপুনি অলপ এলেহুৱা আৰু আৰামপ্ৰিয় অনুভৱ কৰিব পাৰে। ইয়াৰ বাহিৰেও, আপুনি অধিক লাভালাভ প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত বিলম্বৰ সন্মুখীন হ'ব পাৰে। এই বছৰটো যিকোনো ডাঙৰ বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে ভাল হ'ব, সেয়েহে এই সময়খিনি ভালদৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক।

মেষ সাপ্তাহিক ৰাশিফল

বৃষ ৰাশি

শনি পৰিবহন 2024 অনুসৰি, শনি হৈছে বৃষ ৰাশিৰ নৱম আৰু দশম গৃহৰ অধিপতি আৰু ই কুম্ভ ৰাশিত আৰু কৰ্মৰ গৃহ অৰ্থাৎ দশম গৃহত স্থিত হ’ব। শনি হৈছে আপোনাৰ ভাগ্য আৰু কৰ্ম দুয়ো গৃহৰ অধিপতি, সেয়েহে শনিৰ এই পৰিবহনে আপোনাৰ বাবে বহুতো ডাঙৰ সুযোগ লৈ আনিব। একে সময়তে, দশম গৃহত শনিৰ পৰিবহনৰ বাবে, আপোনাৰ পৰাজয় বিজয়লৈ ৰূপান্তৰিত হ'ব পাৰে। চাকৰি কৰি থকা লোক আৰু ব্যৱসায়ীসকলৰ নিজৰ কামৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব। আপুনি কেৰিয়াৰ বা ব্যৱসায়িক কামৰ সন্দৰ্বত বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে আৰু আপুনি এই ক্ষেত্ৰত যথেষ্ট সতৰ্কৱান হৈ থাকিব লাগিব।

এই সময়ত আপুনি ধন ৰাহি কৰাত সফল হ'ব। আপুনি আপোনাৰ কাম আৰু চাকৰিৰ প্ৰতি যথেষ্ট দায়িত্বশীল হৈ থাকিব আৰু ইয়াৰ বাবে আপুনি নিজৰ পৰিয়ালৰ বাবে সময় উলিয়াবলৈ সমস্যাৰ সম্মুখীন হ'ব পাৰে। আপুনি এই সময়খিনিত নিজৰ পৰিয়ালৰ প্ৰতি বিশেষ মনোযোগ দিব নোৱাৰিবও পাৰে।

ইয়াৰ পিছত, 29 জুন, 2024 ৰ পৰা 15 নৱেম্বৰ, 2024 পৰ্য্য়ন্ত শনি পশ্চাদগামী স্থিতিত থাকিব আৰু এই সময়খিনি আপোনাৰ কেৰিয়াৰ আৰু ধন লাভৰ ক্ষেত্ৰত কম ফলদায়ক প্ৰমাণিত হ'ব পাৰে। একে সময়তে, আপুনি এই সময়খিনিত কম সন্তুষ্ট লাভ কৰিব পাৰে।

11 ফেব্ৰুৱাৰী, 2024 ৰপৰা 18 মাৰ্চ, 2024-ৰ ভিতৰত শনি অস্ত অৱস্থাত থাকিব। এই সময়খিনি আপোনাৰ কেৰিয়াৰৰ বাবে কিছু পৰিমাণে জটিল প্ৰমাণিত হ'ব পাৰে। এইখিনি সময়ত আপুনি আনকি উন্নত সুযোগ সন্ধানত চাকৰি সলনি কৰাৰ কথাও ভাবিব পাৰে। ইয়াৰ পিছত, 18 মাৰ্চ, 2024 তাৰিখে, যেতিয়া শনিৰ উদয় হ'ব, তেতিয়া আপুনি চাকৰিত নতুন সুযোগ লাভ কৰিব।

বৃষ সাপ্তাহিক ৰাশিফল

মিথুন ৰাশি

মিথুন ৰাশিৰ অষ্টম আৰু নৱম গৃহৰ অধিপতি শনি কুম্ভ ৰাশি। নৱম গৃহত স্থিত হ’ব। নৱম গৃহটো হৈছে ভাগ্যৰ গৃহ, কিন্তু আপুনি 2024 বৰ্ষত ভাগ্যৰ সমৰ্থন লাভ কৰাত পলম হ'ব পাৰে। শনিৰ পৰিবহনৰ প্ৰভাৱৰ বাবে, আপোনাৰ দূৰ যাত্ৰাৰ যোগ আছে। একে সময়তে, আপুনি দীঘলীয়া যাত্ৰাৰপৰা সফলতা লাভ কৰিব পাৰিব। অৱশ্যে, এই ভ্ৰমণবোৰৰ বাবে আপুনি কিছু ভাগৰুৱা আৰু অস্বস্তি অনুভৱ কৰাব পাৰে। আপুনি 2024 চনত ভ্ৰমণৰ বাবে পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে।

মে' 2024-ৰ পিছত, আপোনাৰ ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কোনো শুভ অনুষ্ঠানৰ আয়োজনৰ বাবে আপুনি ধন ব্যয় কৰিবলগীয়া হ'ব পাৰে, আনহাতে আপুনি কোনো অযথা খৰচো কৰিব পাৰে। আপুনি পিতৃৰ স্বাস্থ্যৰ বাবেও ধন খৰচ কৰিবলগীয়া হ'ব পাৰে আৰু এই সময়ত আপোনালোক দুয়োৰে মাজৰ সম্পৰ্কও তিক্ত হোৱাৰ সম্ভাৱনা আছে। এইখিনি সময়ত আপুনি নিজৰ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি বহি থকাৰ সলনি কঠোৰ পৰিশ্ৰম কৰাৰ ওপৰত গুৰুত্ব দিয়া উচিত। আপুনি কেৱল কঠোৰ পৰিশ্ৰমৰ ভিত্তিতহে আপোনাৰ কেৰিয়াৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। একে সময়তে, চাকৰিতো স্থানান্তৰৰ সম্ভাৱনা আছে। ইয়াৰ লগতে, আপোনাৰ উপাৰ্জনো বৃদ্ধি হ'ব, কিন্তু তাৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024-ৰ ভিতৰত, শনি পশ্চাদগামী স্থিতিত থাকিব আৰু এই স্থিতি আপোনাৰ কেৰিয়াৰ আৰু আৰ্থিক লাভৰ ক্ষেত্ৰত ফলদায়ক প্ৰমাণিত হ'ব। এই সময়ছোৱাত, আপুনি কেৰিয়াৰৰ সন্দৰ্ভত বিদেশৰ পৰা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে।

শনি পৰিবহন 2024 অনুসৰি, ইয়াৰ পিছত, শনি 11 ফেব্ৰুৱাৰী, 2024 ৰপৰা 18 মাৰ্চ, 2024-ৰ ভিতৰত অস্ত অৱস্থাত থাকিব, যি আপোনাক কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি প্ৰদান কৰিব আৰু আপোনাৰ উপাৰ্জন আকস্মিকভাৱে বৃদ্ধি হ'ব।

18 মাৰ্চ, 2024 পৰ্য্যন্ত শনি কুম্ভ ৰাশিত স্থিত হ'ব আৰু এইখিনি সময়ৰপৰা আপোনাৰ ভাল সময় আৰম্ভ হ'ব। আপুনি বিদেশৰ পৰা চাকৰিৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে আৰু আপুনি এই সুযোগবোৰ লাভ কৰি যথেষ্ট সন্তুষ্ট অনুভৱ কৰিব।

মিথুন সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি

কৰ্কট ৰাশিত শনি হৈছে সপ্তম আৰু অষ্টম গৃহৰ অধিপতি আৰু তেওঁ অষ্টম গৃহত কুম্ভ ৰাশিত উপস্থিত থাকিব। অষ্টম গৃহটো হৈছে বিলম্ব আৰু বাধাৰ কাৰক আৰু ইয়াৰ ফলত, কৰ্কট ৰাশিৰ জাতকসকলে তেওঁলোকৰ ভাগ্যৰ সমৰ্থন প্ৰাপ্ত কৰাত বিলম্বৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে, এই বিলম্বৰ এটা কাৰণ হৈছে আপোনাৰ প্ৰচেষ্টাৰ অভাৱ। আপুনি এই বছৰ ভৰি আৰু উৰুত বিষৰ সম্মুখীন হ'ব পাৰে। লগতে কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ চাপ বৃদ্ধি হ'ব পাৰে আৰু প্ৰেম জীৱনত আপোনাৰ সঙ্গীৰ সৈতেও বিবাদ হোৱাৰ সম্ভাৱনা আছে। এইক্ষেত্ৰত কিছু সাৱধান হৈ থকাটো আপোনাৰ বাবে ভাল হ'ব।

মে', 2024 ৰ পিছত আপুনি ভাল ফল লাভ কৰিবলৈ আৰম্ভ কৰিব আৰু এইখিনি সময়ত আপোনাৰ ক্ষমতা বৃদ্ধি পাব। অৱশ্যে, কৰ্মক্ষেত্ৰত চাপ অনুভৱ কৰাৰ বাবে আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিব পাৰে। আপোনাৰ নিজৰ জীৱনসঙ্গীৰ সৈতে যুক্তি-তৰ্ক আৰু কাজিয়া হ'ব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থকাতকৈ নিজৰ প্ৰচেষ্টাৰ ওপৰত অধিক আস্থা ৰাখক। কঠোৰ পৰিশ্ৰমৰদ্বাৰাহে আপুনি কেৰিয়াৰত ভাল ফল লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও আপোনাৰ চাকৰি সলনি কৰাৰ বাব স্থানান্তৰণ হোৱাৰ সম্ভাৱনা আছে। যদিহে আপুনি নিজৰ দৰমহা বৃদ্ধি কৰিব বিচাৰে, তেনেহ'লে আপুনি ইয়াৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিব লাগিব।

শনি পৰিবহন 2024 অনুসৰি, শনি 29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 লৈ পশ্চাদগামী অৱস্থাত থাকিব আৰু এই সময়খিনি আপোনাৰ কেৰিয়াৰৰ বাবে কম ফলদায়ক হ'ব পাৰে। এইখিনি সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতিও মধ্যমীয়া হ'ব। ইয়াৰ বাহিৰেও, এই সময়ছোৱাত আপুনি কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনত কম ফলদায়ক পৰিণাম লাভ কৰাৰ সম্ভাৱনা আছে।

ইয়াৰ পিছত, শনি 11 ফেব্ৰুৱাৰী, 2024 ৰপৰা 18 মাৰ্চ, 2024 লৈ শনি অস্ত অৱস্থাত থাকিব আৰু এই সময়ছোৱাত আপুনি আপোনাৰ কেৰিয়াৰ আৰু ব্যক্তিগত সম্পৰ্কত উন্নত ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে।

18 মাৰ্চ, 2024ৰ পৰা, কুম্ভ ৰাশিত শনিৰ উদয় হ'ব, যাৰ বাবে মে'ৰ পিছৰ সকলো সময় আপোনাৰ বাবে শুভ হ'ব। এই সময়খিনিত হঠাতে ধন লাভ কৰাৰ যোগ আছে আৰু আপুনি পৈতৃক সম্পত্তিৰ ক্ষেত্ৰতো লাভাম্বিত হ'ব পাৰে। 18 মাৰ্চ, 2018 তাৰিখে শনিৰ উদয় হোৱাৰ ফলত আপোনাৰ ওপৰত ধনৰ উপাৰ্জনক লৈ চাপ বৃদ্ধি হ'ব পাৰে আৰু আপুনি এই দিশত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো আপুনি এনেধৰণৰ প্ৰভাৱৰ সম্মুখীন হ'ব। আপোনাক নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'বলৈ পৰামৰ্শ দিয়া হৈছে।

কৰ্কট সাপ্তাহিক ৰাশিফল

অনলাইন চফটৱেৰৰপৰা বিনামূলীয়া জন্ম কুণ্ডলী প্ৰাপ্ত কৰক

সিংহ ৰাশি

শনি পৰিবহন 2024 অনুসৰি, শনি হৈছে সিংহ ৰাশিৰ ষষ্ঠ আৰু সপ্তম গৃহৰ অধিপতি আৰু ই কুম্ভ ৰাশিৰ সপ্তম গৃহত স্থিত হ'ব। সপ্তম গৃহটো হৈছে সম্পৰ্ক আৰু বন্ধুত্বৰ গৃহ আৰু এই গৃহৰদ্বাৰা এগৰাকী ব্যক্তিৰ ব্যৱসায়ৰ বিষয়েও জানিব পৰা যায়। ব্যৱসায়ীসকলে ভাল লাভ প্ৰাপ্ত কৰাত বাধাৰ সন্মুখীন হ'ব পাৰে। এই সময়খিনিত, আপোনাৰ দূৰ ভ্ৰমণৰ যোগ আছে। অৱশ্যে, আপোনাৰ দীঘলীয়া ভ্ৰমণৰপৰা আপুনি সফলতা লাভ কৰাৰ এক প্ৰৱল সম্ভাৱনা আছে। একে সময়তে, এই ভ্ৰমণবোৰৰ বাবে, আপুনি ভাগৰুৱা আৰু অস্বস্তিও অনুভৱ কৰিব পাৰে। 2024 চনত ভ্ৰমণৰ বাবে পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে।

মে' 2024-ৰ পিছত, আপুনি কোনো শুভ ঘটনাৰ বাবে শুভ ঘটনাত ধন ব্যয় কৰিব লগীয়া হ'ব পাৰে, আনহাতে আপোনাৰ কিছু পৰিমাণৰ ধন অযথা বস্তুৰ বাবেও অপচয় হ'ব পাৰে। আপুনি মে' 2024ৰ পিছত চাকৰি সলনি কৰিব পাৰে। ইয়াৰ উপৰিও, কৰ্কট ৰাশিৰ জাতকসকলে নিজৰ জীৱনসঙ্গীৰ স্বাস্থ্যৰ বাবে ধন ব্যয় কৰিবলগীয়া হ'ব পাৰে আৰু এই সময়ছোৱাত আপোনালোক দুয়োৰে মাজৰ সম্পৰ্কলৈ তিক্ততা অহাৰ সম্ভাৱনা আছে। যথেষ্ট পৰিশ্ৰম আৰু কঠোৰ পৰিশ্ৰমৰ পিছতহে আপোনাৰ দৰমহা বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ কাম আৰু চাকৰি কৰি থকা লোকসকলৰ চাকৰিত হঠাতে কোনো পৰিৱৰ্তন হ'ব পাৰে।

29 জুন, 2024-ৰপৰা শনিৰ পশ্চাদগমন হ'ব আৰু 15 নৱেম্বৰ, 2024 পৰ্য্যন্ত এই স্থিতিতে থাকিব। শনিৰ পশ্চাদগমন আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে লাভজনক প্ৰমাণিত হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত, আপুনি এই সময়ছোৱাত বিদেশৰ পৰা কিছুমান ভাল সুযোগ প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে।

ইয়াৰ পিছত, 11 ফেব্ৰুৱাৰী, 2024 ৰপৰা 18 মাৰ্চ, 2024 পৰ্য্যন্ত শনি দেৱতা অস্ত অৱস্থাত থাকিব। শনিৰ অস্তৰ বাবে, আপোনাৰ কেৰিয়াৰত উন্নত ফলাফল প্ৰাপ্ত কৰাত অসুবিধাৰ সম্মুখীন হ'ব পাৰে। ইয়াৰ উপৰিও, আপোনাৰ জীৱনসঙ্গীৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে। 18 মাৰ্চ, 2024ত, কুম্ভ ৰাশিত শনিৰ উদয় হ'ব আৰু ইয়াৰপৰাই আপোনাৰ ভাল সময় আৰম্ভ হ'ব। এই সময়খিনিত, ব্যৱসায়ীসকলে নতুন অৰ্ডাৰ লাভ কৰাৰ সম্ভাৱনা আছে।

সিংহ সাপ্তাহিক ৰাশিফল

কন্যা ৰাশি

শনি পৰিবহন 2024 অনুসৰি, শনি হৈছে কন্যা ৰাশিৰ পঞ্চম আৰু ষষ্ঠ গৃহৰ অধিপতি আৰু ই কুম্ভ ৰাশিৰ ষষ্ঠ গৃহত স্থিত হ’ব। ৰাশিফলৰ ষষ্ঠ গৃহটোৱে প্ৰচেষ্টাক সূচিত কৰে, সেয়েহে শনিৰ পৰিবহনৰ সময়ত, আপুনি কেৰিয়াৰত যথেষ্ট ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। মে’ 2024-ৰ পিছত, আপুনি কেৰিয়াৰত আপোনাৰ ভাগ্যৰ সমৰ্থনো লাভ কৰিব আৰু আপোনাৰ সমৃদ্ধিও হ’ব। প্ৰয়োজন অনুসাৰে আপুনি সময়মতে ঋণ লাভ কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত, আপোনাৰ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ সলনি এই ক্ষেত্ৰত কেৱল নিজৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে সফলতা লাভ কৰিব পাৰিব।

আপোনাৰ চাকৰি সলনি বা স্থানান্তৰৰ যোগ আছে। যদি আপুনি কঠোৰ পৰিশ্ৰম কৰে আৰু আন্তৰিকতাৰে চেষ্টা কৰে, তেনেহ'লে এই সময়খিনিত আপোনাৰ দৰমহাও বৃদ্ধি হ’ব। এই সময়ছোৱাত আপুনি নিষ্ঠাৰে কাম কৰিব।

29 জুন, 2024 ৰ পৰা 15 নৱেম্বৰ, 2024 লৈকে, শনি পশ্চাদগামী অৱস্থাত থাকিব, সেয়েহে এই সময়খিনি আপোনাৰ কেৰিয়াৰৰ বাবে খুব এটা ভাল নহ'ব। ইয়াৰ লগতে, আপুনি ধন লাভৰ ক্ষেত্ৰতো কম সন্তুষ্ট হৈ থাকিব পাৰে।

11 ফেব্ৰুৱাৰী, 2024 ৰপৰা 18 মাৰ্চ, 2024 লৈকে শনি অস্ত অৱস্থাত থাকিব আৰু এই সময়ছোৱাত আপুনি কেৰিয়াৰত উন্নত ফলাফল প্ৰাপ্ত কৰাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই সময়ত আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'বলৈও আপোনাক পৰামৰ্শ দিয়া হৈছে।

18 মাৰ্চ, 2024 তাৰিখে, কুম্ভ ৰাশিত শনিৰ উদয় হ'ব, যাৰ ফলত আপুনি কেৰিয়াৰত অগ্ৰগতি লাভ কৰিব আৰু আপুনি নিজৰ প্ৰচেষ্টাত সফলতা লাভ কৰিবলৈসক্ষম হ’ব। মে’ 2024-ৰ পিছত, বৃহস্পতিৰ স্থিতি সলনি হোৱাৰ বাবে আপুনি লাভান্বিত হ'ব, কিন্তু আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিব লাগিব আৰু ধনৰ লেনদেনৰ ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব।

কন্যা সাপ্তাহিক ৰাশিফল

সোঁৱৰণিত উপস্থিত ৰাজ যোগ ৰ সকলো তথ্য প্ৰাপ্ত কৰক

তুলা ৰাশি

তুলা ৰাশিৰ জাতকসকলৰ বাবে শনি হৈছে চতুৰ্থ আৰু পঞ্চম গৃহৰ স্বামী আৰু এই পৰিবহনৰ সময়ত শনি কুম্ভ ৰাশিৰ পঞ্চম গৃহত স্থিত হ’ব। তুলা ৰাশিৰ জাতকসকলৰ বাবে শনি গ্ৰহক ভাগ্যৰ গ্ৰহ হিচাপে গণ্য কৰা হয় আৰু পঞ্চম গৃহে প্ৰেম, আধ্যাত্মিকতা আৰু ধৰ্ম আদিক দৰ্শায়। এই সময়খিনিত তুলা ৰাশিৰ জাতকসকলে ধন লাভ কৰিব আৰু তেওঁলোক নিজৰ কেৰিয়াৰক লৈ সন্তু,্ট হৈ থাকিব। ইয়াৰ লগতে নিজৰ কেৰিয়াৰত ভাল সুযোগ লাভ কৰাৰো সম্ভাৱনা আছে।

মে’, 2024 ৰ পিছত আপুনি পৈতৃক সম্পত্তিৰদ্বাৰা আকস্মিকভাৱে ধন লাভ কৰাৰ যোগ আছে। শনি পৰিবহন 2024 ৰ অন্তৰ্গত যিসকল লোকৰ এইখিনি সময়ত ধনৰ প্ৰয়োজন হৈছে আৰু লোনৰ বাবে আৱেদন কৰিছে, তেওঁলোক এইক্ষেত্ৰত সফল হ’ব। আপুনি মে’, 2024 ৰ পিছত লাভ প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত বিলম্বৰ সম্মুখীন হ’ব পাৰে কিন্তু যদিহে আপুনি আধ্য়াত্মিক কাৰ্য্যত লীন হৈ থাকে, তেতিয়াহ’লে আপোনাৰ বাবে জীৱনত সফলতা লাভ কৰাটো সহজ হ’ব।

শনিৰ পৰিবহনৰ সময়ত আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত নিজৰ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰাটো উচিত নহয়, বৰঞ্চ আপুনি এইখিনি সময়ত নিজৰ কষ্টৰদ্বাৰাহে সফলতা লাভ কৰিব পাৰিব। আপোনাৰ চাকৰিৰ পৰিৱৰ্তন বা স্থানানৰৰ যোগ আছে। যদিহে আপুনি নিজৰ দৰমহা বৃদ্ধি হোৱাটো বিচাৰে, তেনেহ’লে আপুনি নিজৰ ফালৰপৰা প্ৰয়াস কৰা উচিত।

29 জুন, 2024 ত শনিৰ পশ্চাদগমন হ’ব আৰু 15 নৱেম্বৰ, 2024 পৰ্য্যন্ত এই অৱস্থাতেই থাকিব। এই সময়খিনিত আপুনি নিজৰ কেৰিয়াৰত লাভাম্বিত হ’ব আৰু ধন লাভৰ ক্ষেত্ৰত সন্তুষ্টি প্ৰাপ্ত কৰিব। আনহাতে 11 ফেব্ৰুৱাৰী, 2024 ৰপৰা 18 মাৰ্চ, 2024 পৰ্য্যন্ত শনি অস্ত অৱস্থাত থাকিব সেয়েহে আপুনি এইখিনি সময়ত কেৰিয়াৰত আগবাঢ়ি যাবৰ বাবে অধিক সমস্যাৰ সম্মুখীন হ’ব পাৰে। ইয়াৰ উপৰিও আপুনি নিজৰ সন্তানৰ বিকাশক লৈ চিন্তিত হৈ থাকিব পাৰে।

ইয়াৰ পিছত 18 মাৰ্চ, 2024 ত শনিৰ উদয় হ’ব আৰু এই সময়খিনিৰ পিছত আপোনাৰ ভাল সময় আৰম্ভ হ’ব। এতিয়া আপোনাৰ সন্তানৰ ক্ষেত্ৰত অহা বাধাসমূহ দূৰ হ’ব। আপুনি আধ্যাত্মিক বিকাশ আৰু যাত্ৰাৰদ্বাৰা লাভাম্বিত হ’ব।

তুলা সাপ্তাহিক ৰাশিফল

আপোনাৰ সোঁৱৰণিত আছে নে ৰাজ যোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন

বৃশ্চিক ৰাশি

শনি হৈছে বৃশ্চিক ৰাশিৰ তৃতীয় আৰু চতুৰ্থ গৃহৰ অধিপতি আৰু শনি কুম্ভ ৰাশিৰ চতুৰ্থ গৃহত স্থিত হ’ব। বৃশ্চিক ৰাশিৰ বাবে শনি হৈছে মধ্যমীয়া ফল প্ৰদান কৰা গ্ৰহ আৰু চতুৰ্থ গৃহ হৈছে আৰামৰ গৃহ আৰু শনি এই গৃহত স্থিত হোৱাৰ বাবে আপোনাৰ ভৰি আৰু কঁকালৰ বিষ হোৱাৰ আশংকা আছে। মে’, 2024 ৰ পিছত এই পৰিবহনৰ সময়ত আপুনি বিফলতাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। আনহাতে যদিহে আপুনি লোনৰ বাবে আৱেদন কৰিছে, তেনেহ’লে আপুনি এইক্ষেত্ৰত সফল হ’ব যাৰ ফলত আপুনি আকস্মিকভাৱে ধন লাভ কৰিব। এই সময়খিনিত আপোনাৰ লোন পাছ হোৱাৰ অধিক সম্ভাৱনা আছে।

এই পৰিবহনৰ সময়ত আপুনি সফলতা লাভৰ ক্ষেত্ৰত বিলম্ব আৰু বাধাৰ সম্মুখীন হ’ব পাৰে কিন্তু মে’, 2024 ৰ পিছত আপোনাৰ স্থিতি ভাললৈ আহিব। আপোনাৰ সম্পৰ্কবোৰো ভাল হ’বলৈ আৰম্ভ কৰিব আৰু আপুনি সম্পত্তি আদিৰদ্বাৰা লাভাম্বিত হ’ব।

শনি পৰিবহন 2024 অনুসৰি আপুনি কোনো সম্পৰ্কীয় ব্যক্তি সহায়ৰদ্বাৰা লাভ প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। এই সময়খিনিত আপুনি নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি বহি থকাতকৈ নিজৰ প্ৰচেষ্টাৰ প্ৰতি গুৰুত্ব দিয়া উচিত। যদিহে আপুনি আপোনাৰ দৰমহা বৃদ্ধি হোৱাটো বিচাৰে, তেনেহ’ৎলে আপুনি মে’, 2024 ৰ পিছত আধিক চেষ্টা কৰাৰ প্ৰয়োজন আছে।

29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 পৰ্য্যন্ত শনি পশ্চাদগামী অৱস্থাত থকাৰ ফলত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত ভাল সময় আৰম্ভ হ’ব। আুনি ধন লাভৰদ্বাৰা সন্তুষ্ট অনুভৱ কৰিব আৰু আপোনাৰ সম্পৰ্কত সুখ-শান্তি বৰ্ত্তি থাকিব। ইয়াৰ লগতে আপুনি নিজৰ পৰিয়ালৰ সদস্যসকলৰ সহযোগ প্ৰাপ্ত কিব।

11 ফেব্ৰুৱাৰী, 2024 ৰপৰা 18 মাৰ্চ, 2024 লৈকে শনি অস্ত অৱস্থাত থাকিব যাৰ ফলত আপুনি এইখিনি সময়ত ভাল ফল লাভ কৰাৰ সম্ভাৱনা তেনেই তাকৰ। এই পৰিবহনৰ সময়ত আপোনাৰ মনটোক অসুৰক্ষিত ভাৱনাই ঘেৰি ধৰিব পাৰে। ইয়াৰ পিছত শনিৰ 18 মাৰ্চ, 2024 ত কুম্ভ ৰাশিত উদয় হ’ব আৰু এই সময়খিনিও আপোনাৰ বাবে সিমান ভাল নহ’ব। এই সময়খিনিত আপোনাৰ সুখ-শান্তি হ্ৰাস পাব পাৰে আৰু আপোনাৰ স্বাস্থ্যজনিত সমস্যা হোৱাৰ আশংকা আছে। অৱশ্যে, আপুনি অধিক চিন্তি হোৱাৰ প্ৰয়োজন নাই।

বৃশ্চিক সাপ্তাহিক ৰাশিফল

বৃহৎ কুণ্ডলী : জানক আপোনাৰ জীৱনত গ্ৰহসমূহৰ প্ৰভাৱ আৰু উপায়

ধনু ৰাশি

শনি, হৈছে ধনু ৰাশিৰ দ্বিতীয় আৰু তৃতীয় গৃহৰ অধিপতি আৰু শনি এই 2024 বৰ্ষত কুম্ভ ৰাশিৰ তৃতীয় গৃহত স্থিত হ’ব। ধনু ৰাশিৰ বাবে শনি হৈছে এক নিৰপেক্ষ গ্ৰহ আৰু তৃতীয় গৃহ হৈছে সাহসৰ গৃহ আৰু শনি তৃতীয় গৃহত স্থিত হোৱাৰ ফলত ধনু ৰাশিৰ জাতকসকলে নিজৰ কেৰিয়াৰত লাভ প্ৰাপ্ত কৰিব। আপুনি দন উপাৰ্জনৰ ক্ষেত্ৰত ভাল সুযোগ লাভ কৰিব আৰু নিজৰ ভাই-ভনীসকলৰ সহযোগো লাভ কৰিব। মে’, 2024 ৰ পিছত আপোনাৰ মনলৈ হতাশা আহিব পাৰে আৰু আপোনাৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত বাধা আহিব পাৰে।

শনি পৰিবহনৰ সময়ত আপুনি লাভ প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত বাধাৰ সম্মুখীন হ’ব পাৰে। আপুনি নিজৰ সম্পৰ্কীয় লোকৰ সহায়ত লাভাম্বিত হোৱাৰ সম্ভাৱনা আছে। শনি পৰিবহন 2024 য়ে প্ৰকাশ কৰে যে এই সময়খিনিত আপুনি নিজৰ কেৰিয়াৰত পদোন্নতি আৰু অন্যান্য ইনচেণ্টিভ লাভ কৰাৰ সম্ভাৱনা আছে। আনহাতে শনি পৰিবহনৰ সময়ত আপোনাৰ স্থান পৰিৱৰ্তনৰ যোগ আে আৰু এই স্থানান্তৰণ আপোনাৰ বাবে যথেষ্ট লাভজনক প্ৰমাণিত হ’ব। পৰিয়ালক লৈ আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে আৰু নিজৰ দায়িত্বসমূহ পালন কৰিবৰ বাবে আপুনি অধিক ঋণ ল’বলগীয়া হ’ব পাৰে। ইয়াৰ ফলত আপোনাৰ দায়িত্বৰ বোজা বৃদ্ধি হোৱাৰ আশংকা আছে।

ইয়াৰ পিছত 29 जून, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 ৰ ভিতৰত শনি পশ্চাদগামী অৱস্থাত থাকিব আৰু এই সময়খিনি আপোনাৰ কেৰিয়াৰৰ বাবে সিমান শুভ নহ’ব। এইখিনি সময়ত আপুনি ধন লাভৰ ক্ষেত্ৰত বাধাৰ সম্মুকীন হ’ব পাৰে আৰু আপোনাৰ সম্পৰ্কত সুখ-শান্তি হ্ৰাস পাব পাৰে।

11 ফেব্ৰুৱাৰী, 2024 ত শনিৰ অস্ত হ’ব আৰু শনি 18 মাৰ্চ, 2024 পৰ্য্যন্ত এই স্থিতিতেই থাকিব। শনিৰ অস্ত হোৱাটো আপোনাৰ বাবে সিমান লাভজনক নহ’ব। এইখিনি সময়ত আপোনাৰ ধন হানি হোৱাৰ আৰু পাৰিবাৰিক সুখ হ্ৰাস পোৱাৰ আশংকা কৰা হৈছে। 18 মাৰ্চ, 2024 ত শনিৰ কুম্ভ ৰাশিত উদয় হ’ব আৰু এই সময়খিনি আপোনাৰ বাবে বিকাশশীল প্ৰমাণিত হ’ব। শনি পৰিবহন 2024 অনুসৰি আপুনি এই সময়খিনিত ধন লাভ কৰিব আৰু ধন সঞ্চয় কৰাত সফল হ’ব। ইয়াৰ লগতে আপুনি নিজৰ সম্পৰ্কক লৈ সন্তুষ্ট অনুভৱ কৰিব।

ধনু সাপ্তাহিক ৰাশিফল

মকৰ ৰাশি

শনি হৈছে মকৰ ৰাশিৰ প্ৰথম আৰু দ্বিতীয় গৃহৰ অধিপতি আৰু ই কুম্ভ ৰাশিৰ দ্বিতীয় গৃহত স্থিত হ’ব। মকৰ ৰাশিৰ জাতকসকলৰ বাবে শনি হৈছে মধ্যমীয়া ফল প্ৰদান কৰা গ্ৰহ আৰু সোঁৱৰণিৰ দ্বিতীয় গৃহে আৰ্থিক স্থিতিক সূচিত কৰে আৰু শনি দ্বিতীয় গৃহত স্থিত হোৱাৰ ফলত আপুনি ধনৰ সৈতে জড়িত সমস্যাৰ সম্মুখীন হ’ব পাৰে আৰু আপোনাৰ ব্য়য় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। মকৰ ৰাশিৰ জাতকসকলক এই সময়খিনিত চকু আৰু দাঁতৰ সৈতে জড়িত সমস্যাই অসান্তি দিব পাৰে। মে’, 2024 ৰ পিছত আপোনাৰ সুখ-সুবিধা হ্ৰাস পোৱাৰ লগতে পৰিয়াললৈ অশান্তি আহিব পাৰে। ইয়াৰ ফলত পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনাৰ সম্পৰ্কলৈ তিক্ততা আহিব পাৰে। এই পৰিবহনৰ সময়ত আপুনি ধনৰ ক্ষেত্ৰত অধিক সাৱধান হৈ থাকিব আৰু আপোনাৰ সম্পূৰ্ণ মনোযোগ পৰিয়ালৰ বিকাশৰ ওপৰত কেন্দ্ৰিত হ’ব। শনি দ্বিতীয় গৃহত স্থিত হোৱাৰ ফলত আপোনাৰ কথা-বতৰা আস্থাভাজন হ’ব।

এই সময়ছোৱাত আপুনি ধন লাভৰ ক্ষেত্ৰত বিলম্বৰ সম্মুখীন হ’ব পাৰে। আনহাতে মে’, 2024 ৰ পিছত আপুনি নিজৰ পৰিয়ালৰ প্ৰয়োজনসমূহ পূৰণ কৰিবৰ বাবে অধিক ধন খৰচ কৰিবলগীয়া হ’ব পাৰে। আপুনি ঘৰ ক্ৰয় কৰাৰ বা সম্পত্তিত বিনিয়োগ কৰাৰ কথা ভাবিব পাৰে। শনি পৰিবহন, 2024 য়ে প্ৰকাশ কৰিছে যে আপুনি নিজৰ সম্পৰ্কীয় ব্যক্তিৰ সহায়ত লাভ প্ৰাপ্ত কৰিব পাৰিব। এই সময়খিনিত শনি দ্বিতীয় গৃহত স্থিত হ’ব যাৰ ফলত আপুনি কামৰ সন্দৰ্ভত অধিক যাত্ৰা কৰিবলগীয়া হ’ব পাৰে। আপোনাৰ পৰিয়ালৰ সৈতে যাত্ৰা কৰাৰো যোগ আছে।

29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 পৰ্য্য়ন্ত শনি পশ্চাদগামী অৱস্থাত স্থিত হ’ব যাৰ ফলস্বৰূপে আপুনি ধন লাভৰ ক্ষেত্ৰত কিছু অসন্তুষ্ট অনুভৱ কৰিব পাৰে। এইখিনি সময়ত আপোনাৰ আৰ্থিক স্থিতলৈ উত্থান-পতন অহাৰ সম্ভাৱনা আছে আৰু আপোনাৰ ব্যয়ো বৃদ্ধি হ’ব। আনফালে আপোনাৰ পৰিয়ালত সমস্যা বৃদ্ধি হ’ব পাৰে আৰু পাৰস্পৰিক বুজাবুজিৰ অভাৱ বাবে পৰিয়ালৰ সদস্যসকলৰ মাজত বিবাদ উৎপন্ন হ’ব পাৰে। এই পৰিবহন কালত শনি দ্বিতীয় গৃহত স্থিত হোৱাৰ বাবে আপুনি নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ ক্ষেত্ৰত জটিলতাৰ সম্মুখীন হ’ব পাৰে।

শনি পৰিবহন 2024 অনুসৰি, ইয়াৰ পিছত 11 ফেব্ৰুৱাৰী, 2024 ৰপৰা 18 মাৰ্চ, 2024 পৰ্য্যন্ত শনি অৱস্থাত থাকিব যাৰ ফলত আপুনি এইখিনি সময়ত কম ফলদায়ক পৰিণাম লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি এইখিনি সময়ত ধনৰ ক্ষেত্ৰত লোকচানৰ সম্মুখীন হ’ব পাৰে আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত যুক্তি-তৰ্ক হ’ব পাৰে।18 মাৰ্চ, 2024 ত শনি কুম্ভ ৰাশিত স্থিত হোৱাৰ বাবে আপুনি বিশেষ ভাল ফল লাভ নকৰিব। এইখিনি সময়ত আপোনাৰ ধন ক’ৰবাত আৱদ্ধ হৈ থাকিব পাৰে অথবা আৰ্থিক স্থিতিৰ ক্ষেত্ৰত অধিক উত্থান-পতন অহাৰ ফলতআপুনি কোনো বিশেষ আঘাত পাব পাৰে। চকু বা দাঁতৰ সমস্যাৰ দৰে সমস্যাৰ সম্মুখীন হ’ব পাৰে।

মকৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি

শনি হৈছে, কুম্ভ ৰাশিৰ দ্বাদশ আৰু প্ৰথম গৃহৰ অধিপতি আৰু শনি কুম্ভ ৰাশিত প্ৰথম গৃহত স্থিত হ’ব। কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে শনি হৈছে মধ্যমীয়া ফলাফল প্ৰদান কৰা গ্ৰহ। সোঁৱৰণিৰ প্ৰথম গৃহটো হৈছে জীৱন আৰু ভৱিষ্যতৰ গৃহ আৰু শনি প্ৰথম গৃহত স্থিত হোৱাৰ ফলত আপুনি স্বাস্থ্য স্মপৰ্কীয় সমস্যা আৰু আলস্যৰ সম্মুখীন হ’ব পাৰে। ইয়াৰ লগতে আপোনাৰ আত্মবিশ্বাসো হ্ৰাস পাব পাৰে। আপোনাক চকু আৰু দাঁতৰ সমস্যাই আমনি দিব পাৰে।

শনি পৰিবহন 2024 য়ে প্ৰকাশ কৰিছে যে মে’ মাহৰ পিছত আপোনাৰ সুখ-সুবিধা হ্ৰাস পাব পাৰে আৰু আপোনাৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে।এইখিনি সময়ত আপোনাৰ ভৰি আৰু উৰুৰ বিষৰ লগতে চাপ হোৱাৰ আশংকা আছে। শনিৰ পৰিবহনৰ সময়ত আপুনি ধন লাভৰ ক্ষেত্ৰত বাধা আৰু বিলম্বৰ সম্মুখীন হ’ব পাৰে। মে’, 2024 ৰ পিছত পৰিয়ালৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবৰ বাবে আপুনি কিছু ধন ব্যয় কৰিবলগীয়া হ’ব পাৰে। ইয়াৰ উপৰিও আপুনি বিনিয়োগৰ বাবে ঘৰ ক্ৰয় কৰাৰ কথা চিন্তা কৰিব পাৰে।

আপুনি নিজৰ সম্পৰ্কীয় লোকসকল সহায় লাভ কৰাৰ সম্ভাৱনা আছে। এই পৰিবহনৰ সময়ত শনি প্ৰথম গৃহত স্থিত হ’ব যাৰ ফলস্বৰূপে আপুনি নিজৰ কামৰ সন্দৰ্ভত অধিক যাত্ৰা কৰিবলগীয়া হ’ব পাৰে। আপুনি নিজৰ পৰিয়ালৰ সৈতে কোনো ঠাইলৈ যাত্ৰা কৰাৰ পৰিকল্পনা কৰিব পাৰে। এই পৰিবহনৰ সময়ত আপুনি কামৰ সন্দৰ্বত নিজৰ ইচ্ছাৰ বিৰূদ্ধে কোনো যাত্ৰা কৰিবলগীয়া হ’ব পাৰে। ইয়াৰ উপৰিও আপোনাৰ ব্যয়ো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 পৰ্য্যন্ত শনি পশ্চাদগামী অৱস্থাত থাকিব আৰু এইখিনি সময়ত ধনৰ লাভৰ ক্ষেত্ৰত আপুনি সন্তুষ্টি অনুভৱ কৰিব। আপুনি এই সময়খিনিত ভাগ্যৰ সমৰ্থন লাভ কৰিব আৰু আপোনাৰ স্বাস্থ্যও ভালে থাকিব। অৱশ্যে, আপোনাৰ নিজৰ বন্ধু-বৰ্গৰ সৈতে কোনো বিবাদ হ’ব পাৰে। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ৰ ক্ষেত্ৰত কিছু সমস্যাৰ সম্মুখীন হ’ব পাৰে। আনহাতে, যিসকলে অংশীদাৰী ব্যৱসায় কৰে, তেওঁলোকৰ অংশীদাৰৰ সৈতে মতভেদ হ’ব পাৰে।

11 ফেব্ৰুৱাৰী, 2024 ৰপৰা 18 মাৰ্চ, 2024 পৰ্য্যন্ত শনি অস্ত অৱস্থাত থাকিব যি আপোনাৰ স্বাস্থ্যৰ বাবে ভাল সংকেত প্ৰদান নকৰে। এইখিনি সময়ত আপুনি আলস্য অনুভৱ কৰিব পাৰে আৰু কামৰ ক্ষেত্ৰত আপোনাৰ দৃঢ়তা হ্ৰাস পাব পাৰে। 18 মাৰ্চ, 2024 ত শনিৰ কুম্ভ ৰাশিত অস্ত হ’ব। আপুনি নিজৰ কেৰিয়াৰত ভাল লাভ প্ৰাপ্ত কৰিব আৰু চাকৰিৰ নতুন নতুন সুযোগ লাভ কৰাৰ ফলত যথেষ্ট সন্তুষ্ট অনুভৱ কৰিব। ইয়াৰ উপৰিও আপুনি বিদেশৰপৰাও চাকৰিৰ সুযোগ লাভ কৰিব পাৰে আৰু ইয়াক লৈ আপুনি যথেষ্ট সন্তুষ্টি লাভ কৰিব।

কুম্ভ সাপ্তাহিক ৰাশিফল

মীন ৰাশি

শনি পৰিবহন 2024 য়ে প্ৰকাশ কৰে যে শনি হৈছে মীন ৰাশিৰ একাদশ আৰু দ্বাদশ গৃহৰ অধিপতি আৰু শনি কুম্ভ ৰাশিৰ দ্বাদশ গৃহত স্থিত হ’ব। মীন ৰাশিৰ জাতকসকলৰ বাবে শনি হৈছে এক নিৰপেক্ষ গ্ৰহ। শনি আপোনাৰ দ্বাদশ গৃহত পৰিবহন কৰাৰ ফলত আপুনি ধন আৰু স্বাস্থ্যৰ লগত জড়িত সমস্যাৰ সম্মুখীন হ’ব পাৰে আৰু আপুনি নিদ্ৰাহীনতাৰ সমস্যাত ভূগিব পাৰে। এই পৰিবহনৰ সময়ত আপোনাৰ ভৰি আৰু উৰুৰ বিষৰ সমস্যাই দেখা দিব পাৰে।

মে’ৎ, 2024 ৰ পিছত আপোনাৰ ভাতৃ-ভগ্নীসকলৰ সৈতে মতভেদ হ’ব পাৰে আৰু যাত্ৰাৰ সময়ত আপোনাৰ ধন হানি হ’ব পাৰে। এই পৰিবহনৰ সময়ত আপোনাৰ বৰ্দ্ধিত ব্য়য়ক লৈ আপুনি চিন্তিত হ’ব পাৰে। এই ব্যয়সমূহ আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱাৰ সম্ভাৱনা আছে। শনিৰ পৰিবহনৰ সময়ত আপুনি নিজৰ পৰিকল্পনাসমূহ সঠিকভাৱে প্ৰস্তুত কৰাত অসফল হ’ব পাৰে। আনহাতে আপোনাৰ পৰিয়াললৈ কোনো সমস্যা অহাৰ আশংকা কৰা হৈছে।

শনি দ্বাদশ গৃহত স্থিত হোৱাৰ ফলত আপুনি নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত কেইবাবাৰো অনিচ্ছাকৃত যাত্ৰা কৰিবলগীয়া হ’ব পাৰে। ইয়াৰ উপৰিও আপোনাৰ পৰিয়ালৰ সৈতেও কোনো যাত্ৰা কৰাৰ যোগ আছে আৰু আপুনি অনিচ্ছাকৃত ব্যয়ক লৈ চিন্তিত হ’ব পাৰে।

ইয়াৰ পিছত 29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 পৰ্য্যন্ত শনি পশ্চাদগামী অৱস্থাত থাকিব যাৰ ফলত আপোনাৰ ব্যয় দুগুণ বৃদ্ধি পাব আৰু আপুনি স্বাস্থ্য সম্পৰ্কীয় সমস্যাক লৈ চিন্তিত হ’ব পাৰে। ব্যয় বৃদ্ধি হোৱাৰ বাবে আপুনি কোনো সমস্য়াত পৰিব পাৰে। আনহাতে নিজৰ ব্যয়সমূহ নিয়ন্ত্ৰণ কৰিবৰ বাবে আপুনি লোন ল’বলগীয়াও হ’ব পাৰে। ব্যৱসায়ীসকলে ব্যৱসায়ৰ ক্ষেত্ৰত সমস্যাৰ সম্মুখীন হোৱাৰ আশংকা আছে আৰু যিসকল লোকে অংশীদাৰী ব্যৱসায় কৰে তেওঁলোকৰ নিজৰ অংশীদাৰৰ সৈতে মনভেদ হ’ব পাৰে।

11 ফেব্ৰুৱাৰী, 2024 ৰপৰা 18 মাৰ্চ, 2024 লৈকে শনি অস্ত অৱস্থাত থাকিব আৰু এইখিনি সময়ত আপোনাৰ টোপনি কম হোৱাৰ সমস্যা হ’ব পাৰে। ইয়াৰ লগতে আপোনাৰ সাহসো হ্ৰাস পাব পাৰে। 18 মাৰ্চ, 2024 ত শনিৰ কুম্ভ ৰাশিত উদয় হ’ব আৰু ইয়াৰপৰাই আপোনাৰ ভাল সময় আৰম্ভ হ’ব। আপুনি চাকৰিৰ ক্ষেত্ৰত বিদেশৰপৰা নতুন সুযোগ লাভ কৰিব পাৰে। আনহাতে আপুনি কোনো বাহিৰা উৎসৰদ্বাৰা ভাল ধন উপাৰ্জন কৰাৰ সুযোগ লাভ কৰিব। শনি পৰিবহন2024 অনুসৰি শনিৰ কুম্ভ ৰাশিত উদয় হোৱাৰ ফলত আপুনি চাকৰিৰ এনে নতুন নতুন সুযোগ লাভ কৰিব পাৰে যাৰ বাবে আপুনি যথেষ্ট সন্তুষ্টি লাভ কৰিব।

মীন সাপ্তাহিক ৰাশিফল

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আশা ৰাখিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ।

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer