মেষ ৰাশিৰ মাহেকীয়া ৰাশিফল - Aries Monthly Horoscope in Assamese
December, 2025
ডিচেম্বৰ মাহেকীয়া ৰাশিফল 2025 অনুসৰি এই মাহটো আপোনাৰ বাবে উত্থান-পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ দৃষ্টিকোণৰপৰা এই মাহটো আপোনাৰ বাবে যথেষ্ট ব্যস্ততাপূৰ্ণ হ’ব। আপুনি কামৰ বাবে যথেষ্ট দৌৰা-দৌৰি কৰিবলগীয়া হ’ব পাৰে। এনে পৰিস্থিতিত আপুনি এখন ৰাজ্যৰপৰা আন এখন ৰাজ্যলৈও যাবলগীয়া হ’ব পাৰে। চাকৰিৰ সন্দৰ্ভত আপুনি বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে। কিন্তু আপোনাৰ ওপৰত কামৰ হেঁচা যথেষ্ট পৰিমাণে থাকিব। ব্যৱসায়ীসকলৰ বাবে এই মাহটোৰ আৰম্ভণি ভাল হ’ব। আপুনি ব্যৱসায়ৰ লগত জড়িত ভাল সিদ্ধান্ত গ্ৰহণ কৰিব যাৰ বাবে আপুনি লাভ প্ৰাপ্ত কৰিব। শিক্ষাৰ ক্ষেত্ৰত এই মাহটো প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ হ’ব। গোটেই মাহ দুৰি কেতু মহাৰাজ পঞ্চম গৃহত বিৰাজমান হ’ব যি অধ্যয়নত ব্যৱধান উৎপন্ন কৰিব। অৱশ্যে আপুনি নিজৰ একাগ্ৰতা বৃদ্ধি কৰাত মনোনিৱেশ কৰিব আৰু ইয়াৰদ্বাৰা আপুনি লাহে লাহে লাভাম্বিত হ’ব। প্ৰতিযোগিতামূলত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে এই মাহত সফলতা লাভ কৰিব পাৰে। কিন্তু তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলৰ বাবে মাহটো ভাল হ’ব। পাৰিবাৰিক জীৱনৰ বাবে মাহটো মোটামোটি ভালেই হ’ব। ঘৰ-পৰিয়ালৰ পৰিৱেশ সামঞ্জস্যপূৰ্ণ হ’ব। অৱশ্যে আপোনাৰ কথা-বতৰাত খিংখিঙীয়া স্বভাৱ বৃদ্ধি পাব পাৰে যি আপোনাৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব সেয়েহে সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে এই মাহটোৰ আৰম্ভণি কিছু কঠিন হ’ব। পৰস্পৰৰ মাজত ভুল বুজাবুজি উৎপন্ন হ’ব পাৰে আৰু প্ৰেমৰ সম্পৰ্কত তিক্ততা বৃদ্ধি হ’ব পাৰে। বৈবাহিক জীৱনত মিলা-মিছা বৃদ্ধি পাব। সম্পৰ্কত প্ৰেম-ভালপোৱাও বাঢ়িব কিন্তু শহুৰ পক্ষৰ অত্যাধিক হস্তক্ষেপে সম্পৰ্কত নেতিবাচক প্ৰভাৱ বৃদ্ধি কৰিব পাৰে। আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই ক্ষেত্ৰত কিছু উত্থান-পতন থাকিব। গোটেই মাহ জুৰি আপোনাৰ উপাৰ্জন আহি থাকিব কিন্তু ব্যয় নিয়ন্ত্ৰণত ৰখাৰ আৱশ্যকতা হ’ব। স্বাস্থ্যৰ দিশৰপৰা মাহটো কিছু দুৰ্বল হ’ব পাৰে। দ্বাদশ গৃহত শনি মহাৰাজ স্থিত হ’ব আৰু কেতু মহাৰাজ পঞ্চম গৃহত বিৰাজমান হ’ব, যাৰ বাবে পেট, চকু, টোপনিৰ সমস্যা হ’ব পাৰে। বাহন লোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰক। ৰাতি লঘূ আহাৰ কৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে।
উপায়
মঙ্গলবাৰে ডালিম গছত পানী অৰ্পণ কৰক।
উপায়
মঙ্গলবাৰে ডালিম গছত পানী অৰ্পণ কৰক।
Astrological services for accurate answers and better feature
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.
Astrological remedies to get rid of your problems
AstroSage on MobileAll Mobile Apps
AstroSage TVSubscribe
- Horoscope 2026
- राशिफल 2026
- Calendar 2026
- Holidays 2026
- Shubh Muhurat 2026
- Saturn Transit 2026
- Ketu Transit 2026
- Jupiter Transit In Cancer
- Education Horoscope 2026
- Rahu Transit 2026
- ராசி பலன் 2026
- राशि भविष्य 2026
- રાશિફળ 2026
- রাশিফল 2026 (Rashifol 2026)
- ರಾಶಿಭವಿಷ್ಯ 2026
- రాశిఫలాలు 2026
- രാശിഫലം 2026
- Astrology 2026


