অংক জ্যোতিষ (05 জানুৱাৰী - 11 জানুৱাৰী, 2025)
কেনেদৰে জানিব নিজৰ মুখ্য অংক (মূলাংক)?
অংক জ্যোতিষ সাপ্তাহিক ভৱিষ্যতফল জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ মূলাংকৰ যথেষ্ট ভূমিকা আছে। মূলাংকক জাতকৰ জীৱনৰ গুৰুত্বপূৰ্ণ সংখ্য হিচাপে বিবেচনা কৰা হয়। আপোনাৰ জন্ম মাহৰ যি তাৰিখে হয়, তাক একক অংকলৈ ৰূপান্তৰ কৰাৰ পিছত যি সংখ্যা প্ৰাপ্ত হয় তাকেই আপোনাৰ মূলাংক বুলি কোৱা হয়। মূলাংক 1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হ’লে আপোনাৰ মূলাংক হ’ব 1+0 অৰ্থাৎ1 ।
এনেদৰে যি কোনো মাহৰ 1 তাৰিখৰপৰা 31 তাৰিখ পৰ্য্যন্ত জন্ম হোৱা মানুহৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰনিজৰ ৰুট নম্বৰ জানি লৈ তাৰ আধাৰত সাপ্তাহিক ৰাশিফলো জানিব পৰা যায়।
এয়াও পঢ়ক: ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান অংক জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰ সম্বন্ধীয় সকলোবোৰ তথ্য
নিজৰ জন্মতিথিৰপৰা জানক সাপ্তাহিক অংক ৰাশিফল (05 জানুৱাৰীৰপৰা 11 জানুৱাৰী 2025)
আমাৰ জীৱনত অংকজ্যোতিষৰ পোণপটীয়া প্ৰভাৱ পৰে কাৰণ আমাৰ জন্ম তাৰিখেই সংখ্য়াৰদ্বাৰা প্ৰস্তুত হয়। তলত দিয়া লিখনীটোত অৱগত কৰা হৈছে যে সকলো ব্যক্তিৰ জন্ম তাৰিখিৰ হিচাপ মতে তেওঁৰ একমূলাংক নিৰ্দ্ধাৰিত কৰা হয় আৰু এই সকলোবোৰ অংক বেলেগ বেলেগ গ্ৰহৰদ্বাৰা শাসিত।
যেনেদৰে মূলাংক1 ত সূৰ্য্য দেৱৰ আধিপত্য থাকে। চন্দ্ৰমা হৈছে মূলাংক 2 ৰ স্বামী। অংক 3ত দেৱগুৰু বৃহস্পতি ৰ স্বামীত্ব থাকে, ৰাহু হৈছে অংক 4 ৰ ৰজা। অংক 5 বুধ গ্ৰহৰ অধীন। 6 অংকৰ ৰজা হৈছে শুক্ৰ দেৱ আৰু 7 অংকৰ হৈছে কেতু গ্ৰহৰ। শনি দেৱতাক 8 ৰ স্বামী হিচাপে মনা হয়। অংক 9 হৈছে মঙ্গল দেৱৰ অংক আৰু এই গ্ৰহসমূহৰ পৰিৱহনৰ পৰিৱৰ্তনৰদ্বাৰা জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
মূলাংক 1
(যদিহে আপোনাৰ জন্ম কোনো এটা মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছিল)
এই মূলাংকৰ জাতকসকল সকলো সময়তে নিজৰ কামত ব্যস্ত হৈ থাকে আৰু নিজৰ কাৰ্য্যৰ প্ৰতি অধিক সতৰ্ক হৈ থাকে। এইসকল জাতক যথেষ্ট বুদ্ধিমান হয় আৰু যথেষ্ট ভাবি-চিন্তিহে যিকোনো কাম কৰে।
প্ৰেম জীৱন: এই সকময়ত আপোনাৰ আৰু আপোনাৰ পাৰ্টনাৰৰ মাজত প্ৰেম-ভালপোৱা অটুত থাকিব। আপুনি নিজৰ সঙ্গীক যি প্ৰতিশ্ৰুতি দিয়ে সেয়া পূৰণ কৰিবলৈ সমৰ্পিত হৈ থাকিব।
শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব। আপুনি উন্নতি লাভ কৰিব পাৰিব আৰু নিজৰ প্ৰদৰ্শনৰ মূল্যাংকন কৰিবলৈও সমৰ্থৱান হ’ব।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে যথেষ্ট কষ্ট কৰি আৰু নিজৰ কামৰ প্ৰতি সমৰ্পিত হৈ থাকি সফলতা লাভ কৰিব পাৰিব। লগতে ব্যৱসায়ীসকলেও এই সপ্তাহত ভাল লাভ প্ৰাপ্ত কৰাৰ সুযোগ পাব।
স্বাস্থ্য: এই সপ্তাহত আপুনি উদ্যম আৰু শক্তিৰে পৰিপূৰ্ণ হৈ থাকিব আৰু আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপুনি শাৰীৰিক দিশৰপৰা ফিট হৈ থাকিব।
উপায়: দেওবাৰে সূৰ্য্য দেৱতাৰ বাবে যজ্ঞ-হোম কৰক।
মূলাংক 2
(যদিহে আপোনাৰ জন্ম কোনো এটা মাহৰ 2, 11, 20 বা 29 তাৰিখে হৈছিল)
এই মূলাংকৰ জাতকসকলে সদায় চিন্তা কৰি থাকে আৰু বহুত বেছি ভাবে। তেওঁলোকৰ এই প্ৰকৃতিয়ে তেওঁলোকৰ হিতৰ বিপৰীতেহে ক্ৰিয়া কৰে। এই জাতকসকলে অধিকযাত্ৰা কৰিব পাৰে আৰু এই যাত্ৰাবোৰ তেওঁলোকৰ বাবে সুখকৰ প্ৰমাণিত হ’ব।
প্ৰেম জীৱন: বিচাৰধাৰাৰ মতভেদৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ সম্পৰ্কলৈ তিক্ততা আহিব পাৰে। আপুনি নিজৰ সম্পৰ্কত সুখ-শান্তি অটুত ৰাখিবৰ বাবে সঙ্গীৰ সৈতে তাল-মিল বজাই ৰখাৰ প্ৰয়োজনীয়তা আছে।
শিক্ষা: উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলে অধিক মনপুতি পঢ়া-শুনা কৰাৰ আৰু উৎকৃষ্টতা লাভ কৰিবৰ বাবে যথেষ্ট পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। যদিহে এনে নকৰে তেনেহ’লে সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট কম।
বৃত্তিগত জীৱন: এই সপ্তাহত চাকৰিয়াল জাতকসকলে নিজৰ কামত কিছুমান ভুল কৰিব পাৰে আৰু ইয়াৰ প্ৰভাৱ তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত পৰিব পাৰে। আনহাতে এই সময়খিনিত ব্যৱসায়ীসকলৰ প্ৰদৰ্শনো ভাল নহ’ব আৰু তেওঁলোক ভাল লাভ প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত অসমৰ্থ হ’ব।
স্বাস্থ্য: এই সপ্তাহত আপোনাক জ্বৰ আৰু কাহে আমনি কৰিব পাৰে। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে এনে হ’ব পাৰে।
উপায়: দৈনিক 108 বাৰ 'ঔঁ সৌমায় নমঃ' জপ কৰক।
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন
মূলাংক 3
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 বা 30 তাৰিখে হৈছিল)
এই মূলাংকৰ জাতকসকল আধ্যাত্মিক প্ৰকৃতিৰ হয় আৰু তেওঁলোকৰ চিন্তা-ধাৰা শ্ৰদ্ধা-ভক্তিৰে পৰিপূৰ্ণ হয়। ঈশ্বৰ ভক্তিত তেওঁলোকৰ যথেষ্ট আস্থা থাকে। আনহাতে এই জাতকসকল অহংকাৰীও হয়।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ সঙ্গীৰ সৈতে সুখী অনুভৱ কৰিব। আপোনালোকৰ সম্পৰ্ক শক্তিশালী হ’ব আৰু সম্পৰ্কত আপুনি উচ্চ মূল্যবোধ স্থাপন কৰিব।
শিক্ষা: অধ্যয়নৰ ক্ষেত্ৰত আপুনি উচ্চ শিখৰত উপনীত হ’ব পাৰিব আৰু বিশেষকৈ বৃত্তিগত অধ্যয়ন যেনে মাষ্টাৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, ফাইনেন্সিয়েল একাউণ্টিং আদিত ভাল প্ৰদৰ্শন কৰিব। আপুনি পঢ়া-শুনাত উন্নতি লাভ কৰাৰ আৰু উৎকৃষ্টতা প্ৰাপ্ত কৰাৰ প্ৰয়াস কৰিব।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে নিজৰ নিজৰ ক্ষেত্ৰত উৎকৃষ্টপ্ৰদৰ্শন কৰিব আৰু নিজৰ বাবে কাৰ্য্যালয়ত ভাল পৰিৱেশ সৃষ্টি কৰিব। আপুনি কেৰিয়াৰত সফলতা প্ৰাপ্ত কৰিব। আপুনি উচ্চ ইণচেণ্টিভ, বোনাছ বা কোনো অন্য পুৰষ্কাৰ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নিজৰ প্ৰতিদ্বন্দীক ভাল প্ৰতিদ্বন্দিতা আগবঢ়াব আৰু অধিক লাভ প্ৰাপ্ত কৰিব।
স্বাস্থ্য: আপুনি উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু ইয়াৰ ইতিবাচক প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত দেখা যাব। ইয়াৰ বাবে আপোনাৰ ফিটনেছো যথেষ্ট ভাল হ’ব। আপোনাৰ কোনো ডাঙৰ স্বাস্থ্যজনিত সমস্যা হোৱাৰ সম্ভাৱনা নাই।
উপায়: দৈনিক 21 বাৰ 'ঔঁ গুৰুৱে নমঃ' মন্ত্ৰ জপ কৰক।
মূলাংক 4
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 বা 31 তাৰিখে হৈছিল)
এই মূলাংকৰ জাতকসকল নিজৰ লক্ষ্যক লৈ যথেষ্ট গম্ভীৰ হয় আৰু সেই লক্ষ্যক লৈ জীৱন জীয়ায়। এই লোকসকলে দূৰ-দূৰণিৰ ঠাইলৈ অধিক যাত্ৰা কৰে আৰু বিদেশ যাত্ৰাৰ প্ৰতি তেওঁলোকৰ অধিক আগ্ৰহ থাকে।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ সঙ্গীক লৈ অধিক অসুৰক্ষিত অনুভৱ কৰিব। তেওঁ আপোনাৰ সৈতে পাৰিবাৰিক বিষয়ক লৈ কাজিয়া কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি নিজৰ সঙ্গীৰ সৈতে মিলা-মিছা বজাই ৰাখি চলাৰ প্ৰয়োজনীয়তা আছে।
শিক্ষা: পঢ়া-শুনাত আপোনাৰ একাগ্ৰত হ্ৰাস পাব পাৰে আৰু পঢ়া-শুনাৰপৰা আপোনাৰ মনোযোগ বিচলিত হ’ব পাৰে। এই কাৰণবশতঃ শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন অৱনমিত হ’ব পাৰে। সেইকাৰণে আপুনি অধিক প্ৰয়াস কৰাৰ আৰু পৰিকল্পিতভাৱে যোজনা প্ৰস্তুত কৰি আগবঢ়াৰ প্ৰয়োজনীয়তা আছে।
বৃত্তিগত জীৱন: মনোযোগৰ অভাৱৰ বাবে আপোনাৰদ্বাৰা কামত কোনো ত্ৰুটি হ’ব পাৰে। এই সময়খিনিত আপোনাৰ নিজৰ কামত ৰূচি কম হ’ব পাৰে। ব্যৱসায়ীসকলে নিজে আশা কৰা ধৰণে লাভ প্ৰাপ্ত কৰিব নোৱাৰিব পাৰে।
স্বাস্থ্য: ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে আপোনাৰ ছালৰ সৈতে সম্পৰ্কিত সমস্যা হ’ব পাৰে। ছালৰ সৈতে জড়িত সমস্যাৰপৰা বাছিবৰ বাবে আপুনি তেলত ভজা বস্তু খোৱাটো পৰিহাৰ কৰা উচিত।
উপায়: আপুনি দৈনিক 22 বাৰ ‘ঔঁ ৰাহৱে নমঃ’ মন্ত্ৰ জপ কৰক।
এতিয়া ঘৰত বহিয়েই বিশেষজ্ঞ পুৰোহিতৰদ্বাৰা কৰাওক ইচ্ছানুসৰি অনলাইন পূজা আৰু লাভ কৰক উত্তম পৰিণাম!
মূলাংক 5
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 বা 23 তাৰিখে হৈছিল)
এই মূলাংকৰ জাতকসকল তাৰ্কিক প্ৰকৃতিৰ হয় আৰু নিজৰ জীৱনত ইয়াৰ ভেটিতেই আগবাঢ়ে। এওঁলোকৰ চিন্তা-ধাৰাতো যুক্তি দেখা যায়। এই জাতকসকলৰ শ্যেয়াৰ বজাৰৰ প্ৰতি আগ্ৰহ থাকে।
প্ৰেম জীৱন: আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ সম্পৰ্ক শক্তিশালী হ’ব আৰু আপোনালোক দুয়ো পৰস্পৰৰ সৈতে সুখী হৈ থাকিব। এই সপ্তাহত আপোনালোক দুয়োৰে মাজৰ মৰম-ভালপোৱা বৃদ্ধি পাব আৰু আপোনালোকৰ সম্পৰ্ক স্নেহময় হ’ব।
শিক্ষা: আপুনি কষ্টিং, চাৰ্টাৰ্ড একাউণ্টেণ্ট্ আদিৰ দৰে বিষয়ত উচ্চ শিক্ষা লাভ কৰাৰ সুযোগ প্ৰাপ্ত কৰিব পাৰে। আপুনি এইক্ষেত্ৰত উৎকৃষ্টতা প্ৰাপ্ত কৰিব পাৰিব। এই সপ্তাহত আপুনি ভাল সফলতা লাভ কৰিব।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে বিদেশলৈ গৈ চাকৰি কৰাৰ সুযোগ লাভ কৰিব পাৰে আৰু এই সুযোগ তেওঁলোকৰ বাবে লাভজনক প্ৰমাণিত হ’ব।
স্বাস্থ্য: আপোনাক এই সপ্তাহত আন কোনো স্বাস্থ্যজনিত সমস্যাই অসুবিধাত নেপেলায়। অৱশ্যে, বাৰে বাৰে চৰ্দি-জ্বৰ হ’ব পাৰে। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে এনে হ’ব পাৰে।
উপায়: আপুনি দৈনিক প্ৰাচীন গ্ৰন্থ বিষ্ণু সহস্ৰনাম পাঠ কৰক।
মূলাংক 6
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 বা 24 তাৰিখে হৈছিল)
এই মূলাংকৰ জাতকসকল হাঁহি-ধেমালি কৰি থকা স্বভাৱৰ হয় আৰু নিজৰ ভিতৰত এই গুণটো এইকাৰণে ৰাখে যাতে তেওঁলোক ইতিবাচক হৈ থাকিব পাৰে। এই লোকসকল নিজৰ ভৱিষ্যতক লৈ যথেষ্ট উৎসাহিত হৈ থাকে।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে অধিক সুখী হ’ব আৰু আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে সুখময় মুহুৰ্ত কটাব। আপোনালোকে ইজনে-সিজনৰ লগত নিজৰ মনৰ ভাৱ আৰু চিন্তাৰ আদান-প্ৰদান কৰিব।
শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলে নিজৰ বিশেষ দক্ষতা প্ৰদৰ্শন কৰিব আৰু বৃত্তিগত পাঠ্যক্ৰম যেনে চফটৱেৰ ইঞ্জিনিয়াৰিং আৰু ভিজুৱেল কমিউনিকেশ্যন আদিত বিকাশ লাভ কৰিব।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ বলত প্ৰমোশ্যন লাভ কৰিব পাৰিব। ইয়াৰ লগতে আপুনি নতুন চাকৰি লাভ কৰাৰো যোগ আছে। ব্যৱসায়ীসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ পাব পাৰে।
স্বাস্থ্য: এই সপ্তাহত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাৰ বাবে আপুনি সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব। ই আপোনাক শক্তিশালী কৰি ৰাখিব।
উপায়: দৈনিক 33 বাৰ 'ঔঁ ভাৰ্গৱায় নমঃ' মন্ত্ৰ জপ কৰক।
আপোনাৰ কুণ্ডলীত আছে নেকি ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন
মূলাংক 7
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 বা 25 তাৰিখে হৈছিল)
মূলাংক 7 ৰ জাতকসকল অধিক আধ্যাত্মিক প্ৰকৃতিৰ হয়। এই সপ্তাহত আপুনি ধৰ্মীয় যাত্ৰালৈ যোৱাৰ সুযোগ লাভ কৰিব।
প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত ভুল বুজাবুজি হোৱাৰ আশংকা আছে। এই কাৰণবশতঃ আপোনালোকৰ সম্পৰ্কলৈ তিক্ততা আহিব পাৰে।
শিক্ষা: এই সপ্তাহটো আপোনাৰ বাবে সিমান আশাবাদী নহ’ব পাৰে কাৰণ আপোনাৰ পঢ়া-শুনাত কোনো ভুল হ’ব পাৰে। আপোনাৰ পঢ়া-শুনা আৱশ্যকীয় স্তৰতকৈ কম হ’ব পাৰে।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলৰ এই সময়ছোৱাত নিজৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে জটিলতাৰ সম্মুখীন হ’ব পাৰে। সেইকাৰণে আপোনাৰ প্ৰদৰ্শন কিছু অৱনমিত হ’ব পাৰে। আনহাতে ব্যৱসায়ীসকল বিফলতাৰ সম্মুখীন হ’ব পাৰে।
স্বাস্থ্য: এই সপ্তাহত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ ফলস্বৰূপে আপোনাৰ কোনো ছালৰ সৈতে জড়িত এলাৰ্জি হ’ব পাৰে আৰু এই কাৰণবশতঃ আপোনাৰ স্বাস্থ্য বেয়া হ’ব পাৰে।
উপায়: মঙ্গলবাৰে কেতু গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
মূলাংক 8
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 বা 26 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকল নিজৰ কামক লৈ দায়ৱদ্ধ হৈ থাকে আৰু নিজৰ জীৱনত ইয়াৰ আধাৰতেই আগবাঢ়ে।
প্ৰেম জীৱন: যদিহে আপুনি নিজৰ সঙ্গীৰ ওপৰত খং কৰি আছে তেনেহ’লে এই সপ্তাহত আপুনি তেওঁক সৈমান কৰোৱাত বিফল হ’ব পাৰে আৰু এই কাৰণবশতঃ আপুনি অসুখী হ’ব পাৰে। আপোনালোক দুয়োৰে মাজৰ ব্যৱধান বৃদ্ধি হোৱাৰ আশংকা আছে।
শিক্ষা: শিক্ষাৰ্থীসকলৰ একাগ্ৰতা হ্ৰাস পাব পাৰে আৰু এই কাৰণবশতঃ ভাল নম্বৰ প্ৰাপ্ত কৰাত বিফল হ’ব পাৰে। এই কাৰণবশতঃ আপুনি উদাস অনুভৱ কৰিব পাৰে।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলৰ এই সময়ছোৱাত কামৰ বোজা থাকিব পাৰে। এই কাৰণবশতঃ আপোনাৰ কাৰ্য্যদক্ষতা হ্ৰাস পোৱাৰ আশংকা আছে। আনহাতে ব্যৱসায়ীসকল কম লাভতেই সন্তুষ্ট হ’ব লাগিব।
স্বাস্থ্য: আপুনি এই সময়ত ভৰি, কলাফুল আৰু কান্ধৰ বিষ আদি অসুবিধা হ’ব পাৰে। চাপৰ বাবে এনে হ’ব পাৰে।
উপায়: শনিবাৰে শনিবাৰৰ বাবে যজ্ঞ-হোম কৰক।
মূলাংক 9
(যদি আপোনাৰ জন্ম কোনো মাহৰ 9, 18 বা 27 তাৰিখে হৈছিল)
এই মূলাংকৰ জাতকসকল নিজৰ সিদ্ধান্তত অটল হৈ থাকে। এই জাতকসকলে সম্পৰ্কক অধিক গুৰুত্ব দিয়ে।
প্ৰেম জীৱন: আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ সম্পৰ্ক ভাল হৈ থাকিব আৰু আপুনি সম্পৰ্কত উচ্চ মূল্যবোধ স্থাপন কৰিব পাৰিব। আপুনি সম্পৰ্কত প্ৰেম-ভালপোৱা অটুত ৰাখিব পাৰিব।
শিক্ষা: শিক্ষাৰ্থীসকলে ভালদৰে পঢ়া-শুনা কৰিব আৰু যথেষ্ট উৎসাহেৰে উন্নতি প্ৰাপ্ত কৰিব। আপুনি গম্ভীৰভাৱে পঢ়া-শুনা কৰিব।
বৃত্তিগত জীৱন: চাকৰিত আপুনি ভাল প্ৰদৰ্শন কৰিব আৰু উৎকৃষ্টতা প্ৰাপ্ত কৰিব। ব্যৱসায়ীসকলে এই সময়ত অধিক লাভ প্ৰাপ্ত কৰিব পাৰিব।
স্বাস্থ্য: আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাৰ বাবে আৰু শক্তিৰ স্তৰ অধিক হোৱাৰ বাবে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। আপোনাক অধিক স্বাস্থ্যজনিত সমস্যাই অসুবিধাত নেপেলায়।
উপায়: আপুনি মঙ্গলবাৰে মঙ্গল গ্ৰহৰ বাবে পূজা কৰক।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ
আমি আশা কৰিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰিব। ধন্যবাদ!
সঘনাই সোধা প্ৰশ্ন
1. মূলাংক 4 ত কোন গ্ৰহৰ আধিপত্য থাকে?
মূলাংক 4 ৰ স্বামী হৈছে ৰাহু গ্ৰহ।
2. মূলাংক 6 ৰ স্বামী গ্ৰহ কি?
6 মূলাংকৰ স্বামী হৈছে শুক্ৰ গ্ৰহ।
3. মূলাংক 2 ৰ জাতকসকল কেনে হয়?
এই লোকসকল কল্পনাপ্ৰৱণ আৰু আৱেগিক স্বভাৱৰ হয়।
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems
AstroSage on MobileAll Mobile Apps
- Horoscope 2026
- राशिफल 2026
- Calendar 2026
- Holidays 2026
- Shubh Muhurat 2026
- Saturn Transit 2026
- Ketu Transit 2026
- Jupiter Transit In Cancer
- Education Horoscope 2026
- Rahu Transit 2026
- ராசி பலன் 2026
- राशि भविष्य 2026
- રાશિફળ 2026
- রাশিফল 2026 (Rashifol 2026)
- ರಾಶಿಭವಿಷ್ಯ 2026
- రాశిఫలాలు 2026
- രാശിഫലം 2026
- Astrology 2026






