বৃশ্চিক ৰাশিৰ মাহেকীয়া ৰাশিফল - Scorpio Monthly Horoscope in Assamese
December, 2025
ডিচেম্বৰ মাহেকীয়া ৰাশিফল 2025 অনুসৰি এই মাহটো বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব। অৱশ্যে আপুনি নিজৰ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব আৰু অহং ভাৱৰপৰাও নিজকে বচাব লাগিব। কেৰিয়াৰৰ দিশত দেখা যায় যে আপুনি চাকৰিত বহুত শক্তি প্ৰয়োগ কৰিব আৰু নিজৰ কামত ভাল প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব। কিন্তু কেতুৱে বাৰে বাৰে কামৰপৰা আপোনাৰ মনোযোগ ভংগ কৰিব যাৰ ফলত আপোনাৰ কামৰ অৱনতি ঘটিব পাৰে। মাহৰ দ্বিতীয় ভাগত পৰিস্থিতি ভাললৈ আহিব আৰু চাকৰিত ভাল ফলাফল প্ৰাপ্ত কৰিব পাৰিব। এই মাহটোত ব্যৱসায়ত উন্নতি লাভৰৰ যোগ আছে। বিশেষকৈ পূৰ্বাৰ্দ্ধ অধিক অনুকূল হ’ব। শিক্ষাৰ ক্ষেত্ৰত এই মাহটো কিছু অনুকূল হ’ব পাৰে। আপুনি কোনো ভাল গুৰু বা শিক্ষকৰ পথ প্ৰদৰ্শন লাভ কৰিব, যাৰ বাবে আপুনি শিক্ষাত ভাল বিকাশ লাভ কৰিব পাৰিব। আপুনি শিক্ষাৰ ক্ষেত্ৰক ডাঙৰ অভিজ্ঞতা লাভ কৰাৰো যোগ আছে। বিদেশলৈ গৈ অধ্যয়ন কৰাৰ সপোন দেখা শিক্ষাৰ্থীসকলৰ এই মাহত সেই সপোন পূৰণ হোৱাৰ যোগ আছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে মাহটোৰ পূৰ্বাৰ্দ্ধ আৰু উত্তৰাৰ্দ্ধ দুয়োটাই ভাল হ’ব। পাৰিবাৰিক জীৱনত এই মাহত কিছু উত্থান-পতন আহিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক মিলা-মিছাৰ অভাৱ হ’ব পাৰে। আপুনি ঘৰৰপৰা বাহিৰত থাকিবলৈ বেছি পছন্দ কৰিব আৰু আপোনাৰ মানসিক চাপ বৃদ্ধি হ’ব পাৰে। প্ৰেম জীৱনৰ ক্ষেত্ৰত এই মাহটোৱে আপোনাৰ বাবে কঠিন প্ৰত্যাহ্বান লৈ আহিব পাৰে। আপোনাৰ প্ৰেমত পৰীক্ষা আহিব পাৰে আৰু কিছু কিছু সমস্যাই দেখা দি থাকিব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু আস্থা হ্ৰাস পাব পাৰে। বাস্তৱিকতে এই সময়খিনি আপোনালোক দুয়োৰে বাবে প্ৰত্য়াহ্বানজনক হ’ব। বিবাহিত জাতকসকলৰ বাবে এই মাহটো মধ্যমীয়া হ’ব আৰু পৰস্পৰৰ মাজৰ প্ৰেম-ভালপোৱা বৃদ্ধি হ’ব। জীৱনসঙ্গীৰ স্বাস্থ্য পীড়িত হ’ব পাৰে সেয়েহে তেওঁৰ প্ৰতি ধ্যান ৰাখক। আৰ্থিক স্থিতিৰ দৃষ্টিকোণৰপৰা মাহটো মোটামোটি ভালেই হ’ব। অৱশ্যে মাহটোৰ আৰম্ভণিতে আপোনাৰ খৰচ বৃদ্ধি হ’ব পাৰে। এই মাহত কৰা দীৰ্ঘকালীন বিনিয়োগে আপোনাক ভৱিষ্যতে ভাল লাভ প্ৰদান কৰিব পাৰে। ডিচেম্বৰ মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা উত্থান-পতনমূলক হ’ব। লগতে সূৰ্য্য আৰু মঙ্গলৰ প্ৰভাৱ আপোনাৰ ৰাশিত শুক্ৰৰ সৈতে বৃদ্ধি হোৱাৰ বাবে আপোনাৰ কিছু পৰিমাণে জ্বৰ আৰু কাহ-পানীলগা হ’ব পাৰে।
উপায়
বৃহস্পতিবাৰে কলগছত পানী অৰ্পণ কৰক।
উপায়
বৃহস্পতিবাৰে কলগছত পানী অৰ্পণ কৰক।
Astrological services for accurate answers and better feature
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.
Astrological remedies to get rid of your problems
AstroSage on MobileAll Mobile Apps
AstroSage TVSubscribe
- Horoscope 2026
- राशिफल 2026
- Calendar 2026
- Holidays 2026
- Shubh Muhurat 2026
- Saturn Transit 2026
- Ketu Transit 2026
- Jupiter Transit In Cancer
- Education Horoscope 2026
- Rahu Transit 2026
- ராசி பலன் 2026
- राशि भविष्य 2026
- રાશિફળ 2026
- রাশিফল 2026 (Rashifol 2026)
- ರಾಶಿಭವಿಷ್ಯ 2026
- రాశిఫలాలు 2026
- രാശിഫലം 2026
- Astrology 2026


