মকৰ ৰাশিৰ মাহেকীয়া ৰাশিফল - Capricorn Monthly Horoscope in Assamese
December, 2025
এই মাহটো মকৰ ৰাশিত জন্ম গ্ৰহণ কাৰ জাতকসকলৰ বাবে বিভিন্ন দিশত ভাল হ’ব পাৰে। কেৰিয়াৰৰ দিসথ এই মাহটোৱে আপোনাৰ বাবে অনুকূলতা লৈ আহিব। কৰ্মক্ষেত্ৰত আপুনি উত্তম সফলতা লাভ কৰাৰ যোগ আছে। জেষ্ঠ্য বিষয়াসকলেও আপোনাৰ কামৰ প্ৰশংসা কৰিব। আপুনি কামৰ সন্দৰ্ভত এখন ঠাইৰপৰা আন এখন ঠাইলৈ, বা খন দেশৰপৰা আন এখন দেশলৈ যাবলগীয়া হ’ব পাৰে। যদিও আপুনি ব্যস্ত হৈ থাকিব সিমানেই আপুনি সফলতা প্ৰাপ্ত কৰিব। ব্যৱসায় কৰা জাতকসকলৰ বাবে মাহটোৰ আৰম্ভণি ভাল হ’ব। যিসকল লোকে বিদেশী ব্যৱসায় কৰে বা বহুৰাষ্ট্ৰীয় কোম্পানীৰ সৈতে কাম কৰে তেওঁলোকে ভাল লাভ প্ৰাপ্ত কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত এই মাহটোত কিছু উত্থান-পতন আহিব পাৰে। আপুনি নিজৰ একাগ্ৰতা যিমান পাৰে বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব লাগিব কাৰণ একাগ্ৰতা বাৰে বাৰে ভংগ হ’ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে এই মাহত কিবা এটা কৰি দেখুওৱাৰ সুযোগ পাব। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে মাহটো অনুকূল হ’ব। পাৰিবাৰিক জীৱনৰ দৃষ্টিকোণৰপৰা মাহটো মোটামোটি ভালেই হ’ব। পাৰিবাৰিক জীৱনত প্ৰেম-ভালপোৱা বৃদ্ধি হ’ব। ইজনে সিজনৰ প্ৰতি প্ৰেম-ভালপোৱা আৰু সন্মান প্ৰদৰ্শন কৰিব। অৱশ্যে সম্পত্তিক লৈ কোনো বিবাদ হোৱাৰো আশংকা কৰা হৈছে। যদিহে আপুনি পৰিপক্কভাৱে ভাই-ভনীৰ সৈতে সম্পৰ্ক ভালে ৰাখিবলৈ যত্ন কৰে তেনেহ’লে এই সময়খিনি পাৰিবাৰিক জীৱনৰ বাবে ভাল প্ৰমাণিত হ’ব। প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে মাহটোৰ আৰম্ভণি মিশ্ৰিত হ’ব। পৰস্পৰৰ মাজত কাজিয়া-পেচাল আৰু অহংকাৰৰ সংঘাত থাকিব পাৰে। কিন্তু আপোনালোক দুয়োৱে এই সমস্যাবোৰ আলোচনাৰ মাজেৰে সমাধান কৰিব পাৰিব। ৰোমাঞ্চৰ স্থিতিৰ যোগো আছে। বৈবাহিক সম্পৰ্কত প্ৰেম আৰু সন্মানৰ স্থিতি আছে। মাজতে কিছু সমস্যা আহিব যজিও আপোনালোকৰ সম্পৰ্ক ধৈৰ্য্য, সন্মান, প্ৰেম আৰু বিশ্বাসৰ বলত আগবাঢ়িব। আৰ্থিক দিশৰ ক্ষেত্ৰত এই মাহটো যথেষ্ট অনুকূল হোৱাৰ সম্ভাৱনা আছে। আপুনি ধন উপাৰ্জন কৰাৰ বহুতো সুযোগ প্ৰাপ্ত কৰিব, যি আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী কৰিব। দিনে দিনে আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী হ’ব। এই মাহটোৱে স্বাস্থ্যৰ দিশৰপৰা আপোনাক এয়া বুজাবলৈ চেষ্টা কৰিছে যে আপুনিি নিজকে অনুশাসিত কৰা উচিত। নিজৰ এক নিয়মিত সময়সূচী তৈয়াৰ কৰক আৰু নিজৰ ওপৰত মনোযোগ দিয়ক। যদিহে আপুনি এলাহ কৰি স্বাস্থ্যৰ ওপৰত মনোযোগ নিদিয়ে তেতিয়া সমস্যা বৃদ্ধি হ’ব পাৰে। কিন্তু যদিহে আপুনি প্ৰত্যাহ্বানবোৰৰ সম্মুখীন হৈ ভাল জীৱনশৈলী আঁকোৱালি লয় তেতিয়া স্বাস্থ্য যথেষ্ট পৰিমাণে অনুকূল হৈ থাকিব।
উপায়
আপুনি শনিবাৰৰ দিনা মহাৰাজ দশৰথৰ শ্ৰী নীল শনি স্তোত্ৰ পাঠ কৰা উচিত।
উপায়
আপুনি শনিবাৰৰ দিনা মহাৰাজ দশৰথৰ শ্ৰী নীল শনি স্তোত্ৰ পাঠ কৰা উচিত।
Astrological services for accurate answers and better feature
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.
Astrological remedies to get rid of your problems
AstroSage on MobileAll Mobile Apps
AstroSage TVSubscribe
- Horoscope 2026
- राशिफल 2026
- Calendar 2026
- Holidays 2026
- Shubh Muhurat 2026
- Saturn Transit 2026
- Ketu Transit 2026
- Jupiter Transit In Cancer
- Education Horoscope 2026
- Rahu Transit 2026
- ராசி பலன் 2026
- राशि भविष्य 2026
- રાશિફળ 2026
- রাশিফল 2026 (Rashifol 2026)
- ರಾಶಿಭವಿಷ್ಯ 2026
- రాశిఫలాలు 2026
- രാശിഫലം 2026
- Astrology 2026


