সিংহ ৰাশিৰ মাহেকীয়া ৰাশিফল - Leo Monthly Horoscope in Assamese
December, 2025
ডিচেম্বৰ মাহেকীয়া ৰাশিফল অনুসৰি এই মাহটো আপোনাৰ বাবে কেইবাটাও দিশৰপৰা ভাল হ’ব। কিন্তু কিছুমান ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰিব নিশ্চয় লাগিব। কেৰিয়াৰৰ দৃষ্টিকোণৰপৰা মাহটো ভালেই হ’ব। আপুনি নিজৰ পৰিশ্ৰমৰদ্বাৰা জেষ্ঠ্য বিষয়াৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। এনে স্থিতিত, তেখেতৰ সান্নিধ্য প্ৰাপ্ত কৰিব পাৰে যাৰ ফলত আপোনাৰ বাবে চাকৰিত ভাল স্থিতি নিৰ্মাণ হ’ব। ব্যৱসায় কাৰ জাতকসকলে কিছু পৰিমাণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব। ব্যৱসায়ত উত্থান-পতন থাকিব যদিও অৱশেষত সফলতা প্ৰাপ্তিৰ যোগ আছে। শিক্ষাৰ দৃষ্টিকোণৰপৰা এই মাহটোত সফলতা লাভ কৰাৰ যোগ আছে। আপুনি নিজৰ অধ্যয়নত মনোযোগ কেন্দ্ৰিত কৰিব পাৰিব আৰু আপোনাৰ সমস্যাও হ্ৰাস হ’ব। আপুনি অধিক একাগ্ৰতাৰে অধ্যয়ন কৰিব আৰু এক নিয়মিত সূচীৰে আগবাঢ়িব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ শিক্ষাৰ্থীসকলে যিকোনো পৰিস্থিতিত এইবাৰ সফলতা লাভ কৰিব বিচাৰিব আৰু তেওঁলোকৰ জেদ তথা উদ্যমে তেওঁলোকক সফলতা প্ৰদান কৰাত সহায় কিৰিব। উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলে ভাল সফতা লাভ কৰাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱনৰ বাবে মাহটো উত্থান-পতনমূলক হ’ব পাৰে। পাৰিবাৰিক সম্পৰ্কত কিছু সমস্যা আহিব পাৰে। নতুন সম্পত্তি ক্ৰয় কৰাৰ প্ৰতি আপুনি আগ্ৰহী হ’ব পাৰে আৰু যদিহে আপুনি প্ৰয়াস কৰে তেনেহ’লে পৰিয়াললৈ এটা নতুন সম্পত্তিৰ আগমন ঘটিব। ভাই-ভনীৰ সম্পৰ্ক সহযোগিতামূলক হ’ব আৰু পাৰস্পৰিক প্ৰেম-ভালপোৱা অটুত থাকিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ক’ব পৰা যায় যে আপুনি নিজৰ প্ৰেম জীৱনক লৈ বহু বেছি সক্ৰিয় হৈ পৰিব আৰু আপোনাৰ মনত এক ভিন্ন ধৰণৰ ব্যাকুলতা থাকিব। আপুনি নিজৰ সম্পৰ্কক পৰিপক্ত কৰি তুলিব। আপুনি প্ৰেমাস্পদৰ সৈতে অধিক লগ পোৱাৰ আৰু সম্পৰ্কটো আগবঢ়োৱাৰ কথা ভাবিব। প্ৰেম বিবাহৰ যোগো আছে। বিবাহিত জাতকসকলৰ জীৱনলৈ উত্থান-পতন অহাৰ সম্ভাৱনা আছে। সেয়েহে সাৱধানতা অৱলম্বন কৰাটো জৰুৰী হ’ব। আৰ্থিক জীৱনৰ ক্ষেত্ৰত মাহটোৰ আৰম্ভণি আপোনাৰ বাবে কিছু দুৰ্বল হ’ব পাৰে। মাহটোৰ পিছৰ ভাগলৈ আপোনাৰ উপাৰ্জন দ্ৰুত গতিত বৃদ্ধি পাব। একাধিক মাধ্যমৰপৰা আপুনি ধন প্ৰাপ্ত কৰিব যি আপোনাৰ আৰ্থিক বিকাশৰ বাবে যথেষ্ট ভাল স্থিতিৰ নিৰ্মাণ কৰিব। এই মাহটোত স্বাস্থ্যৰ ক্ষেত্ৰতো উত্থান-পতন থাকিব। আপুনি সকলো ধৰণৰ সমস্যাৰপৰা বাচি থাকিবৰ বাবে নিজৰ দিনচৰ্য্যা নিয়মীয়া কৰক আৰু নিয়মতিভাৱে শাৰীৰিক ব্যায়াম বা যোগাভ্যাস কৰক।
উপায়
শনিবাৰে গোটা মাটি দাইল দান কাৰ উচিত।
উপায়
শনিবাৰে গোটা মাটি দাইল দান কাৰ উচিত।
Astrological services for accurate answers and better feature
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.
Astrological remedies to get rid of your problems
AstroSage on MobileAll Mobile Apps
AstroSage TVSubscribe
- Horoscope 2026
- राशिफल 2026
- Calendar 2026
- Holidays 2026
- Shubh Muhurat 2026
- Saturn Transit 2026
- Ketu Transit 2026
- Jupiter Transit In Cancer
- Education Horoscope 2026
- Rahu Transit 2026
- ராசி பலன் 2026
- राशि भविष्य 2026
- રાશિફળ 2026
- রাশিফল 2026 (Rashifol 2026)
- ರಾಶಿಭವಿಷ್ಯ 2026
- రాశిఫలాలు 2026
- രാശിഫലം 2026
- Astrology 2026


