হনুমান জয়ন্তী 2025
চ’ত মাহৰ হিন্দু ধৰ্মত বিশেষ মহত্ব আছে কাৰণ এই মাহটোত কেইবাটাও ডাঙৰ আৰু প্ৰধান পৰ্ব পালন কৰা হয়। এই ক্ৰমত হনুমান জীৰ ভক্তসকলে চ’ত মাহৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থাকে কাৰণ এই মাহটোতেই হনুমান জয়ন্তী পালন কৰা হয়। ভগৱান হনুমানৰ জন্মোৎসৱৰ ৰূপত হনুমান জয়ন্তী পালন কৰা বা উদযাপিত কৰা হয়। জনাব বিচাৰিছোঁ যে হনুমান জী হৈছে ভগৱান ৰামৰ পৰম ভক্ত আৰু তেওঁৰ পূজা-অৰ্চণা কৰাৰ ফলত ভক্তৰ জীৱনৰ সকলোবোৰ সংকট তথা বাধা দূৰ হয়। কোৱা হয় যে হনুমানৰ আৰাধনা কৰিলে ভক্তই ভয় আৰু পীড়াৰপৰা মুক্তি লাভ কৰে। লগতে, হনুমান জয়ন্তীক চৈত্ৰ পূৰ্ণিমা হিচাপেও পালন কৰা হয়। গতিকে আহক আগবাঢ়ি যাওঁ আৰুহনুমান জয়ন্তী 2025 সম্পৰ্কে অৱগত হওঁ।
এয়াও পঢ়ক: ৰাশিফল 2025
ভৱিষ্যতৰ সৈতে জড়িত যিকোনো সমস্য়াৰ সমাধান লাভ কৰিব বিদ্বান জ্যোতিষীসকলৰ সৈতে কথা পাতি
পৃথিৱীৰ বিদ্বান জ্যোতিষীসকলৰ সৈতে কল/চাট্-ত কথা পাতক আৰু জানক আপোনাৰ সন্তানৰ ভৱিষ্যতৰ সৈতে জড়িত সকলোবোৰ তথ্য
“হনুমান জয়ন্তী 2025” ৰ এই বিশেষ প্ৰৱন্ধটো এষ্ট্ৰোচেজ এ’আই-য়ে নিজৰ পাঠকসকলৰ বাবে লৈ আহিছে যাতে আপোনালোক হনুমান জয়ন্তীৰ তিথি, মুহুৰ্ত, ইয়াৰ অৰ্থ আৰু সঠিক পূজা বিধিৰ তথ্য লাভ কৰে। লগতে, এই দিনটোত কোনবোৰ উপায় মানি চলিলে আপুনি হনুমান জীৰ আশীৰ্বাদ প্ৰাপ্ত কৰিব আৰু তাৰ লগতে নেতিবাচক শক্তিৰপৰা সুৰক্ষা লাভ কৰিব পাৰিব, সেই বিষয়েও অৱগত কৰা হ’ব। তেনেহ’লে আহ আগবাঢ়ি যাওঁ আৰু আৰম্ভ কৰোঁ এই লিখনীটোৰ আৰু হনুমান জয়ন্তী সম্পৰ্কে সকলোবোৰ কথা জানি লওঁ।
হনুমান জয়ন্তী 2025: তিথি আৰু মুহুৰ্ত
ভগৱান হনুমান আঠগৰাকী চিৰঞ্জীৱিৰ মাজৰ এগৰাকী অন্যতম হিচাপে গণ্য কৰা হয় আৰু তেওঁৰ বিশেষ কৃপা লাভ কৰিবৰ বাবে হনুমান জয়ন্তীৰ দিনটোৱেই হৈছে শ্ৰেষ্ঠ। হিন্দু পঞ্জিকা অনুসৰি, চ’ত মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমা তিথিত হনুমান জীৰ জন্ম হৈছিল সেয়েহে এই তিথিকেই হনুমান জয়ন্তী হিচাপে হৰ্ষোল্লাসেৰে উদযাপন কৰা হয়। এই দিনটোত ভক্তসকলে হনুমান জীৰ আৰাধনা কৰে আৰু তেওঁৰ বাবে ব্ৰত ৰাখে। জনাব বিচাৰিছোঁ যে হনুমান জয়ন্তী চ’ত মাহৰ পূৰ্ণিমা তিথিত পৰে। অৱশ্যে, উত্তৰ আৰু দক্ষিণ ভাৰতত হনুমান জয়ন্তীৰ তিথিৰ ক্ষেত্ৰত পাৰ্থক্য দেখা যায়। এই বিষয়ে আমি পিছত কথা পাতিম, তাৰ পূৰ্বে জানি লওঁ আহকচোন হনুমান জয়ন্তীৰ সঠিক তিথি।
হনুমান জয়ন্তীৰ তিথি: 12 এপ্ৰিল 2025, শনিবাৰ
পূৰ্ণিমা তিথিৰ আৰম্ভণি: 12 এপ্ৰিল 2025 ৰ ৰাতি 03 বাজি 24 মিনিটত,
পূৰ্ণিমা তিথিৰ সমাপ্তি: 13 এপ্ৰিল 2025 ৰ ৰাতিপুৱা 05 বাজি 54 মিনিট পৰ্য্যন্ত।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
হনুমান জয়ন্তীৰ ধৰ্মীয় মহত্ব
হনুমান হৈছে ভগৱান ৰামৰ সকলোতকৈ ডাঙৰ ভক্ত যাক সাহস আৰু নিৰ্ভয়ৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। তেওঁৰ পিতৃ হৈছে কেশৰী আৰু মাতৃ অঞ্জনী। সংকটমোচন হনুমানক ভগৱান শিৱৰ একাদশ অৱতাৰ হিচাপে গণ্য কৰা হয়। আমি সকলোৱেই এই কথা ভালদৰে জানো যে হিন্দু ধৰ্মৰ মহাকাব্য ৰামায়ণত হনুমান জীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বজৰংগবলীৰ শক্তি, ভক্তি আৰু পৰাক্ৰমে ভগৱান ৰামকো ৰাৱণৰ বিৰূদ্ধে যুদ্ধত জয় লাভ কৰাত সহায় কৰিছিল।
ভক্তি আৰু নিষ্ঠাৰ প্ৰতীক হিচাপে বিবেচিত হনুমান জীৰ আশীৰ্বাদ আৰু সান্নিধ্য প্ৰাপ্ত কৰিবৰ বাবে হনুমান জয়ন্তীৰ দিনটো হৈছে শ্ৰেষ্ঠ। তেওঁক আঠগৰাকী চিৰঞ্জীৱিৰ মাজৰ এগৰাকী হিচাপে গণ্য কৰা হয় যি কলিযুগতো নিজৰ ভক্তক সকলোবোৰ সংকটৰপৰা ৰক্ষা কৰে। কোৱা হয় যে এই দিনটোত শ্ৰদ্ধাপূৰ্বকভাৱে আৰু পৱিত্ৰ মনেৰে পূজা আৰু ব্ৰত কৰিলে ভক্তসকলৰ মনোবাঞ্চা পূৰণ হয়। হনুমান জয়ন্তীৰ দিনাখন গোটেই দেশৰে হনুমান মন্দিৰসমূহত পূজা-পাঠ, ধৰ্মীয় অনুষ্ঠান আৰু ভাণ্ডাৰৰ আয়োজন কৰা হয়। লগতে, হনুমান জীৰ জন্মকথা আৰু লীলাৰ পাঠ কৰা হয়।
হনুমান পূজাৰ লাভ
হনুমান জয়ন্তী হৈছে এক অত্যন্ত শুভ পৰ্ব য’ত মানুহে সংকটমোচনৰ কৃপা প্ৰাপ্ত কৰাৰ লগতে নিজৰ সমস্যাবোৰৰো সমাধান লাভ কৰিবলৈ সক্ষম হয়। মান্যতা আছে যে হনুমান জন্মোৎসৱত বজৰংগবলীৰ বাবে ব্ৰত আৰু পূজা কৰিলে ভক্তৰ জীৱনৰ সকলোবোৰ দুখ আৰু সংকট নাইকিয়া হয়। কোৱা হয় যে এই দিনটোত হনুমান জীৰ পূজাৰ সময়ত তেওঁক সেন্দুৰ নিশ্চয় অৰ্পণ কৰিব লাগে, অন্যথা পূজা আধৰুৱা হৈ থাকে। এনে কৰাৰদ্বাৰা ভক্তসকলৰ আৰ্থিক সমস্যা দূৰ হয় আৰু নেতিবাচক শক্তিৰপৰা তেওঁলোকে সুৰক্ষা প্ৰাপ্ত কৰে।
বিদ্বান জ্যোতিষীসকলক প্ৰশ্ন কৰক আৰু লাভ কৰক সকলো সমস্যাৰ সমাধান
দুবাৰ কিয় পালন কৰা হয় হনুমান জয়ন্তী?
হয়তো আপোনাক এই কথাই আচৰিত কৰি তুলিছে যে বছৰটোত হনুমান জয়ন্তী দুবাৰ পালন কৰা হয়, প্ৰথমবাৰ চৈত্ৰ পূৰ্ণিমাৰ দিনা আৰু দ্বিতীয়বাৰ কাতি মাহৰ চতুৰ্দশী তিথিৰ দিনা। ধৰ্ম গ্ৰন্থ অনুসৰি, হনুমান জীৰ জন্ম কাতি মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত দেৱী অঞ্জনীৰ গৰ্ভত হৈছিল। আনহাতে, দ্বিতীয় হনুমান জয়ন্তীৰ আঁৰতো এটা কাহিনী আছে য’ত কোৱা হৈছে যে এবাৰ হনুমানে সূৰ্য্যক ফল বুলি ভাবি খাই পেলাইছিল আৰু এই কথাত ক্ৰোধিত হৈ ইন্দ্ৰ দেৱতাই নিজৰ বজ্ৰৰদ্বাৰা হনুমানক প্ৰহাৰ কৰিছিল যাৰ বাবে তেওঁ মূৰ্চ্ছা গৈছিল, তেতিয়া পৱন দেৱতা ক্ৰোধিত হোৱাত ব্ৰহ্মাকে আদি কৰি সকলো দেৱী-দেৱতাই বজৰংগবলীক পুণৰ জীৱন দান দিছিল, সেই সময়ৰপৰাই এই দিনটোক হনুমান জয়ন্তী হিচাপে উদযাপন কৰা হয়।
অনলাইন চফটৱেৰৰপৰা বিনামূলীয়া জন্ম কুণ্ডলী প্ৰাপ্ত কৰক।
হনুমান জয়ন্তী পূজা বিধি
হনুমান জয়ন্তী 2025 ৰ শুভ ক্ষণত হনুমান জীৰ পূজা বিধি নিম্নোক্ত ধৰণে দিয়া মতে কৰক।
- ৰাতিপুৱা সোনকালে শোৱাপাটিৰপৰা উঠি স্নান-ধ্যান আদিৰদ্বাৰা নিবৃত হৈ ব্ৰতৰ সংকল্প লৈ পূজা স্থান পৰিস্কাৰ-পৰিচ্ছন্নতা কৰক।
- পূজা স্থানত ৰঙা কাপোৰ পাৰি লৈ হনুমান জীৰ চিত্ৰ বা মূৰ্তি স্থাপন কৰক।
- ইয়াৰ পিছত বজৰংগবলীৰ সম্মুখত ঘিউৰ চাকি জ্বলাওক আৰু ধূপ-ধূনা জ্বলাওক।
- এতিয়া অনামিকা আঙুলিৰে হনুমান জীৰ তিলক কৰক আৰু তেওঁক পূজন সামগ্ৰী সেন্দুৰ, চন্দন, সুগন্ধি আৰু ফুল অৰ্পণ কৰক।
- পঞ্চোপচাৰ পূজনৰ পিছত সংকটমোচনক নৈবেদ্য অৰ্পণ কৰক।
- বায়ুপুত্ৰ হনুমানৰ পূজাৰ পিছত তেওঁক গুড়-বুট প্ৰসাদ হিচাপে আগবঢ়াওক।
- আৰতী কৰাৰ পিছত সকলোকে প্ৰসাদ দিয়ক আৰু আপুনিও প্ৰসাদ সেৱন কৰক।
পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন
হনুমান জয়ন্তীৰ বাবে মন্ত্ৰ, প্ৰিয় ভোগ আৰু ফুল
হনুমান মন্ত্ৰ
ঔঁ হনু হনু হনু হনুমতে নমঃ
হনুমান জীৰ প্ৰিয় ভোগ
হনুমান জয়ন্তীত ভগৱান হনুমানৰ আশীৰ্বাদ লাভ কৰিবৰ বাবে আপুনি বেচন, কল বা বুন্দিয়াৰ লাড়ু ভোগ হিচাপে আগবঢ়াওক।
হনুমান জয়ন্তীত অৰ্পণ কৰক এই ফুল
হনুমান জয়ন্তীত হনুমান পূজনৰ বাবে ৰঙা বা হালধীয়া ৰঙৰ বস্ত্ৰ ধাৰণ কৰক আৰু তেওঁৰ পূজাত ৰঙা গোলাপ ফুল অৰ্পণ কৰক।
হনুমান জয়ন্তীত কৰক এই সৰল উপায়
- ঘৰলৈ ধনৰ প্ৰৱাহ অব্যাহত ৰাখিবৰ বাবে হনুমান জয়ন্তীৰ দিনা হনুমান জীৰ মন্দিৰলৈ যোৱা আৰম্ভ কৰক আৰু পৰৱৰ্তী 9 টা মঙ্গলবাৰত 9 টা বাটাচা, এডাল যজ্ঞোপৱিত আৰু এখিলা পাণ অৰ্পণ কৰক।
- ৰোগৰপৰা মুক্তি লাভ কৰিবৰ বাবে হনুমান জয়ন্তীৰ দিনা সূৰ্য্যোদয়ৰ সময়ত হনুমান মন্দিৰলৈ যাওক আৰু বজৰংগবলীক দণ্ডৱত প্ৰণাম কৰক।
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন
সুৰক্ষা প্ৰাপ্তিৰ বাবে হনুমান জয়ন্তী 2025 ত ৰাশি অনুসৰি কৰক এই উপায়
মেষ ৰাশি
সাহস আৰু দৃঢ়তা বৃদ্ধি, আৰু সফতা প্ৰাপ্তিৰ বাবে হনুমান জয়ন্তীত মেষ ৰাশিৰ জাতকসকলে হনুমান চালিশা 11 বাৰ পাঠ কৰক আৰু হনুমান জীক ৰঙা ফুল অৰ্পণ কৰক।
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকসকলে নিজৰ কেৰিয়াৰত স্থিৰতা আৰু উন্নতি লাভ কৰিবৰ বাবে ভগৱনা হনুমানক সেন্দুৰ আৰু গুড় অৰ্পণ কৰক। লগতে, বজৰংগ বাণ পাঠ কৰক।
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকসকলেহনুমান জয়ন্তী 2025 ত হনুমান অষ্টক 108 বাৰ পাঠ কৰক আৰু বজৰংগবলীক সেউজীয়া বুটৰ ভোগ আগবঢ়াওক।
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকসকলে এই দিনটোত হনুমান জীক গাখীৰ আৰু মৌ অৰ্পণ কৰক। জীৱনত আৱেগিক স্থিৰতা লাভ কৰিবৰ বাবে গায়ত্ৰী মন্ত্ৰ জপ কৰক।
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকসকলে নেতৃত্ব দিয়াৰ ক্ষমতা শক্তিশালী কৰি তুলিবৰ বাবে হনুমান জয়ন্তীত সংকটমোচনৰ মন্ত্ৰ “ঔঁ হনুমতে নমঃ” 108 বাৰ জপ কৰক। লগতে, তেওঁক ৰঙা চন্দন আগবঢ়াওক।
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকসকলে হনুমান জয়ন্তীৰ দিনা হনুমান দ্বাদশ নাম স্ত্ৰোত 12 বাৰ পাঠ কৰক। লগতে, হনুমান জীক হালধীয়া ৰঙৰ ফুল অৰ্পণ কৰক।
তুলা ৰাশি
তুলা ৰাশিৰ জাতকসকলে হনুমান জয়ন্তীত হনুমান আৰতী পাঠ কৰক আৰু তেওঁক তিল তেল আগবঢ়াওক।
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকসকলে অশুভ শক্তিৰপৰা সুৰক্ষা লাভ কৰিবৰ বাবে সংকটমোচন হনুমানক সেন্দুৰ অৰ্পণ কৰক। লগতে, হনুমান কৱচ 108 বাৰ পাঠ কৰক।
ধনু ৰাশি
ধনু ৰাশিৰ জাতকসকলে আৰ্থিক সমৃদ্ধি লাভ কৰিবৰ বাবে হনুমান জীক হালধীয়া ৰঙৰ মিঠাই বা পেড়াৰ ভোগ আগবঢ়াওক। আৰু প্ৰতি মঙ্গলবাৰে হনুমান মন্দিৰলৈ যাওক।
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকসকলে ভগৱান হনুমানক সৰিয়হৰ তেল অৰ্পণ কৰক আৰু হনুমান চালিশা পাঠ কৰক।
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকসকলে হনুমান জয়ন্তীৰ দিনা হনুমান জীক নীলা ৰঙৰ ফুল অৰ্পণ কৰক আৰু হনুমান অষ্টোত্তৰ শতনামাৱলী 108 বাৰ পাঠ কৰক।
মীন ৰাশি
মীন ৰাশিৰ জাতকসকলে হনুমান স্ত্ৰোত পাছ কৰক। লগতে, হনুমান জীক বগা ৰঙৰ ফুল অৰ্পণ কৰক।
হনুমানৰ জন্মৰ পৌৰাণিক কাহিনী
ধৰ্মীয় গ্ৰন্থত বৰ্ণিত কাহিনী অনুসৰি, মাতা অঞ্জনা এগৰাকী অপ্সৰা আছিল যি এক শাপৰ ফলত পৃথিৱীত জন্ম লৈছিল। দেৱী অঞ্জনাই এই শাপৰপৰা তেতিয়াহে মুক্তি লাভ কৰিব যেতিয়া তেওঁ নিজৰ গৰ্ভৰপৰা সন্তান জন্ম দিব। বাল্মিকী ৰামায়ণত বৰ্ণিত আছে যে শ্ৰী হনুমান জীৰ পিতৃ আছিল কেশৰী যি সুমেৰুৰ ৰজা আছিল আৰু বৃহস্পতি দেৱতাৰ পুত্ৰ আছিল। দেৱী অঞ্জনাই সন্তান প্ৰাপ্তিৰ বাবে 12 বছৰ পৰ্য্যন্ত ভগৱান শিৱৰ কঠোৰ তপস্যা কৰিছিল আৰু ইয়াৰ পিছত, তেওঁ হনুমানক পুত্ৰ হিচাপে প্ৰাপ্ত কৰিছিল, সেয়েহে ভগৱান হনুমানক শিৱৰ অৱতাৰ হিচাপেও গণ্য কাৰ হয়।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ
আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপোনাৰ অন্য শুভাকাংক্ষীসকলকো এই প্ৰৱন্ধটোৰ কথা জনাওক। ধন্যবাদ
সঘনাই সোধা প্ৰশ্ন
1. বৰ্ষ 2025 ত হনুমান জয়ন্তী কেতিয়া আছে?
এই বছৰ হনুমান জয়ন্তীৰ পৰ্ব 12 এপ্ৰিল 2025 ত পালন কৰা হ’ব।
2. চৈত্ৰ পূৰ্ণিমা 2025 কেতিয়া আছে?
বৰ্ষ 2025 ত চৈত্ৰ পূৰ্ণিমা 12 এপ্ৰিল 2025 ত আছে।
3. হনুমান জীৰ পিতৃ কোন?
ভগৱান হনুমানৰ পিতৃ হৈছে বানৰ ৰজা কেশৰী।
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems
AstroSage on MobileAll Mobile Apps
- Horoscope 2026
- राशिफल 2026
- Calendar 2026
- Holidays 2026
- Shubh Muhurat 2026
- Saturn Transit 2026
- Ketu Transit 2026
- Jupiter Transit In Cancer
- Education Horoscope 2026
- Rahu Transit 2026
- ராசி பலன் 2026
- राशि भविष्य 2026
- રાશિફળ 2026
- রাশিফল 2026 (Rashifol 2026)
- ರಾಶಿಭವಿಷ್ಯ 2026
- రాశిఫలాలు 2026
- രാശിഫലം 2026
- Astrology 2026






