অংক জ্যোতিষ (02 মাৰ্চ-08 মাৰ্চ, 2025)
অংক জ্যোতিষ সাপ্তাহিক ভৱিষ্যতফল জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ মূলাংকৰ যথেষ্ট ভূমিকা আছে। মূলাংকক জাতকৰ জীৱনৰ গুৰুত্বপূৰ্ণ সংখ্য হিচাপে বিবেচনা কৰা হয়। আপোনাৰ জন্ম মাহৰ যি তাৰিখে হয়, তাক একক অংকলৈ ৰূপান্তৰ কৰাৰ পিছত যি সংখ্যা প্ৰাপ্ত হয় তাকেই আপোনাৰ মূলাংক বুলি কোৱা হয়। মূলাংক 1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হ’লে আপোনাৰ মূলাংক হ’ব 1+0 অৰ্থাৎ1 ।
এনেদৰে যি কোনো মাহৰ 1 তাৰিখৰপৰা 31 তাৰিখ পৰ্য্যন্ত জন্ম হোৱা মানুহৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰনিজৰ ৰুট নম্বৰ জানি লৈ তাৰ আধাৰত সাপ্তাহিক ৰাশিফলো জানিব পৰা যায়।
এয়াও পঢ়ক: ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান অংক জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰ সম্বন্ধীয় সকলোবোৰ তথ্য
নিজৰ জন্মতিথিৰপৰা জানক সাপ্তাহিক অংক ৰাশিফল (02 মাৰ্চৰপৰা 08 মাৰ্চ 2025)
আমাৰ জীৱনত অংকজ্যোতিষৰ পোণপটীয়া প্ৰভাৱ পৰে কাৰণ আমাৰ জন্ম তাৰিখেই সংখ্য়াৰদ্বাৰা প্ৰস্তুত হয়। তলত দিয়া লিখনীটোত অৱগত কৰা হৈছে যে সকলো ব্যক্তিৰ জন্ম তাৰিখিৰ হিচাপ মতে তেওঁৰ একমূলাংক নিৰ্দ্ধাৰিত কৰা হয় আৰু এই সকলোবোৰ অংক বেলেগ বেলেগ গ্ৰহৰদ্বাৰা শাসিত।
যেনেদৰে মূলাংক1 ত সূৰ্য্য দেৱৰ আধিপত্য থাকে। চন্দ্ৰমা হৈছে মূলাংক 2 ৰ স্বামী। অংক 3ত দেৱগুৰু বৃহস্পতি ৰ স্বামীত্ব থাকে, ৰাহু হৈছে অংক 4 ৰ ৰজা। অংক 5 বুধ গ্ৰহৰ অধীন। 6 অংকৰ ৰজা হৈছে শুক্ৰ দেৱ আৰু 7 অংকৰ হৈছে কেতু গ্ৰহৰ। শনি দেৱতাক 8 ৰ স্বামী হিচাপে মনা হয়। অংক 9 হৈছে মঙ্গল দেৱৰ অংক আৰু এই গ্ৰহসমূহৰ পৰিৱহনৰ পৰিৱৰ্তনৰদ্বাৰা জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
মূলাংক 1
(যদিহে আপোনাৰ জন্ম কোনো এটা মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছিল)
সাধাৰণতে এই মূলাংকৰ জাতকসকল যথেষ্ট বুদ্ধিমান হয় আৰু তেওঁলোকে জীৱনত সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হয়।
প্ৰেম জীৱন: আপুনি নিজৰ সঙ্গীৰ প্ৰতি ৰোমাণ্টিক ভাৱনা ব্যক্ত কৰিব পাৰে। এয়া আপোনাৰ ভিতৰত থকা চেন্স অৱ হিউমাৰ বা হাঁহি-ধেমালি কৰি থকা স্বভাৱৰ বাবে সম্ভৱপৰ হ’ব।
শিক্ষা: যিসকল শিক্ষাৰ্থীয়ে বৃত্তিগত অধ্যয়ন বা ডিগ্ৰী গ্ৰহণ কৰি আছে তেওঁলোকে তাত ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ’ব।
বৃত্তিগত জীৱন: এই সপ্তাহত কামৰ ক্ষেত্ৰত সময় আপোনাৰ পক্ষত থাকিব। ব্যৱসায়ীসকলে নিজৰ প্ৰতিদ্বন্দীসকলক কঠোৰ প্ৰতিদ্বন্দিতা দিব পাৰিব।
স্বাস্থ্য: স্বাস্থ্যৰ দিশত এই সপ্তাহটো যথেষ্ট ভালে থাকিব বুলি ক’ব পৰা যায়। আপোনাৰ ভিতৰত উৎসাহ আৰু উদ্যম বৃদ্ধি হোৱাৰ বাবে এনে হ’ব পাৰে।
উপায়: দৈনিক আদিত্য হৃদয়ম স্তোত্ৰ পাঠ কৰক।
মূলাংক 2
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20, 29 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকলৰ বাবে সপ্তাহটো মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। এই সময়খিনিত সৃষ্টিশীল কাৰ্য্যৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব আৰু আপুনি এই দিশটোক অধিক উজ্বল কৰি তুলিবলৈ চেষ্টা কৰিব।
প্ৰেম জীৱন: এই সময়খিনিত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ দূৰত্ব বৃদ্ধি পাব পাৰে। অহংকাৰ সম্বন্ধীয় সমস্যাৰ বাবে এনে হ’ব পাৰে।
শিক্ষা: এই সময়খিনিত শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল প্ৰাপ্ত কৰিবৰ বাবে আপুনি অধ্যয়নত অধিক মনোযোগ দিব লাগিব। যদিহে আপুনি এনে নকৰে তেনেহ’লে আপুনি ভাল নম্বৰ লাভ কৰাত অসুবিধাৰ সম্মুখীন হ’ব পাৰে।
বৃত্তিগত জীৱন: এই সপ্তাহত চাকৰিয়াল জাতকসকলে মধ্যমীয়া সফলতা লাভ কৰাৰ যোগ আছে। আনহাতে ব্যৱসায়ীসকলে উন্নত পৰিকল্পনা কৰাৰ আৰু নিজৰ ব্যৱসায়ৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজনীয়তা আছে।
স্বাস্থ্য: এই সময়খিনিত মূলাংক 2 ৰ জাতকসকল ছালৰ লগত জড়িত সমস্যা আৰু অন্য কোনো এলাৰ্জীৰ সমস্যাৰ সম্মুখীন হ’ব পাৰে। ইয়াৰ ফলস্বৰূপে আপুনি সুস্বাস্থ্য অটুত ৰখাত সমস্যাৰ সম্মুখীন হ’ব পাৰে।
উপায়: আপুনি দৈনিক 108 বাৰ 'ঔঁ সৌমায় নমঃ'' মন্ত্ৰ জপ কৰক।
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন ।
মূলাংক 3
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21, 30 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকল সাধাৰণতে মুকলি চিন্তা-ধাৰাৰ অধিকাৰী হয়। এই লোকসকলৰ আধ্যাত্মিকতা আৰু আধ্যাত্মিক কাৰ্য্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব আৰু আপুনি সহজেই ইয়াক আঁকোৱালি ল’ব পাৰিব।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি কোনো নতুন সম্পৰ্কৰ আৰম্ভণি কৰিব পাৰে। অৱশ্যে, আফুনি এই সময়ছোৱাত পৰিপক্কতা আৰু বুদ্ধিমত্তাৰে কাম হাতত ল’ব লাগিব।
শিক্ষা: যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ অধ্যয়নৰ বাবে মাষ্টাৰ ডিগ্ৰী বা পিএইচডি ডিগ্ৰী কৰাৰ কথা ভাবি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো যথেষ্ট ভাল হ’ব।
বৃত্তিগত জীৱন: কেৰিয়াৰৰ ক্ষেত্ৰত এই সপ্তাহটো যথেষ্ট ভাল হ’ব। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে আপোনাৰ বাবে মাল্টি লেভেল নেটৱৰ্কিং ব্যৱসায় কৰাটো লাভজনক হ’ব আৰু আপুনি অধিক লাভ অৰ্জন কৰিব পাৰিব।
স্বাস্থ্য়: এই সপ্তাহত আপুনি যোগ আৰু ধ্যানৰ দৰে আধ্যাত্মিক বা শাৰীৰিক অভ্যাস কৰিব পাৰে। ই মন আৰু শৰীৰ দুয়োটাৰে বাবে লাভজনক হ’ব।
উপায়: বৃহস্পতিবাৰে বৃহস্পতি গ্ৰহক হালধীয়া ৰঙৰ ফুল অৰ্পণ কৰক।
মূলাংক 4
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22, 31 তাৰিখে হৈছে)
এই সপ্তাহত মূলাংক 4 ৰ জাতকসকল অধিক আৱেগিক হৈ পৰিব পাৰে আৰু ইয়াৰ ফলস্বৰূপে কেতিয়াবা কেতিয়াবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাত তেওঁলোক সমস্যাৰ সম্মুখীন হ’ব পাৰে।
প্ৰেম জীৱন: এই সময়খিনিত আপুনি দোমোজাত থাকিব পাৰে। আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত বিশ্বাসৰ অভাৱ হ’ব পাৰে। এই কাৰণবশতঃ আপোনালোকৰ সম্পৰ্ক দুৰ্বল হৈ পৰিব পাৰে।
শিক্ষা: এই সপ্তাহত আপুনি যি পঢ়িব সেয়া মনত ৰখাত অসুবিধাৰ সম্মুখীন হ’ব পাৰে। তাৰ বাবে আপুনি পিছ পৰি থাকিব পাৰে আৰু পঢ়া-শুনাত নিজৰ দক্ষতাৰ পৰিচয় দিব নোৱাৰিব পাৰে।
বৃত্তিগত জীৱন: এই সময়ত চাকৰিয়াল জাতকসকলৰ ওপৰত কামৰ হেঁচা বৃদ্ধি হ’ব পাৰে। এই কাৰণবশতঃ আপুনি নিজৰ কেৰিয়াৰত উচ্চ সফলতা লাভ কৰাৰ সম্ভাৱনা কম হ’ব পাৰে। আনহাতে ব্যৱসায়ীসকলে প্ৰতিদ্বন্দী বৃদ্ধি হোৱাৰ বাবে অধিক লাভ অৰ্জন কৰাত অসুবিধাৰ সম্মুখীন হ’ব পাৰে।
স্বাস্থ্য: আপোনাৰ এলাৰ্জীৰ বাবে ছালৰ সমস্যা হ’ব পাৰে। এই সপ্তাহত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে এনে হ’ব পাৰে। আপুনি অসহজ অনুভৱ কৰিব পাৰে।
উপায়: দৈনিক 22 বাৰ 'ঔঁ ৰাহৱে নমঃ' মন্ত্ৰ জপ কৰক।
মূলাংক 5
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14, 23 তাৰিখে হৈছে)
মূলাংক 5 ৰ জাতকসকল সাধাৰণতে যথেষ্ট বুদ্ধিমান হয় আৰু তেওঁলোকে যথেষ্ট নিপুণতাৰে নিজৰ বুদ্ধিমত্তাৰ প্ৰয়োগ কৰে।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে যথেষ্ট হাঁহি-ধেমালি আৰু স্ফূৰ্তি-তামাচা ভৰা আচৰণ কৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ সুন্দৰ হৈ থাকিব।
শিক্ষা: আপুনি নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিব আৰু ভাল নম্বৰ প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। ইয়াৰ লগতে আপুনি এই সপ্তাহত ভাল সফলতা লাভ কৰাৰ যোগ আছে। প্ৰতিযোগিতামূলক পৰীক্ষাতো আপুনি ভাল ফলাফল লাভ কৰাৰ যোগ আছে।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে এই সপ্তাহত ভাল প্ৰদৰ্শন কৰি সফলতা লাভ কৰিবলৈ সক্ষমহ’ব। আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি হোৱা দেখা যাব। ব্যৱসায়ীসকলে উচ্চ লাভ প্ৰাপ্ত কৰিবৰ বাবে এয়া ভাল সময়।
স্বাস্থ্য: এই সপ্তাহত আপুনি উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ অনুভৱ কৰিব আৰু ইয়াৰ ইতিবাচক প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিব। আপোনাক কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাই অসুবিধাত নেপেলায়।
উপায়: দৈনিক 41 বাৰ 'ঔঁ নমো ভগৱতে বাসুদেৱায়' জপ কৰক।
আপোনাৰ কুণ্ডলীত আছে নেকি ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন
মূলাংক 6
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15, 24 তাৰিখে হৈছে)
এই সপ্তাহত মূলাংক 6 ৰ জাতকসকল স্বভাৱতে স্ফূৰ্তিবাজ হৈ থাকিব আৰু আপুনি এইখিনি সময়ত আনন্দ তথা সুখৰ সন্ধানত থাকিব পাৰে। এই সময়খিনিত আপুনি অধিক যাত্ৰা কৰিবলগীয়া হ’ব পাৰে।
প্ৰেম জীৱন: এই সময়খিনিত আপুনি সঙ্গীৰ সৈতে সম্পৰ্কটো শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ’ব। ইয়াৰদ্বাৰা আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ জীৱনৰ স্তৰ উন্নীত কৰিবলৈ সহায় লাভ কৰিব।
শিক্ষা: আপুনি বৃত্তিগত পাঠ্যক্ৰম যেনে ভিজুৱেল কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং আৰু চফটৱেৰ ইঞ্জিনিয়াৰিং আদিত ভাল প্ৰদৰ্শন কৰিব। এই সপ্তাহত আপুনি অধ্যয়নক লৈ যুক্তিবাদী হৈ থাকিব।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলৰ বাবে এই সপ্তাহটো ভাল হ’ব। আপুনি নিজৰ কামসমূহ সহজে সম্পূৰ্ণ কৰিব পাৰিব। আনহাতে ব্যৱসায়ীসকলে ভাল লাভ প্ৰাপ্ত কৰিবলৈ আৰু প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলৈ সক্ষম হ’ব।।
স্বাস্থ্য: শক্তিশালী ইচ্ছাশক্তি আৰু দৃঢ়তাৰ বাবে এই সপ্তাহত আপোনাৰ স্বাস্থ্য যথেষ্ট ভালে থাকিব।
উপায়: দৈনিক 33 বাৰ 'ঔঁ শুক্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।
মূলাংক 7
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16, 25 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকলেগূঢ় বিজ্ঞান আৰু দৰ্শনশাস্ত্ৰৰ প্ৰতি অধিক আগ্ৰহ ৰাখে। এই জাতকসকলে এই বোৰ ক্ষেত্ৰত নিজৰ দক্ষতা অধিক বিকশিত কৰিব পাৰে। আপোনাৰ বাবে ধৰ্মীয় যাত্ৰাৰো যোগ আছে।
প্ৰেম জীৱন এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজলৈ দূৰত্ব আহিব পাৰে। আপোনালোকৰ মাজত বিচ্ছেদৰ স্থিতিও উৎপন্ন হ’ব পাৰে। ইয়াৰ বাবে আপোনাৰ সমস্যাৰ সমাধান উলিওৱাটো আৰু অধিক জটিল হৈ পৰিব।আপোনাৰ সম্পৰ্কত সুখ-আনন্দ হ্ৰাস পাব পাৰে।
শিক্ষা: যদিহে আপুনি ধৰ্ম, আইন বা বৃত্তিগত পাঠ্যক্ৰমৰ অধ্যয়ন কৰি আছে তেনেহ’লে আপুনি এতিয়া মনোযোগ কমকৈ দিয়াৰ বাবে ভাল নম্বৰ লাভ কৰাত বিফল হ’ব পাৰে। মেডিটেশ্যন কৰিলে আপুনি উপকৃত হ’ব।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলৰ ওপৰত কামৰ হেঁচা বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত আপোনাৰ প্ৰদৰ্শনো দুৰ্বল হ’ব পাৰে। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে প্ৰতিদ্বন্দীসকলৰপৰা কঠোৰ প্ৰতিদ্বন্দিতা লাভ কৰাৰ ফলস্বৰূপে আপোনাৰ লাভ হ্ৰাস পাব পাৰে।
স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য সিমান ভালে নাথাকিব কাৰণ আপোনাৰ ছাল ৰঙা পৰাৰ বাবে সমস্যা হ’ব পাৰে। আপোনাক ইয়াৰ চিকিৎসা কৰাবলৈ পৰামৰ্শ দিয়া হৈছে।
উপায়: মঙ্গলবাৰে কেতু গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
মূলাংক 8
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17, 26 তাৰিখে হৈছে)
মূলাংক 8 ৰ জাতকসকলে নিজৰ কামবোৰ অধিক বৃত্তিগত ধৰণে কৰে। তেওঁলোকে নিজৰ কামসমূহ সম্পূৰ্ণ একাগ্ৰতা আৰু মনোযোগেৰে সৈতে কৰে।
প্ৰেম জীৱন: এই সপ্তাহত দোমোজাত থকাৰ বাবে আপুনি নিজৰ সঙ্গীৰ প্ৰতি প্ৰেম-ভালপোৱা প্ৰকাশ কৰিবলৈ অসমৰ্থ হ’ব।এই কাৰবশতঃ আপোনাৰ বাবে সম্পৰ্কত সুখ-শান্তি বজাই ৰখাটো অসুবিধাজনক হ’ব পাৰে।
শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলৰ পঢ়া–শুনাৰপৰা মনোযোগ ভংগ হ’ব পাৰে আৰু ইয়াৰ ফলত শিক্ষাৰ্থীসকলে পঢ়া-শুনাত কম নম্বৰ তথা মধ্যমীয়া ফল লাভ কৰিব পাৰে। এই সপ্তাহত আপোনাক প্ৰতিযোগিতামূলক পৰীক্ষাত ভাগ লোৱাৰপৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ ইয়াত আপোনাৰ সফল হোৱাৰ সম্ভাৱনা যথেষ্ট কম।
বৃত্তিগত জীৱন: কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিষ্ঠা হ্ৰাস পাব পাৰে আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমক উপেক্ষা কৰা হ’ব পাৰে। এই কাৰবশতঃ আপুনি ভাল ফল প্ৰাপ্ত কৰাত ব্যৰ্থ হ’ব পাৰে। লগতে ব্যৱসায়ীসকল নিজৰ প্ৰতিদ্বন্দীৰ ওচৰত পৰাজিত হ’বলগীয়া হ’ব পাৰে।
স্বাস্থ্য: এই সপ্তাহত মূলাংক 8 ৰ জাতকসকলৰ ভৰি আৰু উৰুৰ বিষ হ’ব পাৰে। চাপ আৰু দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে এনে হ’ব পাৰে।
উপায়: শনিবাৰে শনি দেৱতাৰ বাবে যজ্ঞ-হোম কৰক।
পাওক আপোনাৰ কুণ্ডলী আধাৰিত শনি প্ৰতিৱেদন
মূলাংক 9
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18, 27 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকলক চিধা-চাধা আৰু সিদ্ধান্তত অটল থকা চৰিত্ৰৰ হয়। এই লোকসকল ভালপোৱা আৰু মৰমৰ সন্ধানত থাকিব আৰু সম্পৰ্ক শক্তিশালী কৰি তোলাৰ বাবে চেষ্টা কৰিব।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ হাঁহি-স্ফূৰ্তি কৰা স্বভাৱেৰে নিজৰ জীৱনসঙ্গীক প্ৰতি মনোযোগ ৰাখিব। ইয়াৰ ফলত আপোনালোক দুয়োৰে সম্পৰ্ক শক্তিশালী হ’ব।
শিক্ষা: এই সপ্তাহত আপুনি পঢ়া-শুনাত আগবাঢ়িব আৰু বৃত্তিগত ধৰণে অধ্যয়ন কৰিব। ইয়াৰদ্বাৰা আপুনি অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হ’ব।
বৃত্তিগত জীৱন: কৰ্মক্ষেত্ৰত আপুনি উন্নতি লাভ কৰিব আৰু আপুনি ভাল নম্বৰ লাভ কৰিব। ইয়াৰদ্বাৰা আপুনি নিজৰ উৎকৃষ্টতাৰ পৰিচয় দিব পাৰিব। ব্যৱসায়ীসকলে ভাল লাভ উপাৰ্জন কৰাৰ সুযোগ লাভ কৰিব। তেওঁলোকে নতুন ব্যৱসায় লাভ কৰাৰো সুযোগ পাব পাৰে।
স্বাস্থ্য: এইখিনি সময়ত আপুনি শাৰীৰিকভাৱে স্বাস্থ্যৱান অনুভৱ কৰিব। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাৰ বাবে এনে হ’ব। আপুনি এই সপ্তাহত শক্তিৰে পৰিপূৰ্ণ অনুভৱ কৰিব।
উপায়: মঙ্গলবাৰে মঙ্গল গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ
আমি আশা কৰিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰিব। ধন্যবাদ!
সঘনাই সোধা প্ৰশ্ন
1. মূলাংক 7 ৰ স্বামী গ্ৰহ কি?
এই মূলাংকৰ স্বামী গ্ৰহ হৈছে কেতু।
2. মূলাংক 6 ৰ জাতকসকলে কি পছন্দ কৰে?
তেওঁলোকে ভৌতিক সুখ-সুবিধা অধিক পছন্দ কৰে।
3. মূলাংক 5 ৰ জাতকসকল বুদ্ধিমান হয় নেকি?
এই অংকৰ স্বামী গ্ৰহ হৈছে বুধ আৰু বুধক বুদ্ধিৰ কাৰক গ্ৰহ হিচাপে গণ্য কৰা হয় সেয়েহে এই জাতকসকল বুদ্ধিমান হয়।
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems
AstroSage on MobileAll Mobile Apps
- Horoscope 2026
- राशिफल 2026
- Calendar 2026
- Holidays 2026
- Shubh Muhurat 2026
- Saturn Transit 2026
- Ketu Transit 2026
- Jupiter Transit In Cancer
- Education Horoscope 2026
- Rahu Transit 2026
- ராசி பலன் 2026
- राशि भविष्य 2026
- રાશિફળ 2026
- রাশিফল 2026 (Rashifol 2026)
- ರಾಶಿಭವಿಷ್ಯ 2026
- రాశిఫలాలు 2026
- രാശിഫലം 2026
- Astrology 2026






