বৃষ ৰাশিৰ মাহেকীয়া ৰাশিফল - Taurus Monthly Horoscope in Assamese
December, 2025
ডিচেম্বৰ 2025 মাহটোলৱে এই ৰাশিৰ জাতকসকলৰ বাবে মিশ্ৰিত ফল কঢ়িয়াই আনিব। কেৰিয়াৰৰ দৃষ্টিকোণৰপৰা ক’ব পাৰি যে এই মাহটোত কিছু উত্থান-পতন থাকিব। অৱশ্যে আপুনি নিজৰ কৰ্মক্ষেত্ৰত জেষ্ঠ্য কৰ্মচাৰীৰপৰা সহযোগিতা প্ৰাপ্ত কৰিব যাৰ ফলত কৰ্মক্ষেত্ৰত আপুনি কোনো ডাঙৰ সমস্যাৰ সম্মুখীন হ’বলগীয়া নহয়। ব্যৱসায় কৰা জাতকসকলৰ বাবে মাহটোৰ আৰম্ভণি ভাল হ’ব। মাহটোৰ দ্বিতীয় ভাগত ব্যৱসায়িক সম্পৰ্কত উত্থান-পতন আহিব পাৰে। ব্যৱসায়িক অংশীদাৰিত্বত যাতে যুক্তি-তৰ্ক নহয় তাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰক। শিক্ষাৰ বাবে এই মাহটো মাটোমোটি ভালেই হ’ব। আপুনি সময়সূচী অনুসৰণ কৰি পঢ়া-শুনা কৰিব যাৰ দ্বাৰা আপুনি পঢ়াত নিয়মিতভাৱে সময় দিব পাৰিব। এনেদৰে অধ্যয়ন কৰাৰ ফলত লগতে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু পঢ়াত সম্পূৰ্ণ মনোযোগ দিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে ভাল সফলতা প্ৰাপ্ত কৰাৰ যোগ আছে। পাৰিবাৰিক জীৱনত এই মাহত উত্থান-পতন দেখা যাব পাৰে। পৰিয়ালৰ লোকসকলৰ মাজত পাৰস্পৰিক বুজাবুজিৰ অভাৱ হ’ব পাৰে। লগতে শহুৰ পক্ষৰ সৈতে যুক্ত-তৰ্ক হ’ব পাৰে। তাৰোপৰি আপোনাৰ মাতৃৰ স্বাস্থ্যই আপোনাক চিন্তাত পেলাব পাৰে। প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে এই মাহটো প্ৰেমৰ বাবে ভাল হ’ব। আপুনি যিমান অধিক সততা আৰু আস্থাৰে আপোনাৰ সম্পৰ্কটো চলাব সিমানেই আপোনালোকৰ প্ৰেম প্ৰগাঢ় হ’ব আৰু আপোনাৰ প্ৰেমাস্পদৰ সহযোগিতা লাভ কৰিব। বিবাহিত জাতকসকলৰ বাবে মাহটোত কিছু উত্থান-পতন থাকিব। আপোনাৰ ক্ৰোধ বৃদ্ধি হ’ব পাৰে যাৰ ফলত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ সমস্যা বৃদ্ধি হ’ব পাৰে। মাহটোৰ দ্বিতীয়াৰ্দ্ধত সমস্যাৰ সমাধান হ’ব। অৱশ্যে শহুৰ পক্ষৰ সৈতে মনোমালিন্য হোৱাৰ ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব অন্যথা ইয়াৰ প্ৰভাৱ আপোনাৰ বৈবাহিক জীৱনত পৰিব পাৰে। আৰ্থিক জীৱনৰ বাবে এই মাহটো সচৰাচৰ হ’ব। আপোনাৰ আমদানী বৃদ্ধি হ’ব আৰু নতুন উৎসৰপৰা আপোনাৰ ওচৰলৈ ধন আহিব। ডিচেম্বৰ মাহেকীয়া ৰাশিফল 2025 অনুসৰি এই মাহটো স্বাস্থ্যৰ বাবে মধ্যমীয়া হ’ব। অৱশ্যে বিশেষ গুৰুতৰ সমস্যা নহয়। কিন্তু জ্বৰ, গাৰ বিষ আদি হ’ব পাৰে। নিয়মিত ভওজন কৰক আৰু লঘূৰ আহাৰ গ্ৰহণ কৰক তেতিয়া আপুনি যথেষ্ট লাভাম্বিত হ’ব পাৰিব। যিকোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ ক্ষেত্ৰত চিকিৎসকৰ ওচৰলৈ যোৱাত পলম নকৰিব।
উপায়
আপুনি শুক্ৰবাৰে শুক্ৰ দেৱতাৰ বীজ মন্ত্ৰ জপ কৰা উচিত।
উপায়
আপুনি শুক্ৰবাৰে শুক্ৰ দেৱতাৰ বীজ মন্ত্ৰ জপ কৰা উচিত।
Astrological services for accurate answers and better feature
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.
Astrological remedies to get rid of your problems
AstroSage on MobileAll Mobile Apps
AstroSage TVSubscribe
- Horoscope 2026
- राशिफल 2026
- Calendar 2026
- Holidays 2026
- Shubh Muhurat 2026
- Saturn Transit 2026
- Ketu Transit 2026
- Jupiter Transit In Cancer
- Education Horoscope 2026
- Rahu Transit 2026
- ராசி பலன் 2026
- राशि भविष्य 2026
- રાશિફળ 2026
- রাশিফল 2026 (Rashifol 2026)
- ರಾಶಿಭವಿಷ್ಯ 2026
- రాశిఫలాలు 2026
- രാശിഫലം 2026
- Astrology 2026


