চন্দ্ৰ গ্ৰহণ 2025 (Chandra Grahan 2025)
এষ্ট্ৰোচেজৰ এ’আই-য়ে সময়ে সময়ে নিজৰ পাঠকসকলক জ্যোতিষৰ পৃথিৱীত হ’বলগীয়া পৰিৱৰ্তনসমূহৰ বিষয়ে অৱগত কৰে। আজি আমি আপোনাক চন্দ্ৰ গ্ৰহণ 2025 সম্পৰ্কে বিস্তৃতভাৱে অৱগত কৰিম। জনাব বিচাৰিছোঁ যে 2025 ৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ শীঘ্ৰেই মাৰ্চ মাহত লাগিব। এই বিশেষ লিখনীটোত আমি চন্দদ্ৰ গ্ৰহণৰ তিথি আৰু সময় সম্পৰ্কে আপোনাক জনাম। ইয়াৰ উপৰিও ইয়াৰ আৰম্ভণি আৰু সমাপ্তি কালৰ তথ্য়ও আমি আপোনাক দিম। লগতে জনাম এই চন্দ্ৰ গ্ৰহণে পৃথিৱীক কেনেদৰে প্ৰভাৱিত কৰিব? এই গ্ৰহণ ক’ত ক’ত চাব পৰা যাব আৰু ইয়াক ভাৰতত দেখা পোৱা যাব নে? সুতক কাল মান্য হ’ব নে নহয়? চন্দ্ৰ গ্ৰহণৰ সময়ত নেতিবাচক প্ৰভাৱ হ্ৰাস কৰিবৰ বাবে কি কি উপায় অৱলম্বন কৰা উচিত? ইয়াৰ বিষয়েও আমি বিস্তৃতভাৱে আলোচনা কৰিম।
এয়াও পঢ়ক: ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান জ্যোতিষীসকলৰ সৈতে কল/চাটত কথা পাতক আৰু জানক আপোনাৰ ভৱিষ্যতৰ সৈতে জড়িত সকলো তথ্য
চন্দ্ৰ গ্ৰহণ 2025 ৰ কি হ’ব সময়?
বৰ্ষ 2025 ৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা অৰ্থাৎ 14 মাৰ্চ 2025 ত লাগিব যি প্ৰতিপদ তিথিলৈকে থাকিব। এই গ্ৰহণৰ আৰম্ভণি ৰাতিপুৱা 10 বাজি 41 মিনিটত হ’ব আৰু ইয়াৰ অন্ত দুপৰীয়া 02 বাজি 18 মিনিটত হ’ব। অৱশ্যে, এই চন্দ্ৰগ্ৰহণ বিভিন্ন দেশ তথা ঠাইত দৃশ্যমান হ’ব যিবোৰৰ নাম হৈছে এনেধৰণৰ: অধিকাংশ অষ্ট্ৰেলিয়া, অধিকাংশ ইউৰোপ, আফ্ৰিকাৰ অধিকাংশ, উত্তৰ আৰু দক্ষিণ আমেৰিকা, প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, আৰ্কটিক মহাসাগৰ, পূৰ্বী এছিয়া আৰু এণ্টাৰ্কটিকা আদি। জনাব বিচাৰোঁ যে এই গ্ৰহণ ভাৰতত দৃশ্যমান নহয় সেয়েহে সুতক কালো পালন কৰা নহ’ব।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলোবোৰ গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
চন্দ্ৰ গ্ৰহণ 2025: বিশ্বৰ ওপৰত প্ৰভাৱ
বৰ্ষ 2025 ৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণে নিশ্চিত ৰূপত মানৱ জীৱনৰ লগতে দেশ-দুনিয়াক প্ৰভাৱিত কৰিব। ইয়াত আমি আপোনাক চন্দ্ৰ গ্ৰহণ 2025 ৰ এনে কিছুমান প্ৰভাৱৰ বিষয়ে অৱগত কৰিম যি আপুনি গ্ৰহণ চোৱাৰ পিছত বা পূৰ্বে অনুভূত হ’ব পাৰে।
- এই চন্দ্ৰ গ্ৰহণ ফাগুন মাহৰ পূৰ্ণিমা তিথিত লাগিব।
- আমাৰ দেশৰ পশ্চিমী আৰু উত্ত-পশ্চিমী অংশসমূহে কিছু সমস্যা সম্মুখীন হ’বলগীয়া হ’ব পাৰে, কিন্তু এইবোৰৰপৰা পৰিত্ৰাণ পাবৰ বাবে চৰকাৰে পৰিপক্কভাৱে কাৰ্য্যপন্থা হাতত ল’ব লাগিব।
- পশ্চিমীয়া দেশসমূৰ লগতে ভাৰতত ট্ৰেড ব্যৱসায় নেতিবাচকভাৱে প্ৰভাৱিত হ’ব পাৰে আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কৰ ওপৰত পৰিব পাৰে।
- এই চন্দ্ৰ গ্ৰহণ ফাগুন মাহত লাগিব সেয়েহে এইখিনি সময়ত প্ৰাকৃতিক বিপত্তি দেখিবলৈ পোৱা যাব পাৰে। লগতে, গ্ৰহসমূহৰ স্থিতিৰ বাবে বিশ্বত সীমান্তসমূহত চাপ বৃদ্ধি হ’ব পাৰে।
- পৃথিৱীত চন্দ্ৰ গ্ৰহণৰ সময়ছোৱাত আত্মহত্যা আৰু ইম’শ্যনেল হাৰাচমেণ্টৰ সমস্য়া বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। এনে পৰিস্থিতিত পৰিয়ালৰ সৈতে আৰু সেইসকল লোকৰ সৈতে সময় কটোৱাটো উত্তম হ’ব যাৰ ওপৰত আপুনি ভৰসা কৰে।
- যিসকল জাতকে একাউণ্টচ্, ফাইনেন্স, ব্যৱসায়, ঔষধ আদিৰ সৈতে ক্ষেত্ৰত কাম কৰে তেওঁলোক এইখিনি সময়ত যথেষ্ট উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে।
- আমাৰ দেশৰ পঞ্জাৱ, গুজৰাট আৰু ৰাজস্থানৰ দৰে ৰাজ্যসমূহত পানীৰ সৈতে জড়িত সমস্যা উৎপন্ন হ’ব পাৰে কাৰণ এই মাহত পানীৰ অভাৱ থাকে।
- চিকিৎসক, হীলাৰ আৰু ব্যৱসায়ৰ সৈতে সম্পৰ্ক ৰখা জাতকসকলৰ কামৰ গতি কিছু মন্থৰ হ’ব পাৰে। অৱশ্যে কিছু সময়ৰ বাবেহে এনে হ’ব আৰু শীঘ্ৰেই এই পৰিস্থিতি নাইকিয়া হ’ব।
- চন্দ্ৰ গ্ৰহণৰ সময়খিনিত ডাঙৰ দুৰ্ঘটনা, হাবিত জুই লগা আৰু পানীৰ সৈতে জড়িত আন কোনো বেয়া ঘটনাৰ খবৰ ওলাব পাৰে যি গোটেই পৃথিৱীৰ দৃষ্টি আকৰ্ষণ কৰিব।
- গ্ৰহণ সমাপ্ত হোৱাৰ পিছত কিছু সময় পৰ্য্যন্ত ইয়াৰ নেতিবাচক প্ৰভাৱ থাকিব পাৰে।
অনলাইন চফটৱেৰৰপৰা বিনামূলীয়া জন্ম কুণ্ডলী প্ৰাপ্ত কৰক
চন্দ্ৰ গ্ৰহণ 2025: এই ৰাশিসমূহে অৱলম্বন কৰিব লাগিব সাৱধানতা
মেষ ৰাশি
চন্দ্ৰ গ্ৰহণ 2025 কন্যা ৰাশিত উত্তৰফাল্গুনী নক্ষত্ৰত লাগিবলৈ গৈ আছে। ইয়াৰ ফলস্বৰূপে, মেষ ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰা জাতকসকলক এই গ্ৰহণে সকলোতকৈ অধিক নেতিবাচকভাৱে প্ৰভাৱিত কৰিব। এই সময়খিনিত এইসকল লোকক মূৰৰৰ বিষ, মাইগ্ৰেইন, বমি, মুড চুইং আৰু ডিপ্ৰেশ্যনৰ দৰে সমস্যাই আমনি দিব পাৰে। আপোনাৰ ঘৰ-পৰিয়ালৰ পৰিৱেশো কিছু বেয়া হোৱাৰ অনুমান কৰা হৈে।
এই সময়খিনিত আপোনাৰ মাতৃৰ সৈতে আপোনাৰ মতভেদ বা বিবাদ হোৱাৰ আশংকা আছে। আনহাতে, মেষ ৰাশিৰ শিক্ষাৰ্থীসকলৰ গ্ৰহণৰ পূৰ্বে, গ্ৰহণৰ সময়ত আৰু গ্ৰহণৰ পিছত মনপুতি অধ্যয়ন কৰাত কঠিনতাৰ অনুভৱ হ’ব পাৰে। সেয়েহে আপোনাৰ বাবে ধ্যান কৰাটো লাভজনক প্ৰমাণিত হ’ব। যদিহে আপোনাৰ জন্ম কুণ্ডলীত চন্দ্ৰমা দুৰ্বল তেনেহ’লে আপোনাৰ প্ৰতিযোগিতামূলক পৰীক্ষা ভাল নোহোৱাৰ সম্ভাৱনা আছে।
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকসকলৰ কুণ্ডলীত চন্দ্ৰ গ্ৰহণ 2025 ৰ প্ৰভাৱে আপোনাৰ চতুৰ্থ গৃহক প্ৰভাৱিত কৰিব আৰু এই গৃহৰ সম্বন্ধ বিলাসিতা, সুখ-সুবিধা আৰু মাতৃৰ সৈতে আছে। এনে পৰিস্থিতিত এই লোকসকলে নিজৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব লাগিব আৰু তেওঁক লৈ সতৰ্কতা অৱলম্বন কৰিব লাগিব। এই সময়ছোৱাত তেওঁৰ ডায়েবেটিচ, হাওঁফাওঁৰ সৈতে জড়িত ৰোগ, এলাৰ্জী আৰু পানীলগা আদি হ’ব পাৰে। ইয়াৰ লগতে আপুনি ঘৰত থাকোঁতে নিজৰ শব্দ-প্ৰয়োগ আৰু আচৰণৰ ওপৰত মনোযোগ দিয়া উচিত কাৰণ এই কাৰণবশতঃ আপোনাৰ ঘৰ-পৰিয়ালৰ পৰিৱেশ বিনষ্ট হ’ব পাৰে।
এনে পৰিস্থিতি, আপুনি পৰিয়ালত সুখ-শান্তি ৰক্ষা কৰিব লাগিব। আনহাতে, মিথুন ৰাশিৰ চাকৰিয়াল লোকসকলে জেষ্ঠ্য বিষয়া আৰু সহকৰ্মীসকলৰ সৈতে ভাবি-চিন্তি কথা কোৱা উচিত। এই গ্ৰহণৰ প্ৰভাৱ আপোনাৰ বৃত্তিগত জীৱনৰ গৃহ অৰ্থাৎ দশম গৃহত পৰিব সেয়েহে আপুনি বচ্ আৰু সহকৰ্মীসকলৰ সৈতে কথা পাতোঁতে যথেষ্ট সতৰ্কতা অৱলম্বন কৰিব লাগিব।
পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকসকলৰ কুণ্ডলীত চন্দ্ৰ দেৱতা হৈছে আপোনাৰ একাদশ গৃহৰ অধিপতি যি আপোনাৰ লগ্ন গৃহ/প্ৰথম গৃহত কেতুৰ সৈতে যুটী নিৰ্মাণ কৰিছে। ইয়াৰ ফলস্বৰূপে, যদিহে আপোনাৰ কুণ্ডলীত চন্দ্ৰ দেৱতা কোনো গ্ৰহৰ অশুভ প্ৰভাৱত আছে, তেনেহ’লে এইখিনি সময়ত আপোনাৰ আত্মবিশ্বাস হ্ৰাস পাব পাৰে। চন্দ্ৰ গ্ৰহণৰ সময়ত আপুনি যথেষ্ট পৰিমাণে আনক নিয়ন্ত্ৰণ কৰিব বিচাৰিব অথবা আপোনাৰ কথা-বতৰা যথেষ্ট ৰূক্ষ হৈ পৰিব পাৰে আৰু এই কথা আনে পছন্দ নকৰিব পাৰে যাৰ বাবে পৰিয়াল, সামাজিক জীৱন আৰু সহকৰ্মীৰ সৈতে আপোনাৰৰ পাৰস্পৰিক যুক্তি-বিবাদ হ’ব পাৰে। ব্যক্তিগত বিকাশ আৰু নতুন আইডিয়াৰ পথতো সমস্যা উৎপন্ন হ’ব পাৰে কিন্তু এই সময়খিনিয়ে আপোনাক দূৰদৰ্শী কৰি তুলিব।
বৃশ্চিক ৰাশি
চন্দ্ৰ গ্ৰহণ 2025 ৰ সময়ত বৃশ্চিক ৰাশিৰ জাতকসকল ঋণ, ৰোগ বা শত্ৰুৰদ্বাৰা অজ্ঞাত ষড়যন্ত্ৰ আদিৰ দৰে সমস্যাৰ সম্মুখীন হ’ব পাৰে। এনেদৰে ক’ব পৰা যায় যে চন্দ্ৰ দেৱতা আপোনাৰ নৱম গৃহৰৰ স্বামী হোৱাৰ বাবে এই লোকসকলে ভাগ্যৰ সমৰ্থন লাভ নকৰাৰ সম্ভাৱনা আছে। আপোনাৰ সম্মুখলৈ আৰ্থিক সংকট আহিব পাৰে আৰু ঋণৰ দৰে সমস্যা উৎপন্ন হ’ব পাৰে। বৃশ্চিক ৰাশিৰ জাতকসকল কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দীসকল বা সহকৰ্মীসকলৰপৰা সমস্যাৰ সম্মুখীন হ’ব পাৰে। ইয়াৰ উপৰিও, আপোনাৰ পিতৃ বা মেণ্টৰ/শিক্ষকৰ সৈতে মতভেদ হ’ব পাৰে সেয়েহে আপুনি কিছু ধৈৰ্য্য ধৰিব লাগিব।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলোবোৰ গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূ্ৰ্ণ লেখ-জোখ
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে চন্দ্ৰ গ্ৰহ হৈছে আপোনাৰ ষষ্ঠ গৃহৰ স্বামী আৰু ই আপোনাৰ অষ্টম গৃহত কেতুৰ সৈতে বিৰাজমান হৈছে। এনে পৰিস্থিতিত, কেতু আৰু চন্দ্ৰৰ যুটীৰ প্ৰভাৱ আপোনাৰ অষ্টম গৃহত পৰাৰ ফলত আপোনাৰ জীৱনত সুখ-সুবিধা বৃদ্ধি কৰা ব্যক্তি থাকিব, কিন্তু এই সময়খিনিত আপুনি কিছু নিৰাশ হ’ব পাৰে।
চন্দ্ৰ গ্ৰহণৰ সময়ত আপোনাক কেতিয়াবা যথেষ্ট কষ্ট কৰা দেখা যাব আৰু কেতিয়াবা আপুনি কামক লৈ অসাৱধান হ’ব পাৰে যাৰ ফলস্বৰূপে আপোনাৰ মনোযোগ নিজৰ লক্ষ্যৰপৰা বিচলিত হ’ব পাৰে। এই সময়খিনিত আপুনি নিজৰ ভাই-ভনীৰ সৈতে সম্পৰ্কত উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে। আনহাতে, আপুনি নিজৰ সিদ্ধান্তৰ ওপৰতো প্ৰশ্ন উত্থাপিত কৰিব পাৰে যাৰ বাবে আপোনাৰ সাহস হ্ৰাস পাব পাৰে। ইয়াৰ উপৰিও, ধনৰ সৈতে জড়িত সমস্যাই আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে।
নতুন বৰ্ষত কেৰিয়াৰৰ যিকোনো দুবিধা কগ্নিএষ্ট্ৰো প্ৰতিৱেদন ৰদ্বাৰা দূৰ কৰক
চন্দ্ৰ গ্ৰহণ 2025 ৰ সময়ত অৱলম্বন কৰক এই উপায়
ধৰ্মীয় অনুষ্ঠান: জীৱনত শান্তি আৰু ইতিবাচকতা বজাই ৰাখিবৰ বাবে ধ্যান, পূজা বা মন্ত্ৰ জপ কৰক।
দান: জাতকে নিজৰ সামৰ্থ্য অনুসৰি গাখীৰ, বগা ৰঙৰ বস্তু বা কোনো চেৰিটেবল সংস্থাত ধন দান কৰক।
মাছৰ খাদ্য: প্ৰেম, সৌহাৰ্দ্য আৰু মানসিক স্পষ্টতাৰ বাবে মাছক খাদ্য খুাৱওক।
পানী অৰ্পণ: গ্ৰহণৰ পূৰ্বে চন্দ্ৰ দেৱতা বা শিৱলিংগত পানী অৰ্পণ কৰক।
স্নান: গ্ৰহণ আৰম্ভ কৰাৰ পূৰ্বে আৰু সমাপ্ত হোৱাৰ পিছত স্নান কৰক।
মূৰ্তিৰ পৰিস্কাৰ-পৰিচ্ছন্নতা: ভগৱান শিৱ আৰু শ্ৰী হৰি বিষ্ণুৰ প্ৰতিমা পৰিস্কাৰ কৰক।
মুকুত ধাৰণ: এই সময়খিনিত মুকুতা ধাৰণ কৰাৰ ঠিৰাং কৰক অথবা পূজা স্থানত চন্দ্ৰ যন্ত্ৰ স্থাপন কৰক।
ভগৱান শিৱৰ প্ৰাৰ্থনা কৰক: দেৱৰো দেৱ মহাদেৱৰ নিতৌ প্ৰাৰ্থনা কৰক যি চন্দ্ৰ দেৱতাক শাপৰপৰা মুক্তি প্ৰদান কৰিছিল।
নতুন প্ৰকল্প আৰম্ভ নকৰিব: চন্দ্ৰ গ্ৰঙণৰ সময়ত নতুন প্ৰকল্প বা কোনো কৰা আৰম্ভ কৰাটো পৰিহাৰ কৰক।
শান্ত হৈ থাকক: এই সময়খিনিত শান্ত হৈ থাকি আত্ন-চিন্তন কৰক।
স্বচ্ছতাৰ প্ৰতি মনোযোগ ৰাখক: আপুনি নিজৰ চৌপাশৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি মনোযোগ ৰাখক। অস্বাস্থ্যকৰ ভোজনৰপৰা আতৰি থাকক।
পানী খাওক: এই জাতকসকলে নিজৰ ডায়েট ভালদৰে ৰাখিব লাগিব আৰু গেজেটক কম সময় দিব লাগিব। আপুনি যিমান পাৰে আৰাম কৰক আৰু অত্যন্ত বেছিকৈ পানী খাওক।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ
আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপোনাৰ অন্য শুভাকাংক্ষীসকলকো এই প্ৰৱন্ধটোৰ কথা জনাওক। ধন্যবাদ
সঘনাই সোধা প্ৰশ্ন
1. চন্দ্ৰ গ্ৰহণ সদায় পূৰ্ণিমাত লাগে নেকি?
হয়, পূৰ্ণিমা তিথিত চন্দ্ৰ গ্ৰহণ লাগে।
2. চন্দ্ৰ গ্ৰহণ চকুৰে চোৱাটো সুৰক্ষিত নে?
হয়, চন্দ্ৰ গ্ৰহণ খালী চকুৰে চাব পাৰি আৰু ই সম্পূৰ্ণ ৰূপে সুৰক্ষিত।
3. চন্দ্ৰ গ্ৰহণ একে সময়তে গোটেই পৃথিৱীত দৃশ্যমান হয় নেকি?
নহয়, চন্দ্ৰ গ্ৰহণ সকলো ঠাইৰপৰা দেখা নাযায় কাৰণ ই এই কথাৰ ওপৰত নিৰ্ভৰ কৰে যে কি অক্ষাংশপৰা ই দৃশ্যমান হ’ব। চন্দ্ৰ গ্ৰহণক নিশ্চিত সময়ত একেলগে গোটেই পৃথিৱীত দৃশ্যমান নহয়।
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems
AstroSage on MobileAll Mobile Apps
- Horoscope 2026
- राशिफल 2026
- Calendar 2026
- Holidays 2026
- Shubh Muhurat 2026
- Saturn Transit 2026
- Ketu Transit 2026
- Jupiter Transit In Cancer
- Education Horoscope 2026
- Rahu Transit 2026
- ராசி பலன் 2026
- राशि भविष्य 2026
- રાશિફળ 2026
- রাশিফল 2026 (Rashifol 2026)
- ರಾಶಿಭವಿಷ್ಯ 2026
- రాశిఫలాలు 2026
- രാശിഫലം 2026
- Astrology 2026






